পাঠ ৬৩
দেৱালত লিখা শব্দ
কিছু সময়ৰ পাছত বেল্চচৰ বাবিলৰ ৰজা হʼল। এদিন ৰাতি তেওঁ দেশৰ বিশেষ লোকসকলক এটা ভোজৰ কাৰণে মাতিলে। আলহীসকলৰ সংখ্যা এহেজাৰ আছিল। তেওঁ নিজৰ সেৱকসকলক সোণৰ সেই পাত্ৰবোৰ আনিবলৈ কʼলে, যি নবূখদ্নেচৰে যিহোৱাৰ মন্দিৰৰ পৰা উঠাই লৈ আনিছিল। বেল্চচৰ আৰু তেওঁৰ আলহীসকলে সেই পাত্ৰত মদ খালে আৰু নিজৰ দেৱতাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। তেতিয়া হঠাতে এজন মানুহৰ হাত দেখিবলৈ পোৱা গʼল আৰু সেই হাতখনে খোৱা কোঠালিৰ দেৱালত এনে শব্দ লিখিলে, যি কোনেও বুজি পোৱা নাছিল।
বেল্চচৰে বহুত ভয় খালে। তেওঁ নিজৰ যাদুকৰবিলাকক মাতিলে আৰু তেওঁলোকক প্ৰতিজ্ঞা কৰিলে, ‘যদি কোনোবাই ইয়াত লিখা কথাবোৰৰ অৰ্থ কয়, তেনেহʼলে তেওঁক মই বাবিলৰ তৃতীয়জন শক্তিশালী মানুহ বনাম।’ সকলোৱে চেষ্টা কৰিলে, কিন্তু কোনেও তাৰ অৰ্থ কʼব নোৱাৰিলে। তেতিয়া ৰাণী আহিলে আৰু বেল্চচৰক কʼলে, ‘দানিয়েল নামৰ এজন মানুহ আছে, যিজনে নবূখদ্নেচৰক এনে কথাৰ অৰ্থ বুজাইছিল। তেওঁ আপোনাক এই শব্দৰ অৰ্থ বুজাব পাৰিব।’
দানিয়েল ৰজাৰ ওচৰলৈ আহিল আৰু বেল্চচৰে তেওঁক কʼলে, ‘তুমি যদি এই শব্দ পঢ়ি তাৰ অৰ্থ কোৱা, তেনেহʼলে মই তোমাক সোণৰ হাৰ দিম আৰু বাবিলৰ তৃতীয়জন শক্তিশালী মানুহ বনাম।’ দানিয়েলে কʼলে, ‘মোক আপোনাৰ উপহাৰ নালাগে, তথাপিও ৰজাক মই এই শব্দবোৰৰ অৰ্থ বুজাম। আপোনাৰ দেউতা নবূখদ্নেচৰ বহুত অহংকাৰী আছিল আৰু যিহোৱাই তেওঁক নম্ৰ কৰিলে। তেওঁৰ লগত কি কি হʼল, এইবোৰ জানিও আপুনি যিহোৱাৰ অপমান কৰিলে আৰু তেওঁৰ মন্দিৰৰ সোণৰ পাত্ৰত মদ খালে। সেইবাবে, যিহোৱাই এই শব্দ লিখিলে: মিনে, মিনে, তিকেল আৰু উফৰ্চীন। ইয়াৰ অৰ্থ হৈছে মাদীয়া আৰু পাৰস্যৰ লোকসকলে বাবিলক দখল কৰিব আৰু আপুনি ৰজা হৈ নাথাকিব।’
বাবিলৰ লোকসকলে ভাবিছিল যে সেই চহৰক কোনেও জিকিব নোৱাৰে। কিয়নো চহৰৰ চাৰিওফালে বহল বহল দেৱাল আছিল আৰু এখন দ নদী আছিল। কিন্তু ভোজৰ সেই ৰাতি মাদীয়া আৰু পাৰস্যৰ লোকসকলে সেই চহৰৰ ওপৰত আক্ৰমণ কৰিলে। পাৰস্যৰ ৰজা কোৰচে নদীৰ পানী বৈ যোৱা দিশ সলনি কৰিলে যাতে তেওঁৰ সৈনিকসকলে নদীয়েদি খোজকাঢ়ি চহৰৰ দুৱাৰ মুখলৈকে যাব পাৰে। যেতিয়া তেওঁলোকে তালৈ গৈ পালে, তেতিয়া তেওঁলোকে দেখিলে যে দুৱাৰখন খোলা আছে। সৈনিকসকলে ভিতৰলৈ সোমালে আৰু তেওঁলোকে সেই চহৰক দখল কৰি লʼলে আৰু তেওঁলোকে ৰজাজনক মাৰি পেলালে। তাৰ পাছত কোৰচ বাবিলৰ ৰজা হʼল।
এবছৰৰ ভিতৰতে কোৰচে এইদৰে ঘোষণা কৰিলে, ‘যিহোৱাই মোক যিৰূচালেমৰ মন্দিৰ আকৌ বনাবলৈ কৈছে। তেওঁৰ লোকসকলৰ মাজৰ যিসকলে এই কামত সহায় কৰিব বিচাৰে, তেওঁলোকে যিৰূচালেমলৈ যাব পাৰে।’ এইদৰে যিহোৱাই যিদৰে প্ৰতিজ্ঞা কৰিছিল, বহুতো যিহূদীয়ে যিৰূচালেম ধ্বংস হোৱাৰ ৭০ বছৰৰ পাছত নিজৰ দেশলৈ উভতি গʼল। কোৰচে সোণ আৰু ৰূপৰ পাত্ৰ আৰু আন বৰ্তনবোৰ আকৌ পঠাই দিলে, যিবোৰ নবূখদ্নেচৰে মন্দিৰৰ পৰা উঠাই লৈ আনিছিল। তুমি দেখিলা নে যিহোৱাই কোৰচৰ যোগেদি নিজৰ লোকসকলক কেনেকৈ সহায় কৰিলে?
“পৰিল! মহা-বাবিল পৰিল আৰু তাই দুষ্ট স্বৰ্গদূতবিলাকৰ আড্ডা . . . হৈ পৰিল।”—প্ৰকাশিত বাক্য ১৮:২