ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ৩
  • যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে অনুশাসন দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আপোনজনাই যিহোৱাক এৰি গʼলে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • অনুযোগৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক

ভুল কৰি অনুতাপ নকৰা ব্যক্তিক বহিষ্কাৰ কৰা হয়। এই ব্যৱস্থাৰপৰা মণ্ডলীৰ সুৰক্ষা হয় আৰু ব্যক্তিজনে কিমান ডাঙৰ ভুল কৰিছে, তাক অনুভৱ কৰোঁৱা হয়। (১কৰি ৫:৬, ১১) এয়া সঁচা যে কাৰোবাৰ বহিষ্কাৰ হʼলে, তেওঁৰ পৰিয়ালবৰ্গ আৰু ন্যায় সমিতিৰ ভাইসকলক দুখ লাগে। তথাপি প্ৰেমৰ বাবে আমি এই ব্যৱস্থাক সমৰ্থন কৰিম।

যিহোৱাৰ প্ৰতি প্ৰেম থকাৰ বাবে আমি তেওঁ উচ্চ মানদণ্ডক পালন কৰোঁ আৰু তেওঁৰ নাম কলংকিত হোৱাটো নিবিচাৰোঁ। সেইবাবে আমি এই ব্যৱস্থাক সমৰ্থন কৰোঁ। (১পিত ১:১৪-১৬) এইদৰে আমি বহিষ্কৃত ব্যক্তিৰ প্ৰতি প্ৰেম দেখুৱাওঁ। সেই ব্যক্তিজনক শুধৰণি কৰা সময়ত তেওঁৰ লগত কঠোৰতাৰে ব্যৱহাৰ কৰা হয়, তেতিয়া সকলোকে দুখ লাগে। কিন্তু এই ব্যৱস্থাই “ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।” (ইব্ৰী ১২:৫, ৬, ১১) আমি বহিষ্কৃত কৰা বা মণ্ডলীৰ লগত সংগতি কৰিবলৈ এৰি দিয়া ব্যক্তিৰ লগত যোগাযোগ কৰা উচিত নহয়। আমি যোগাযোগ ৰাখিলে, শুধৰণি ব্যৱস্থাত বাধা দিয়া যেন হʼব। আমি মনত ৰখা উচিত যে যিহোৱাই নিজৰ সেৱকসকলক ‘উচিত মতে শাস্তি দিয়ে।’ (যিৰি ৩০:১১) আহক আমি বহিষ্কৃত নিৰ্ণয়ক সমৰ্থন কৰোঁ আৰু যিহোৱাৰ উপাসনাৰ লগত জড়িত সকলো কাম কৰি থাকিবলৈ চেষ্টা কৰোঁ। লগতে ব্যক্তিজনে এদিন নহয় এদিন ঘূৰি আহিব বুলি আশা ৰাখোঁ।—যিচ ১:১৬-১৮; ৫৫:৭.

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গেব্ৰিএʼলা আৰু বেনে ঘৰ এৰি যোৱা নিজৰ সন্তানৰ চিঠিখন পঢ়ি, কান্দি আছে।

    নিজৰ সন্তানে যিহোৱাক এৰি গুচি গʼলে পিতৃ-মাতৃয়ে কেনে দুখ অনুভৱ কৰে?

  • ‘সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। মণ্ডলীৰ সভাৰ পাছত ভাই-ভনীসকলে, গেব্ৰিএʼলা আৰু বেনক সাৱটি শান্তনা দিছে।

    ভাই-ভনীসকলে বহিষ্কৃত হোৱা ব্যক্তিৰ পৰিয়ালক কেনেকৈ সহায় কৰিব পাৰে?

  • ‘সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গেব্ৰিএʼলাই কোৰহৰ ঘটনাৰ বিষয়ে কল্পনা কৰি আছে।

    আমি পৰিয়ালৰ সদস্যসকলতকৈ যিহোৱাৰ বিশ্বাসী হৈ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, এই বিষয়ে আমি বাইবেলৰ কোনটো ঘটনাৰপৰা শিকিব পাৰোঁ?

  • ‘সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গেব্ৰিএʼলাই সভাৰ পাছত নিজৰ স্বামী বেনক, তেওঁলোকৰ সন্তানে মেচেজ কৰাৰ বিষয়ে জনাইছে।

    আমি আমাৰ পৰিয়ালতকৈ বেছি যিহোৱাৰ বিশ্বাসী কেনেকৈ হৈ থাকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক