ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৭
  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • অনুযোগৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৭
অনুতাপ নকৰা সন্তানজনে যেতিয়া ঘৰৰপৰা ওলাই গৈছে, তেতিয়া পিতৃ-মাতৃয়ে তেওঁৰ ফালে চাই দুৱাৰ মুখত কান্দি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে

আমি কিবা ভুল কৰিলে, যিহোৱাই আমাক শুধৰণি কৰে আৰু শাস্তিও দিয়ে। ই এটা শিক্ষা দিয়াৰ উপায়। যিহোৱাই আমাক শুধৰণি কৰে, যাতে আমি তেওঁৰ অনুসৰি উপাসনা কৰোঁ। (ৰোম ১২:১; ইব্ৰী ১২:১০, ১১) যেতিয়া আমাক শুধৰণি কৰা হয়, তেতিয়া আমাৰ দুখ লাগিব পাৰে। কিন্তু ইয়াৰ ভাল পৰিণাম হয় আৰু আমাৰেই লাভ হয়। (হিতো ১০:৭) যিসকলে আনক শুধৰণি কৰে আৰু যাক শুধৰণি কৰা হৈছে, তেওঁলোকে কি কথা মনত ৰখা উচিত?

যিজনে শুধৰণি কৰে। প্ৰাচীন, পিতৃ-মাতৃ আৰু আন লোকসকলে যেতিয়া কাৰোবাক শুধৰণি কৰে, তেতিয়া তেওঁলোকে যিহোৱাৰ দৰে প্ৰেমেৰে শুধৰণি কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (যিৰি ৪৬:২৮) যদি কাৰোবাক কঠোৰ অনুশাসন দিয়া হয়, তেনেহʼলে সেয়া প্ৰেমেৰে আৰু যিমান প্ৰয়োজন সিমান দিয়া উচিত।—তীত ১:১৩, ১৪.

যাক শুধৰণি কৰা হয়। আমাক শুধৰণি কৰিবলৈ যিয়ে অনুশাসন দিয়া হয়, আমি তাক অস্বীকাৰ কৰাৰ পৰিৱৰ্তে, লগে লগে সেই অনুসৰি কাম কৰা উচিত। (হিতো ৩:১১, ১২) আমি সকলোৱে ভুল কৰোঁ, সেইবাবে আমাক বিভিন্ন উপায়েৰে শুধৰণি কৰা হয়। আমি বাইবেলত যি পঢ়োঁ আৰু সভাত যি শুনোঁ, তাৰপৰা আমাৰ অনুভৱ হয় যে কোনো এটা বিষয়ত আমাক শুধৰণি কৰাৰ প্ৰয়োজন আছে। প্ৰয়োজন হʼলে ন্যায় সমিতিয়ে আমাক অনুশাসন দিব পাৰে। নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিলে, আজি আমি এটা ভাল জীৱন জীয়াই থাকিব পাৰিম আৰু ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিম।—হিতো ১০:১৭.

“প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে” নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে’ নামৰ ভিডিঅʼখনৰ চিনত লʼৰালিকালত কেনানে মা-দেউতাৰ লগত প্ৰচাৰ কৰিছে।

    কেনানৰ লʼৰালিকাল কেনেকুৱা আছিল? পাছত কি হʼল?

  • ‘প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে’ নামৰ ভিডিঅʼখনৰ চিনত ডেকা ভাই কেনানে প্ৰাচীনসকলক লগ কৰিছে।

    যিহোৱাই কেনেকৈ তেওঁক প্ৰেমেৰে শুধৰণি কৰিলে?

  • ‘প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে’ নামৰ ভিডিঅʼখনৰ চিনত ডেকা ভাই কেনানে প্ৰাচীনসকলক লগ কৰিছে। পাছত কেনানে এখন সভাত ডেকা ভাই-ভনীসকলৰ লগত কথা পাতিছে।

    যেতিয়া যিহোৱাই শুধৰণি কৰে, তেতিয়া তাক আনন্দেৰে পালন কৰক

    তেওঁ যি কৰিলে, তাৰপৰা আমি কি কি শিকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক