অক্টোবৰ
বুধবাৰ, ১ অক্টোবৰ
যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সি আজ্ঞা মানিবলৈ সাজু থাকে।—যাকো. ৩:১৭.
আপোনাক কেতিয়াবা আনৰ কথা মানিবলৈ কঠিন লাগেনে? ৰজা দায়ূদক কঠিন লাগিছিল। সেইবাবে, তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, ‘উদাৰ আত্মা দি মোক ধৰি ৰাখা’ যাতে আপোনাৰ আজ্ঞাবোৰ মই পালন কৰিব পাৰোঁ। (গীত. ৫১:১২) দায়ূদে যিহোৱাক বহুত প্ৰেম কৰিছিল, তথাপি কেতিয়াবা কেতিয়াবা তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ দায়ূদক কঠিন লাগিছিল। আজি আমাকো তেওঁৰ কথা মানিবলৈ কেতিয়াবা কেতিয়াবা কঠিন লাগিব পাৰে। কিয় বাৰু? প্ৰথম কথা, জন্মৰে পৰা আমাৰ সকলোৰে আজ্ঞা নমনাৰ এটা স্বভাৱ থাকে। দ্বিতীয় কথা, চয়তানে যেনেকৈ যিহোৱাৰ বিৰোধে কাম কৰিলে, তেনেকৈ আমিও যাতে কৰোঁ, তাৰ বাবে চয়তানে সদায় চেষ্টা কৰি থাকে। (২ কৰি. ১১:৩) তৃতীয় কথা, আমি এনে এখন জগতত জীয়াই আছোঁ, য’ত বেছিভাগ লোকে বিদ্ৰোহ কৰে আৰু আজ্ঞা নমনাটোৱে তেওঁলোকৰ স্বভাৱ হয়। (ইফি. ২:২) গতিকে আমি নিজৰ বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰোধ কৰা আৰু চয়তান আৰু এই জগতৰ লোকসকলৰ দৰে বিদ্ৰোহী নোহোৱাটো অতি প্ৰয়োজন। সেইবাবে, আমি যিহোৱা আৰু তেওঁ যিসকলক অধিকাৰ দিছে, তেওঁলোকৰ আজ্ঞা মানিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থকা উচিত। w২৩.১০ ৬ ¶১
বৃহস্পতিবাৰ, ২ অক্টোবৰ
তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।—যোহ. ২:১০.
যীচুৰ এই চমৎকাৰৰ পৰা আমি কি শিকিব পাৰোঁ? আমাক নম্ৰ হোৱা উচিত। যীচুৱে এই চমৎকাৰৰ বাবে ফিতাহি মৰা নাছিল। যীচুৱে যি কৰিছিল, তাৰ বাবে কেতিয়াও ফিতাহি মৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ আছিল আৰু তেওঁ কৰা কামৰ সকলো প্ৰশংসা আৰু মহিমা নিজৰ পিতৃ যিহোৱাক দিছিল। (যোহ. ৫:১৯, ৩০; ৮:২৮) আমিও যীচুৰ দৰে নম্ৰ হোৱা উচিত আৰু নিজৰ সফলতাৰ বাবে কেতিয়াও ফিতাহি মৰা উচিত নহয়। তাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পোৱাৰ যি সন্মান পাইছোঁ, তাৰ বাবে গৰ্ব কৰা উচিত। (যিৰি. ৯:২৩, ২৪) আহক আমি নিজৰ কামৰ প্ৰশংসা যিহোৱাক দিওঁ, কিয়নো তেওঁৰ সহায়ৰ বাবে আমি সকলো কাম কৰিব পাৰোঁ। (১ কৰি. ১:২৬-৩১) যেতিয়া আমি নম্ৰ হওঁ, তেতিয়া আনৰ কাৰণে কৰা ভাল কামৰ প্ৰশংসা আমি নিজেই নলওঁ। এয়া জানি আমি আনন্দিত হওঁ যে আমি আনৰ বাবে যি কৰোঁ, সেয়া যিহোৱাই চাই আৰু ইয়াক মূল্যাংকন কৰে। (মথি ৬:২-৪; ইব্ৰী ১৩:১৬ পদৰ লগত তুলনা কৰক।) সঁচাকৈ, যীচুৰ দৰে নম্ৰ হʼলে যিহোৱাই আনন্দিত হয়।—১ পিত. ৫:৬. w২৩.০৪ ৪ ¶৯, ৫ ¶১১-১২
শুক্ৰবাৰ, ৩ অক্টোবৰ
প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।—ফিলি. ২:৪.
পৌলে আনৰ বিষয়ে চিন্তা কৰিবলৈ ফিলিপীত থকা ভাই-ভনীসকলক ভাবিবলৈ উৎসাহিত কৰিছিল। এই পৰামৰ্শ আমি সভাৰ সময়ত কেনেকৈ মানিব পাৰোঁ? আমি মনত ৰখা উচিত যে আমাৰ নিচিনাই ভাই-ভনীসকলে সভাত উত্তৰ দিব বিচাৰে। চিন্তা কৰকচোন, যেতিয়া আপুনি নিজৰ বন্ধুৰ লগত কথা পাতে, তেতিয়া অকল আপুনিয়েই কথা পাতি থাকেনে? নিশ্চয় নাপাতে, আপুনি তেওঁকো কথা পাতিবলৈ সুযোগ দিয়ে। ঠিক সেইদৰে সভাবোৰত বেছিভাগ ভাই-ভনীয়ে উত্তৰ দিবলৈ সুযোগ পোৱাটো আমি বিচাৰিম। আচলতে ভাই-ভনীসকলক উৎসাহিত কৰাৰ এটা ভাল উপায় হৈছে, আমি তেওঁলোকক নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সুযোগ দিয়া। (১ কৰি. ১০:২৪) সেইবাবে আপুনি যাতে চুটিকৈ উত্তৰ দিয়ে, তাৰ বিষয়ে ধ্যান দিব পাৰে। এইদৰে কৰিলে আন ভাই-ভনীসকলেও উত্তৰ দিবলৈ সুযোগ পাব। চুটিকৈ উত্তৰ দিয়াৰ লগতে আপুনি যাতে বহুতো বিষয় একেলগে নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। যদি আপুনি অনুচ্ছেদত দিয়া সকলো কথা কৈ দিয়ে, তেনেহʼলে আন ভাই-ভনীসকলে সুযোগেই নাপাব। w২৩.০৪ ২২-২৩ ¶১১-১৩
শনিবাৰ, ৪ অক্টোবৰ
মই সকলো শুভবাৰ্তাৰ কাৰণে কৰোঁ যাতে এই খবৰ মই আনক শুনাব পাৰোঁ।—১ কৰি. ৯:২৩.
আমি মনত ৰখা উচিত যে আনক সহায় কৰি থকাটো অতি প্ৰয়োজন, বিশেষকৈ প্ৰচাৰ কামৰ যোগেদি। সেইবাবে প্ৰচাৰত সাল-সলনি কৰিবলৈ আমি সাজু থকা উচিত। আমি যিসকল লোকক প্ৰচাৰ কৰোঁ, তেওঁলোক বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁলোকৰ ব্যৱহাৰ-পাতি বেলেগ বেলেগ আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসো সকলোৰে বেলেগ থাকে। লোকসকলৰ পৰিস্থিতিক মনত ৰাখি তেওঁলোকৰ লগত কথা পতাৰ ক্ষেত্ৰত পৌল এটা ভাল উদাহৰণ হয়। পৌলক যীচুৱে ‘পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি নিযুক্ত’ কৰিছিল। (ৰোম. ১১:১৩) কিন্তু তেওঁ যিহূদীয়া, গ্ৰীক, পঢ়া-লিখা লোক, গাঁৱলীয়া, ডাঙৰ ডাঙৰ অধিকাৰী আৰু ৰজাসকলকো প্ৰচাৰ কৰিলে। এনেধৰণৰ বেলেগ বেলেগ লোকসকলৰ অন্তৰত সত্যৰ বীজ সিঁচিবলৈ পৌলে “সকলোলৈকে সকলো প্ৰকাৰ” হʼল। (১ কৰি. ৯:১৯-২২) তেওঁ এই কথাৰ ওপৰতো ধ্যান দিলে যে যিসকল লোকক তেওঁ প্ৰচাৰ কৰি আছে তেওঁলোকৰ সংস্কৃতি কি, কি পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ বিশ্বাস কি? ইয়াৰ পাছত তেওঁ তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰিছিল। ঠিক সেইদৰে যদি আমি চিন্তা কৰোঁ যে আমি বেলেগ বেলেগ লোকৰ লগত কিহৰ বিষয়ে কথা পতা উচিত আৰু তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰোঁ, তেনেহʼলে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিব পাৰিম। w২৩.০৭ ২৩ ¶১১-১২
দেওবাৰ, ৫ অক্টোবৰ
প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোকে মৃদুভাৱে ব্যৱহাৰ কৰা উচিত।—২ তীম. ২:২৪.
মৃদুভাৱ বা কোমল স্বভাৱৰ হোৱাটো দুৰ্বলতা নহয়। কাৰণ কোনো কঠিন পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। মৃদুভাৱ বা কোমলতা পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। (গালা. ৫:২২, ২৩) বাইবেলত যি গ্ৰীক শব্দৰ অনুবাদ মৃদুভাৱ কৰা হৈছে, সেই শব্দ প্ৰায় এনে বনৰীয়া ঘোঁৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যাক নিয়ন্ত্ৰণত থাকিবলৈ শিকোৱা হৈছে। চিন্তা কৰক, এটা বনৰীয়া ঘোঁৰা শান্ত হৈ থাকিবলৈ শিকিছে। যদিও সি শান্ত হৈ আছে, তথাপি এতিয়াও সি শক্তিশালী। গতিকে, আমি কি কৰিব পাৰোঁ যাতে কোমল স্বভাৱ আমাৰ শক্তি হৈ পৰে? আমি এয়া নিজৰ শক্তিৰে কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰিব লাগিব যাতে আমি অন্তৰত ভাল গুণ বঢ়াব পাৰোঁ। বহুতো ভাই-ভনীয়ে এইদৰেই কৰিলে। যেনে, লোকসকলে তেওঁলোকৰ লগত তৰ্ক কৰোঁতে তেওঁলোকে শান্ত হৈ থাকিল আৰু আন লোকসকলৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিলে।—২ তীম. ২:২৪, ২৫. w২৩.০৯ ১৫ ¶৩
সোমবাৰ, ৬ অক্টোবৰ
যিহোৱাৰ আগত মই যি খুজিছিলোঁ, তাকে তেওঁ মোক দিলে।—১ চমূ. ১:২৭.
পাঁচনি যোহনে এটা দৰ্শনত দেখিছিল যে ২৪ জন প্ৰাচীনে স্বৰ্গত যিহোৱাৰ উপাসনা কৰিছে। তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰি এইদৰে কৈছিল, “তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।” (প্ৰকা. ৪:১০, ১১) বিশ্বাসী স্বৰ্গদূতসকলৰ ওচৰতো যিহোৱাৰ প্ৰশংসা কৰাৰ বহুতো কাৰণ আছে। তেওঁলোকে স্বৰ্গত যিহোৱাৰ লগত থাকে, সেইবাবে তেওঁক ভালদৰে জানে। যিহোৱাই যি কাম কৰে, তাৰ পৰা তেওঁলোকে বুজি পাই যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে। সেইবাবে, তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰে। (ইয়ো. ৩৮:৪-৭) যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমিও তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ আৰু তেওঁক জনাব পাৰোঁ যে তেওঁৰ কি কথা আমাক ভাল লাগে আৰু কিয়। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি চিন্তা কৰিব পাৰোঁ যে যিহোৱাৰ কি গুণ আৰু কোনটো কথা আমাক ভাল লাগে। (ইয়ো. ৩৭:২৩; ৰোম. ১১:৩৩) তাৰ পাছত যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া সেই বিষয়ে তেওঁক জনাওক আৰু প্ৰশংসা কৰক। ইয়াৰ উপৰিও চিন্তা কৰক যে যিহোৱাই আপোনাৰ বাবে আৰু বিশ্বজুৰি ভাই-ভনীসকলৰ বাবে কি কি কৰিছে।—১ চমূ.২:১, ২. w২৩.০৫ ৩-৪ ¶৬-৭
মঙ্গলবাৰ, ৭ অক্টোবৰ
তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰে হওক, যিদৰে যিহোৱাৰ সেৱকৰ হোৱা উচিত। —কল. ১:১০.
ঈশ্বৰৰ লোকসকলে ১৯১৯ চনত মহা-বাবিলৰ পৰা মুকলি হʼল। সেই বছৰতে ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰা হʼল। এয়া একেবাৰে সঠিক সময় আছিল। ‘পবিত্ৰ আলি’ অলপতে খোলা হʼল! এই দাসে নিজৰ কাম আৰম্ভ কৰিলে আৰু এই পবিত্ৰ আলিত গৈ থাকিবলৈ নম্ৰ মনৰ লোকসকলক আদৰণি জনাবলৈ ধৰিলে। (মথি ২৪:৪৫-৪৭; যিচ. ৩৫:৮) অতীতত যিহোৱাৰ বিশ্বাসী লোকসকলে “পবিত্ৰ আলি” তৈয়াৰ কৰিবলৈ যি পৰিশ্ৰম কৰিছিল, তাৰ বাবে এই পথত চলা নতুন লোকসকলে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বহুতো কথা শিকিব পাৰিলেহেঁতেন। (হিতো. ৪:১৮) তেওঁলোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি নিজৰ জীৱনত সাল-সলনি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ লোকসকলে এদিনতে সকলোবোৰ সাল-সলনি কৰিব বুলি যিহোৱাই আশা কৰা নাছিল। তেওঁ জানে এনে কৰিবলৈ সময়ৰ প্ৰয়োজন, সেইবাবে তেওঁ লাহে লাহে তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰে। চিন্তা কৰকচোন, এনে এক সময় হʼব, যেতিয়া আমি সকলোৱে নিজৰ কামৰ পৰা যিহোৱাৰ মন আনন্দিত কৰিব পাৰিম! যিদৰে এখন ৰাস্তাক একেৰাহে মেৰামতি কৰি থকাৰ প্ৰয়োজন হয়। ঠিক সেইদৰে ১৯১৯ চনৰ পৰা ‘পবিত্ৰ আলিত’ একেৰাহে কাম চলি আছে যাতে নম্ৰ মনৰ লোকসকলে মহা-বাবিলৰ পৰা ওলাই আহি এই পথত গৈ থাকিব পাৰে। w২৩.০৫ ১৭¶১৫; ১৯ ¶১৬
বুধবাৰ, ৮ অক্টোবৰ
মই তোমাক কেতিয়াও নেৰিম। —ইব্ৰী ১৩:৫.
যিসকল ভাই প্ৰশাসন গোষ্ঠীৰ সহায়ক হিচাপে কাম কৰে, তেওঁলোকক প্ৰশাসন গোষ্ঠীৰ ভাইসকলে নিজে ট্ৰেইনিং দিয়ে। এই ভাইসকলে সংগঠনত বহুতো ডাঙৰ ডাঙৰ দায়িত্ব চম্ভালি আছে আৰু তেওঁলোকে আগলৈ গৈ খ্ৰীষ্টৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সাজু আছে। বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল মহা-সংকট শেষ হোৱাৰ অলপ আগতে স্বৰ্গলৈ গুচি যাব, কিন্তু তেতিয়াও পৃথিৱীত শুদ্ধ উপাসনা হৈ থাকিব। মচীহৰ নেতৃত্বত যিহোৱাৰ লোকসকলে বিশ্বাসী হৈ সেৱা কৰি থাকিব। আমি জানোঁ যে সেই সময়ত মাগোগ দেশীয় গোগে অৰ্থাৎ ৰাষ্ট্ৰৰ সমূহে খঙত আমাৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮-২০) কিন্তু এই আক্ৰমণ অলপ সময়ৰ বাবেহে হʼব আৰু শত্ৰুসকলে সফল হʼব নোৱাৰিব, আনহাতে যিহোৱাৰ লোকসকলে তেওঁৰ উপাসনা কৰি থাকিব। যিহোৱাই নিজৰ লোকসকলক নিশ্চয় বচাব। পাঁচনি যোহনে দৰ্শনত মচীহৰ অন্য মেৰেৰে গঠিত এটা “বৰ লোকসমূহ” দেখিলে। যোহনক কোৱা হৈছিল যে এই “বৰ লোকসমূহ” “মহা-ক্লেশৰ পৰা” ওলাই অহা লোক হয়। (প্ৰকা. ৭:৯, ১৪) ইয়াৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই যিকোনো পৰিস্থিতিতে নিজৰ লোকসকলক ৰক্ষা কৰিব! w২৪.০২ ৫-৬ ¶১৩-১৪
বৃহস্পতিবাৰ, ৯ অক্টোবৰ
পবিত্ৰ শক্তিৰ জুই নুনুমাবা।—১ থিচ. ৫:১৯.
আমি পবিত্ৰ শক্তি কেনেকৈ পাব পাৰোঁ? ইয়াৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব পাৰোঁ আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা যিহোৱাৰ সংগঠনত থাকিব পাৰোঁ। এই সকলো কৰিলে আমি পবিত্ৰ “আত্মাৰ ফল” বিকশিত কৰিব পাৰিম অৰ্থাৎ যিহোৱাৰ দৰে গুণবোৰ বঢ়াব পাৰিম। (গালা. ৫:২২, ২৩ ) ঈশ্বৰে কেৱল সেই লোকসকলক নিজৰ পবিত্ৰ শক্তি দিয়ে, যিসকলে ভাল কথাবোৰৰ বিষয়ে ভাবে আৰু নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখে। আমি বেয়া কথাবোৰৰ বিষয়ে ভাবি থাকিলে আৰু সেইদৰে কাম কৰিলে ঈশ্বৰে আমাক নিজৰ পবিত্ৰ শক্তি দিবলৈ বন্ধ কৰিব। (১ থিচ. ৪:৭, ৮) যদি আমি একেৰাহে পবিত্ৰ শক্তি পাই থাকিবলৈ বিচাৰোঁ, তেনেহʼলে আমি “ভাববাণী হেয়জ্ঞান” কৰিব নালাগে। (১ থিচ. ৫:২০) ইয়াত উল্লেখ কৰা ‘ভাববাণীৰ’ অৰ্থ হৈছে সেই কথাবোৰ যি ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি লিখাইছে, যেনে: তেওঁৰ দিনৰ বিষয়ে আৰু সেই দিন কিমান কাষ চাপিছে তাৰ বিষয়ে। সেইবাবে, মহাক্লেশ আহিবলৈ এতিয়া বহুত সময় আছে আৰু এয়া আমি জীয়াই থকাৰ সময়ত নাহিব বুলি ভবাৰ পৰিৱৰ্তে অতি সোনকালে মহাক্লেশ আহিব বুলি ভবা উচিত। নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখিলে আৰু ঈশ্বৰৰ ‘ভক্তিৰ’ কামবোৰ কৰিলে আমি এইদৰে কৰিব পাৰিম।—২ পিত. ৩:১১, ১২. w২৩.০৬ ১২-১৩ ¶১৩-১৪
শুক্ৰবাৰ, ১০ অক্টোবৰ
যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ।—হিতো. ৯:১০.
যদি আমাৰ ফোন বা কম্পিউটাৰত কিবা অশ্লীল ছবি আহে, তেনেহʼলে খ্ৰীষ্টান হিচাপে আমি কি কৰা উচিত? আমি লগে লগে তাক আঁতৰ কৰা উচিত। সেই সময়ত যদি আমি মনত ৰাখোঁ যে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক কিমান মূল্যৱান, তেনেহʼলে আমি এই পদক্ষেপ লʼব পাৰিম। হয়তো কোনো এটা ছবি আমাক ইমান বেয়া নালাগিবও পাৰে, কিন্তু সেইবোৰ চাই থাকিলে আমাৰ মনত অনৈতিক চিন্তাধাৰা আহিব পাৰে। আমি এনে ছবিবোৰৰ পৰা কিয় আঁতৰি থকা উচিত? কাৰণ আমি এনে কোনো কাম কৰিব নিবিচাৰোঁ, যাৰ বাবে আমাৰ মনত বেয়া ইচ্ছা আহিব পাৰে বা আমি মনতে ব্যভিচাৰ কৰিব পাৰোঁ। (মথি ৫:২৮, ২৯) থাইলেণ্ডত থকা ভাই ডেভিড, যি এজন প্ৰাচীন হয় তেওঁ এইদৰে কৈছে, “মই ভাবোঁ, হয়তো কোনো এখন ছবি ইমান বেয়া নহʼবও পাৰে। কিন্তু যদি মই সেইবোৰ চাই থাকোঁ, তেনেহʼলে যিহোৱাই মোৰ পৰা আনন্দিত হʼবনে? এইদৰে ভবাৰ বাবে মই সঠিক পদক্ষেপ লʼব পাৰিলোঁ।” যদি আমি এই কথাৰ প্ৰতি ভয় ৰাখিম যে কিবা বেয়া কাম কৰিলে আমি যিহোৱাৰ মনক আঘাত দিম, তেনেহʼলে আমি বুদ্ধিৰে কাম কৰিম। আচলতে যিহোৱালৈ ভয় ৰখাই ‘প্ৰজ্ঞাৰ আৰম্ভণি’ হয়। w২৩.০৬ ২৩ ¶১২-১৩
শনিবাৰ, ১১ অক্টোবৰ
হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা।—যিচ. ২৬:২০.
‘কোঁঠালিৰ’ অৰ্থ আমাৰ মণ্ডলীবোৰ হʼব পাৰে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে আমি নিজৰ ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰি থাকিলে, তেওঁ আমাক মহাক্লেশৰ সময়ত ৰক্ষা কৰিব। সেইবাবে, আজি আমি নিজৰ ভাই-ভনীসকলক কেৱল সহন কৰাৰ পৰিৱৰ্তে তেওঁলোকক প্ৰেম কৰাটো অতি প্ৰয়োজন। এইদৰে কৰাটো আমাক যিমানে কঠিন নালাগক কিয়, তথাপিও প্ৰেম কৰিলে আগলৈ গৈ আমাৰ জীৱন ৰক্ষা হ’ব। “যিহোৱাৰ মহাদিন” আহিলে সকলোৱে, আনকি যিহোৱাৰ লোকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼব। (চফ. ১:১৪, ১৫) কিন্তু এতিয়াৰে পৰা আমি নিজকে সাজু কৰি ৰাখিলে সেই সময়ত শান্ত হৈ থাকিব পাৰিম আৰু আনকো সহায় কৰিব পাৰিম। আমাৰ ওচৰত যিয়ে সমস্যা আহিলেও আমি ধৈৰ্য্য ধৰিব পাৰিম। ভাই-ভনীসকলে সমস্যাৰ সন্মুখীন হʼলে আমি তেওঁলোকক কৰুণা দেখুৱাম আৰু সহায় কৰিবলৈ যিয়ে কৰিব পাৰোঁ সেয়া কৰিম। আজি আমি ভাই-ভনীসকলক প্ৰেম কৰিলে সেই সময়ত তেওঁলোকৰ লগত থাকিম। তেতিয়া যিহোৱাই আমাক নতুন পৃথিৱীত অনন্ত জীৱন দিব যʼত সকলো দুৰ্যোগ আৰু সমস্যাবোৰ পাহৰি যাম।—যিচ. ৬৫:১৭. w২৩.০৭ ৭ ¶১৬-১৭
দেওবাৰ, ১২ অক্টোবৰ
[যিহোৱাই] নিজেই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। —১ পিত. ৫:১০.
বাইবেলত প্ৰায়ে কোৱা হৈছে যে যিহোৱাৰ বিশ্বাসী সেৱকসকল শক্তিশালী আছিল। কিন্তু তেওঁলোকে বহু বাৰ নিজকে শক্তিশালী বুলি ভবা নাছিল। যেনে, ৰজা দায়ূদে বহু বাৰ নিজকে ‘পৰ্ব্বতৰ’ নিচিনা দৃঢ় বুলি ভাবিছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ “ব্যাকুল” হৈ পৰিছিল। (গীত. ৩০:৭) চিমচোনৰ ওপৰত যেতিয়া যিহোৱাৰ পবিত্ৰ শক্তিয়ে কাম কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ বহুত শক্তিশালী হৈ পৰিছিল। কিন্তু তেওঁ জানিছিল যে যিহোৱাৰ পবিত্ৰ শক্তিৰ অবিহনে তেওঁ দুৰ্বল হৈ আন মানুহৰ নিচিনা হ’ব। (বিচা. ১৪:৫, ৬; ১৬:১৭) সঁচাকৈ, এই বিশ্বাসী সেৱকসকলক যিহোৱাই শক্তিশালী কৰি তুলিছিল। পাঁচনি পৌলেও জানিছিল যে তেওঁকো যিহোৱাৰ শক্তিৰ প্ৰয়োজন আছে। (২ কৰি. ১২:৯, ১০) কিয় বাৰু? কাৰণ তেওঁ স্বাস্থ্যৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। (গালা. ৪:১৩, ১৪) কেতিয়াবা কেতিয়াবা তেওঁক সঠিক কাম কৰিবলৈ কঠিন লাগিছিল। (ৰোম. ৭:১৮, ১৯) বহু বাৰ তেওঁ বহুত চিন্তিত হৈ পৰিছিল আৰু আগলৈ গৈ কি হ’ব বুলি ভাবি ভয় কৰিছিল। (২ কৰি. ১:৮, ৯) তথাপি পৌলে কৈছিল “যেতিয়া মই দুৰ্বল তেতিয়াই বলৱান।” তেওঁ এয়া কিয় ক’ব পাৰিলে? কাৰণ যিহোৱাই তেওঁক শক্তি দিছিল আৰু মজবুত কৰিছিল। w২৩.১০ ১২ ¶১-২
সোমবাৰ, ১৩ অক্টোবৰ
যিহোৱাই মনলৈ দৃষ্টি ৰাখে। —১ চমূ. ১৬:৭.
আমি কোনো কামৰ যোগ্য নহওঁ বুলি কেতিয়াবা আমিও ভাবিব পাৰোঁ। এনে পৰিস্থিতিত আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে নিজেই আমাক তেওঁৰ ফালে আকৰ্ষিত কৰিছে। (যোহ. ৬:৪৪) তেওঁ আমাৰ হৃদয় চায়। তেওঁ আমাৰ এনে গুণবোৰ চাই, যিবোৰ আমি হয়তো নিজে দেখা নাপাওঁ। (২ বং. ৬:৩০) সেইবাবে, যেতিয়া তেওঁ আমাক কয় যে তেওঁ আমাক প্ৰেম কৰে আৰু আমাক মূল্যৱান বুলি ভাবে, তেতিয়া আমি তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ। (১ যোহ. ৩:১৯, ২০) সত্য শিকাৰ আগতে আমাৰ মাজৰ কিছুমান লোকে এনে কাম কৰিছিল, যাৰ বাবে হয়তো আমি আজিও দোষী অনুভৱ কৰোঁ। (১ পিত. ৪:৩) আন বিশ্বাসী খ্ৰীষ্টানসকলেও প্ৰতিদিনে নিজৰ দুৰ্বলতাৰ লগত যুঁজিবলগীয়া হয়। যিহোৱাই আপোনাক কেতিয়াও ক্ষমা নকৰিব বুলি আপুনি ভাবে নে? যদি ভাবে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলেও এইদৰে অনুভৱ কৰিছিল। পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ ভাবিছিল যে তেওঁৰ কিমান দুৰ্বলতা আছে, তেতিয়া তেওঁক বহুত দুখ লাগিছিল। (ৰোম. ৭:২৪) পৌলে আগতে যি পাপ কৰিছিল, তাৰ বাবে তেওঁ অনুতাপ কৰিছিল আৰু বাপ্তিষ্মা লৈছিল। তথাপিও তেওঁ এইদৰে কৈছিল, “পাঁচনিবিলাকৰ মাজত মই সকলোতকৈ সৰু” আৰু “পাপী লোকৰ মাজত ময়েই প্ৰধান।”—১ কৰি. ১৫:৯; ১ তীম. ১:১৫. w২৪.০৩ ২৭ ¶৫-৬
মঙ্গলবাৰ, ১৪ অক্টোবৰ
তেওঁবিলাকে তেওঁবিলাকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰিলে।—২ বং. ২৪:১৮.
ৰজা যোৱাচৰ ভুল নিৰ্ণয়ৰ পৰা আমি শিকোঁ যে আমি সেই লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত, যিসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। এনে বন্ধুসকলে আমাক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব। আমি কেৱল নিজৰ বয়সৰ লোকসকলৰ লগত বন্ধুত্ব কৰিব লাগে এনে নহয়। আমি নিজতকৈ সৰু বা ডাঙৰ লোকসকলৰ লগতো বন্ধুত্ব কৰিব পাৰোঁ। মনত আছেনে, যোৱাচৰ বন্ধু যিহোয়াদা তেওঁৰ পৰা কিমান ডাঙৰ আছিল। বন্ধুসকলৰ কথা আহিলে চিন্তা কৰক, ‘মোৰ বন্ধুসকলে যিহোৱাৰ ওপৰত বিশ্বাস বঢ়াবলৈ মোক সহায় কৰেনে? তেওঁলোকে মোক যিহোৱাৰ কথা মানিবলৈ উৎসাহিত কৰেনে? তেওঁলোকে যিহোৱা আৰু বাইবেলৰ সত্যতাৰ বিষয়ে কথা পাতেনে? তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰেনে? তেওঁলোকে মোক আনন্দিত কৰিবলৈ ভাল কথাবোৰ কয় নে মই ভুল কৰিলে শুধৰণিও কৰে?’ (হিতো. ২৭:৫, ৬, ১৭) গতিকে, যিহোৱাক প্ৰেম নকৰা বন্ধুসকলৰ লগত বন্ধুত্ব বজাই ৰখাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিহোৱাক প্ৰেম কৰা বন্ধুসকলক কেতিয়াও নেৰিব। তেওঁলোকে সদায় আপোনাক সহায় কৰিব।—হিতো. ১৩:২০. w২৩.০৯ ৯-১০ ¶৬-৭
বুধবাৰ, ১৫ অক্টোবৰ
মই আল্ফা আৰু ওমিগা। —প্ৰকা. ১:৮.
“আল্ফা” গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰ হয় আৰু “ওমিগা” শেষৰ আখৰ। যিহোৱাই “মই আল্ফা আৰু ওমিগা” কোৱাৰ যোগেদি কʼব বিচাৰিছিল যে তেওঁ যি কাম আৰম্ভ কৰে, তাক যিকোনো পৰিস্থিতিতে পূৰো কৰে। আদম আৰু হৱাক সৃষ্টি কৰাৰ পাছত ঈশ্বৰে সিবিলাকক ক’লে, “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদি. ১:২৮) এইদৰে যিহোৱাই যেতিয়া তেওঁলোকক নিজৰ উদ্দেশ্যৰ বিষয়ে কৈছিল, তেতিয়া এয়া আৰম্ভণি আছিল। সেই সময়ত তেওঁ যেন “আল্ফা” কৈছিল। ভৱিষ্যতে আদম আৰু হৱাৰ সিদ্ধ সন্তানেৰে পৃথিৱীখন ভৰি পৰিব, সকলোৱে যিহোৱাৰ আজ্ঞা পালন কৰিব আৰু তেতিয়া পৃথিৱীখন সুন্দৰ প্ৰমোদবন হৈ পৰিব। এইদৰে আগলৈ গৈ যেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া তেওঁ যেন “ওমিগা” বুলি কʼব। আৰম্ভণিতে যেতিয়া যিহোৱাই “আকাশ-মণ্ডল, পৃথিৱী, আৰু সেই উভয়ত থকা সকলো পদাৰ্থ নিৰ্ম্মাণ কৰি” শেষ কৰিলে তেতিয়া তেওঁ এটা গেৰেন্টি দিলে। তেওঁ যেন এই গেৰেন্টি দিছে যে সপ্তম দিনৰ শেষলৈকে তেওঁৰ উদ্দেশ্য পূৰ হৈ যাব।—আদি. ২:১-৩. w২৩.১১ ৪-৫ ¶১৩-১৪
বৃহস্পতিবাৰ, ১৬ অক্টোবৰ
অৰণ্যৰ মাজত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ নিমিত্তে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা। —যিচ. ৪০:৩.
বাবিলৰ পৰা ইস্ৰায়েললৈকে কঠিন যাত্ৰা কৰিবলৈ প্ৰায় চাৰি মাহ লাগিলেহেঁতেন। কিন্তু যিহোৱাই যিহূদীসকলক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ তেওঁলোকৰ বাটত অহা সকলো বাধা দূৰ কৰি দিব। যিহোৱাৰ বিশ্বাসী যিহূদীসকলে জানিছিল যে এই যাত্ৰাত তেওঁলোকে বহুতো ত্যাগ কৰিব লাগিব। কিন্তু তেওঁলোকে এয়াও জানিছিল যে ইস্ৰায়েলত গৈ তেওঁলোকে যি আশীৰ্বাদ পাব তাৰ তুলনাত এই যাত্ৰাত কৰা ত্যাগবোৰ একোৱেই নহয়। সকলোতকৈ ডাঙৰ আশীৰ্বাদ হৈছে তেওঁলোকে তাত গৈ যিহোৱাৰ উপাসনা ভালদৰে কৰিব পাৰিব। যিহোৱাৰ কাৰণে বাবিলত কোনো মন্দিৰ নাছিল আৰু বেদীও নাছিল, যʼত মোচিৰ ব্যৱস্থাৰ অনুসৰি বলিদান দিব পাৰি আৰু সেই বলিদান দিবলৈ কোনো পুৰোহিতৰ ব্যৱস্থাও নাছিল। ইয়াৰ উপৰিও তাত তেওঁলোকৰ চাৰিওফালে মিছা দেৱী-দেৱতাবিলাকক উপাসনা কৰা আৰু যিহোৱাৰ ব্যৱস্থাৰ বিষয়ে চিন্তা নকৰা লোকসকল আছিল। তেওঁলোকৰ সংখ্যা যিহূদীসকলতকৈ বহুগুণে বেছি আছিল। সেইবাবে, হাজাৰ হাজাৰ বিশ্বাসী যিহূদীয়ে নিজৰ দেশ উভতি যাবলৈ আগ্ৰহী হৈ আছিল, যʼত তেওঁলোকে শুদ্ধ উপাসনা আকৌ আৰম্ভ কৰিব পাৰিলেহঁতেন। w২৩.০৫ ১৪-১৫ ¶৩-৪
শুক্ৰবাৰ, ১৭ অক্টোবৰ
পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা।—ইফি. ৫:৮.
“পোহৰৰ সন্তানবিলাকৰ দৰে” জীৱন-যাপন কৰিবলৈ আমি পবিত্ৰ শক্তিৰো সহায় লʼব লাগিব। কিয় বাৰু? কিয়নো এই জগতখন অনৈতিক লোকসকলেৰে ভৰি আছে। এনে পৰিস্থিতিত নৈতিকভাৱে শুদ্ধ হৈ থকাটো ইমান সহজ নহয়। (১ থিচ. ৪:৩-৫, ৭, ৮) কিন্তু পবিত্ৰ শক্তিৰ সহায়ত আমি জগতৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকিব পাৰিম আৰু যিহোৱাৰ চিন্তাধাৰাৰ লগত মিল নোখোৱা চিন্তাধাৰা আৰু ব্যৱহাৰক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিম। ইয়াৰ উপৰিও পবিত্ৰ শক্তিৰ সহায়ত আমি সকলো ধৰণৰ ভাল কাম কৰিব পাৰিম। (ইফি. ৫:৯) পবিত্ৰ শক্তি পোৱাৰ এটা উপায় হৈছে, প্ৰাৰ্থনা কৰা। যীচুৱে কৈছিল যে যিহোৱাই ‘খুজাবিলাকক পবিত্ৰ শক্তি নিশ্চয় দিব।’ (লূক ১১:১৩) ইয়াৰ উপৰিও সভাত একেলগে মিলি যিহোৱাৰ উপাসনা কৰিলেও আমি পবিত্ৰ শক্তি পাওঁ। (ইফি. ৫:১৯, ২০) যেতিয়া পবিত্ৰ শক্তিয়ে আমাৰ ওপৰত কাম কৰে, তেতিয়া আমি এনে জীৱন-যাপন কৰিব পাৰোঁ, যাৰ পৰা যিহোৱা আনন্দিত হয়। w২৪.০৩ ২৩-২৪ ¶১৩-১৫
শনিবাৰ, ১৮ অক্টোবৰ
খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব।—লূক ১১:৯.
আপুনি আৰু বেছিকৈ ধৈৰ্য্য ধৰাৰ প্ৰয়োজন নে? তেনেহʼলে সহায় বিচাৰি প্ৰাৰ্থনা কৰক। ধৈৰ্য্য অৰ্থাৎ চিৰসহিষ্ণুতা পবিত্ৰ শক্তিৰ ফলৰ এটা গুণ হয়। (গালা. ৫:২২, ২৩) সেইবাবে, যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰক আৰু ধৈৰ্য্য ধৰিবলৈ মিনতি কৰক। যদি কেতিয়াবা আপোনাৰ ওচৰত এনে পৰিস্থিতি আহে, যেতিয়া আপোনাক ধৈৰ্য্য ধৰিবলৈ কঠিন লাগে, তেতিয়া পবিত্ৰ শক্তি ‘খোজি’ থাকক। (লূক ১১:১৩) আমি পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চাবলৈও প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ পিছত আমি প্ৰতিদিনে ধৈৰ্য্য ধৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। আমি যিমানে বেছি ধৈৰ্য্য ধৰিবলৈ প্ৰাৰ্থনা কৰিম আৰু এইদৰে কৰিবলৈ চেষ্টা কৰিম, সিমানে আমি ধৈৰ্য্য ধৰিব পাৰিম আৰু এইদৰে কৰাটো আমাৰ অভ্যাস হৈ পৰিব। বাইবেলত দিয়া উদাহৰণবোৰৰ ওপৰত মনন কৰক। বাইবেলেত এনে বহুতো লোকৰ বিষয়ে কোৱা হৈছে যিসকলে ধৈৰ্য্যৰে কাম কৰিলে। সেই লোকসকলৰ ঘটনাবোৰ পঢ়ি আৰু তাৰ ওপৰত মনন কৰি আমি জানিব পাৰোঁ যে আমি বেলেগ বেলেগ পৰিস্থিতিত কেনেকৈ ধৈৰ্য্যৰে কাম কৰিব পাৰোঁ। w২৩.০৮ ২২ ¶১০-১১
দেওবাৰ, ১৯ অক্টোবৰ
মাছ ধৰিবলৈ জাল খেও দিয়াহঁক।—লূক ৫:৪.
যীচুৱে পাঁচনি পিতৰক ভৰসা দিলে যে যিহোৱাই তেওঁৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। জীৱিত হোৱাৰ পাছত যীচুৱে আকৌ এনে এটা চমতকাৰ কৰিলে, যাৰ বাবে পিতৰ আৰু আন পাঁচনিসকলে বহুতো মাছ ধৰিব পাৰিলে। (যোহ. ২১:৪-৬) এই চমতকাৰৰ পৰা পিতৰৰ পুনৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। হয়তো তেওঁৰ যীচুৱে কোৱা সেই কথা মনত পৰিল যিসকলে ‘ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান’ দিয়ে, যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰে। (মথি ৬:৩৩) সেইবাবে, পিতৰে মাছ ধৰা কাম এৰি প্ৰচাৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিলে। তাৰ পিছত ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন সাহসেৰে লোকসকলক যীচুৰ বিষয়ে জনালে, যাৰ বাবে হাজাৰ হাজাৰ লোকে শুভবাৰ্তা গ্ৰহণ কৰিলে। (পাঁচ. ২:১৪, ৩৭-৪১) ইয়াৰ পাছত তেওঁ চমৰীয়া আৰু পৰজাতি লোকসকলক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিলে। (পাঁচ. ৮:১৪-১৭; ১০:৪৪-৪৮) যিহোৱাই কিমান ভাল উপায়েৰে তেওঁৰ সেৱা কৰিবলৈ পিতৰক সুযোগ দিলে! পিতৰৰ যোগেদি তেওঁ সকলো ধৰণৰ লোকক খ্ৰীষ্টান মণ্ডলীত আনিলে। w২৩.০৯ ২০ ¶১; ২৩ ¶১১
সোমবাৰ, ২০ অক্টোবৰ
তোমালোকে যদি সপোন আৰু তাৰ ফলিতা দুয়োকো মোক জনাব নোৱাৰা, তেন্তে তোমালোকক ডোখৰ-ডোখৰকৈ কটা যাব।—দানি. ২:৫.
যেতিয়া বাবিলে যিৰূচালেমক ধ্বংস কৰা দুবছৰ হৈছিল। তেতিয়া বাবিলৰ ৰজা নবুখদ্নেচৰে সপোনত এটা বিশাল মূৰ্তি দেখিলে যাৰ কাৰণে তেওঁ বহুত চিন্তিত হৈ পৰিল। তেওঁ নিজৰ জ্ঞানী লোকসকলক তেওঁ দেখা সপোন আৰু তাৰ অৰ্থৰ বিষয়ে কʼবলৈ কʼলে আৰু যদি তেওঁলোকে কʼবলৈ নোৱাৰে, তেনেহʼলে তেওঁলোকক হত্যা কৰা হʼব বুলিও কʼলে। দানিয়েলৰ জীৱনো বিপদত আছিল। (দানি. ২:৩-৫) তেওঁ লগে লগে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল। কিয়নো বহুতো লোকৰ জীৱন বিপদত আছিল। তেওঁ “ৰজাৰ ওচৰলৈ গৈ এই প্ৰাৰ্থনা কৰিলে, মহাৰাজক সপোনটোৰ ফলিতা জনাবৰ অৰ্থে মোক কিছু সময় দিবলৈ আজ্ঞা হওক।” (দানি. ২:১৬) ইয়াৰ পৰা জানিব পাৰি যে দানিয়েল বহুত সাহসী আছিল আৰু ঈশ্বৰৰ ওপৰত তেওঁৰ বহুত বিশ্বাস আছিল। কাৰণ বাইবেলত কʼতো এইদৰে লিখা নাই যে তেওঁ আগতে কোনো সপোনৰ অৰ্থ কৈছিল। দানিয়েলে তেওঁৰ বন্ধুসকলক “নিগূঢ় কথাৰ বিষয়ে স্বৰ্গৰ ঈশ্বৰৰ আগত কৃপা মাগন কৰিবলৈ” প্ৰাৰ্থনা কৰিবলৈ কʼলে। (দানি. ২:১৮) যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। ঈশ্বৰৰ সহায়ত দানিয়েলে নবুখদ্নেচৰৰ সপোনৰ অৰ্থ কʼবলৈ পাৰিলে, যাৰ বাবে দানিয়েল আৰু তেওঁৰ বন্ধুসকলৰ জীৱন ৰক্ষা পৰিল। w২৩.০৮ ৩ ¶৪
মঙ্গলবাৰ, ২১ অক্টোবৰ
যিজনে শেষলৈকে ধৈৰ্য্য ধৰিব, তেৱেঁই উদ্ধাৰ পাব।—মথি ২৪:১৩.
ধৈৰ্য্য ধৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা কৰক। ধৈৰ্য্য ধৰিলে আমি বেছিকৈ আনন্দিত আৰু শান্ত হৈ থাকিব পাৰোঁ। ইয়াৰ সহায়ত আমাৰ স্বাস্থ্য ভাল হৈ থাকে আৰু আমি এনেই চিন্তিত নহওঁ। ধৈৰ্য্য ধৰিলে আনৰ লগত আমাৰ সম্পৰ্কও ভাল হৈ থাকে। মণ্ডলীত একতা আৰু দৃঢ় হয়। যদি কোনোবাই আমাক খং তোলাই, তেনেহ’লে আমি সোনকালে খং নকৰোঁ আৰু ইয়াৰ পৰা সমস্যা নাবাঢ়ে। (গীত. ৩৭:৮; হিতো. ১৪:২৯) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি নিজৰ পিতৃ যিহোৱাৰ দৰে হওঁ আৰু তেওঁৰ আৰু কাষ চাপোঁ। সঁচাকৈ ধৈৰ্য্য বহুত ভাল গুণ হয় আৰু ইয়াৰ পৰা বহুতো লাভ হয়। ধৈৰ্য্য ধৰাটো সদায় সহজ নহয় কিন্তু আমি যিহোৱাৰ সহায়ত আৰু বেছিকৈ ধৈৰ্য্যেৰে কাম কৰিব পাৰোঁ। আমি যেতিয়ালৈকে ধৈৰ্য্যেৰে নতুন পৃথিৱীৰ বাবে ‘বাট চাই’ আছোঁ, আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক সহায় কৰিব আৰু সুৰক্ষাও দিব। (মীখা ৭:৭) গতিকে আহক আমি সদায় ‘ধৈৰ্য্যক পিন্ধি’ থাকিবলৈ থিৰাং কৰোঁ! w২৩.০৮ ২২ ¶৭; ২৫ ¶১৬-১৭
বুধবাৰ, ২২ অক্টোবৰ
সেই দৰে বিশ্বাসো; যদি তাৰ কৰ্ম্ম নাথাকে, তেন্তে সি অকলে মৰা।—যাকো. ২:১৭.
যাকোবে কৈছিল যে এজন ব্যক্তিয়ে হয়তো দাবী কৰিব পাৰে যে তেওঁৰ বিশ্বাস আছে। কিন্তু তেওঁৰ কামৰ পৰা এয়া দেখিবলৈ পোৱা নাযায়। (যাকো. ২:১-৫, ৯) যাকোবে আৰু এজন ব্যক্তিৰ বিষয়ে কৈছিল। সেই ব্যক্তিজনে চাই যে তেওঁৰ ভাই বা ভনী উদঙে আছে আৰু তেওঁৰ দৈনিক আহাৰ নাই, তথাপিও তেওঁক সহায় নকৰে। যদি এনে এজন ব্যক্তিয়ে কয় যে তেওঁৰ বিশ্বাস আছে কিন্তু তাৰ অনুসৰি কাম নকৰে, তেনেহʼলে তেওঁৰ বিশ্বাস থাকিও একো লাভ নাই। (যাকো. ২:১৪-১৬) যাকোবে ৰাহাবৰ উদাহৰণ দি বুজালে যে যদি আমাৰ বিশ্বাস থাকে , তেনেহʼলে আমি নিজৰ কামৰ যোগেদি এয়া দেখুৱাম। (যাকো. ২:২৫, ২৬) যিহোৱাই ইস্ৰায়েলীসকলক সহায় কৰিছিল বুলি ৰাহাবে শুনিছিল আৰু তেওঁ যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। (যিহো. ২:৯-১১) তেওঁ নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱালে। যেতিয়া দুজন ইস্ৰায়েলী চোৰাংচোৱাৰ জীৱন বিপদত আছিল, তেতিয়া ৰাহাবে তেওঁলোকক বচালে। এই কাৰণে যদিও তেওঁ অসিদ্ধ আছিল আৰু মোচিৰ নিয়ম পালন কৰা নাছিল, তথাপিও অব্ৰাহামৰ দৰে তেওঁকো ভাল ব্যক্তি বুলি কোৱা হʼল। ৰাহাবৰ পৰা আমি শিকিলোঁ যে বিশ্বাস থকাৰ লগতে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। w২৩.১২ ৫-৬ ¶১২-১৩
বৃহস্পতিবাৰ, ২৩ অক্টোবৰ
শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক।—ইফি. ৩:১৯.
আমি খ্ৰীষ্টানসকলে কেৱল বাইবেলৰ ওপৰে-ওপৰে জ্ঞান লৈ সন্তুষ্ট হৈ নাথাকোঁ। আমি পবিত্ৰ শক্তিৰ সহায়ত ঈশ্বৰৰ গভীৰ কথাক ভালদৰে জানিবলৈ চেষ্টা কৰোঁ। (১ কৰি. ২:৯, ১০) তেনেহ’লে আপুনি নিজৰ ব্যক্তিগত অধ্যয়নত এনে বিষয়বোৰ অধ্যয়ন কৰিব পাৰে যাৰ যোগেদি আপুনি যিহোৱাৰ আৰু কাষ চাপিব পাৰে। যেনে, আপুনি অনুসন্ধান কৰিব পাৰে যে যিহোৱাই অতীতত কেনেকৈ নিজৰ সেৱকসকলক প্ৰেম দেখুৱাইছিল আৰু ইয়াৰ পাৰ কেনেকৈ প্ৰমাণ হয় যে তেওঁ আপোনাকো প্ৰেম কৰে। আপুনি এয়াও অধ্যয়ন কৰিব পাৰে যে অতীতত যিহোৱাই ইস্ৰাযেলীসকলক উপাসনা কৰাৰ যি পদ্ধতিৰ বিষয়ে কৈছিল আৰু আজি তেওঁ সত্য খ্ৰীষ্টানসকলক যিদৰে উপাসনা কৰাৰ বিষয়ে কৈছে তাৰ মাজত কি মিল আছে। ইয়াৰ উপৰিও আপুনি এই ভৱিষ্যবাণীবোৰ গভীৰভাৱে অধ্যয়ন কৰিব পাৰে, যিবোৰ যীচু খ্ৰীষ্টই পৃথিৱীত সেৱা কৰাৰ সময়ত পূৰ কৰিছিল। আপুনি এই বিষয়বোৰৰ অনুসন্ধান কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডৰ ব্যৱহাৰ কৰিব পাৰে। এইদৰে অধ্যয়ন কৰিলে আপুনি আনন্দিত হ’ব। যেতিয়া আপুনি গভীৰভাৱে বাইবেল অধ্যয়ন কৰিব তেতিয়া আপোনাৰ বিশ্বাস মজবুত হ’ব আৰু আপুনি ঈশ্বৰৰ বিষয়ে জ্ঞান পাব।—হিতো. ২:৪, ৫. w২৩.১০ ১৯ ¶৩-৫
শুক্ৰবাৰ, ২৪ অক্টোবৰ
বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।—১ পিত. ৪:৮.
এতিয়া আহক পিতৰে কোৱা কথাবোৰ চালি-জাৰি চাওঁ। পিতৰে ৮ পদৰ প্ৰথম ভাগত কৈছিল যে আমি এজনে-আনজনক “আগ্ৰহযুক্ত” প্ৰেম কৰা উচিত। ইয়াত পিতৰে যি প্ৰেমৰ বিষয়ে কৈছিল, তাৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “টানি বহল কৰা।” পদৰ দ্বিতীয় ভাগত কোৱা হৈছে যে যেতিয়া আমি ভাই-ভনীসকলক এনেধৰণৰ প্ৰেম কৰোঁ, তেতিয়া কি লাভ হয়? ইয়ে তেওঁলোকৰ পাপবোৰ ঢাকি দিয়ে। এয়া এনে হয় যেন আপুনি দুয়োখন হাতেৰে প্ৰেমৰ এখন কাপোৰ লৈ আছে, যাক টানি বহল কৰিব পাৰি। আপুনি ইয়াক ইমানেই টানি বহল কৰে যে ইয়াৰ পৰা আনৰ এটা বা দুটা নহয়, বহুতো ‘পাপ’ ঢাকি যায়। যেতিয়া পিতৰে ‘পাপসমূহ’ ঢাকি দিয়াৰ বিষয়ে কৈছিল, তেতিয়া ইয়াৰ অৰ্থ আছিল তেওঁলোকক ক্ষমা কৰা। যেনেকৈ এখন কাপোৰ পাৰি দিলে সকলো দাগ লুকাই যায়, ঠিক সেইদৰে প্ৰেমৰ পৰা আমি আনৰ দুৰ্বলতাবোৰ ঢাকি দিব পাৰোঁ। আমি ভাই-ভনীসকলক ইমানেই প্ৰেম কৰা উচিত যাতে আমি তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিব পাৰোঁ, আনকি সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ বহুত কঠিন লাগে। (কল. ৩:১৩) যেতিয়া আমি ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ আৰু আমি যিহোৱাকো আনন্দিত কৰিব বিচাৰোঁ। w২৩.১১ ১০-১২ ¶১৩-১৫
শনিবাৰ, ২৫ অক্টোবৰ
চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।—২ বং. ৩৪:১৮.
যোচিয়া ডাঙৰ হোৱাৰ পাছত মন্দিৰৰ মেৰামতি কৰাবলৈ আৰম্ভ কৰিলে। সেই সময়ত “মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা-পুস্তকখন” পোৱা গʼল। সেই কিতাপ পঢ়ি শুনোৱাৰ সময়ত তাৰ কথাবোৰ তেওঁৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ লগে লগে পদক্ষেপ লʼলে। (২ বং. ৩৪:১৪, ১৯-২১) আপুনি প্ৰতিদিনে বাইবেল পঢ়িব বিচাৰেনে? যদি আপুনি আগৰে পৰা পঢ়ি আছে, তেনেহʼলে আপোনাক পঢ়ি কেনেকুৱা লাগিছে? আপুনি সেই পদবোৰ কʼৰবাত লিখি ৰাখেনে, যাৰ পৰা আপুনি সহায় পাব পাৰে? যোচিয়া ৩৯ বছৰ বয়সত এটা ডাঙৰ ভুল কৰিলে। তেওঁ যিহোৱাৰ পৰা পৰামৰ্শ নলৈ নিজৰ ওপৰত ভৰসা কৰিলে। (২ বং. ৩৫:২০-২৫) ইয়াৰ বাবে তেওঁ নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। আমি যিমানেই সময়ৰ পৰা বাইবেল অধ্যয়ন কৰি আছোঁ বা আমাৰ বয়স যিমানেই নহওক কিয় আমি সদায় যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ অৰ্থ হৈছে সঠিক পথ দেখুৱাবলৈ নিয়মীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা, তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰি থকা আৰু অভিজ্ঞতা থকা ভাই-ভনীসকলৰ পৰামৰ্শ লোৱা উচিত। এইদৰে কৰিলে আমি ডাঙৰ ভুল কৰাৰ পৰা বাচিব পাৰিম আৰু আনন্দত থাকিম।—যাকো. ১:২৫. w২৩.০৯ ১২ ¶১৫-১৬
দেওবাৰ, ২৬ অক্টোবৰ
ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।—যাকো. ৪:৬.
বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। সেই তিৰোতাসকলে সকলো কথাতে “ধীৰ” আৰু ‘সকলো বিষয়ত বিশ্বাসী’ আছিল। (১ তীম. ৩:১১) যুৱতী ভনীসকল, আপোনালোকে সেই তিৰোতাসকলৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ উপৰিও, হয়তো আপোনাৰ মণ্ডলীতো এনে বহুতো পৰিপক্ক ভনী আছে, যিসকলৰ পৰা আপুনি বহুতো কথা শিকিব পাৰে। অলপ সময়ৰ বাবে এনে কিছুমান পৰিপক্ক ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ নিচিনা আপুনি হʼব বিচাৰে। তেওঁলোকৰ কি কি গুণ আছে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। এজন পৰিপক্ক বা ভাল খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজন। যিজনী ভনী নম্ৰ হয়, তেওঁৰ যিহোৱা আৰু আন লোকসকলৰ লগত ভাল সম্পৰ্ক থাকে। যেনে, যদি এজনী ভনী নম্ৰ হয় আৰু যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ১১:৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিব আৰু মণ্ডলী বা পৰিয়ালত যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ অধীনত থাকিব। w২৩.১২ ১৮-১৯ ¶৩-৫
সোমবাৰ, ২৭ অক্টোবৰ
স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।—ইফি. ৫:২৮.
এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে। যদি আপুনি এতিয়াৰে পৰা নিজৰ চিন্তা-শক্তি বঢ়াই, তিৰোতাসকলক সন্মান কৰিবলৈ শিকে আৰু ভৰসাযোগ্য হয়, তেনেহʼলে আপুনি আগলৈ গৈ এজন স্বামী আৰু মুৰব্বীৰ দায়িত্ব ভালদৰে চম্ভালিবলৈ পাৰিব। বিয়াৰ পাছত হয়তো আপোনাৰ লʼৰা-ছোৱালী হʼব পাৰে। গতিকে, আপুনি এজন ভাল পিতৃ কেনেকৈ হʼব পাৰিব? (ইফি. ৬:৪) যিহোৱাই খুলি কৈছিল যে তেওঁ নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে। (মথি ৩:১৭) গতিকে আগলৈ গৈ যেতিয়া আপুনি পিতৃ হʼব, তেতিয়া আপুনিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব। আপুনি নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে বুলি বিশ্বাস দিব। যেতিয়া তেওঁলোকে কিবা ভাল কাম কৰিব, তেতিয়া মন খুলি তেওঁলোকৰ প্ৰশংসা কৰিব। যদি আপুনি এইদৰে নিজৰ লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰিব, তেনেহʼলে আগলৈ গৈ তেওঁলোকেও পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। সেইবাবে, আপুনি এতিয়াৰে পৰা নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যত্ন লওক, আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে বুলি জনাওক।—যোহ. ১৫:৯. w২৩.১২ ২৮-২৯ ¶১৭-১৮
মঙ্গলবাৰ, ২৮ অক্টোবৰ
হে যিহোৱা, তোমাৰ দয়াই [প্ৰকৃত প্ৰেম] মোক ধৰি ৰাখিলে।—গীত. ৯৪:১৮.
পৃথিৱীৰ আন লোকসকলৰ দৰে যিহোৱাৰ বিশ্বাসী সেৱকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা কৰাৰ বাবে বহুতো লোকে আমাৰ বিৰোধ বা আমাক অত্যাচাৰ কৰে। এনেধৰণৰ সমস্যাৰ পৰা যিহোৱাই হয়তো আমাক নবচাবও পাৰে। কিন্তু তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁ আমাক নিশ্চয় সহায় কৰিব। (যিচ. ৪১:১০) যিহোৱাৰ সহায়ত আমি ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰিম, সঠিক নিৰ্ণয় লʼব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। গতিকে, যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই আমাক কেনেকৈ সহায় কৰে? তেওঁ আমাক এনে শান্তি দিবলৈ প্ৰতিজ্ঞা কৰিছে, যাক বাইবেলত “ঈশ্বৰৰ শান্তি” বুলি কোৱা হৈছে। (ফিলি. ৪:৬, ৭) যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থাকিলেহে আমি এই শান্তি পাওঁ। এই শান্তি “সকলো বুদ্ধিতকৈ উত্তম,” ই এনে এটা অনুভূতি হয় যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিলে আৰু মনৰ শান্তি পালে? ইয়াকে “ঈশ্বৰৰ শান্তি” বুলি কোৱা হয়। w২৪.০১ ২০ ¶২; ২১ ¶৪
বুধবাৰ, ২৯ অক্টোবৰ
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ অন্তৰত থকাবিলাক, তেওঁৰ পবিত্ৰ নামৰ-ধন্যবাদ কৰা।—গীত. ১০৩:১.
যিহোৱাৰ বিশ্বাসী সেৱকসকলে তেওঁক প্ৰেম কৰে। সেইবাবে, সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ নাম প্ৰশংসা কৰে। ৰজা দায়ূদে জানিছিল যে যিহোৱাৰ নাম প্ৰশংসা কৰাৰ অৰ্থ হৈছে যিহোৱাৰ প্ৰশংসা কৰা। কাৰণ যিহোৱাৰ নাম শুনাৰ লগে লগে আমাৰ মনত এনে এজন ব্যক্তিৰ ছবি আহে, যিজনৰ বহুত ভাল ভাল গুণ আছে আৰু যিজনে বহুত ভাল কাম কৰিছে। সেইবাবে, দায়ূদে নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিব বিচাৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ প্ৰশংসা কৰিব বিচাৰিছিল। তেওঁৰ ‘অন্তৰত থকাবিলাকে’ যিহোৱাৰ প্ৰশংসা কৰাটো তেওঁ বিচাৰিছিল। দায়ূদৰ দৰে লেবীসকলেও উৎসাহেৰে যিহোৱাৰ প্ৰশংসা কৰিলে। তেওঁলোকে নম্ৰ আছিল, সেইবাবে তেওঁলোকে কʼলে যে যিহোৱাৰ পবিত্ৰ নাম যিমানো প্ৰশংসা কৰে, তথাপিও সেয়া কমেই হʼব। (নহি. ৯:৫) লেবীসকলে হৃদয়েৰে কৰা প্ৰশংসা শুনি হয়তো যিহোৱাই নিশ্চয় আনন্দিত হৈছিল। w২৪.০২ ৯ ¶৬
বৃহস্পতিবাৰ, ৩০ অক্টোবৰ
আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।—ফিলি. ৩:১৬.
মনত ৰাখক, আপুনি যি লক্ষ্য ৰাখিছে, তাত উপনীত হোৱাটো আপোনাৰ বাবে সম্ভৱ নহয়, তেনেহʼলে আপুনি বিফল হʼল বুলি যিহোৱাই কেতিয়াও নাভাবিব। (২ কৰি. ৮:১২) বিফলতাক শিকাৰ এক সুযোগ বুলি ভাবক। আপুনি এতিয়ালৈকে যি যি কৰিলে, তাক মনত ৰাখক। বাইবেলত লিখা আছে যে “তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) আপুনিও নিজৰ কাম পাহৰি যোৱা উচিত নহয়। চিন্তা কৰক যে আপুনি এতিয়ালৈকে কি কি কৰিব পাৰিলে। যেনে, আপুনি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিছে, আপুনি তেওঁৰ বিষয়ে আনক জনাই বা বাপ্তিষ্মাও লʼলে। আপুনি এতিয়ালৈকে যিদৰে উন্নতি কৰিলে আৰু নিজৰ লক্ষ্যত উপনীত হʼল। ঠিক সেইদৰে আগলৈ আপুনি উন্নতি কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব। আপুনি যিহোৱাৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব। যেতিয়া আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰে, তেতিয়া মন কৰক যে যিহোৱাই কেনেকৈ আপোনাক সহায় কৰিছে আৰু আশীৰ্বাদ দিছে আৰু এই কথাৰ পৰা আনন্দিত হওক। (২ কৰি. ৪:৭) আপুনি হাৰ নামানিলে আৰু বহুতো আশীৰ্বাদ লাভ কৰিব।—গালা. ৬:৯. w২৩.০৫ ৩১ ¶১৬-১৮
শুক্ৰবাৰ, ৩১ অক্টোবৰ
তোমালোকে মোক প্ৰেম কৰা আৰু মই পিতৃৰ ফালৰ পৰা আহিছোঁ বুলি তোমালোকে বিশ্বাস কৰিলা। —যোহ. ১৬:২৭.
যিহোৱাই যিসকল লোকক প্ৰেম কৰে, তেওঁলোকৰ পৰা আনন্দিত আছে বুলি তেওঁলোকক জনায়। বাইবেলত লিখা আছে যে যিহোৱাই দুবাৰ যীচুক কʼলে যে যীচু তেওঁৰ প্ৰিয় পুত্ৰ হয় আৰু যিহোৱাই তেওঁক গ্ৰহণ কৰিলে। (মথি ৩:১৭; ১৭:৫) যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি আপুনিও শুনিব বিচাৰে নে? যিহোৱাই স্বৰ্গৰ পৰা আমাৰ লগত কথা নাপাতে, কিন্তু নিজৰ বাক্য বাইবেলৰ জৰিয়তে আমাৰ লগত কথা পাতে। যেনে, যেতিয়া আমি শুভবাৰ্তাৰ কিতাপবোৰত যীচুৰ কথাবোৰ পঢ়োঁ, তেতিয়া এনে হয় যেন আমি যিহোৱাৰ কথা শুনি আছোঁ। কিয় বাৰু? কিয়নো যীচু নিজৰ পিতৃৰ দৰেই আছে। সেইবাবে, যেতিযা আমি পঢ়োঁ যে যীচুৱে কেনেকৈ নিজৰ শিষ্যসকলৰ লগত কথা পাতিলে, তেওঁলোকক নিজৰ প্ৰেম দেখুৱালে, তেতিয়া আমি কল্পনা কৰিব পাৰোঁ যে যিহোৱাই নিজেই সেই কথাবোৰ আমাক কৈ আছে। (যোহ. ১৫:৯, ১৫) কিন্তু সমস্যাৰ মাজেদি পাৰ হʼবলৈ দিয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাৰ পৰা আনন্দিত নাই। তাৰ পৰিৱৰ্তে সেই সময়ত আমি যিহোৱাক কিমান প্ৰেম কৰোঁ আৰু ভৰসা কৰোঁ তাক দেখুৱাৰ সুযোগ পাওঁ।—যাকো. ১:১২. w২৪.০৩ ২৮ ¶১০-১১