ক৭-ক
যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ
শুভবাৰ্তাৰ চাৰিখন কিতাপত কোৱা ঘটনাবোৰ এই ক্ৰম অনুসৰি ঘটিল
প্ৰতিটো তালিকাৰ সৈতে এখন মানচিত্ৰ দিয়া হৈছে, যʼত দেখুৱা হৈছে যে যীচুৱে কʼত কʼত গৈছে আৰু কʼত কʼত প্ৰচাৰ কৰিছে। মানচিত্ৰত দিয়া কাঁড় চিনে এয়া দেখুৱা নাই যে তেওঁ কোনটো ৰাস্তাইদি গৈছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ কোনটো দিশত যাত্ৰা কৰিছিল, সেয়া দেখুৱাইছে।
যীচুৰ সেৱা আৰম্ভ হোৱাৰ আগৰ ঘটনাবোৰ
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
খ্ৰী.পূ. ৩ |
যিৰূচালেমৰ মন্দিৰ |
গাব্ৰিয়েল স্বৰ্গদূতে জখৰিয়াক জনায় যে যোহন বাপ্তিষ্মা দিওঁতাৰ জন্ম হʼব |
||||
প্ৰায় খ্ৰী.পূ. ২ |
নাচৰৎ; যিহূদিয়া |
গাব্ৰিয়েল স্বৰ্গদূতে মৰিয়মক জনায় যে যীচুৰ জন্ম হʼব; তেওঁ নিজৰ সম্বন্ধীয় এলিচাবেতক লগ কৰিবলৈ যায় |
||||
খ্ৰী.পূ. ২ |
যিহূদিয়াৰ পাহাৰীয়া এলেকা |
যোহন বাপ্তিষ্মা দিওঁতাৰ জন্ম আৰু তেওঁৰ নাম ৰখা হয়; জখৰিয়াই ভৱিষ্যবাণী কৰে; অৰণ্যত যোহনৰ জীৱন |
||||
খ্ৰী.পূ. ২, প্ৰায় ১ অক্টো. |
বৈৎলেহেম |
যীচুৰ জন্ম; “বাক্য মানুহ হʼল” |
||||
বৈৎলেহেমৰ ওচৰত; বৈৎলেহেম |
স্বৰ্গদূতে ৰখীয়াসকলক শুভবাৰ্তা শুনায়; স্বৰ্গদূতে ঈশ্বৰৰ প্ৰশংসা কৰে; ৰখীয়াসকলে লʼৰাটিক চাবলৈ আহে |
|||||
বৈৎলেহেম; যিৰূচালেম |
যীচুৰ চুন্নৎ কৰা হʼল (অষ্টম দিন); তেওঁৰ মা-দেউতাই তেওঁক মন্দিৰলৈ লৈ আহে (৪০ দিনৰ পাছত) |
|||||
খ্ৰী.পূ. ১ বা ১ খ্ৰী. |
যিৰূচালেম; বৈৎলেহেম; মিচৰ; নাচৰৎ |
জ্যোতিষীসকলে আহে; যোচেফৰ পৰিয়াল মিচৰলৈ পলাই যায়; হেৰোদে সৰু লʼৰাবিলাকক হত্যা কৰায়; মিচৰৰ পৰা উভতি আহি সেই পৰিয়াল মিচৰত থাকে |
||||
১২ খ্ৰী., নিস্তাৰ-পৰ্ব |
যিৰূচালেম |
১২ বছৰীয়া যীচুৱে মন্দিৰত শিক্ষকসকলক প্ৰশ্ন কৰে |
||||
নাচৰৎ |
নাচৰতলৈ উভতি আহে; মা-দেউতাৰ অধীনত থাকে; বাঢ়ৈৰ কাম শিকে; মৰিয়মে যীচুৰ উপৰিও আৰু চাৰিজন লʼৰা আৰু কেইবাজনী ছোৱালীক ডাঙৰ-দীঘল কৰে (মথি ১৩:৫৫, ৫৬; মাৰ্ক ৬:৩) |
|||||
২৯, বসন্ত |
অৰণ্য, যৰ্দ্দন নদী |
যোহন বাপ্তিষ্মা দিওঁতাই সেৱা আৰম্ভ কৰে |