ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • fg পাঠ ১৫ প্ৰশ্নবোৰ ১-৪
  • আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কিয় শিকি থকা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কিয় শিকি থকা উচিত?
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • মিল থকা বিষয়
  • আপুনি ঈশ্বৰৰ লগত কেনেকৈ বন্ধুত্ব গঢ়ি তুলিব পাৰিব?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • “ঈশ্বৰৰ ওচৰ চপাই মঙ্গল”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
  • বাইবেল অধ্যয়ন কৰি থাকক!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
ঈশ্বৰৰপৰা এটা ভাল খবৰ!
fg পাঠ ১৫ প্ৰশ্নবোৰ ১-৪

পাঠ ১৫

আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কিয় শিকি থকা উচিত?

১. বাইবেল অধ্যয়ন কৰি থাকিলে আপুনি কেনেকৈ লাভৱান হʼব?

কামৰ অন্তৰালত দুগৰাকী তিৰোতাই বাইবেল অধ্যয়ন কৰিছ

নিসন্দেহ, এই বাইবেলৰ প্ৰাথমিক শিক্ষাই যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম দৃঢ় কৰিছে। যিহোৱাৰ প্ৰতি প্ৰেম দৃঢ় কৰি ৰাখিবলৈ আপুনি একেৰাহে তেওঁৰ জ্ঞান লৈ থকাৰ প্ৰয়োজন। (১ পিতৰ ২:২) বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত আপোনাৰ অনন্ত জীৱন নিৰ্ভৰ কৰিব।—যোহন ১৭:৩; যিহূদা ২১ পঢ়ক।

ঈশ্বৰৰ জ্ঞান বৃদ্ধি পোৱাৰ লগে লগে, আপোনাৰ বিশ্বাস দৃঢ় হʼব। এই বিশ্বাসে আপোনাক ঈশ্বৰক সন্তুষ্ট কৰিবলৈ সহায় কৰিব। (ইব্ৰী ১১:১, ৬) ইয়াৰ উপৰিও, ইয়ে আপোনাক বিগত সময়ছোৱাত কৰি অহা ভুলবোৰৰ বাবে অনুতাপ কৰিবলৈ আৰু আপোনাৰ জীৱনত প্ৰয়োজনীয় পৰিৱৰ্ত্তন কৰিবলৈ সহায় কৰিব।—পাঁচনিৰ কৰ্ম্ম ৩:১৯ পঢ়ক।

২. ঈশ্বৰৰ বিষয়ে শিকা আপোনাৰ জ্ঞানে আনক কেনেকৈ সহায় কৰিব?

এগৰাকী তিৰোতাই পাৰ্থনা কৰিছ

আপুনি ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰিব

এইটো সত্য যে আপুনি ঈশ্বৰৰ বিষয়ে যি শিকিছে, তাক আনক জনাবলৈ বিচাৰিব। আমি সকলোৱে আনক শুভবাৰ্ত্তা জনাবলৈ ভালপাওঁ। এইদৰে একেৰাহে বাইবেল অধ্যয়ন কৰি থাকিলে, আপুনি যিহোৱা আৰু শুভবাৰ্ত্তাৰ প্ৰতি থকা আপোনাৰ বিশ্বাস বাইবেলৰপৰা আনক বৰ্ণনা কৰিব পাৰিব।—ৰোমীয়া ১০:১৩-১৫ পঢ়ক।

বহুতোলোকে নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলক শুভবাৰ্ত্তা জনাবলৈ আৰম্ভ কৰে। কিন্তু এনে কাম বুদ্ধিমতাৰে কৰিব। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসবোৰ ভুল হয় বুলি কোৱাৰ পৰিৱৰ্ত্তে, আপুনি তেওঁলোকক ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰৰ বিষয়ে জনাব পাৰে। ইয়াৰ উপৰিও, মনত ৰখা উচিত যে আপোনাৰ বাক্যৰ পৰিৱৰ্ত্তে লোকসকলে আপোনাৰ ব্যৱহাৰৰ দ্বাৰাহে আকৰ্ষিত হʼব।—২ তীমথিয় ২:২৪, ২৫ পঢ়ক।

৩. ঈশ্বৰৰ লগত থকা কেনে সম্বন্ধই আপোনাক আনন্দিত কৰিব?

ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি থাকিলে আপুনি আধ্যাত্মিকভাৱে দৃঢ় হʼব। লাহে লাহে আপুনি যিহোৱা ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আচলতে আপুনি যিহোৱা ঈশ্বৰৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিব।—২ কৰিন্থীয়া ৬:১৮ পঢ়ক।

৪. আপুনি আধ্যাত্মিকভাৱে উন্নতি কৰি থাকিবলৈ কি কৰিব?

আপুনি একেৰাহে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি, বাইবেলৰ সিদ্ধান্তবোৰ কেনেকৈ পালন কৰিব লাগে তাৰ বিষয়ে শিকিব পাৰিব। (ইব্ৰী ৫:১৩, ১৪) ইয়াৰ বিষয়ে অধিক জানিবলৈ বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনৰপৰা শিকিবলৈ আপুনি যিকোনো এজন যিহোৱাৰ সাক্ষীৰ লগত যোগাযোগ কৰক। আপুনি যিমানেই ঈশ্বৰৰ বাক্যৰপৰা শিকি থাকিব, সিমানেই আপোনাৰ জীৱন আনন্দেৰে ভৰি পৰিব।—গীতমালা ১:১-৩; ৭৩:২৭, ২৮ পঢ়ক।

বাইবেল অধ্যয়নৰ বাবে যিহোৱাৰ সাক্ষীসকলে নিমত্ৰণ দিছ

ভাল খবৰৰ উৎস হৈছে যিহোৱা ঈশ্বৰ। আপুনি ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ হʼলে, তেওঁৰ লোকসকলৰ লগত সঙ্গতি কৰিব লাগিব। (ইব্ৰী ১০:২৪, ২৫) একেৰাহে যিহোৱাক সন্তুষ্ট কৰিবলৈ প্ৰচেষ্টা কৰাৰ যোগেদি, আপুনি প্ৰকৃত জীৱন অৰ্থাৎ অনন্ত জীৱন লাভ কৰিবলৈ সক্ষম হʼব। ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাই হৈছে আপুনি কৰিব পৰা আটাইতকৈ উত্তম কাম।—১ তীমথিয় ১:১১; ৬:১৯ পঢ়ক।

ইয়াৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপৰ ১৮ অধ্যায়ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক