অধ্যয়নৰ লেখ ৪৮
বিশ্বাসী হৈ থকা কঠিন হʼলেও চেতনা বজাই ৰাখক
“তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা।”—২ তীম. ৪:৫.
গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়ৰ পৰা পালন কৰক
লেখৰ এক আভাসa
১. চেতনা বজাই ৰখাৰ অৰ্থ কি? (২ তীমথিয় ৪:৫)
বহু বাৰ যেতিয়া আমাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থকাটো আমাৰ বাবে কঠিন হৈ পৰে। সেই সময়ত আমি কি কৰিব পাৰোঁ? বাইবেলত কোৱা হৈছে সেই সময়ত আমি চেতনা বজাই ৰাখিব পাৰোঁ, সজাগ হৈ থাকিব পাৰোঁ আৰু বিশ্বাসত স্থিৰ হʼব পাৰোঁ। (২ তীমথিয় ৪:৫ পঢ়ক।) চেতনা বজাই ৰখাৰ অৰ্থ হৈছে শান্ত হৈ থকা, কোনো এটা বিষয়ত অলপ সময় ৰৈ চিন্তা কৰা আৰু তাৰ পাছত সেই বিষয়টো যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰা। এনে কৰিলে আমি আবেগিক হৈ নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে ভাবি-চিন্তি কাম কৰিম।
২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
২ আগৰ লেখত আমি এনে বহুতো সমস্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ যিবোৰ চয়তানৰ এই জগতত আমাৰ ওপৰত আহে। কিন্তু বহু বাৰ যিহোৱাৰ সংগঠনত এনে পৰিস্থিতিৰ সৃষ্টি হʼব পাৰে, যাৰ বাবে যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থকাটো আমাৰ বাবে কঠিন হʼব পাৰে। এই লেখত আমি এই তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম: (১) যেতিয়া আমাৰ অনুভৱ হয় যে কোনোবা ভাই বা ভনীয়ে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিলে, (২) যেতিয়া আমাক শুধৰণি কৰা হয় আৰু (৩) যেতিয়া সংগঠনত কিবা সাল-সলনি কৰা হয়। এনে হʼলে আমি কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰোঁ আৰু যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰোঁ আহক চাওঁ।
যেতিয়া আমাৰ অনুভৱ হয় যে কোনোবা ভাই বা ভনীয়ে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিলে
৩. যদি কোনো ভাই বা ভনীয়ে আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে বুলি আমাৰ অনুভৱ হয়, তেনেহʼলে আমি কি ভাবিব পাৰোঁ?
৩ কেতিয়াবা কোনো ভাই বা ভনীয়ে বা প্ৰাচীনে আপোনাক এনে কথা কʼলেনে বা এনে কাম কৰিলেনে, যিটো আপোনাক ভাল লগা নাছিল? আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে বুলি আপুনি হয়তো ভাবিব পাৰে। তেওঁ হয়তো আপোনাক আঘাত দিব বিচৰা নাছিল, কিন্তু তেওঁৰ কথাৰ পৰা আপোনাক বেয়া লাগিব পাৰে। (ৰোম. ৩:২৩; যাকো. ৩:২) হয়তো সেই কথা ভাবি আমাৰ টোপনিও নাহিব পাৰে আমি ভাবিব পাৰোঁ যে ‘সেইজন সঁচাকৈ যিহোৱাৰ লোক হয়নে? যিহোৱাই সঁচাকৈ সেই সংগঠনক চলাই আছেনে?’ যদি আপুনি সেইবোৰ কথা ভাবি থাকোঁ, তেনেহʼলে লাহে লাহে যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা আপুনি আঁতৰি যাব পাৰে। চয়তানে এইদৰে হোৱাটোৱেই বিচাৰে। (২ কৰি. ২:১১) সেইবাবে, আমি এইদৰে নাভাবি চেতনা বজাই ৰখা আৰু ভাবি-চিন্তি কাম কৰাটো অতি প্ৰয়োজন। আমি এয়া কেনেকৈ কৰিব পাৰোঁ?
৪. (ক) যোচেফৰ ককায়েকহঁতে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰাৰ সময়ত তেওঁ কেনেকৈ ভাবি-চিন্তি কাম কৰিলে? (খ) আমি যোচেফৰ পৰা কি শিকোঁ? (আদিপুস্তক ৫০:১৯-২১)
৪ খং পুহি নাৰাখিব। যোচেফৰ উদাহৰণলৈ মন কৰক। যেতিয়া যোচেফ ডেকা আছিল, তেতিয়া তেওঁৰ ককায়েকহঁতে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। তেওঁলোকে যোচেফক ঘৃণা কৰিছিল আৰু কিছুমানে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। (আদি. ৩৭:৪, ১৮-২২) এদিন তেওঁলোকে যোচেফক দাস হিচাপে বেচি দিলে। তাৰ পাছত ১৩ বছৰলৈকে তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হʼল। যোচেফে হয়তো ভাবিছিল ‘যিহোৱাই মোক প্ৰেম কৰেনে?’ তেওঁ হয়তো এয়াও ভাবিছিল, ‘যেতিয়া মোক যিহোৱাৰ আটাইতকৈ বেছি প্ৰয়োজন আছে, তেতিয়াই তেওঁ মোক এৰি দিছে।’ কিন্তু যোচেফে খং পুহি ৰখাৰ পৰিৱৰ্তে চেতনা বজাই ৰাখিলে আৰু শান্ত হৈ থাকিল। এয়া আমি কিয় কʼব পাৰোঁ? কাৰণ এবাৰ যেতিয়া তেওঁ ককায়েকহঁতৰ পৰা প্ৰতিশোধ লʼবলৈ সুযোগ পালে, তেতিয়া তেওঁ এইদৰে কৰাৰ পৰিৱৰ্তে ককায়েকহঁতৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক ক্ষমা কৰিলে। (আদি. ৪৫:৪, ৫) যোচেফে এইদৰে ভাবি-চিন্তি কাম কৰাৰ কাৰণ হৈছে তেওঁ অকল নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁ যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে চিন্তা কৰিছিল। (আদিপুস্তক ৫০:১৯-২১ পঢ়ক।) আমি যোচেফৰ পৰা কি শিকিব পাৰোঁ? যদি কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে, তেনেহʼলে যিহোৱাৰ প্ৰতি খং পুহি নাৰাখিব আৰু যিহোৱাই আপোনাক এৰি দিছে বুলি নাভাবিব। ইয়াৰ পৰিৱৰ্তে চিন্তা কৰক যে সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছে আৰু আনক ক্ষমা কৰি দিয়ক। মনত ৰাখক “প্ৰেমে পাপসমূহ ঢাকে।”—১ পিত. ৪:৮.
৫. যেতিয়া ভাই মিকেয়াছৰ অনুভৱ হʼল যে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে, তেতিয়া তেওঁ কেনেকৈ ভাবি-চিন্তি কাম কৰিলে?
৫ দক্ষিণ আমেৰিকাত থকা এজন প্ৰাচীন ভাই মিকেয়াছৰ উদাহৰণলৈ মন কৰক।b এটা সময়ত তেওঁৰ অনুভৱ হৈছিল যে কিছুমান প্ৰাচীনে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছে। তেওঁ এইদৰে কৈছে, “গোটেই দিনটো মই চিন্তিত হৈ আছিলোঁ আৰু ৰাতিও মোৰ টোপনি অহা নাছিল। মই বহুত কান্দিছিলোঁ, কিয়নো মই এই বিষয়ে একো কৰিব পৰা নাছিলোঁ। মই আগতে কেতিয়াও এইদৰে চিন্তিত হোৱা নাছিলোঁ।” কিন্তু ভায়ে নিজৰ ভাবনাক নিয়ন্ত্ৰণ কৰিলে আৰু ভাবি-চিন্তি কাম কৰিলে। তেওঁ যিহোৱালৈ বাৰে বাৰে প্ৰাৰ্থনা কৰি পবিত্ৰ আত্মা আৰু সাহস বিচাৰিলে। তেওঁ এনে কিছুমান লেখ পঢ়িলে, যʼত ভাল ভাল পৰামৰ্শ দিয়া আছিল। আমি ভাই মিকেয়াছৰ পৰা কি শিকিব পাৰোঁ? যদি আপোনাৰ অনুভৱ হৈছে যে কোনোবা ভাই বা ভনীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, তেতিয়া শান্ত হৈ থাকক আৰু তেওঁৰ বিষয়ে বেয়াকৈ নাভাবিব। হয়তো আপুনি নাজানে যে যেতিয়া তেওঁ এইদৰে কʼলে বা কৰিলে, তেতিয়া তেওঁৰ মনত কি চলি আছিল। বিষয়টো তেওঁৰ দৃষ্টিৰে চাবলৈ যিহোৱাক মিনতি কৰক। তেতিয়া হয়তো আপোনাৰ অনুভৱ হʼব যে সেই ভাই বা ভনীয়ে জানি-শুনি আপোনাক আঘাত দিবলৈ এইদৰে ব্যৱহাৰ কৰা নাই। তাৰ পাছত আপুনি হয়তো তেওঁৰ ভুলবোৰ পাহৰি তেওঁক ক্ষমা কৰিব পাৰে। (হিতো. ১৯:১১) মনত ৰাখক যিহোৱাই ভালদৰে জানে যে আপোনাৰ লগত কি হৈছে আৰু আপুনি কেনে অনুভৱ কৰিছে। সেইবাবে, আপোনাক সেই সকলোবোৰ সহন কৰিবলৈ তেওঁ সাহস দিব।—২ বং. ১৬:৯; উপ. ৫:৮.
যেতিয়া আমাক শুধৰণি কৰা হয়
৬. আমি কিয় মনত ৰখা উচিত যে যিহোৱাই যাক প্ৰেম কৰে, তেওঁকে শুধৰণি কৰে? (ইব্ৰী ১২:৫, ৬, ১১)
৬ যেতিয়া আমাক শুধৰণি কৰা হয়, তেতিয়া আমাক ভাল নালাগে। কিন্তু আমাক কিয় শুধৰণি কৰা হৈছে বুলি ভবাৰ পৰিৱৰ্তে আমি দুখ কৰি থাকিলে আমাৰ লগত অন্যায় হৈছে বুলি হয়তো আমি ভাবিব পাৰোঁ। আমি ইমান ডাঙৰ ভুল কৰা নাই যে আমাক শুধৰণি কৰাৰ প্ৰয়োজন বুলিও ভাবিব পাৰোঁ। কিন্তু আমি এইদৰে ভাবিলে এটা গুৰুত্বপূৰ্ণ কথা পাহৰি যাম আৰু সেয়া হৈছে যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে শুধৰণি কৰে। (ইব্ৰী ১২:৫, ৬, ১১ পঢ়ক।) আমাক শুধৰণি কৰা হৈছে বুলি ভাবি যদি আমি দুখিত হওঁ, তেনেহʼলে আমি সেই পৰামৰ্শ নামানিম আৰু লাহে লাহে আমি যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা আঁতৰি যাম। মনত ৰাখক চয়তানে এইদৰে হোৱাটোৱেই বিচাৰে। আপোনাক শুধৰণি কৰাৰ সময়ত আপুনি নিজৰ চেতনা কেনেকৈ বজাই ৰাখিব পাৰে আৰু কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰে?
পিতৰ নম্ৰ আছিল আৰু তেওঁ পৰামৰ্শ পালন কৰিলে, সেইবাবে যিহোৱাই তেওঁক বহুতো কাম দিলে (অনুচ্ছেদ ৭ চাওক)
৭. (ক) ছবিত দেখুৱা অনুসৰি যেতিয়া পিতৰে পৰামৰ্শ মানিলে, তেতিয়া তেওঁ কেনেকৈ যিহোৱাৰ আৰু কাম কৰিব পাৰিলে? (খ) আমি পিতৰৰ পৰা কি শিকোঁ?
৭ পৰামৰ্শ মানি শুধৰণি কৰক। যীচুৱে বহু বাৰ আন পাঁচনিসকলৰ আগত পিতৰক শুধৰণি কৰিছিল। (মাৰ্ক ৮:৩৩; লূক ২২:৩১-৩৪) সেই সময়ত পিতৰক হয়তো বেয়া লাগিছিল, তথাপি তেওঁ যীচুৰ বিশ্বাসী হৈ থাকিল। তেওঁ পৰামৰ্শ মানিলে আৰু চেষ্টা কৰিলে যাতে তেওঁ আগলৈ এই ভুল নকৰে। সেইবাবে, যিহোৱাই তেওঁক বহুতো আশীৰ্বাদ দিলে আৰু ডাঙৰ ডাঙৰ দায়িত্বও দিলে। (যোহ. ২১:১৫-১৭; পাঁচ. ১০:২৪-৩৩; ১ পিত. ১:১) পিতৰৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমাক শুধৰণি কৰা হয়, তেতিয়া সেই বিষয়ে ভাবি লাজ অনুভৱ কৰাৰ পৰিৱৰ্তে, সেই পৰামৰ্শ মানি শুধৰণি কৰাৰ প্ৰয়োজন। এনে কৰিলে আমি যিহোৱা আৰু তেওঁৰ সংগঠনৰ বাবে বহুতো কাম কৰিব পাৰিম।
৮-৯. (ক) ভাই বাৰ্নাৰ্ডোক শুধৰণি কৰাৰ সময়ত তেওঁ আৰম্ভণিতে কেনে অনুভৱ কৰিছিল? (খ) ভায়ে নিজৰ চিন্তাধাৰা কেনেকৈ শুধৰণি কৰিলে?
৮ এতিয়া আহক চাওঁ মোজাম্বিক দেশত থকা ভাই বাৰ্নাৰ্ডোৰ লগত কি হʼল। আগতে তেওঁ এজন প্ৰাচীন আছিল, পাছত তেওঁৰ পৰা এই দায়িত্ব লৈ লোৱা হʼল। আৰম্ভণিতে ভায়ে কেনে অনুভৱ কৰিছিল? তেওঁ এইদৰে কয়, “মোক শুধৰণি কৰাৰ সময়ত মোক একেবাৰে ভাল লগা নাছিল। সেইবাবে, মই ভাইসকলৰ প্ৰতি খং পুহি ৰাখিছিলোঁ।” ভায়ে এই কথা ভাবি বহুত চিন্তিত হৈছিল যে মণ্ডলীৰ আন ভাই-ভনীসকলে তেওঁৰ বিষয়ে কি ভাবিব। তেওঁ এইদৰে কয়, “মোক যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ আৰু ভাইসকলে লোৱা নিৰ্ণয় সঠিক আছিল বুলি মানিবলৈ কেইবা মাহ লাগিছিল।” ভাই বাৰ্নাৰ্ডোয়ে নিজৰ চিন্তাধাৰা কেনেকৈ শুধৰণি কৰিলে?
৯ প্ৰথমে ভাই বাৰ্নাৰ্ডোয়ে নিজৰ চিন্তাধাৰা শুধৰণি কৰাৰ প্ৰয়োজন আছিল। তেওঁ এইদৰে কৈছে, “যেতিয়া মই প্ৰাচীন আছিলোঁ, তেতিয়া মই ভাই-ভনীসকলক ইব্ৰী ১২:৭ পদ পঢ়ি শুনাইছিলোঁ আৰু কৈছিলোঁ যে যিহোৱাই আমাক আমাৰ লাভৰ বাবে শুধৰণি কৰে। কিন্তু এতিয়া মোক নিজেই এয়া পালন কৰাৰ প্ৰয়োজন আছিল।” পাছত ভায়ে যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত পুনৰ ভৰসা কৰিবলৈ আৰু কি কৰিলে? তেওঁ বাইবেল পঢ়িবলৈ আৰু ধ্যান কৰিবলৈ বেছিকে সময় উলিয়ালে। ভাই-ভনীসকলে তেওঁলোকৰ বিষয়ে কি ভাবিব বুলি যদিও তেওঁ চিন্তিত আছিল, তথাপি তেওঁ ভাই-ভনীসকলৰ লগত প্ৰচাৰত যাবলৈ আৰু সভাত উপস্থিত হৈ উত্তৰ দিবলৈ নেৰিলে। কিছু সময়ৰ পাছত ভাইক পুনৰ প্ৰাচীন হিচাপে নিযুক্ত কৰা হʼল। ভাই বাৰ্নাৰ্ডোৰ নিচিনা যদি আপোনাক শুধৰণি কৰা হয়, তেতিয়া বহুত চিন্তিত হৈ লাজ অনুভৱ কৰাৰ পৰিৱৰ্তে পৰামৰ্শ মানি শুধৰণি কৰক।c (হিতো. ৮:৩৩; ২২:৪) এইদৰে আপুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিশ্বাসী হৈ থাকিলে যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব।
যেতিয়া সংগঠনত সাল-সলনি কৰা হয়
১০. ইস্ৰায়েলীসকলৰ সময়ত কি সাল-সলনি কৰা হৈছিল, যাৰ বাবে তেওঁলোকে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থকাটো কঠিন হৈছিল?
১০ সংগঠনত কিছুমান সাল-সলনি হোৱাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থকাটো আমাৰ বাবে কঠিন হʼব পাৰে। যদি সেই সাল-সলনি আমি পালন নকৰোঁ, তেনেহʼলে আমি হয়তো যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ। প্ৰাচীন সময়তো এনে ধৰণৰ পৰিস্থিতি আহি পৰিছিল। মোচিৰ নিয়ম পোৱাৰ আগতে প্ৰতিটো পৰিয়ালৰ মুৰব্বীয়ে বেদি বনাইছিল আৰু নিজৰ পৰিয়ালৰ ফালৰ পৰা যিহোৱালৈ বলিদান আগবঢ়াইছিল। (আদি. ৮:২০, ২১; ১২:৭; ২৬:২৫; ৩৫:১, ৬, ৭; ইয়ো. ১:৫) পাছলৈ যিহোৱাই নিজৰ লোকসকলক নিয়ম দিছিল যে এতিয়াৰ পৰা পৰিয়ালৰ মুৰব্বীয়ে নহয়, কেৱল পুৰোহিতসকলেহে বলিদান আগবঢ়াব। যিহোৱাই হাৰোণৰ পৰিয়ালক পুৰোহিত হিচাপে বাছনি কৰিছিল। যদি পৰিয়ালৰ কোনো এজন মুৰব্বী হাৰোণৰ বংশৰ নহয় আৰু তেওঁ বলিদান আগবঢ়াব বিচাৰে, তেনেহʼলে তেওঁক মৃত্যুদণ্ড দিয়া হʼব।d (লেবী. ১৭:৩-৬, ৮, ৯) আমি সঠিকভাৱে কʼব নোৱাৰোঁ কিন্তু এই সাল-সলনিৰ বাবে হয়তো কোৰহ, দাথন, অবীৰাম আৰু ২৫০ জন মণ্ডলীৰ অধ্যক্ষই মোচি আৰু হাৰোণৰ বিৰুদ্ধে মাত মাতিছিল। (গণ. ১৬:১-৩) তেওঁলোকে যিয়ে কাৰণৰ বাবে এইদৰে নকৰক কিয়, কিন্তু তেওঁলোক যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। যদি সংগঠনত এইদৰে সাল-সলনি কৰা হয় আৰু ইয়াক মানিবলৈ আপোনাৰ কঠিন হৈছে, তেনেহʼলে আপুনি কি কৰিব পাৰে?
যেতিয়া কহাত বংশক বেলেগ কাম দিয়া হʼল, তেতিয়া তেওঁলোকে সেই কাম আনন্দ মনেৰে কৰিলে। কিছুমানক গীত গাবলৈ কোৱা হʼল, কিছুমানক দুৱাৰ ৰখীয়া হিচাপে আৰু কিছুমানক মন্দিৰৰ ভঁৰালৰ ৰখীয়া হিচাপে কাম কৰিবলৈ কোৱা হʼল (অনুচ্ছেদ ১১ চাওক)
১১. আমি কহাতৰ বংশৰ পৰা কি শিকিব পাৰোঁ?
১১ সংগঠনত যি সাল-সলনি কৰা হয়, তাক মানি চলক। যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যৰ মাজেদি যাত্ৰা কৰিছিল, তেতিয়া কহাত বংশক এটা গুৰুত্বপূৰ্ণ কাম দিয়া হৈছিল। প্ৰত্যেক বাৰ যেতিয়া ইস্ৰায়েলীসকলে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিল, তেতিয়া কহাত বংশই নিয়ম চন্দুক দাঙি লোকসকলৰ আগে আগে যাত্ৰা কৰিছিল। (গণ. ৩:২৯, ৩১; ১০:৩৩; যিহো. ৩:২-৪) এয়া তেওঁলোকৰ বাবে বৰ সন্মানৰ বিষয় আছিল। কিন্তু ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত থকাৰ সময়ত এটা ডাঙৰ সলনি হʼল। এতিয়া আগৰ দৰে নিয়ম চন্দুক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ প্ৰয়োজন নাছিল। সেইবাবে, কহাত বংশক বেলেগ কাম দিয়া হʼল। ৰজা চলোমনৰ শাসনকালত কহাতৰ বংশৰ কিছুমানক গীত গাবলৈ, কিছুমানক দুৱাৰ ৰখীয়া হিচাপে আৰু কিছুমানক মন্দিৰৰ ভঁৰালৰ ৰখীয়া হিচাপে নিযুক্ত কৰা হʼল। (১ বং. ৬:৩১-৩৩; ২৬:১, ২৪) কিন্তু বাইবেলত কʼতো লিখা নাই যে কহাতৰ বংশই অভিযোগ কৰিলে বা এইদৰে কʼলে, ‘আমি আগতে কিমান ডাঙৰ কাম কৰিছিলোঁ। সেইবাবে, এতিয়াও আমাক ডাঙৰ দায়িত্ব দিয়া উচিত।’ কহাতৰ বংশৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া যিহোৱাৰ সংগঠনত কিবা সাল-সলনি কৰা হয়, তেতিয়া তাক মানি চলক। আপুনি হয়তো কিবা দায়িত্ব পালন কৰি আছে কিন্তু আপোনাৰ পৰা সেই দায়িত্ব লৈ লোৱা হয় আৰু আপোনাক বেলেগ কাম দিয়া হয়।এনে পৰিস্থিতিত সেই কাম আনন্দেৰে কৰক। মনত ৰাখক যে আপুনি কি কাম কৰে, এয়া যিহোৱাই নাচায়। তেওঁৰ কথা পালন কৰাৰ বাবেহে আপুনি তেওঁৰ দৃষ্টিত মূল্যৱান।—১ চমূ. ১৫:২২.
১২. ভনী জাইনাক বেথেলৰ পৰা যাবলৈ কোৱাৰ সময়ত তেওঁ কেনে অনুভৱ কৰিছিল?
১২ ভনী জাইনাৰ উদাহৰণলৈ মন কৰক, তেওঁ মধ্য পূব দেশত থাকে। তেওঁ ২৩ বছৰ ধৰি বেথেলত সেৱা কৰিছিল। কিন্তু সংগঠনে তেওঁক বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিবলৈ কʼলে। ভনীয়ে বেথেলেত যি কাম কৰিছিল, সেই কাম কৰি তেওঁ বহুত ভাল পাইছিল। সেইবাবে, যেতিয়া সাল-সলনি কৰা হʼল, তেতিয়া ইয়াক মানি লোৱাটো ভনীৰ বাবে বৰ কঠিন আছিল। ভনীয়ে এইদৰে কৈছে, “মোক বেথেলৰ পৰা যাবলৈ কোৱাৰ সময়ত মোক বহুত দুখ লাগিল। মই এনে অনুভৱ কৰিলোঁ যেন মই কোনো কামৰ নহয়। মই বাৰে বাৰে এয়াই ভাবিবলৈ ধৰিলোঁ যে মই নিশ্চয় কিবা এটা ভুল কৰিলোঁ।” তাৰ উপৰিও মণ্ডলীৰ কিছুমান ভাই-ভনীয়ে এনে কিছুমান কথা কʼলে, যাৰ বাবে ভনীক বহুত আঘাত লাগিল। তেওঁলোকে ভনীক এইদৰে কৈছিল, “তুমি বেথেলত নিজৰ কাম ভালদৰে নকৰাৰ বাবে চাগে তোমাক উলিয়াই পঠালে।” কিছু সময়লৈকে ভনী জাইনাই প্ৰতিটো ৰাতি বহুত কান্দিছিল। ভনীয়ে এইদৰে কৈছে, “মই কেতিয়াও এইদৰে ভবা নাছিলোঁ যে যিহোৱাই মোক প্ৰেম নকৰে আৰু সংগঠনে লোৱা নিৰ্ণয় সঠিক নহয়। ভনী জাইনাৰ লগত এইদৰে হোৱাৰ সময়ত তেওঁ কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰিলে?
১৩. ভনী জাইনাক আৰম্ভণিতে বহুত বেয়া লাগিছিল, কিন্তু পাছত তেওঁ কি কৰিলে?
১৩ আৰম্ভণিতে ভনী জাইনাক বহুত বেয়া লাগিছিল। কিন্তু তেওঁ কিছু সময়ৰ পাছত আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। তেওঁ কি কৰিলে? তেওঁ এনে লেখ পঢ়িলে, যʼত তেওঁৰ নিচিনা সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ বিষয়ে কোৱা হৈছিল। এই লেখবোৰত বহুত ভাল ভাল পৰামৰ্শ দিয়া হৈছিল। যেনে, এখন লেখ আছিল “আপুনি হতাশাৰ সন্মুখীন হʼব পাৰে!” যি ১ ফ্ৰেব্ৰুৱাৰী ২০০১ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) আহিছিল। এই লেখত কোৱা হৈছিল যে বাইবেলৰ লেখক মাৰ্কৰ পৰা এটা দায়িত্ব লৈ লোৱাৰ সময়ত তেওঁ হয়তো দুখ অনুভৱ কৰিছিল। ভনী জাইনাই এইদৰে কৈছে, “মাৰ্কৰ বিষয়ে লিখা এই লেখ মোৰ বাবে দৰবৰ নিচিনা আছিল।” তেওঁ আন ভাই-ভনীসকলৰ লগত সংগতি আৰু প্ৰচাৰ কৰি থাকিল। তেওঁ এয়াও নাভাবিলে যে তেওঁ এতিয়া বেথেলত সেৱা কৰা নাই, সেইবাবে তেওঁ কোনো কামৰ যোগ্য নহয়। তেওঁ এই কথা মনত ৰাখিলে যে যেতিয়া সংগঠনত কিবা নিৰ্ণয় লয়, সেয়া পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ অনুসৰি লয় আৰু নেতৃত্ব লোৱা ভাইসকলেও তেওঁক বহুত প্ৰেম কৰে। ভনীয়ে এই কথা অনুভৱ কৰিলে যে যিহোৱাৰ সংগঠনত সাল-সলনি হৈ থাকে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে যিহোৱাৰ কাম চলি থাকে।
১৪. ভাই ৱাল্ডʼক কোনটো নিৰ্দেশনা পালন কৰিবলৈ কঠিন লাগিছিল, কিন্তু তেওঁ কি কথা মনত ৰাখিলে?
১৪ শ্লোবিনিয়াত থকা ৭৩ বছৰীয়া এজন প্ৰাচীন ভাই ৱাল্ডʼৰ উদাহৰণলৈ মন কৰক। তেওঁলোকৰ মণ্ডলীক আন এটা মণ্ডলীৰ লগত যোগ কৰা হৈছিল আৰু যি ৰাজ্যগৃহত তেওঁলোকে সভাৰ বাবে গৈছিল, সেই ৰাজ্যগৃহ বন্ধ কৰা হʼল। ভাইজনে কৈছে যে সেই সময়ত তেওঁ কেনে অনুভৱ কৰিছিল: “আমাৰ ৰাজ্যগৃহখন বৰ ধুনীয়া আছিল! কিন্তু মই বুজিব পৰা নাছিলোঁ যে ইয়াক কিয় বন্ধ কৰা হʼল। অলপতে আমি ইয়াৰ মেৰামতিও কৰিছিলোঁ আৰু ইয়াত বহুতো নতুন বস্তু লগাইছিলোঁ। সেইবাবে, মই বহুত দুখ অনুভৱ কৰিছিলোঁ। কিয়নো মই তাত কাঠৰ বহুতো বস্তু বনাইছিলোঁ। ৰাজ্যগৃহ সলনি হোৱাৰ বাবে ভাই-ভনীসকলে বহুতো সাল-সলনি কৰিবলগীয়া হৈছিল আৰু এয়া আমাৰ নিচিনা বৃদ্ধ ভাই-ভনীসকলৰ বাবে একেবাৰে সহজ নাছিল।” কিন্তু ভাই ৱাল্ডʼই সংগঠনৰ এই নিৰ্দেশনা পালন কৰিলে। তেওঁ এইদৰে কয়, “সংগঠনৰ পৰা পোৱা নিৰ্দেশনা মানি চলিলে আমি বহুত আশীৰ্বাদ পাম। আগলৈয়ো এনে ধৰণৰ বহুতো সাল-সলনি হʼব। সেইবাবে, আজি আমি এই নিৰ্দেশনাবোৰ মানি চলিলে ভৱিষ্যতেও নিৰ্দেশনা পালন কৰিবলৈ আমাৰ বাবে সহজ হʼব।” আপোনাৰ মণ্ডলীকো আন মণ্ডলীৰ লগত যোগ কৰা হৈছেনে? বা আপুনি আগতে সংগঠনত যি কাম কৰিছিলে, তাৰ ঠাইত এতিয়া আপোনাক আন কাম কৰিবলৈ কোৱা হৈছেনে? যদি এইদৰে হৈছে, তেতিয়া হʼলে বিশ্বাস ৰাখক আপুনি কেনে অনুভৱ কৰিছে, সেয়া যিহোৱাই ভালদৰে বুজি পায়। যেতিয়া এনে ধৰণৰ সাল-সলনি হয় আৰু আপুনি ইয়াক মানি চলে আৰু যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থাকে, তেতিয়া আপুনি ভৰসা কৰিব পাৰে যে যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব।—গীত. ১৮:২৫.
সকলো কথাত চেতনা বজাই ৰাখক
১৫. মণ্ডলীত কঠিন পৰিস্থিতিৰ সৃষ্টি হʼলে আমি কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰোঁ?
১৫ আমি একেবাৰে শেষ কালত জীয়াই আছোঁ। সেইবাবে, মণ্ডলীত এনে বহুতো পৰিস্থিতি আহিব পাৰে, যাৰ বাবে যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি বিশ্বাসী হৈ থকাটো আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, আমি চেতনা বজাই ৰখা আৰু ভাবি-চিন্তি কাম কৰাটো অতি প্ৰয়োজন। যদি আপোনাৰ অনুভৱ হৈছে যে কোনো ভাই বা ভনীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, তেনেহʼলে তেওঁৰ প্ৰতি আপুনি খং পুহি নাৰাখিব। যদি আপোনাক শুধৰণি কৰা হৈছে, তেতিয়া হʼলে আপুনি লাজ অনুভৱ কৰাৰ পৰিৱৰ্তে নিৰ্দেশনা মানি শুধৰণি কৰক। সংগঠনত সাল-সলনি হʼলে যদিও তাক পালন কৰিবলৈ আপোনাৰ বাবে কঠিন হয়, তথাপি ইয়াক মানি চলক।
১৬. আপুনি যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি ভৰসা কেনেকৈ বজাই ৰাখিব পাৰে?
১৬ সমস্যা আহিলে আপুনি যিহোৱাৰ সংগঠনৰ বিশ্বাসী হৈ থাকিব পাৰে আৰু তেওঁলোকৰ ওপৰত ভৰসা ৰাখিব পাৰে। কিন্তু এইদৰে কৰাৰ বাবে আপোনাক নিজৰ চেতনা বজাই ৰাখি শান্ত হৈ ভাবি-চিন্তি কাম কৰিব লাগিব আৰু পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰিব লাগিব। বাইবেলত যিহোৱাৰ সেই সেৱকসকলৰ বিষয়ে পঢ়ক, যিসকলৰ পৰিস্থিতি আপোনাৰ নিচিনা আছিল আৰু চিন্তা কৰক যে আপুনি তেওঁলোকৰ পৰা কি শিকিব পাৰে। সহায় বিচাৰি যিহোৱালৈ মিনতি কৰক আৰু ভাই-ভনীসকলৰ লগত সংগতি কৰিবলৈ নেৰিব। যিয়েই পৰিস্থিতি নহওক কিয়, চয়তানে আপোনাক যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰে।—যাকো. ৪:৭.
গীত ১২৬ পৰ দি থাকা, শক্তিশালী হোৱা
a মণ্ডলী বা যিহোৱাৰ সংগঠনত বহু বাৰ এনে পৰিস্থিতিৰ সৃষ্টি হʼব পাৰে, যাৰ বাবে যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিশ্বাসী হৈ থাকিবলৈ আমাৰ বাবে কঠিন হৈ পৰে। এই লেখত আমি এনেধৰণৰ তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম লগতে শিকিম যে এনে ধৰণৰ পৰিস্থিতিত আমি কেনেকৈ যিহোৱা আৰু তেওঁৰ সংগঠনৰ বিশ্বাসী হৈ থাকিব পাৰোঁ।
b কিছুমান নাম সলনি কৰা হৈছে।
c ১৫ আগষ্ট ২০০৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৩০ পৃষ্ঠাত দিয়া “আপুনি আগতে সেৱা কৰিছিলনে? আপুনি এতিয়া পুনৰ সেৱা কৰিব বিচাৰেনে?” নামৰ লেখত আৰু কিছুমান ভাল পৰামৰ্শ দিয়া আছে।
d মোচিৰ নিয়ম অনুসৰি যদি পৰিয়ালৰ কোনো মুৰব্বীয়ে মাংস খাবলৈ কোনো জন্তুক মাৰিবলগীয়া হয়, তেনেহʼলে তেওঁ সেই জন্তুটো পবিত্ৰ স্থানত লৈ যাব লাগিছিল।—দ্বিতী. ১২:২১.