ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 জানুৱাৰী পৃষ্ঠা ৮-১৩
  • ‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰেম কাৰ্য্যৰ দ্বাৰা প্ৰকাশ পায়
  • ভাই-ভনীসকলক প্ৰেম কৰক
  • নিজৰ পৰিয়ালক প্ৰেম কৰক
  • “মোৰ প্ৰেমত নিজক ৰাখা”
  • এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 জানুৱাৰী পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ২

‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক

“আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়।”—১ যোহ. ৪:৭.

গীত ১০৫“ ঈশ্বৰ প্ৰেম”

লেখৰ এক আভাসa

১. ঈশ্বৰৰ প্ৰেমৰ বাবে আমি কেনে অনুভৱ কৰোঁ?

পাঁচনি যোহনে এইদৰে লিখিছিল, “ঈশ্বৰ প্ৰেম।” (১ যোহ. ৪:৮) ইয়াৰপৰা আমি এটা গুৰুত্বপূৰ্ণ সত্যতা বুজি পাওঁ। যিদৰে জীৱনৰ আৰম্ভণি ঈশ্বৰৰপৰা হৈছে, ঠিক সেইদৰে প্ৰেমৰ আৰম্ভণিও তেওঁৰপৰাই হৈছে। যিহোৱাই আমাক প্ৰেম কৰে। তেওঁৰ প্ৰেমৰ বাবে আমি সুৰক্ষিত অনুভৱ কৰোঁ আৰু আনন্দত থাকোঁ।

২. (ক) মথি ২২:৩৭-৪০ পদৰ অনুসৰি সকলোতকৈ ডাঙৰ আজ্ঞা দুটা কি কি? (খ) দ্বিতীয় আজ্ঞা পালন কৰাটো আমাৰ বাবে কিয় কঠিন হʼব পাৰে?

২ সত্য খ্ৰীষ্টানসকলক প্ৰেম কৰিবলৈ আজ্ঞা দিয়া হৈছে। আমি কাৰোবাক প্ৰেম কৰিম নে নকৰিম, এয়া আমাৰ ইচ্ছাৰ অনুসৰি নহয়। (মথি ২২:৩৭-৪০ পঢ়ক।) যেতিয়া আমি যিহোৱাৰ বিষয়ে শিকিবলৈ লওঁ, তেতিয়া প্ৰথম আজ্ঞা পালন কৰিবলৈ অৰ্থাৎ যিহোৱাক প্ৰেম কৰিবলৈ সহজ হয়। কিয়নো যিহোৱা সিদ্ধ হয়, তেওঁ আমাৰ যত্ন লয় আৰু আমাৰ লগত নম্ৰতাৰে ব্যৱহাৰ কৰে। কিন্তু দ্বিতীয় আজ্ঞা পালন কৰিবলৈ কঠিন হʼব পাৰে। কিয়নো আমাৰ ভাই-ভনীসকল অসিদ্ধ হয়। তেওঁলোকৰ কিছুমান কাম আৰু কথাই কেতিয়াবা কেতিয়াবা হয়তো আমাক আঘাত দিব পাৰে। দ্বিতীয় আজ্ঞা পালন কৰিবলৈ আমাৰ বাবে সহজ নহয় বুলি যিহোৱাও জানিছিল। সেইবাবে, তেওঁ বাইবেলৰ কিছুমান লেখকৰ যোগেদি লিখাইছিল যে আমি এজনে-আনজনক কিয় প্ৰেম কৰা উচিত আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ। তেওঁলোকৰ মাজৰ এজন লেখক হৈছে যোহন।—১ যোহ. ৩:১১, ১২.

৩. যোহনে নিজৰ কিতাপবোৰত বিশেষকৈ কিহৰ ওপৰত জোৰ দিছিল?

৩ খ্ৰীষ্টানসকলে প্ৰেম কৰা উচিত বুলি যোহনে নিজৰ কিতাপবোৰত বাৰে বাৰে লিখিছিল। তেওঁ নিজৰ নামৰ শুভবাৰ্তা কিতাপখনত “প্ৰেম” শব্দটো বহুবাৰ উল্লেখ কৰিছে। তেওঁ যিমান বাৰ এই শব্দৰ উল্লেখ কৰিছে, শুভবাৰ্তা কিতাপৰ আন লেখকসকলে মিলিও সিমান বাৰ উল্লেখ কৰা নাই। যোহনে শুভবাৰ্তাৰ কিতাপখন আৰু আন তিনিখন চিঠি লিখাৰ সময়ত তেওঁৰ বয়স প্ৰায় এশ বছৰৰ আছিল। সেই কিতাপবোৰত কোৱা হৈছে যে এজন খ্ৰীষ্টানে সকলো কাম প্ৰেমৰ বাবে কৰা উচিত। (১ যোহ. ৪:১০, ১১) কিন্তু যোহনক এই কথা বুজিবলৈ সময়ৰ প্ৰয়োজন হৈছিল।

৪. যোহনে সকলো সময়তে প্ৰেমেৰে ব্যৱহাৰ কৰিছিলনে?

৪ ডেকা কালত যোহনে সকলো সময়তে প্ৰেমেৰে ব্যৱহাৰ কৰা নাছিল। এবাৰ যীচু আৰু তেওঁৰ শিষ্যসকলে চমৰীয়াৰ ফালেদি যিৰূচালেমলৈ গৈছিল। চমৰীয়াৰ এখন গাঁৱত তেওঁলোকে থাকিব বিচাৰিছিল। কিন্তু গাঁৱৰ লোকসকলে তেওঁলোকক থাকিবলৈ নিদিলে। সেইসময়ত যোহনে কি কৰিলে? তেওঁ আকাশৰপৰা জুই বৰ্ষাই গাঁৱৰ লোকসকলক ভস্ম কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ যীচুৰপৰা অনুমতি বিচাৰিলে। (লূক ৯:৫২-৫৬) আন এক পৰিস্থিতিতো যোহনে প্ৰেমেৰে ব্যৱহাৰ কৰা নাছিল। এবাৰ যোহন আৰু তেওঁৰ ভায়েকে মাকক যীচুৰ ওচৰলৈ পঠাইছিল আৰু কʼবলৈ কৈছিল যে ঈশ্বৰৰ ৰাজ্যত যেন যীচুৱে তেওঁলোকক উচ্চ পদ দিয়ে। যেতিয়া আন পাঁচনিসকলে এই বিষয়ে গম পালে, তেতিয়া তেওঁলোকে বহুত খং কৰিলে। (মথি ২০:২০, ২১, ২৪) যদিও যোহনে বহুতো ভুল কৰিছিল, তথাপি যীচুৱে তেওঁক প্ৰেম কৰিছিল।—যোহ. ২১:৭.

৫. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৫ এই লেখত আমি যোহনৰ উদাহৰণ আৰু তেওঁ প্ৰেমৰ বিষয়ে যি যি লিখিছিল, সেই বিষয়ে আলোচনা কৰিম। আমি এয়াও শিকিম যে আমি নিজৰ ভাই-ভনীসকলৰ লগত কেনেকৈ প্ৰেমেৰে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও, আমি চাম যে পৰিয়ালৰ মুৰব্বীয়ে কেনেকৈ নিজৰ পৰিয়ালৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰে।

প্ৰেম কাৰ্য্যৰ দ্বাৰা প্ৰকাশ পায়

যীচুক যাতনা-স্তম্ভত আঁৰি থোৱা হৈছে।

যিহোৱাই আমাৰ বাবে নিজৰ পুত্ৰৰ জীৱন বলিদান দিলে। ইয়াৰপৰা বুজিব পাৰি যে তেওঁ আমাক কিমান প্ৰেম কৰে (অনুচ্ছেদ ৬-৭ চাওক)

৬. যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি কিয় কʼব পাৰোঁ?

৬ আমি প্ৰায়ে ভাবোঁ যে প্ৰেম হৈছে এক আন্তৰিক অনুভূতি, যি আমি বাক্যৰ যোগেদি প্ৰকাশ কৰোঁ। কিন্তু প্ৰকৃত প্ৰেম আমাৰ কাৰ্য্যৰ যোগেদি প্ৰকাশ হোৱা উচিত। (যোকো. ২:১৭, ২৬ পদৰ লগত তুলনা কৰক।) উদাহৰণস্বৰূপে, যিহোৱাই আমাক বহুত প্ৰেম কৰে। (১ যোহ. ৪:১৯) এই কথা তেওঁ হৃদয় স্পৰ্শ কৰা শব্দেৰে বাইবেলত উল্লেখ কৰিছে। (গীত. ২৫:১০; ৰোম. ৮:৩৮, ৩৯) কিন্তু যিহোৱাই আমাক প্ৰেম কৰোঁ বুলি কোৱাৰ পৰিৱৰ্তে কাৰ্য্যৰে দেখুৱালে। যোহনে এইদৰে লিখিছিল, “ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল।” (১ যোহ. ৪:৯) যিহোৱাই আমাৰ বাবে নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক দুখ-ভোগ কৰিবলৈ আৰু মৃত্যু হʼবলৈ দিলে। (যোহ. ৩:১৬) সেইবাবে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই আমাক প্ৰেম কৰে।

৭. যীচুৱে আমাক প্ৰেম কৰে বুলি আমি কিয় কʼব পাৰোঁ?

৭ যীচুৱেও প্ৰমাণ কৰিলে যে তেওঁ আমাক বহুত প্ৰেম কৰে। (যোহ. ১৩:১; ১৫:১৫) তেওঁ কেৱল কথাৰে নহয়, কাৰ্য্যৰ যোগেদি প্ৰকাশ কৰিলে। তেওঁ ‘বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ দিলে।’ (যোহ. ১৫:১৩) যিহোৱা আৰু যীচুৱে আমাক বহুত প্ৰেম কৰে। কিন্তু আমি তেওঁলোকক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

৮. প্ৰথম যোহন ৩:১৮ পদৰ অনুসৰি আমি কি কৰা উচিত?

৮ যেতিয়া আমি যিহোৱা আৰু যীচুৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ইয়ে প্ৰমাণ কৰে যে আমি তেওঁলোকক প্ৰেম কৰোঁ। (যোহ. ১৪:১৫; ১ যোহ. ৫:৩) যীচুৱে বিশেষকৈ এই বিষয়ে আজ্ঞা দিছিল যে আমি এজনে-আনজনক প্ৰেম কৰা উচিত। (যোহ. ১৩:৩৪, ৩৫) আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি কেৱল কোৱাই যথেষ্ট নহয়। এয়া কামৰ যোগেদিও প্ৰকাশ কৰা উচিত। (১ যোহন ৩:১৮ পঢ়ক।) আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি প্ৰমাণ কৰিবলৈ কি কৰিব পাৰোঁ?

ভাই-ভনীসকলক প্ৰেম কৰক

৯. যোহনে প্ৰেমৰ বাবে কি কৰিলে?

৯ যোহনে বিচৰা হʼলে নিজৰ পিতৃৰ লগত মাছ ধৰাৰ ব্যৱসায় কৰিব পাৰিলেহেঁতেন আৰু বহুতো টকা-পইচা ঘটিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। তেওঁ নিজৰ গোটেই জীৱন লোকসকলক যিহোৱা আৰু যীচুৰ বিষয়ে সত্য শিকাবলৈ ব্যৱহাৰ কৰিলে। যোহনৰ জীৱন সহজ নাছিল। কিয়নো প্ৰথম শতিকাৰ শেষত তেওঁ প্ৰচাৰ কৰাৰ বাবে তাড়নাৰ সন্মুখীন হʼবলগীয়া হৈছিল। যেতিয়া তেওঁ বৃদ্ধ আছিল, তেতিয়া তেওঁক জেলত বন্দী কৰা হৈছিল। (পাঁচ. ৩:১; ৪:১-৩; ৫:১৮; প্ৰকা. ১:৯) বন্দী হৈ থকাৰ সময়তো তেওঁ আনৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ যি দৰ্শন দেখিলে, তাৰ বিষয়ে তেওঁ প্ৰকাশিত বাক্য কিতাপখনত লিখিলে। তাৰ পাছত তেওঁ এই কিতাপখন আন মণ্ডলীবোৰলৈ পঠিয়াই দিয়ে, যাতে “অলপতে যি যি ঘটিব লাগে,” তাক তেওঁলোকে জানিব পাৰে। (প্ৰকা. ১:১) পাত্ম নামৰ দ্বীপৰপৰা মুকলি হোৱাৰ পাছত হয়তো যোহনে শুভবাৰ্তাৰ কিতাপ লিখিছিল। এই কিতাপখনত তেওঁ যীচুৰ জীৱন আৰু তেওঁৰ সেৱা কাৰ্য্যৰ বিষয়ে লিখিছিল। ইয়াৰ উপৰিও, তেওঁ ভাই-ভনীসকলৰ সাহস বঢ়াবলৈ তিনিখন চিঠি লিখিছিল। যোহনে সদায় আনৰ বিষয়ে চিন্তা কৰিছিল। আপুনি তেওঁৰ দৰে কেনেকৈ হʼব পাৰে?

১০. আপুনি লোকসকলক প্ৰেম কৰে বুলি কেনেকৈ প্ৰমাণ কৰিব?

১০ আপুনি জীৱনত যি কৰে, তাৰপৰা বুজিব পাৰি যে আপুনি লোকসকলক প্ৰেম কৰে নে নকৰে। আপুনি কেৱল নিজৰ বাবে চিন্তা কৰা, নাম অৰ্জন কৰা আৰু টকা-পইচা উপাৰ্জন কৰাটো চয়তানৰ জগতে বিচাৰে। কিন্তু গোটেই পৃথিৱীত এনে বহুতো খ্ৰীষ্টান আছে, যিসকলে প্ৰচাৰ কৰিবলৈ আৰু আনক যিহোৱাৰ বিষয়ে শিকাবলৈ বেছিভাগ সময় অতিবাহিত কৰে। কিছুমান ভাই-ভনীয়ে পূৰ্ণসময়ৰ সেৱা কৰিছে।

আমি নিজৰ ভাই-ভনী আৰু পৰিয়ালৰ বাবে যি কৰোঁ, তাৰপৰা বুজিব পাৰি যে আমি তেওঁলোকক প্ৰেম কৰোঁ (অনুচ্ছেদ ১১, ১৭ চাওক)b

১১. বহুতো খ্ৰীষ্টানে কি কৰে, যাৰপৰা বুজিব পাৰি যে তেওঁলোকে যিহোৱাক আৰু আনক প্ৰেম কৰে?

১১ বহুতো খ্ৰীষ্টানে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ চাকৰি কৰিবলগীয়া হয়। ইয়াৰ উপৰিও, এই ভাই-ভনীসকলে ঈশ্বৰৰ সংগঠনক সহযোগ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। তেওঁলোকে সাহাৰ্য্য কাম আৰু নিৰ্মাণ কামত সহায় কৰে আৰু ৰাজ্যৰ কামৰ বাবে দান-বৰঙণি আগবঢ়ায়। তেওঁলোকে যিহোৱা আৰু লোকসকলক প্ৰেম কৰাৰ বাবে এইদৰে কৰে। ইয়াৰ উপৰিও, ভাই-ভনীসকলে প্ৰতি সপ্তাহে সভাত উপস্থিত হয়। ইয়াৰপৰা জানিব পাৰি যে তেওঁলোকে এজনে-আনজনক প্ৰেম কৰে। কিছুমান ভাই-ভনীয়ে ভাগৰি পৰাৰ সত্ত্বেও সভাত উপস্থিত হয়। কিছুমানে ভয় কৰাৰ সত্ত্বেও সভাত টিপ্পনী দিয়ে। আন কিছুমানৰ নিজৰে সমস্যা থাকে, তথাপি তেওঁলোকে সভাৰ আগত আৰু পাছত আনক উৎসাহিত কৰে। (ইব্ৰী ১০:২৪, ২৫) আমি সেই ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞ, যিসকলে ইমান পৰিশ্ৰম কৰে।

১২. যোহনে ভাই-ভনীসকলক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱালে?

১২ যোহনে আন এক প্ৰকাৰে প্ৰমাণ কৰিলে যে তেওঁ ভাই-ভনীসকলক প্ৰেম কৰে। তেওঁ ভাই-ভনীসকলৰ ভাল কামৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছিল। কিন্তু প্ৰয়োজন হʼলে তেওঁলোকক পৰামৰ্শও দিছিল। যেনে, তেওঁ নিজৰ চিঠিখনত ভাই-ভনীসকলৰ বিশ্বাস আৰু তেওঁলোকৰ ভাল কামৰ বাবে প্ৰশংসা কৰিলে। কিন্তু পাপ কৰাৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শও দিলে। (১ যোহ. ১:৮–২:১, ১৩, ১৪) আমিও যোহনৰ দৰে ভাই-ভনীসকলৰ ভাল কামৰ বাবে তেওঁলোকক প্ৰশংসা কৰা উচিত। কিন্তু কোনো ভাই বা ভনীয়ে যদি বেয়া মনোবৃত্তি বা অভ্যাস গঢ়ি তুলিছে, তেনেহʼলে আমি প্ৰেমেৰে তেওঁক সেই বিষয়ে জনোৱা উচিত। নিজৰ বন্ধুৰ ভুলৰ বিষয়ে জনোৱাটো সহজ নহয়। ইয়াৰ বাবে সাহসৰ প্ৰয়োজন। বাইবেলে কৈছে যে প্ৰকৃত বন্ধুৱে এজনে-আনজনৰ চিন্তাধাৰা শুধৰণি কৰে।—হিতো. ২৭:১৭.

১৩. যদি আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি কি নকৰিম?

১৩ যদি আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেনেহʼলে আমি কিছুমান কাম নকৰিম। উদাহৰণস্বৰূপে, আমি তেওঁলোকৰ কথাত সহজে খং নকৰিম। মনত পেলাওক, যীচুৰ মৃত্যুৰ কিছুসময়ৰ আগত কি হৈছিল। তেওঁ নিজৰ শিষ্যসকলক কৈছিল যে জীৱন লাভ কৰিবলৈ তেওঁলোকে যীচুৰ শৰীৰ আৰু তেজ খাব লাগিব। (যোহ. ৬:৫৩-৫৭) কিছুমান শিষ্যই তেওঁক ইমানেই খং কৰিলে যে তেওঁলোকে যীচুক এৰি দিলে। কিন্তু তেওঁৰ প্ৰকৃত বন্ধুসকলে তেওঁক এৰি দিয়া নাছিল। যোহনো তেওঁলোকৰ মাজৰ এজন আছিল। তেওঁলোকেও যীচুৰ কথা বুজি পোৱা নাছিল আৰু আচৰিত হৈছিল। কিন্তু তেওঁলোকে যীচুৰ কথাত খং নকৰিলে। তেওঁলোকে জানিছিল যে যীচুৱে যিয়েই কয়, সঠিক কয়। সেইবাবে, তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে এইবাৰো যীচুৰ কথা ভুল নহʼব। (যোহ. ৬:৬০, ৬৬-৬৯) আমিও ভাই-ভনীসকলৰ কথাত সহজে খং কৰা উচিত নহয়। যদি কিবা ভুল বুজা-বুজি হৈছে, তেনেহʼলে আমি তেওঁলোকক নিজৰ কথা বুজাবলৈ সুযোগ দিয়া উচিত।—হিতো. ১৮:১৩; উপ. ৭:৯.

১৪. আমি ভাই-ভনীসকলক কিয় ঘিণ কৰা উচিত নহয়?

১৪ যোহনেও কৈছিল যে আমি ভাই-ভনীসকলক ঘিণ কৰা উচিত নহয়। যদি আমি এই পৰামৰ্শ পালন নকৰোঁ, তেনেহʼলে চয়তানে আমাৰ দুৰ্বলতাৰ সুযোগ লৈ মণ্ডলীত আমাৰ যোগেদি ঘৃণাভাৱ আৰু বিবাদৰ সৃষ্টি কৰিব পাৰে। (১ যোহ. ২:১১; ৩:১৫) প্ৰথম শতিকাৰ শেষত ঠিক এইদৰেই হৈছিল। মণ্ডলীত এনে কিছুমান লোক আছিল, যিসকলৰ ভাবধাৰা চয়তানৰ দৰে আছিল। যেনে, যোহনে নিজৰ চিঠিত দিয়ত্ৰিফিৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ মণ্ডলীত বিবাদৰ সৃষ্টি কৰিছিল। (৩ যোহ. ৯, ১০) তেওঁ প্ৰশাসন গোষ্ঠীয়ে পঠোৱা ভাইসকলক সন্মান কৰা নাছিল। যিসকলে এই ভাইসকলক সন্মান কৰিছিল, তেওঁলোকক দিয়ত্ৰিফিয়ে বাধা দিছিল আৰু মণ্ডলীৰপৰা বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল। এনে কৰাটো কিমান ভুল আছিল। বৰ্তমান সময়তো চয়তানে ঈশ্বৰৰ লোকসকলৰ মাজত বিবাদ সৃষ্টি কৰিবলৈ সুযোগ বিচাৰি থাকে। আমাৰ আৰু ভাই-ভনীসকলৰ মাজত কেতিয়াও ঘৃণাৰ ভাৱ থাকিব নালাগে।

নিজৰ পৰিয়ালক প্ৰেম কৰক

যীচুক যাতনা-স্তম্ভত আঁৰি থোৱা হৈছে। পাঁচনি যোহন, মৰিয়ম, ৰোমান সৈনিক আৰু আন লোকসকলে যীচুৰ ওচৰতে থিয় হৈ আছে।

যীচুৱে নিজৰ মাতৃ মৰিয়মক চোৱা-চিতা কৰিবলৈ আৰু যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহিত কৰিবলৈ যোহনক কৈছিল। বৰ্তমান সময়ত পৰিয়ালৰ মূৰব্বীয়েও এই দুয়োটা কথাৰ ওপৰত ধ্যান দিয়া উচিত (অনুচ্ছেদ ১৫-১৬ চাওক)

১৫. পৰিয়ালৰ মূৰব্বীয়ে বিশেষকৈ কিহৰ প্ৰতি ধ্যান দিয়া উচিত?

১৫ যদি পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰে, তেনেহʼলে ইয়াৰপৰা বুজিব পাৰি যে তেওঁ পৰিয়ালক প্ৰেম কৰে। (১ তীম. ৫:৮) কিন্তু তেওঁ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ নিজৰ পৰিয়ালক সহায় কৰাটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। (মথি ৫:৩) পৰিয়ালৰ মূৰব্বীসকলৰ বাবে যীচুৱে এক উত্তম উদাহৰণ ৰাখিলে। যোহনে লিখা শুভবাৰ্তাৰ কিতাপখনত কোৱা হৈছে যে মৃত্যুৰ সময়ছোৱাতো যীচুৱে নিজৰ পৰিয়ালৰ বিষয়ে চিন্তা কৰিছিল। সেইসময়ত মাতৃ মৰিয়ম আৰু যোহন দুয়োজনে তাতেই আছিল। যীচুৱে যাতনা ভুগী আছিল। তথাপি তেওঁ মাকৰ চোৱা-চিতা কৰিবলৈ যোহনক কৈছিল। (যোহ. ১৯:২৬, ২৭) যদিও যীচুৰ আন ভাই-ভনীসকলে মৰিয়মৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ তাইক সহায় কৰিব নোৱাৰিলেহেঁতেন। কিয়নো সেইসময়লৈকে তেওঁলোকে হয়তো যীচুৰ শিষ্য হোৱা নাছিল। সেইবাবে, যীচুৱে মৰিয়মৰ দুয়োটা প্ৰয়োজনীয়তা পূৰ কৰিবলৈ যোহনক বাছনি কৰিলে।

১৬. যোহনৰ কি কি দায়িত্ব আছিল?

১৬ যোহনৰ বহুতো দায়িত্ব আছিল। তেওঁ এজন পাঁচনি হোৱাৰ বাবে প্ৰচাৰ কামৰ নেতৃত্ব লʼবলগীয়া হৈছিল। তেওঁ হয়তো বিবাহিত আছিল। সেইবাবে, তেওঁৰ ওপৰত পৰিয়ালৰ দায়িত্বও আছিল। তেওঁ নিজৰ পৰিয়ালৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈও সহায় কৰিবলগীয়া আছিল। (১ কৰি. ৯:৫) আজি পৰিয়ালৰ মূৰব্বীয়ে যোহনৰপৰা কি শিকিব পাৰে?

১৭. এজন পৰিয়ালৰ মূৰব্বীয়ে যিহোৱাৰ সেৱা কৰি থাকিবলৈ নিজৰ পৰিয়ালক কিয় সহায় কৰা উচিত?

১৭ এজন পৰিয়ালৰ মূৰব্বীৰ বহুতো দায়িত্ব থাকে। তেওঁ কৰ্মক্ষেত্ৰত ভালদৰে কাম কৰা উচিত, যাতে যিহোৱাৰ নাম কলংকিত নহয়। (ইফি. ৬:৫-৮; তীত ২:৯, ১০) হয়তো তেওঁৰ মণ্ডলীৰো দায়িত্ব থাকে। যেনে, ভাই-ভনীসকলক উৎসাহিত কৰা আৰু প্ৰচাৰ কামৰ নেতৃত্ব লোৱা। এইবোৰৰ লগতে আৰু এটা ডাঙৰ দায়িত্ব হৈছে, তেওঁ নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত নিয়মিয়াকৈ বাইবেল অধ্যয়ন কৰি থকা উচিত। তেওঁৰ পৰিয়াল যাতে সুস্বাস্থ্য থাকে, আনন্দত থাকে আৰু যিহোৱাৰ সেৱা কৰি থাকে, তাৰ প্ৰতিও পৰিয়ালৰ মূৰব্বীয়ে ধ্যান দিবলগীয়া হয়। তেওঁ যিয়েই পৰিশ্ৰম কৰে, তাৰ বাবে তেওঁৰ পৰিয়ালে তেওঁৰ প্ৰতি কৃতজ্ঞ হʼব।—ইফি. ৫:২৮, ২৯; ৬:৪.

“মোৰ প্ৰেমত নিজক ৰাখা”

১৮. যোহনে কি কথাৰ ওপৰত বিশ্বাস কৰিছিল?

১৮ যোহন বহুবছৰলৈকে জীয়াই আছিল। তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছিল। এইবোৰে তেওঁৰ বিশ্বাস দুৰ্বল কৰিব পাৰিলেহেঁতেন। কিন্তু যোহনে ভাই-ভনীসকলক প্ৰেম কৰাৰ আজ্ঞাৰ লগতে যীচুৰ প্ৰতিটো আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰিছিল। সেইবাবে, তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱা আৰু যীচুৱে তেওঁক প্ৰেম কৰে আৰু সকলো সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁক শক্তি দিব। (যোহ. ১৪:১৫-১৭; ১৫:১০; ১ যোহ. ৪:১৬) যোহনে কথা আৰু কামেৰে ভাই-ভনীসকলৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিছিল। চয়তান আৰু তাৰ জগতে যোহনক এনে কৰিবলৈ বাধা দিব নোৱাৰিলে।

১৯. (ক) প্ৰথম যোহন ৪:৭ পদে আমাক কি কৰিবলৈ উৎসাহিত কৰে? (খ) এই পৰামৰ্শ আমি কিয় পালন কৰা উচিত?

১৯ যোহনৰ দৰে আমি চয়তানৰ জগতত জীয়াই আছোঁ আৰু চয়তানে লোকসকলক ঘৃণা কৰে। (১ যোহ. ৩:১, ১০) আমি ভাই-ভনীসকলক ঘিণ কৰাটো চয়তানে বিচাৰে। কিন্তু এয়া তেতিয়াহে হʼব, যেতিয়া আমি চয়তানক এনে কৰিবলৈ সুযোগ দিম। গতিকে, আহক আমি চয়তানক কেতিয়াও সুযোগ নিদিওঁ। আমি কথা আৰু কামেৰে ভাই-ভনীসকলৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ নিৰ্ণয় লওঁ। এইদৰে কৰিলে আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼম আৰু আমাৰ জীৱনো আনন্দময় হৈ পৰিব।—১ যোহন ৪:৭ পঢ়ক।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যোহনৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

  • আমি কি কি উপায়েৰে নিজৰ ভাই-ভনীসকলৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?

  • পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ প্ৰতি কেনেকৈ প্ৰেম প্ৰকাশ কৰিব পাৰে?

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

a পাঁচনি যোহন ‘যীচুৰ প্ৰিয় শিষ্য’ হয় বুলি বিশ্বাস কৰা হয়। (যোহ. ২১:৭) ইয়াৰপৰা বুজিব পাৰি যে তেওঁৰ হয়তো বহুতো ভাল গুণ আছিল। বহুবছৰৰ পাছত তেওঁ যেতিয়া বৃদ্ধ হৈছিল, তেতিয়া যিহোৱাই তেওঁৰ যোগেদি বহুতো কথা লিখাইছিল। এই লেখত আমি তেওঁ লিখা কিছুমান কথাৰ ওপৰত ধ্যান দিম। আমি এয়াও জানিম যে আমি তেওঁৰপৰা কি শিকিব পাৰোঁ।

b ছবিৰ বিষয়ে: পৰিয়ালৰ মূৰব্বীয়ে বহুতো কাম কৰিছে। তেওঁ সাহাৰ্য্যৰ কামত সহায় কৰিছে আৰু তেওঁ বিশ্বজুৰি হোৱা কামৰ বাবে দান-বৰঙণি আগবঢ়াইছে। তেওঁ আন ভাই-ভনীসকলকো নিজৰ পাৰিবাৰিক উপাসনাত নিমন্ত্ৰণ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক