ক৫
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নাম
বাইবেলৰ বিদ্বানে স্বীকাৰ কৰে যে হিব্ৰু শাস্ত্ৰৰ মূল পাঠত ঈশ্বৰৰ নাম (יהוה) প্ৰায় ৭,০০০ বাৰ আহিছে। কিন্তু খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ মূল পাঠত ঈশ্বৰৰ নাম নাছিল বুলি বহুতো বিদ্বানে ভাবে। সেইবাবে, বৰ্তমান সময়ৰ বেছিভাগ বাইবেলৰ গ্ৰীক শাস্ত্ৰত, যাক নতুন নিয়ম বুলিও কোৱা হয়, যিহোৱাৰ নাম দিয়া হোৱা নাই। ইয়াৰ উপৰিও, হিব্ৰু শাস্ত্ৰৰ উদ্ধৃতিবোৰ অনুবাদ কৰাৰ সময়ত যʼত যʼত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ আহে, তাৰ ঠাইত বেছিভাগ অনুবাদকে “প্ৰভু” বুলি দিলে।
কিন্তু নতুন জগত অনুবাদ বাইবেলত এইদৰে কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, এই বাইবেলৰ অনুবাদকসকলে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত যিহোৱাৰ নাম সৰ্বমুঠ ২৩৭ বাৰ ব্যৱহাৰ কৰিছে। তেওঁলোকে এইদৰে কিয় কৰিলে? ইয়াৰ দুটা বিশেষ কাৰণ আছে: (১) আজি যি হাজাৰ হাজাৰ হস্তলিপি উপলব্ধ আছে, সেইবোৰ গ্ৰীক শাস্ত্ৰৰ মূল পাঠ নহয়। এইবোৰৰ ভিতৰত বেছিভাগ হস্তলিপি মূল পাঠ লিখাৰ প্ৰায় ২০০ বছৰৰ পাছত প্ৰস্তুত কৰা হৈছিল। (২) সেই সময়লৈকে হস্তলিপিবোৰৰ নকল বনোৱা লোকসকলে ঈশ্বৰৰ নামৰ হিব্ৰু আখৰৰ ঠাইত গ্ৰীক শব্দ কিৰিয়ʼছ অৰ্থাৎ “প্ৰভু” দিলে নাইবা সেই হস্তলিপিৰ পৰা নকল বনালে, যʼত আগৰে পৰা “প্ৰভু” বুলি দিয়া হৈছিল।
‘নতুন জগত বাইবেল অনুবাদ সমিতিয়ে’ গোটেই প্ৰমাণ চোৱাৰ পাছত এই সিদ্ধান্তত উপনীত হৈছে যে গ্ৰীক শাস্ত্ৰৰ মূল পাঠত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ পোৱা যায় আৰু তেওঁলোকে এই প্ৰমাণবোৰৰ আধাৰত নিজৰ অনুবাদত ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছে:
যীচু আৰু তেওঁৰ পাঁচনিসকলৰ সময়ত হিব্ৰু শাস্ত্ৰৰ নকলবোৰত সেই সকলো ঠাইত ঈশ্বৰৰ নাম আছিল, যʼত হʼব লাগে। প্ৰাচীন সময়ত বেছিভাগ লোকে এই কথাত সন্মত আছিল। কুমৰান গুহাবোৰত হিব্ৰু শাস্ত্ৰৰ এনে হস্তলিপিবোৰ পোৱা গʼল, যি খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ হয় আৰু এই হস্তলিপিবোৰ এই কথাৰ দৃঢ় প্ৰমাণ হয় যে সেই সময়ৰ হিব্ৰু শাস্ত্ৰৰ হস্তলিপিবোৰত ঈশ্বৰৰ নাম আছিল।
যীচু আৰু তেওঁৰ পাঁচনিসকলৰ সময়ত হিব্ৰু শাস্ত্ৰৰ গ্ৰীক অনুবাদবোৰত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ আছিল। বহু শতিকালৈকে বিদ্বানে বিশ্বাস কৰিছিল যে হিব্ৰু শাস্ত্ৰৰ গ্ৰীক অনুবাদ অৰ্থাৎ চেপ্টুআজেণ্টৰ হস্তলিপিবোৰত এই চাৰিটা হিব্ৰু আখৰ নাছিল। তাৰ পাছত ১৯৫০ চনৰ ওচৰৰ বছৰবোৰত গ্ৰীক চেপ্টুআজেণ্টৰ হস্তলিপিবোৰৰ বহুত পুৰণি টুকুৰাবোৰ পোৱা গʼল, যি যীচুৰ সময়ৰ আছিল আৰু বিদ্বানসকলৰ ধ্যান তালৈ আকৰ্ষিত কৰা হʼল। এই টুকুৰাবোৰত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ আছে। ইয়াৰ অৰ্থ হৈছে যীচুৰ সময়ৰ গ্ৰীক হস্তলিপিবোৰত ঈশ্বৰৰ নাম আছিল। কিন্তু চতুৰ্থ শতিকা অহালৈকে চেপ্টুআজেণ্টৰ মুখ্য হস্তলিপিবোৰৰ পৰা এই নাম আঁতৰাই দিয়া হʼল। যেনে: কʼডেক্স ৱেটিকেনাছ আৰু কʼডেক্স ছিনেইটিকাছত আদিপুস্তকৰ পৰা লৈ মলাখীৰ কিতাপলৈকে এই নাম পোৱা নাযায় (কিন্তু ইয়াৰ আগৰ হস্তলিপিবোৰত পোৱা যায়)। সেইবাবে, এয়া কোনো আচৰিতজনক কথা নহয় যে বৰ্তমান সময়ত গ্ৰীক শাস্ত্ৰ বা নতুন নিয়মৰ চতুৰ্থ শতিকাৰ যিমানো হস্তলিপি সুৰক্ষিত আছে, তাত ঈশ্বৰৰ নাম পোৱা নাযায়।
যীচুৱে স্পষ্টকৈ কʼলে, “মই নিজৰ পিতৃৰ নামেৰে আহিছোঁ।” তেওঁ এয়াও কৈছিল যে তেওঁ যি যি কাম কৰিছিল, সেইবোৰ নিজৰ “পিতৃৰ নামেৰে” কৰিছিল
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰই কয় যে যীচুৱে প্ৰায়েই ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছিল আৰু আনকো এয়া জনাইছিল। (যোহন ১৭:৬, ১১, ১২, ২৬) যীচুৱে স্পষ্টকৈ কʼলে, “মই নিজৰ পিতৃৰ নামেৰে আহিছোঁ।” তেওঁ এয়াও কৈছিল যে তেওঁ যি যি কাম কৰিছিল, সেইবোৰ নিজৰ “পিতৃৰ নামেৰে” কৰিছিল।—যোহন ৫:৪৩; ১০:২৫.
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰও ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু বাইবেলৰ হিব্ৰু শাস্ত্ৰৰ পাছৰ ভাগ হয়, যদি হিব্ৰু শাস্ত্ৰত ঈশ্বৰৰ নাম আছে, তেনেহʼলে গ্ৰীক শাস্ত্ৰৰ পৰা এই নাম কেনেকৈ নোহোৱা হʼল, এই কথাটো সঠিক যেন লগা নাই। প্ৰায় ৫০ খ্ৰীষ্টাব্দত যাকোবে যিৰূচালেমৰ প্ৰাচীনসকলক কʼলে, “চিমোনে বৰ্ণনা কৰি কʼলে যে ঈশ্বৰে কেনেকৈ প্ৰথমবাৰ যিহূদী নোহোৱা লোকসকলৰ ফালে ধ্যান দিলে যাতে তেওঁলোকৰ মাজৰ পৰা এনে লোকসকলক একগোট কৰিব পাৰে, যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়।” (পাঁচনিৰ কৰ্ম্ম ১৫:১৪) প্ৰথম শতিকাত কোনেও ঈশ্বৰৰ নাম নজনা হʼলে আৰু সেয়া ব্যৱহাৰ নকৰা হʼলে যাকোবে কোৱা কথাষাৰৰ কোনো অৰ্থই নাথাকিলেহেঁতেন।
খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ঈশ্বৰৰ নামৰ সংক্ষিপ্ত ৰূপ ব্যৱহাৰ হৈছে। প্ৰকাশিত বাক্য ১৯:১, ৩, ৪, ৬ পদত “যাঃৰ প্ৰশংসা কৰা” এই বাক্যটো হিব্ৰু শব্দ “হাল্লিলুয়া”ৰ পৰা আহিছে। “যাঃ” যিহোৱাৰ নামৰ সংক্ষিপ্ত ৰূপ হয়। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এনে বহুতো নাম আছে, যিবোৰ ঈশ্বৰৰ নামৰ লগত জড়িত আছে। আনকি যীচুৰ নামৰ বিষয়েও বহুতো কিতাপে কয় যে তেওঁৰ নামৰ অৰ্থ হৈছে “যিহোৱা উদ্ধাৰ হয়।”
আৰম্ভণিৰ যিহূদী কিতাপবোৰৰ পৰা জানিব পাৰি যে যিহূদী খ্ৰীষ্টানসকলে নিজৰ কিতাপবোৰত ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছে। টচেফ্টা নামৰ এখন কিতাপ আছে, যʼত মৌখিক নিয়ম দিয়া হৈছে আৰু প্ৰায় ৩০০ খ্ৰীষ্টাব্দত এই কিতাপখন লিখা পূৰ হৈছিল। এই কিতাপখনে বিশ্ৰাম-বাৰে খ্ৰীষ্টান কিতাপবোৰ জ্বলোৱাৰ বিষয়ে এইদৰে কয়, “তেওঁলোকে প্ৰচাৰকসকলৰ আৰু মিনিমৰ [হয়তো এওঁলোক যিহূদী খ্ৰীষ্টান আছিল] কিতাপবোৰ জ্বলাই দিয়ে। যদি তেওঁলোকৰ হাতত সেই কিতাপবোৰ থাকে, তেনেহʼলে সেই কিতাপবোৰৰ লগতে তাত পোৱা ঈশ্বৰৰ নামো জ্বলাই দিয়াৰ স্বাধীনতা আছিল।” সেই কিতাপতে ৰব্বি য়ʼছে (যিজন দ্বিতীয় শতিকাৰ খ্ৰীষ্টাব্দৰ গালীলত বাস কৰা লোক আছিল) কৈছিল যে সপ্তাহৰ বাকী দিনবোৰত কিতাপবোৰ জ্বলোৱাৰ সময়ত কি কৰা হৈছিল। তেওঁ কৈছে, “সেই কিতাপবোৰত [এই কিতাপবোৰ খ্ৰীষ্টানসকলৰ আছিল বুলি অনুমান কৰা হয়], যʼত যʼত ঈশ্বৰৰ নাম আছিল, সেই অংশ কাটি ৰখা হৈছিল আৰু বাকী অংশ জ্বলাই দিয়া হৈছিল।”
বাইবেলৰ কিছুমান বিদ্বানে স্বীকাৰ কৰে যে ঈশ্বৰৰ নাম খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত হয়তো সেই ঠাইবোৰত আছিল, যʼত হিব্ৰু শাস্ত্ৰৰ উদ্ধৃতি দিয়া হৈছিল। দ্য এংকাৰ বাইবেল ডিক্সনেৰীত “নতুন নিয়মত ঈশ্বৰৰ নাম” শীৰ্ষকৰ তলত এইদৰে লিখা হৈছে, “কিছুমান প্ৰমাণে দেখুৱায় যে যেতিয়া প্ৰথমবাৰ নতুন নিয়ম লিখা হৈছিল, তেতিয়া ঈশ্বৰৰ নাম ইয়াৱেহৰ চাৰিটা হিব্ৰু আখৰ কিছুমান ঠাইত বা সেই সকলো ঠাইত দিয়া হৈছে, যʼত যʼত পুৰণি নিয়মৰ উদ্ধৃতি দিয়া হৈছে।” বিদ্বান জৰ্জ হাৱাৰ্ডে কয়, “আৰম্ভণিৰ গীৰ্জাৰ লোকসকলে গ্ৰীক বাইবেলৰ যিবোৰ বাইবেল ব্যৱহাৰ কৰিছিল, তাত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ আছিল। তেনেহʼলে ইয়াৰ পৰা বুজিব পাৰি যে নতুন নিয়মৰ লেখকসকলে যেতিয়া চেপ্টুআজেণ্টৰ পদবোৰৰ উদ্ধৃতি দিছিল, তেতিয়া তেওঁলোকে হয়তো হুবহু সেই চাৰিটা হিব্ৰু আখৰ লিখিছিল।”
বাইবেলৰ বিখ্যাত অনুবাদকসকলে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ নিজৰ অনুবাদত ঈশ্বৰৰ নাম লিখিছিল। এওঁলোকৰ ভিতৰত কিছুমান অনুবাদকে নতুন জগত অনুবাদ প্ৰস্তুত হোৱাৰ বহু আগতে এইদৰে কৰিছিল। এনে কিছুমান অনুবাদক আৰু তেওঁলোকৰ অনুবাদৰ নাম হৈছে: হাৰমেন হাইনফেটৰৰ এ লিটাৰেল ট্ৰানচলেশ্ব্যান্ অফ দ্য নিউ টেষ্টামেণ্ট . . . ফ্ৰম দ্য টেক্স অফ দ্য ৱেটিকান মেনুস্ক্ৰিপ্ট (১৮৬৩); বেঞ্জামিন উইলচনৰ দ্য এম্ফেটিক ডাইগ্লট (১৮৬৪); জৰ্জ বাৰ্কাৰ ষ্টিৱিনচৰ দ্য এপিচল্চ অফ পৌল ইন মৰ্ডাণ ইংলিছ (১৮৯৮); ডব্ল্যু. জি. ৰাডাৰফৰ্ডৰ চেইণ্ট পৌল্চ এপিচল্চ টু দ্য ৰʼমানচ (১৯০০); লণ্ডনৰ বিশ্বপ জে. ডল্ব্যু. চি. ৱাণ্ডৰ দ্য নিউ টেষ্টামেণ্ট লেটাৰ্চ (১৯৪৬)। ইয়াৰ উপৰিও, ২০ শতিকাৰ আৰম্ভণিত স্পেনিছ অনুবাদক প্লাবʼ বেচ্চনে নিজৰ অনুবাদত লূক ২:১৫ আৰু যিহূদা ১৪ ত “হেঅবা” লিখিছিল আৰু ১০০-তকৈও বেছিবাৰ ফুটনোটত কৈছিল যে ইয়াত ঈশ্বৰৰ নাম লিখাটোও সঠিক হʼব। এই অনুবাদবোৰ প্ৰস্তুত হোৱাৰ বহু আগতেই অৰ্থাৎ ১৬ শতিকাৰ পৰা হিব্ৰু ভাষাত খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ যি বেলেগ বেলেগ অনুবাদ উলিওৱা হৈছিল, তাত বহুতো পদত ঈশ্বৰৰ নামৰ চাৰিটা হিব্ৰু আখৰ দিয়া হৈছিল। আৰু জাৰ্মান ভাষাত খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ যি অনুবাদ উলিওৱা হৈছিল, তাত কমেও ১১ টা অনুবাদত “যেহৱা” (বা আক্ষৰিকভাৱে হিব্ৰু উচ্চাহৰণ “ইয়াৱেহ”) ব্যৱহাৰ কৰা হৈছে আৰু চাৰিজন অনুবাদকে “প্ৰভু”ৰ পাছত ব্ৰেকেটত ঈশ্বৰৰ নাম লিখিছিল। আৰু ৭০-তকৈ বেছি জাৰ্মান অনুবাদত ঈশ্বৰৰ নাম ফুটনোটত নাইবা টিপ্পনীত দিয়া হৈছিল।
দ্য এম্ফেটিক ডাইগ্লটত (১৮৬৪) পাঁচনিৰ কৰ্ম্ম ২:৩৪ পদত ঈশ্বৰৰ নাম; বেঞ্জামিন উইলচনৰ অনুবাদ
এশতকৈ বেছি ভাষাত কৰা বাইবেল অনুবাদত ঈশ্বৰৰ নাম খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত ব্যৱহাৰ কৰা হৈছে। বহুতো আফ্ৰিকা ভাষা, আমেৰিকাৰ আধিবাসীসকলৰ ভাষা, এছিয়া, ইউৰোপ আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপবোৰৰ ভাষাৰ বাইবেলত ঈশ্বৰৰ নাম মুকলিভাৱে ব্যৱহাৰ কৰা হৈছে। (৬১০ আৰু ৬১১ পৃষ্ঠাত দিয়া তালিকা চাওক।) এই ভাষাবোৰৰ বাইবেলৰ অনুবাদকসকলে ওপৰত কোৱা কথাবোৰ মনত ৰাখি নিজৰ অনুবাদত ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছে। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ এই অনুবাদৰ পৰা কিছুমান অনুবাদ বিগত বছৰবোৰত উলিওৱা হৈছে, যেনে ৰটুমেন বাইবেল (১৯৯৯), ইয়াত ৪৮ টা অধ্যায়ত ৫১ বাৰ “যিহৱা” ব্যৱহাৰ কৰা হৈছে। ইণ্ডোনেছিয়াৰ বাতাক (টʼবা) অনুবাদত (১৯৮৯) ১১০ বাৰ “যাহৱা” ব্যৱহাৰ কৰা হৈছে।
মাৰ্ক ১২:২৯, ৩০ পদত ঈশ্বৰৰ নাম; হাৱাই দ্বীপৰ এটা ভাষাৰ বাইবেলত
ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰৰ নাম ‘যিহোৱা’ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত সেই সকলো ঠাইত আকৌ লিখা উচিত, যʼত এয়া আগতে আছিল, কিয়নো এইদৰে কৰাৰ উচিত কাৰণ আছিল। নতুন জগত অনুবাদৰ অনুবাদকসকলে ঠিক এইদৰেই কৰিলে। তেওঁলোকে ঈশ্বৰৰ নামৰ প্ৰতি গভীৰ সন্মান আৰু তেওঁৰ প্ৰতি ভয় ৰাখি বাইবেলৰ পৰা এনে কোনো কথা উলিয়াব নিবিচাৰে, যি মূল পাঠত আছিল।—প্ৰকাশিত বাক্য ২২:১৮, ১৯.