পাঠ ২৩
বাপ্তিষ্মা হৈছে এক ডাঙৰ লক্ষ্য!
যীচুৱে শিকাইছিল যে তেওঁৰ শিষ্য হʼবলৈ বাপ্তিষ্মা লোৱাটো অতি প্ৰয়োজন। (মথি ২৮:১৯, ২০ পঢ়ক।) কিন্তু বাপ্তিষ্মা লোৱাৰ অৰ্থ কি? বাপ্তিষ্মা লʼবলৈ কি কৰাৰ প্ৰয়োজন?
১. বাপ্তিষ্মা কেনেকৈ দিয়া হয়?
যি গ্ৰীক শব্দৰ অনুবাদ বাপ্তিষ্মা কৰা হৈছে, তাৰ অৰ্থ হৈছে “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।” যীচু খ্ৰীষ্টকো এইদৰেই বাপ্তিষ্মা দিয়া হৈছিল। যৰ্দ্দন নদীত বাপ্তিষ্মা দিয়াৰ পাছত তেওঁ “পানীৰ পৰা উঠিল।” (মথি ৩:১৩, ১৬) যীচুৰ দৰে সত্য খ্ৰীষ্টানসকলকো সম্পূৰ্ণৰূপে পানীত ডুবোৱাই বাপ্তিষ্মা দিয়া হয়।
২. বাপ্তিষ্মা লৈ এজন ব্যক্তিয়ে কি প্ৰকাশ কৰে?
বাপ্তিষ্মা লৈ এজন ব্যক্তিয়ে দেখুৱায় যে তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে। কিন্তু তেওঁ নিজৰ জীৱন কেনেকৈ সমৰ্পণ কৰিব? বাপ্তিষ্মা লোৱাৰ আগতে এজন ব্যক্তিয়ে অকলে যিহোৱালৈ প্ৰাৰ্থনা কৰে আৰু প্ৰাৰ্থনাত কয় যে তেওঁ গোটেই জীৱন যিহোৱাৰ সেৱা কৰিব বিচাৰে। তেওঁ যিহোৱালৈ প্ৰতিজ্ঞা কৰে যে তেওঁ কেৱল যিহোৱাৰ উপাসনা কৰিব আৰু নিজৰ জীৱনত যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিব। তেওঁ নিৰ্ণয় লয় যে “তেওঁ নিজকে দমন” অৰ্থাৎ অস্বীকাৰ কৰিব, যীচুৰ শিক্ষাক পালন কৰিব আৰু তেওঁক অনুকৰণ কৰিবলৈ চেষ্টা কৰিব। (মথি ১৬:২৪) এজন ব্যক্তিয়ে সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা লʼলে তেওঁ যিহোৱা আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিব পাৰিব।
৩. বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিয়ে কি কৰিব লাগিব?
বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিয়ে যিহোৱাৰ বিষয়ে শিকিব লাগিব আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিব লাগিব। (ইব্ৰী ১১:৬ পঢ়ক।) এইদৰে কৰি থাকিলে যিহোৱাৰ প্ৰতি তেওঁৰ প্ৰেম বাঢ়িব। তাৰ পাছত যিহোৱাৰ বিষয়ে আনক কʼবলৈ আৰু বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিবলৈ তেওঁ উৎসাহিত হʼব। (২ তীমথিয় ৪:২; ১ যোহন ৫:৩) যেতিয়া এজন ব্যক্তিয়ে যিহোৱাৰ ইচ্ছা অনুসৰি জীৱন-যাপন কৰিব, তেতিয়া তেওঁ সমৰ্পণ আৰু বাপ্তিষ্মা লʼবলৈ নিৰ্ণয় লʼব পাৰে।—কলচীয়া ১:৯-১১.a
গভীৰভাৱে ধ্যান কৰক
যীচুৰ বাপ্তিষ্মাৰ বিষয়ে বাইবেলত যি লিখা আছে, তাৰপৰা আমি কি শিকিব পাৰোঁ? বাপ্তিষ্মাৰ বাবে সাজু হʼবলৈ এজন ব্যক্তিয়ে কি কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. যীচুৰ বাপ্তিষ্মাৰপৰা আমি কি শিকিব পাৰোঁ?
যীচুৰ বাপ্তিষ্মাৰ বিষয়ে বেছিকৈ জানিবলৈ মথি ৩:১৩-১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যীচু কেঁচুৱা হৈ থাকোঁতেই তেওঁৰ বাপ্তিষ্মা হৈছিল নে?
যীচুক পানী চটিয়াই বাপ্তিষ্মা দিয়া হৈছিল নে? তেনেহʼলে তেওঁক কেনেকৈ বাপ্তিষ্মা দিয়া হৈছিল?
বাপ্তিষ্মাৰ পাছত যীচুৱে এটা বিশেষ কাম কৰিছিল আৰু এই কামৰ বাবে যিহোৱাই তেওঁক পৃথিৱীলৈ পঠাইছিল। লূক ৩:২১-২৩ আৰু যোহন ৬:৩৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বাপ্তিষ্মাৰ পাছত যীচুৱে কি কামক প্ৰথম স্থান দিছিল?
৫. আপুনি বাপ্তিষ্মাৰ লক্ষ্যত উপনীত হʼব পাৰিব
আপুনি হয়তো ভাবিব পাৰে, ‘নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো এটা ডাঙৰ পদক্ষেপ। এই পদক্ষেপ মই লʼব পাৰিম যেন নালাগে।’ কিন্তু চিন্তা নকৰিব। যদি আপুনি যিহোৱাৰ বিষয়ে শিকি থাকিব আৰু তেওঁক ভালদৰে জানিব, তেনেহʼলে আপুনি এই গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼব পাৰিব। কিছুমান লোকে এই পদক্ষেপ লʼবলৈ কি কৰিলে, আহক চাওঁ। ভিডিঅʼখন চাওক।
যোহন ১৭:৩ আৰু যাকোব ১:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিয়ে কি কৰিব পাৰে?
ক. সমৰ্পণ কৰাৰ সময়ত এজন ব্যক্তিয়ে যিহোৱাক কয় যে তেওঁ গোটেই জীৱন তেওঁৰ সেৱা কৰিব
খ. বাপ্তিষ্মা লৈ এজন ব্যক্তিয়ে দেখুৱায় যে তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে
৬. বাপ্তিষ্মা লʼলে আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰিব
গোটেই পৃথিৱীৰ যিহোৱাৰ সাক্ষীসকল এক পৰিয়ালৰ দৰে হয়। যদিও আমি বেলেগ বেলেগ ঠাই আৰু বেলেগ বেলেগ পৃষ্ঠভূমিৰপৰা আহিছোঁ, তথাপিও আমাৰ বিশ্বাস এক আৰু আমি একে মানদণ্ড অনুসৰি জীৱন-যাপন কৰোঁ। যেতিয়া এজন ব্যক্তিয়ে বাপ্তিষ্মা লয়, তেতিয়া তেওঁ এই পৰিয়ালৰ ভাগ হৈ পৰে। হিতোপদেশ ৩:৩২ আৰু ১ পিতৰ ২:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বাপ্তিষ্মা লোৱাৰ পাছত এজন ব্যক্তিৰ, যিহোৱা আৰু তেওঁৰ লোকসকলৰ লগত কেনেধৰণৰ সম্পৰ্ক গঢ়ি উঠে?
কিছুমান লোকে কয়: “মই বাপ্তিষ্মাৰ বাবে এতিয়া সাজু নাই।”
হয়তো আপুনিও এইদৰে ভাবিব পাৰে, তথাপিও বাপ্তিষ্মাৰ বাবে পদক্ষেপ লোৱাটো সঠিক হয় বুলি আপুনি ভাবেনে?
আমি কি শিকিলোঁ
যীচুৱে শিকাইছিল যে তেওঁৰ শিষ্য হʼবলৈ বাপ্তিষ্মা লোৱাটো অতি প্ৰয়োজন। বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিয়ে যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰিব লাগিব, বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব আৰু নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব লাগিব।
আপুনি কেনেকৈ উত্তৰ দিব?
বাপ্তিষ্মা কেনেকৈ দিয়া হয় আৰু বাপ্তিষ্মা লোৱাটো কিয় প্ৰয়োজন?
সমৰ্পণ আৰু বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে?
সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিক কি কৰিব লাগিব?
বেছিকৈ জানক
বাপ্তিষ্মা লোৱাৰ অৰ্থ কি, তাৰ বিষয়ে জানক।
এজন ব্যক্তিয়ে বাপ্তিষ্মা লʼবলৈ কি কৰিব পাৰে? আহক চাওঁ।
“যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব” (প্ৰহৰীদুৰ্গ, মাৰ্চ ২০২০)
এনে এজন ব্যক্তিৰ বিষয়ে পঢ়ক, যিজনে বাপ্তিষ্মা লোৱা বিষয়টো গভীৰভাৱে লৈছিল।
“মই সত্য চালি-জাৰি চোৱাটো তেওঁলোকে বিচাৰিছিল” (প্ৰহৰীদুৰ্গ লেখ)
বাপ্তিষ্মাৰ বাবে লক্ষ্য ৰখাটো কিয় প্ৰয়োজন আৰু আপুনি এই লক্ষ্যত কেনেকৈ উপনীত হʼব পাৰে, তাৰ বিষয়ে জানক।
a যদি এজন ব্যক্তিয়ে কোনো এটা ধৰ্মত বাপ্তিষ্মা লৈছে, তেনেহʼলে তেওঁ পুনৰ বাপ্তিষ্মা লʼব লাগিব। কিয়নো সেই ধৰ্মত বাইবেলৰ সত্যতা শিকোৱা নাছিল।—পাঁচনিৰ কৰ্ম্ম ১৯:১-৫ আৰু পাঠ ১৩ চাওক।