পাঠকসকলৰ প্ৰশ্ন
হিতোপদেশ ৩০:১৮, ১৯ পদৰ লেখকে কৈছে যে এজন লʼৰাই এজনী ছোৱালীৰ লগত যিদৰে ব্যৱহাৰ কৰে, সেয়া তেওঁ বুজিব নোৱাৰে। তেওঁৰ কোৱাৰ অৰ্থ কি আছিল?
এই শব্দবোৰৰ অৰ্থক লৈ বহুতো লোকৰ আনকি কিছুমান বিদ্বানৰ মনতো খেলি-মেলি লাগিছে। নতুন জগত অনুবাদ বাইবেলত (হিন্দী) এই পদটো এইদৰে লিখা হৈছে, “তিনিটা কথা যি মই একেবাৰে বুজি নাপাওঁ, চাৰিটা কথা যি মই বুজি পোৱা নাই: আকাশত উৰি ফোৰা কুৰৰ পক্ষীৰ পথ, শিলৰ ওপৰত সাপৰ পথ, মুকলি সমুদ্ৰত জাহাজৰ পথ আৰু লʼৰাৰ ছোৱালীৰ লগত ব্যৱহাৰ।”—হিতো. ৩০:১৮, ১৯, NW.
এই পদত যি লিখা আছে “লʼৰাৰ ছোৱালীৰ লগত ব্যৱহাৰ,” ইয়াৰ বিষয়ে আগতে আমি বিশ্বাস কৰিছিলোঁ যে ইয়াত এনে এটা কথা কোৱা হৈছে যি বেয়া হয়। এইদৰে আমি কিয় বিশ্বাস কৰিছিলোঁ? কাৰণ ইয়াৰ ওচৰে-পাজৰে থকা পদবোৰত কিছুমান বেয়া বস্তুবোৰৰ বিষয়ে জনোৱা হৈছে, যি কেতিয়াও তৃপ্ত নহয় আৰু কেতিয়াও “জুৰিব বুলি” নকয়। (হিতো. ৩০:১৫, ১৬) ইয়াৰে ২০ পদতো এজনী “ব্যভিচাৰিণী” তিৰোতাৰ বিষয়ে জনোৱা হৈছে, যি জনীয়ে কয় যে তাই একো ভুল কৰা নাই। সেইবাবে, আমি ভাবিছিলোঁ যে ১৮ আৰু ১৯ পদতো বেয়া কথাৰ বিষয়ে কোৱা হৈছে। আমি বিশ্বাস কৰিছিলোঁ যে যিদৰে আকাশত উৰি-ফুৰা কুৰৰ পক্ষী, শিলত বগাই ফুৰা সাপ আৰু মুকলি সমুদ্ৰত গৈ থকা জাহাজে কোনো চিন এৰি নিদিয়ে। ঠিক সেইদৰে এজন লʼৰা নিজৰ বেয়া কামৰ বিষয়ে কাকো জানিবলৈ নিদিয়ে, সেই লʼৰাই চতুৰতাৰে এজনী হোজা ছোৱালীক নিজৰ ফান্দত পেলাই আৰু সেই ছোৱালীজনীয়েও গʼম পাব নোৱাৰে যে তাই কেতিয়া তেওঁৰ কথাত আহি পৰিল।
কিন্তু এই পদবোৰত লেখকে বেয়া কথাৰ বিষয়ে কোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁ কিছুমান ভাল কথাৰ বিষয়ে কৈ আছে, যি চাই তেওঁ আচৰিত হৈছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? আহক ইয়াৰ কাৰণ চাওঁ। পুৰণি ইব্ৰী হাস্তলিপি চালি-জাৰি চোৱাৰ পাছত গʼম পোৱা গʼল যে ইয়াত কিছুমান ভাল কথাৰ বিষয়ে কোৱা হৈছে।
ইব্ৰী শাস্ত্ৰৰ এখন শব্দকোষত কোৱা হৈছে যে যি ইব্ৰী শব্দৰ অনুবাদ হিতোপদেশ ৩০:১৮ পদত “মই বুজি পোৱা নাই” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে এনে কোনো ঘটনা বা কথা যি এজন ব্যক্তিক ইমানে ভাল লাগে যে তেওঁ সেয়া চাই আচৰিত হয়।—থিʼলজিকেল লেক্ছিকʼন অফ দ্যা অʼল্ড টেষ্টামেন্ট।
আমেৰিকাৰ হাৰৱৰ্ড ইউনিভাৰচিটিৰ প্ৰফেচাৰ ক্ৰফৰ্ড এইচ. টʼয়ৱেও এয়া বিশ্বাস কৰে যে এই পদবোৰত কোনো বেয়া কথাৰ বিষয়ে কোৱা হোৱা নাই। তেওঁ এইদৰে কয়, “লেখকে ইয়াত কৈ আছে যে এই বস্তুবোৰ কিমান ধুনীয়া।”
সেইবাবে, এইদৰে কোৱাটো সঠিক হʼব যে হিতোপদেশ ৩০:১৮, ১৯ পদত এনে কথা কোৱা হৈছে যি বহুত ধুনীয়া আৰু যাৰ বিষয়ে আমি বুজিব নোৱাৰোঁ। সেই লেখকৰ দৰে আমিও আচৰি হওঁ যে কেনেকৈ কুৰৰ পক্ষীয়ে আকাশত ইমান ওপৰত উৰি ফুৰে, সাপে ভৰি নোহোৱাৰ সত্ত্বেও শিলত উঠি যায়, এখন গধূৰ জাহাজ ইমূৰৰ পৰা সিমূৰলৈ যায় আৰু কেনেকৈ এজন লʼৰাৰ আৰু ছোৱালীয়ে এজনে-আনজনক ভাল পায় আৰু গোটেই জীৱন লগত থাকে।