পাঠ ২
ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম তিৰোতাক বনালে
যিহোৱাই এদন নামৰ ঠাইত এখন বাগিচা পাতিলে। সেই বাগিচাত বহুতো ফুল, গছ-গছনি আৰু জীৱ-জন্তু আছিল। তাৰ পাছত যিহোৱাই মাটিৰে প্ৰথম পুৰুষ আদমৰ শৰীৰ বনালে আৰু তেওঁৰ নাকত ফু দিলে। জানা নে ইয়াৰ পাছত কি হʼল? আদম জীৱিত হৈ গʼল! যিহোৱাই তেওঁক এটা কাম দিলে। সেই বাগিচাখনৰ চোৱা-চিতা কৰিবলৈ আৰু সকলো জন্তুৰ নাম থʼবলৈ যিহোৱাই তেওঁক কʼলে।
যিহোৱাই আদমক এটা নিয়ম দিছিল আৰু সেই নিয়ম পালন কৰাটো অতি প্ৰয়োজন আছিল। তেওঁ আদমক কৈছিল, ‘তুমি সকলো গছৰ ফল খাব পাৰা, কিন্তু এজোপা বিশেষ গছৰ ফল খাব নোৱাৰা। যদি তুমি তাৰ ফল খোৱা, তেনেহʼলে মৰি যাবা।’
পাছত যিহোৱাই কʼলে, ‘মই আদমৰ কাৰণে এজন সহায়কৰ্তা বনাম।’ তেওঁ আদমক গভীৰ টোপনিত শুৱাই দিলে আৰু তেওঁৰ এডাল কামিহাড় উলিয়ালে আৰু তাৰ পৰা আদমৰ কাৰণে এজনী পত্নী বনালে। তেওঁৰ নাম হৱা আছিল। আদম আৰু হৱাৰ পৰা প্ৰথম পৰিয়াল হʼল। নিজৰ পত্নীক দেখি আদমৰ কেনেকুৱা লাগিল? তেওঁ ইমানেই আনন্দিত হʼল যে তেওঁ কʼলে, ‘চোৱা, যিহোৱাই মোৰ কামিহাড়ৰ পৰা কি বনালে! মোৰ দৰে এজন মানুহ বনালে!’
সন্তান জন্ম দিবলৈ আৰু পৃথিৱীখন মানুহেৰে পূৰ কৰিবলৈ যিহোৱাই আদম আৰু হৱাক কʼলে। আদম আৰু হৱাই একেলগে মিলি গোটেই পৃথিৱীখন প্ৰমোদবন বনোৱা আৰু এই কাম কৰি আনন্দ পোৱাটো যিহোৱাই বিচাৰিছিল। প্ৰমোদবনৰ অৰ্থ হৈছে সুন্দৰ বাগিচা, যিদৰে এদন বাগিচা আছিল। কিন্তু ঈশ্বৰে যিদৰে বিচাৰিছিল, সেইদৰে নহʼল। কিয় বাৰু? ইয়াৰ বিষয়ে আমি আগৰ অধ্যায়ত শিকিম।
“যিজনে তেওঁলোকক সৃষ্টি কৰিলে, তেওঁ আৰম্ভণিৰে পৰা তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল।”—মথি ১৯:৪