ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ২ পৃষ্ঠা ৪-৬
  • পৃথিৱীখন ধ্বংস হʼবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিৱীখন ধ্বংস হʼবনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কি শেষ নহ’ব?
  • কি শেষ হʼব?
  • মানুহৰ শাসন অন্ত হোৱাৰ প্ৰয়োজন
  • ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমি আগতকৈ অধিক পৰ দি থাকা আৱশ্যক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ২ পৃষ্ঠা ৪-৬
এটা পৰিয়ালে বাহিৰত বহি আহাৰ খাইছে আৰু সকলোৱে আনন্দত আছে। পিতৃয়ে কিবা ৰান্ধিছে আৰু সেয়া টেবুলত ৰাখিছে।

পৃথিৱীখন ধ্বংস হʼবনে?

কিছুমান লোকে কয় যে পৃথিৱীখন ধ্বংস হৈ যাব। আপুনিও হয়তো এইদৰে শুনিছে। জগতখন ধ্বংস হৈ যাব বুলি ঈশ্বৰে পবিত্ৰ শাস্ত্ৰত লিখাইছে। (১ যোহন ২:১৭) সেইসময়ত মানুহ জীয়াই থাকিবনে? পৃথিৱীখন ধ্বংস হʼবনে?

পবিত্ৰ শাস্ত্ৰত উল্লেখ আছে যে মানুহ জীয়াই থাকিব আৰু পৃথিৱীখন ধ্বংস নহʼব।

কি শেষ নহ’ব?

পৃথিৱীৰ সকলো মানুহক নাইকিয়া কৰা নহ’ব

পবিত্ৰ শাস্ত্ৰত লিখা আছে: ‘ঈশ্বৰে পৃথিৱীক অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে নিৰ্ম্মাণ কৰিলে।’—যিচয়া ৪৫:১৮.

এটা হ্ৰদৰ চাৰিওফালে গছ-গছনি আৰু পৰ্বত আছে।

পৃথিৱীখন ধ্বংস নহ’ব

পবিত্ৰ শাস্ত্ৰত লিখা আছে: “এক পুৰুষ যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী সদায় থাকে।”—উপদেশক ১:৪.

শাস্ত্ৰত লিখা কথাষাৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে পৃথিৱীত মানুহ সদায় জীয়াই থাকিব আৰু ইয়াৰ কেতিয়াও ধ্বংস নহ’ব। তেনেহʼলে পৃথিৱীৰ অন্ত বুলিলে কি বুজায়?

মন কৰক: পবিত্ৰ শাস্ত্ৰ বাইবেলত লিখা আছে যে হাজাৰ হাজাৰ বছৰৰ আগতে পৃথিৱীত দুষ্টতা বহুত বাঢ়ি গৈছিল। লোকসকলে বহুতো বেয়া কাম কৰিছিল আৰু চাৰিওফালে “অত্যাচাৰেৰে” ভৰি পৰিছিল। (আদিপুস্তক ৬:১৩) তেতিয়া ঈশ্বৰে পৃথিৱীত বানপানী আনি লোকসকলক ধ্বংস কৰিলে। (২ পিতৰ ৩:৬) তেওঁ কেৱল দুষ্ট লোকসকলক ধ্বংস কৰিলে, পৃথিৱীক নহয়। সেইসময়ত নোহ নামৰ এজন ভাল ব্যক্তি আছিল। তেওঁ ঈশ্বৰৰ সকলো কথা পালন কৰিছিল। সেইবাবে, ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালক বানপানীৰপৰা ৰক্ষা কৰিলে। বাইবেলত লিখা আছে যে ঈশ্বৰে পৃথিৱীখনক নহয়, কিন্তু দুষ্ট লোকসকলক আৰু তেওঁলোকে কৰা বেয়া কামবোৰক ধ্বংস কৰিলে।

কি শেষ হʼব?

সমস্যা আৰু দুষ্টতা শেষ হৈ যাব

পবিত্ৰ শাস্ত্ৰ বাইবেলত লিখা আছে: “অলপতে দুষ্ট লোক নাইকিয়া হব; তুমি তাৰ ঠাইত যত্নেৰে বিচাৰিলেও তাক নাপাবা। কিন্তু নম্ৰবিলাক পৃথিৱীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীতমালা ৩৭:১০, ১১.

ছবি: ১. ডকাইতবিলাকে কাপোৰেৰে নিজৰ মুখখন ঢাকি লৈছে আৰু এখন দোকানৰপৰা বস্তু চুৰ কৰি পলাইছে। ২. এজন ব্যক্তিয়ে টকাৰে পূৰ হৈ থকা এখন চুইটকেচ দেখুৱাইছে আৰু কৈছে, যদি তেওঁ বিচাৰে, তেন্তে লʼব পাৰে।

শাস্ত্ৰত লিখা কথাষাৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে দুষ্টতাক নাইকিয়া কৰিব। নোহৰ সময়ত ঈশ্বৰে গোটেই পৃথিৱীত বানপানী আনি দুষ্ট লোকসকলক ধ্বংস কৰিলে। কিন্তু লোকসকলে পুনৰ বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে। ঈশ্বৰে অতি সোনকালে দুষ্টতাক একেবাৰে নাইকিয়া কৰিব। ইয়াৰ পাছত, ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলেহে এই পৃথিৱীত জীয়াই থাকিব। বাইবেলত লিখা আছে যে সেইসময়ত গোটেই পৃথিৱীত কেৱল এখনেই চৰকাৰ থাকিব। সেয়া হৈছে ঈশ্বৰৰ চৰকাৰ আৰু এই চৰকাৰে স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব।

মন কৰক: পৃথিৱীৰ নেতাসকলে ঈশ্বৰৰ চৰকাৰক সমৰ্থন কৰিবনে? নকৰে। বাইবেলত লিখা আছে যে তেওঁলোকে ঈশ্বৰৰ চৰকাৰক বিৰোধ কৰিব। (গীতমালা ২:৩) ঈশ্বৰৰ চৰকাৰে মানুহৰ সকলো চৰকাৰক ধ্বংস কৰিব আৰু নিজে “চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) কিন্তু ঈশ্বৰে চৰকাৰবোৰক কিয় ধ্বংস কৰিব?

মানুহৰ শাসন অন্ত হোৱাৰ প্ৰয়োজন

পবিত্ৰ শাস্ত্ৰত লিখা আছে: “মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.

এটা দেৱালত ৰাজনৈতিক অভিযানৰ পʼষ্টাৰ লগোৱা আছে আৰু তাৰ কাষেৰে লোকসকলে অহা-যোৱা কৰিছে।

শাস্ত্ৰত লিখা কথাষাৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে আনৰ ওপৰত শাসন কৰিব পৰাকৈ মানুহক সৃষ্টি কৰা নাই। সেইবাবে, মানুহৰ চৰকাৰে লোকসকলৰ সমস্যাবোৰ সমাধান কৰিব পৰা নাই।

মন কৰক: এটা ৱেবছাইটত লিখা আছে যে আজিলৈকে কোনো চৰকাৰে দৰিদ্ৰতা, আকাল, বেমাৰ, যুদ্ধ, হত্যা, বানপানী, ভূমিকম্প এনেধৰণৰ সমস্যাবোৰ শেষ কৰিব পৰা নাই। এই ৱেবছাইটত এয়াও লিখা আছে, “কিছুমান লোকে কয় যে যদি পৃথিৱীৰ সকলো চৰকাৰে একেলগে মিলি কাম কৰে, তেনেহʼলে এই সমস্যাবোৰ সমাধান কৰিব পাৰিব।” কিন্তু সকলো চৰকাৰে একেলগে মিলি কাম কৰিলেও এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰে। কিয়নো এই চৰকাৰবোৰক মানুহে চলাইছে। কেৱল ঈশ্বৰৰ ৰাজ্যই এই সমস্যাবোৰ সমাধান কৰিব পাৰিব।

গতিকে, এই লেখৰপৰা বুজিব পাৰি যে পৃথিৱীৰ অন্তৰ অৰ্থ হৈছে দুষ্ট লোক আৰু তেওঁলোকৰ বেয়া কামবোৰ শেষ কৰা। সেইবাবে, পৃথিৱীৰ অন্তৰ বিষয়ে ভাবি আমি চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে আমি আনন্দিত হোৱা উচিত যে অতি সোনকালে পৃথিৱীৰ পৰিস্থিতি ভাল হৈ যাব। ঈশ্বৰে এই পৃথিৱীখনক সুন্দৰ কৰি তুলিব।

এইবোৰ কেতিয়া হ’ব? পৰৱৰ্তী লেখত এই বিষয়ে জনোৱা হ’ব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক