ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 নৱেম্বৰ পৃষ্ঠা ৩১
  • প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ কি কৰিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ কি কৰিম?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 নৱেম্বৰ পৃষ্ঠা ৩১
এজনী ভনীয়ে লেপটʼপত ব্যক্তিগত অধ্যয়ন কৰি আছে। তাই বহীত কিবা লিখি আছে। তাই লেপটʼপত “নতুন জগত অনুবাদ” (হিন্দী) বাইবেলৰ অতিৰিক্ত লেখ খ৯ খুলি ৰাখিছে। তাত “দানিয়েলৰ ভৱিষ্যবাণীত কোৱা বিশ্ব শক্তিৰ” তালিকা দিয়া হৈছে।

প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ কি কৰিম?

প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ আপোনাৰ টান বা বৰিং লাগে নে? আমাৰ সকলোৰে এইদৰে লাগে। খন্তেকৰ বাবে চিন্তা কৰক, এনে বহুতো কাম আছে যি আমি প্ৰতি সপ্তাহে বা সদায় কৰিবলগীয়া হয়। যেনে, আমি সদায় গা ধুওঁ। গা ধুবলৈ আমাৰ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। কিন্তু তাৰ পাছত আমি সতেজ অনুভৱ কৰোঁ। ঠিক সেইদৰে বাইবেলৰ অধ্যয়ন কৰিলে আমি “বাক্যৰ পানীৰে” গা ধুই সতেজ হৈ পৰোঁ। (ইফি. ৫:২৬) প্ৰতি সপ্তাহে অধ্যয়ন কৰিবলৈ আমি কি কি কৰিব পাৰোঁ, আহক তালৈ মন কৰোঁ।

  • তালিকা বনাওক। ব্যক্তিগত অধ্যয়ন কৰাটো ‘বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ’ মাজত এটা হয়। (ফিলি. ১:১০) সেইবাবে, প্ৰতিজন খ্ৰীষ্টানে নিয়মীয়াকৈ অধ্যয়ন কৰা উচিত। আপুনি যদি বিচাৰে, তেনেহʼলে আপুনি কেতিয়া অধ্যয়ন কৰিব, তাৰ বিষয়ে এখন কাগজত লিখি থʼব পাৰে। পাছত সেই তালিকাখন ফ্ৰিজৰ ওপৰত লগাব পাৰে বা ফোনত এলাৰ্ম দি থʼব পাৰে যাতে আপুনি কেতিয়া অধ্যয়ন কৰিব লাগিব, সেই কথা আপোনাৰ মনত পৰে।

  • কিমান দেৰি অধ্যয়ন কৰিব, তাৰ বিষয়ে চিন্তা কৰক। আপোনাৰ এক ঘন্টা অধ্যয়ন কৰিবলৈ ভাল লাগে নে অলপ অলপ কৰি অধ্যয়ন কৰিবলৈ ভাল লাগে? আপোনাৰ বাবে কি ভাল সেয়া আপুনি জানে। সেইবাবে, সেই অনুসৰি নিৰ্ণয় লওক। যদি আপোনাৰ অধ্যয়ন কৰাৰ সময় হৈ গৈছে আৰু আপোনাৰ মন যোৱা নাই, তেনেহʼলে কমেও দহ মিনিটতো আপুনি বহুত কিছু শিকিব পাৰে। একো নপঢ়াতকৈ কিবা এটা পঢ়াটো ভাল হʼব। পাছত হয়তো আপোনাৰ আৰু পঢ়িবলৈ মন যাব।—ফিলি. ২:১৩.

  • কি পঢ়িব তাৰ বিষয়ে চিন্তা কৰক। যদি আপুনি কি পঢ়িব, তাৰ বিষয়ে আগতীয়াকৈ ভাবি নথয়, তেনেহʼলে আপুনি “সময়ক ভালদৰে ব্যৱহাৰ” কৰিব নোৱাৰিব। (ইফি. ৫:১৬) সেইবাবে, আপুনি কি পঢ়িব আৰু অধ্যয়ন কৰিব, তাৰ বিষয়ে আগতীয়াকৈ চিন্তা কৰক। আপুনি আৰু এটা কাম কৰিব পাৰে। আপোনাৰ মনলৈ যদি কিবা প্ৰশ্ন আহে, তেনেহʼলে আপুনি সেয়া লিখি ৰাখিব পাৰে। যদি অধ্যয়ন কৰাৰ সময়ত আপোনাৰ মনলৈ কিবা প্ৰশ্ন আহে বা কোনো এটা বিষয়ত আপুনি জানিব বিচাৰে, তেনেহʼলে সেয়াও আপুনি লিখি থʼব পাৰে। এইদৰে কৰিলে আপোনাৰ ওচৰত বহুতো বিষয় থাকিব।

  • সাল-সলনি কৰিবলৈ সাজু থাকক। আপুনি যি সময়ত আৰু যি বিষয়ত অধ্যয়ন কৰিব বিচাৰে, হয়তো সেইদৰে কৰিব নোৱাৰে। যদি আপুনি আগতীয়াকৈ তালিকা বনাই লৈছে, তেনেহʼলে সাল-সলনি কৰিবলৈ সাজু থাকক। আপুনি কেতিয়া পঢ়িব, কি পঢ়িব আৰু কিমান দেৰি পঢ়িব সেয়া গুৰুত্বপূৰ্ণ, কিন্তু প্ৰতি সপ্তাহে অধ্যয়ন কৰাটো ইয়াতকৈও গুৰুত্বপূৰ্ণ।

প্ৰতি সপ্তাহে অধ্যয়ন কৰিলে আমাৰ বহুতো লাভ হʼব। আমি যিহোৱাৰ কাষ চাপিব পাৰিম, সঠিক নিৰ্ণয় লʼব পাৰিম আৰু সতেজ অনুভৱ কৰিব পাৰিম।—যিহো. ১:৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক