ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es25 পৃষ্ঠা ১৩৫-১৪৮
  • নৱেম্বৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
  • উপশীৰ্ষক
  • শনিবাৰ, ১ নৱেম্বৰ
  • দেওবাৰ, ২ নৱেম্বৰ
  • সোমবাৰ, ৩ নৱেম্বৰ
  • মঙ্গলবাৰ, ৪ নৱেম্বৰ
  • বুধবাৰ, ৫ নৱেম্বৰ
  • বৃহস্পতিবাৰ, ৬ নৱেম্বৰ
  • শুক্ৰবাৰ, ৭ নৱেম্বৰ
  • শনিবাৰ, ৮ নৱেম্বৰ
  • দেওবাৰ, ৯ নৱেম্বৰ
  • সোমবাৰ, ১০ নৱেম্বৰ
  • মঙ্গলবাৰ, ১১ নৱেম্বৰ
  • বুধবাৰ, ১২ নৱেম্বৰ
  • বৃহস্পতিবাৰ, ১৩ নৱেম্বৰ
  • শুক্ৰবাৰ, ১৪ নৱেম্বৰ
  • শনিবাৰ, ১৫ নৱেম্বৰ
  • দেওবাৰ, ১৬ নৱেম্বৰ
  • সোমবাৰ, ১৭ নৱেম্বৰ
  • মঙ্গলবাৰ, ১৮ নৱেম্বৰ
  • বুধবাৰ, ১৯ নৱেম্বৰ
  • বৃহস্পতিবাৰ, ২০ নৱেম্বৰ
  • শুক্ৰবাৰ, ২১ নৱেম্বৰ
  • শনিবাৰ, ২২ নৱেম্বৰ
  • দেওবাৰ, ২৩ নৱেম্বৰ
  • সোমবাৰ, ২৪ নৱেম্বৰ
  • মঙ্গলবাৰ, ২৫ নৱেম্বৰ
  • বুধবাৰ, ২৬ নৱেম্বৰ
  • বৃহস্পতিবাৰ, ২৭ নৱেম্বৰ
  • শুক্ৰবাৰ, ২৮ নৱেম্বৰ
  • শনিবাৰ, ২৯ নৱেম্বৰ
  • দেওবাৰ, ৩০ নৱেম্বৰ
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
es25 পৃষ্ঠা ১৩৫-১৪৮

নৱেম্বৰ

শনিবাৰ, ১ নৱেম্বৰ

তুমি সৰু লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ প্ৰশংসা কৰাইছা। —মথি ২১:১৬.

যদি আপোনাৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ বয়সৰ অনুসৰি উত্তৰ দিবলৈ তেওঁলোকক তৈয়াৰী কৰাব পাৰে। বহুবাৰ গভীৰ বিষয়বোৰত আলোচনা কৰা হয়। যেনে: বিবাহিত জীৱনত অহা সমস্যা বা নৈতিক বিষয়বোৰ। হয়তো সেই লেখতো এনে এটা বা দুটা অনুচ্ছেদ থাকিব পাৰে, যʼত লʼৰা-ছোৱালীয়ে উত্তৰ দিব পাৰে। ইয়াৰ উপৰিও আপুনি নিজৰ লʼৰা-ছোৱালীক বুজাওক যে যেতিয়াই তেওঁ হাত উঠাব, তেতিয়াই তেওঁ সুযোগ পাব বুলি ভবা উচিত নহয়। যদি আপুনি আগতীয়াকৈ তেওঁক ইয়াৰ বিষয়ে বুজাই, তেনেহʼলে যেতিয়া তাৰ সলনি আন কোনোবাই সুযোগ পাই, তেতিয়া তেওঁ নিৰাশ নহʼব। (১ তীম. ৬:১৮) আমি সকলোৱে এনে উত্তৰ দিবলৈ তৈয়াৰী কৰা উচিত, যাৰ পৰা যিহোৱাৰ মহিমা হয় আৰু ভাই-ভনীসকলেও উৎসাহিত হয়। (হিতো. ২৫:১১) কেতিয়াবা কেতিয়াবা আমি উত্তৰ দিয়াৰ সময়ত নিজৰ অনুভৱৰ বিষয়ে কʼব পাৰোঁ। কিন্তু আমি বাৰে বাৰে নিজৰ অনুভৱৰ বিষয়ে কৈ থকা উচিত নহয়। (হিতো. ২৭:২; ২ কৰি. ১০:১৮) ইয়াৰ পৰিৱৰ্তে আমি এইদৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত, যাৰ পৰা ভাই-ভনীসকলে যিহোৱা, তেওঁৰ বাক্য আৰু তেওঁৰ লোকসকলৰ প্ৰতি ধ্যান দিব পাৰে।—প্ৰকা. ৪:১১. w২৩.০৪ ২৪-২৫ ¶১৭-১৮

দেওবাৰ, ২ নৱেম্বৰ

আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনে থাকোঁহঁক। —১ থিচ. ৫:৬.

পৰ দি থাকিবলৈ আৰু চেতনা বজাই ৰাখিবলৈ প্ৰেমৰ অতি প্ৰয়োজন। (মথি ২২:৩৭-৩৯) বহু বাৰ প্ৰচাৰ কৰাৰ বাবে আমি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমি ঈশ্বৰক প্ৰেম কৰাৰ বাবে হাৰ নামানি প্ৰচাৰ কৰি থাকোঁ। (২ তীম. ১:৭, ৮) আমি নিজৰ ‘ওচৰ-চুবুৰীয়াক’ প্ৰেম কৰোঁ, সেইবাবে আমি নিজৰ এলেকাত প্ৰচাৰ কৰিবলৈ নেৰোঁ। আমি চিঠি লিখি আৰু ফোনৰ যোগেদি লোকসকলক প্ৰচাৰ কৰোঁ। আমি আশা ৰাখোঁ যে তেওঁলোকে নিজকে সলনি কৰিব আৰু সঠিক কামবোৰ কৰিব। (যিহি. ১৮:২৭, ২৮) আমাৰ ভাই-ভনীসকলেও আমাৰ ওচৰ-চুবুৰীয়া হয়, আমি তেওঁলোককো প্ৰেম কৰা উচিত। আমি ‘পৰস্পৰে প্ৰবোধ দি থাকি আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰি’ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। (১ থিচ. ৫:১১) খোজত খোজ মিলাই যুদ্ধত ভাগ লোৱা সৈনিকৰ দৰে আমিও এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। আমি ভাই-ভনীসকলক জানি-শুনি আঘাত নিদিওঁ আৰু অপকাৰৰ সলনি অপকাৰ নকৰোঁ। (১ থিচ. ৫:১৩, ১৫) নিজৰ প্ৰেম প্ৰকাশ কৰাৰ আন এটা উপায় হৈছে মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলক সন্মান কৰা।—১ থিচ. ৫:১২. w২৩.০৬ ১০ ¶৬; ১১ ¶১০-১১

সোমবাৰ, ৩ নৱেম্বৰ

যিহোৱাই কৈ জানো সিদ্ধ নকৰিব? —গণ. ২৩:১৯.

নিজৰ বিশ্বাস মজবুত কৰাৰ এটা উপায় হৈছে, যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত মনন কৰা। মুক্তিপণ বলিদান এই কথাৰ গেৰাণ্টি হয় যে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। গতিকে চিন্তা কৰক, যিহোৱাই কিয় মুক্তিপণ বলিদানৰ ব্যৱস্থা কৰিলে আৰু ইয়াৰ বাবে তেওঁ কি কি কৰিলে? এইদৰে কৰিলে ঈশ্বৰে প্ৰমোদবনত আমাক অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব বুলি আমাৰ বিশ্বাস বাঢ়িব। এইদৰে আমি কিয় কʼব পাৰোঁ? চিন্তা কৰক, যিহোৱাই মুক্তিপণ বলিদান দিবলৈ কি কি কৰিলে? তেওঁ নিজৰ একমাত্ৰ পুত্ৰক বহুত প্ৰেম কৰিছিল আৰু তেওঁ যিহোৱাৰ ভাল বন্ধু আছিল। তথাপিও যিহোৱাই তেওঁক স্বৰ্গৰ পৰা পৃথিৱীলৈ এজন সিদ্ধ মানুহ হিচাপে পঠিয়ালে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া তেওঁ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হʼল আৰু পাছত তেওঁক বহুত যাতনা দি মাৰি পেলোৱা হʼল। সঁচাকৈ যিহোৱাই আমাৰ বাবে বহুত ডাঙৰ মূল্য দিলে। আমি অলপ দিন জীয়াই থাকিবলৈ ঈশ্বৰে ইমান ডাঙৰ মূল্য দিলে নে? (যোহ. ৩:১৬; ১ পিত. ১:১৮, ১৯) যদি যিহোৱাই আমাৰ বাবে ইমান ডাঙৰ মূল্য দিলে, তেনেহʼলে তেওঁ নিশ্চয় নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু প্ৰমোদবনত আমাক অনন্ত জীৱন দিব। w২৩.০৪ ২৭ ¶৮-৯

মঙ্গলবাৰ, ৪ নৱেম্বৰ

হে মৃত্যু, তোমাৰ মহামাৰী ক’ত? —হোচে. ১৩:১৪.

মৃত লোকসকলক যিহোৱাই জীয়াই তুলিব বিচাৰেনে? নিশ্চয় বিচাৰে। তেওঁ মৃত লোকসকলক আকৌ জীয়াই তুলিব বুলি বাইবেলৰ বহুতো লেখকৰ যোগেদি লিখুৱালে। (যিচ. ২৬:১৯; প্ৰকা. ২০:১১-১৩) যিহোৱাই যি প্ৰতিজ্ঞা কৰে, সেয়া নিশ্চয় পূৰ কৰে। (যিহো. ২৩:১৪) মৃত লোকসকলক জীয়াই তুলিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। ইয়োৱে কি কৈছিল তালৈ মন কৰক। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি তেওঁৰ মৃত্যু হৈ যায়, তেনেহʼলে যিহোৱাই তেওঁক আকৌ চাবলৈ আগ্ৰহেৰে বাট চাই থাকিব। যিহোৱাই সেই সেৱকসকলকো আকৌ চাবলৈ আগ্ৰহী হৈ আছে, যিসকলৰ মৃত্যু হʼল। (ইয়ো. ১৪:১৪, ১৫) যিহোৱাই সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব। সেই সময়ত তেওঁলোকৰ স্বাস্থ্য ভাল হৈ যাব আৰু তেওঁলোকে আনন্দেৰে জীয়াই থাকিব। কিন্তু যিহোৱাই সেই লাখ লাখ লোককো জীয়াই তুলিবনে, যিসকলে জীয়াই থকাৰ সময়ত তেওঁৰ বিষয়ে শিকিবলৈ সুযোগে পোৱা নাছিল? নিশ্চয়, যিহোৱাই তেওঁলোককো প্ৰেম কৰে আৰু তেওঁলোককো জীয়াই তুলিব বিচাৰে। (পাঁচ. ২৪:১৫) তেওঁলোকেও যিহোৱাৰ বন্ধু হোৱা আৰু এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে।—যোহ. ৩:১৬. w২৩.০৪ ৯ ¶৫-৬

বুধবাৰ, ৫ নৱেম্বৰ

ঈশ্বৰৰ দ্বাৰাইহে আমি বীৰ-কাৰ্য্য কৰিম।—গীত. ১০৮:১৩.

আপুনি নিজৰ আশা কেনেকৈ দৃঢ় কৰিব পাৰে? যেনে, যদি আপোনাৰ এই পৃথিৱীতে অনন্ত জীৱন জীয়াই থকাৰ আশা আছে, তেনেহʼলে বাইবেলৰ সেই পদবোৰ পঢ়ক, যʼত প্ৰমোদবনৰ বিষয়ে কোৱা হৈছে আৰু সেইবোৰ মনন কৰক। (যিচ. ২৫:৮; ৩২:১৬-১৮) চিন্তা কৰক, সেই সময়ত আপোনাৰ জীৱন কেনেকুৱা হʼব। কল্পনা কৰক, আপুনি নতুন পৃথিৱীত আছে। যদি আমি নতুন পৃথিৱীৰ আশাৰ বিষয়ে সদায় চিন্তা কৰি থাকোঁ, তেনেহʼলে আমাক নিজৰ সমস্যাবোৰ “অলপদিনীয়া” যেন লাগিব। (২ কৰি. ৪:১৭) এই আশাৰ যোগেদি যিহোৱাই আপোনাক মজবুত কৰিব আৰু সমস্যাবোৰ সহন কৰিবলৈ শক্তি দিব। তেওঁ আগৰে পৰা সেই সকলো ব্যৱস্থা কৰিছে, যাৰ যোগেদি আমি শক্তি লাভ কৰিব পাৰোঁ। সেইবাবে, যেতিয়া আপোনাক কোনো এটা দায়িত্ব পালন কৰিবলৈ কঠিন লাগে, নিজৰ সমস্যাৰ বাবে দিনবোৰ পাৰ কৰিবলৈ কঠিন হৈ পৰে বা আপোনাৰ আনন্দ নাইকিয়া হয়, তেতিয়া যিহোৱালৈ মিনতি কৰক আৰু ব্যক্তিগত অধ্যয়ন কৰি তেওঁৰ পৰা সহায় লওক। ইয়াৰ উপৰিও আপুনি নিজৰ ভাই-ভনীসকলৰ পৰা সহায় লওক আৰু নিজৰ আশাৰ বিষয়ে ভাবি থাকক। তেতিয়া আপুনি ‘ঈশ্বৰৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিমন্ত হৈ, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ কৰিব পাৰে।’—কল. ১:১১. w২৩.১০ ১৭ ¶১৯-২০

বৃহস্পতিবাৰ, ৬ নৱেম্বৰ

প্ৰতিটো কথাত ধন্যবাদ দিয়া। —১ থিচ. ৫:১৮.

যিহোৱাক ধন্যবাদ দিয়াৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। আমি চিন্তা কৰিব পাৰোঁ যে আমাৰ ওচৰত কি কি ভাল বস্তু আছে আৰু সেইবোৰৰ বাবে আমি যিহোৱাক ধন্যবাদ দিব পাৰোঁ। কাৰণ আমি সকলো ভাল বস্তু তেওঁৰ পৰাই লাভ কৰিছোঁ। (যাকো. ১:১৭) যেনে: যিহোৱাই আমাক জীৱন, এই সুন্দৰ পৃথিৱী, ভাল বস্তুবোৰ, পৰিয়াল, ভাল বন্ধু আৰু ভৱিষ্যতৰ এক সুন্দৰ আশা দিয়াৰ বাবে তেওঁক ধন্যবাদ দিব পাৰোঁ। ইয়াৰ উপৰিও যিহোৱাই তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ যি সুযোগ দিছে, তাৰ বাবেও আমি তেওঁক ধন্যবাদ দিব পাৰোঁ। আমি অলপ সময় উলিয়াই যিহোৱাই আমাৰ বাবে কি কি কৰিছে তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ যাতে ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা দেখুৱাব পাৰোঁ। আজি পৃথিৱীৰ বেছিভাগ লোকে তেওঁলোকৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞতা দেখুৱাৰ পৰিৱৰ্তে তেওঁলোকক আৰু কি কি বস্তু লাগে আৰু তাক কেনেকৈ লাভ কৰিব পাৰে, কেৱল তাৰ বিষয়েহে চিন্তা কৰে। যদি আমি সাৱধান হৈ নাথাকোঁ, তেনেহʼলে তেওঁলোকৰ চিন্তাধাৰা আমাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে আৰু যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে কিবা নহয় কিবা খুজি থাকিব পাৰোঁ। যদি আমি এইদৰে হোৱাটো নিবিচাৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ বাবে যি যি কৰিলে, তাৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু কৃতজ্ঞতা দেখুৱাব লাগিব। লগতে যিহোৱাক ধন্যবাদ দিব লাগিব।—লূক ৬:৪৫. w২৩.০৫ ৪ ¶৮-৯

শুক্ৰবাৰ, ৭ নৱেম্বৰ

নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচনা কৰক।—যাকো. ১:৬.

যিহোৱা আমাৰ পিতৃ হয় আৰু আমাক বহুত প্ৰেম কৰে। আমি কোনো সমস্যাৰ সন্মুখীন হোৱাটো তেওঁ নিবিচাৰে। (যিচ. ৬৩:৯) আমাৰ ওপৰত কোনো সমস্যা যাতে নাহে তাৰ বাবে তেওঁ কোনো চমৎকাৰ নকৰে। বহু বাৰ আমি নদী বা জুইৰ দৰে সমস্যাবোৰৰ সন্মুখীন হ’বলগীয়া হয়। (যিচ. ৪৩:২) কিন্তু যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে এইবোৰৰ মাজেদি পাৰ হ’বলৈ তেওঁ আমাক সহায় কৰিব। এই সমস্যাবোৰে আমাক ডুবাব বা জ্বলাব নোৱাৰিব। এই সমস্যাবোৰ সহিবলৈ যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিব। (লূক ১১:১৩; ফিলি. ৪:১৩) গতিকে আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে সমস্যাবোৰৰ লগত যুঁজিবলৈ আৰু যিহোৱাৰ বিশ্বাসী হয় থাকিবলৈ আমাক যিহৰ প্ৰয়োজন, সেইবোৰ যিহোৱাই আমাক নিশ্চয় দিব। আমি যিহোৱাৰ ওপৰত ভৰসা ৰখাটো তেওঁ বিচাৰে। (ইব্ৰী ১১:৬) বহু বাৰ আমি নিজৰ সমস্যা পাৰ কৰিব নোৱাৰিম যেন আমাক লাগিব পাৰে। হয়তো আমি এয়াও ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ সহায় কৰিব নে নকৰে। কিন্তু বাইবেলত আমাক বিশ্বাস দিয়া হৈছে যে ঈশ্বৰৰ শক্তিৰ সহায়ত আমি “জাঁপ মাৰি গড়” পাৰ হ’ব পাৰিম। (গীত. ১৮:২৯) সেইবাবে, আমি ভয় কৰিব নালাগে আৰু যিহোৱাৰ ওপৰত সন্দেহও কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া বিশ্বাস ৰখা উচিত যে যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব আৰু উত্তৰ দিব।—যাকো. ১:৬, ৭. w২৩.১১ ২২ ¶৮-৯

শনিবাৰ, ৮ নৱেম্বৰ

[প্ৰেমৰ] শিখা অগ্নি-শিখা দৰে হয়, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা। জলসমূহেও প্ৰেমক নুমাব নোৱাৰে, আৰু বান পানীয়েও তাক তল নিয়াব নোৱাৰে।—পৰ. ৮:৬, ৭.

প্ৰকৃত প্ৰেম কেনেকুৱা হয়, তাৰ বিষয়ে ৰজা চলোমনে বৰ সুন্দৰকৈ বুজালে। গতিকে পতি-পত্নীসকল, বিশ্বাস ৰাখক যে আপোনালোকে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰিব পাৰে, এনে প্ৰেম যি কেতিয়াও শেষ নহয়। পতি-পত্নীসকলৰ মাজত থকা প্ৰেম সদায় থাকিব নে নাথাকে, সেয়া তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে। এটা উদাহৰণলৈ মন কৰক। চিন্তা কৰক, আপুনি ঠাণ্ডাৰ পৰা বাচিবলৈ জুই জ্বলাইছে। কিন্তু সেই জুই সদায় জ্বলি থাকিবলৈ হʼলে আপুনি তাত খৰি দি থাকিব লাগিব। এইদৰে নকৰিলে সেই জুই লাহে লাহে নুমাই যাব। ঠিক সেইদৰে পতি-পত্নীয়ে তেওঁলোকৰ মাজত থকা সম্পৰ্ক মজবুত কৰি থাকিলেহে তেওঁলোকৰ প্ৰেম সদায় থাকিব। কিন্তু বহু বাৰ পতি-পত্নীয়ে ভাবিব পাৰে যে তেওঁলোকৰ মাজত থকা প্ৰেম কমি গৈছে। ইয়াৰ বহুতো কাৰণ হʼব পাৰে। হয়তো তেওঁলোকৰ টকা-পইচাৰ অভাৱ হৈছে, কাৰোবাৰ স্বাস্থ্য ভাল নাই বা তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ কামত ব্যস্ত থাকে। গতিকে পতি-পত্নীসকল, আপোনালোকৰ বিবাহিত জীৱনত ‘যিহোৱাৰ অগ্নি-শিখা’ নুমাই যোৱাটো যদি আপোনালোকে নিবিচাৰে, তেনেহʼলে আপোনালোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰি থাকিব লাগিব। w২৩.০৫ ২০-২১ ¶১-৩

দেওবাৰ, ৯ নৱেম্বৰ

ভয় নকৰিবা।—দানি. ১০:১৯.

গতিকে আমি কেনেকৈ সাহসী হʼব পাৰোঁ? মা-দেউতাই হয়তো আমাক কʼব পাৰে যে তোমালোকে সাহসেৰে কাম কৰিব লাগিব। কিন্তু সাহস এনে কোনো বস্তু নহয়, যি মা-দেউতাই আমাক দিব পাৰে। আমি নিজেই সাহসী হʼব লাগিব। সাহসী হʼবলৈ শিকাটো নতুন দক্ষতা শিকাৰ দৰে হয়। কোনো দক্ষতা শিকাৰ এটা উপায় হৈছে আমি শিকাওঁতাজনক মন দি চোৱা। তাৰ পাছত তেওঁ যিদৰে কৰে, সেইদৰে কৰিবলৈ চেষ্টা কৰা। ঠিক সেইদৰে যদি আমি সাহসী হʼব বিচাৰোঁ, তেনেহʼলে আমি আনক মন দি চাব লাগিব যে তেওঁ কেনেদৰে সাহসেৰে কাম কৰিছে আৰু তেওঁলোকৰ দৰে হʼবলৈ চেষ্টা কৰিব লাগিব। দানিয়েলৰ দৰে আমিও ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ ভালদৰে বুজিব লাগিব, আমি যিহোৱালৈ মন খুলি আৰু নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিব লাগিব আৰু এইদৰে তেওঁৰ লগত মজবুত সম্পৰ্ক গঢ়ি তুলিব লাগিব। যিহোৱাৰ ওপৰত ভৰসা কৰিব লাগিব আৰু সম্পূৰ্ণ বিশ্বাস কৰিব লাগিব যে তেওঁ সদায় আমাৰ লগত থাকিব। এনে কৰিলে বিশ্বাসৰ পৰীক্ষাহোৱাৰ সময়ত আমি সাহসেৰে কাম কৰিব পাৰিম। যিসকলে সাহসেৰে কাম কৰে, মানুহে প্ৰায়ে তেওঁলোকৰ সন্মান কৰে। তেওঁলোকৰ কাৰণে ভাল মানুহে হয়তো যিহোৱাৰ বিষয়ে জানিবলৈ বিচাৰিব। গতিকে, আহক আমি সাহসী হʼবলৈ চেষ্টা কৰোঁ। w২৩.০৮ ২ ¶২; ৪ ¶৮-৯

সোমবাৰ, ১০ নৱেম্বৰ

সকলো বিষয়ৰ পৰীক্ষা কৰা।—১ থিচ. ৫:২১.

এই পদত যি গ্ৰীক শব্দৰ অনুবাদ “পৰীক্ষা” বুলি কৰা হৈছে, তাক বিশেষকৈ সোন বা ৰূপৰ দৰে ধাতুবোৰক পৰীক্ষা কৰাৰ সময়ত ব্যৱহাৰ কৰা হয়। সেইবাবে, আজি আমি কিবা পঢ়া বা শুনাৰ সময়ত সেই কথা সঁচা হয় নে নহয় পৰীক্ষা কৰি চোৱা উচিত। মহাক্লেশ ওচৰ চাপি অহাৰ লগে লগে এইদৰে কৰাটো আৰু বেছি প্ৰয়োজন হৈ পৰিছে। সেইবাবে, আনৰ কথাত চকু মুদি বিশ্বাস কৰাৰ পৰিৱৰ্তে ভাবি-চিন্তি কাম কৰা উচিত আৰু এয়াও চোৱা উচিত যে এই কথা বাইবেল আৰু সংগঠনে কোৱা কথাৰ অনুসৰি সঠিক হয় নে নহয়। এইদৰে কৰিলে আমি দুষ্ট স্বৰ্গদূতবিলাকে কোৱা কথাৰ পৰা আঁতৰি থাকিব পাৰিম। (হিতো. ১৪:১৫; ১ তীম. ৪:১) এক সমূহ হিচাপে ঈশ্বৰৰ লোকসকলক মহাক্লেশৰ পৰা বচোৱা হʼব। কিন্তু আমি নাজানোঁ যে আমাৰ প্ৰতিজনৰে কালিলৈ কি হʼব। (যাকো. ৪:১৪) মহাক্লেশৰ আগতে হয়তো আমাৰ মৃত্যু হʼব পাৰে বা তাৰ পৰা বাচি ওলাই যাব পাৰোঁ। কিন্তু আমি এটা কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ আমাক অনন্ত জীৱন নিশ্চয় দিব। আমাৰ আশা যিয়েই নহওক কিয় আহক আমি ইয়াৰ ওপৰত ধ্যান দিওঁ আৰু যিহোৱাৰ দিনৰ বাবে সদায় সাজু হৈ থাকোঁ। w২৩.০৬ ১৩ ¶১৫-১৬

মঙ্গলবাৰ, ১১ নৱেম্বৰ

তেওঁ নিজ দাসৰ . . . গুৰিত নিজৰ নিগূঢ় মন্ত্ৰণা প্ৰকাশ নকৰাকৈ একোকে নকৰে।—আমো. ৩:৭.

আমি নাজানোঁ যে বাইবেলৰ কিছুমান ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼব। (দানি. ১২:৮, ৯) কিন্তু যদি আমি কোনো ভৱিষ্যতবাণীৰ অৰ্থ সম্পূৰ্ণৰূপে বুজি নাপাওঁ, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে সেই ভৱিষ্যতবাণী পূৰ নহʼব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে আমাৰ বাবে যিবোৰ জনাৰ প্ৰয়োজন, সেইবোৰ যিহোৱাই আমাক একেবাৰে সঠিক সময়ত জনাব, ঠিক যেনেকৈ তেওঁ অতীতত কৰিছিল। জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। (১ থিচ. ৫:৩) ইয়াৰ পাছত চৰকাৰবোৰে মিছা ধৰ্মৰ ওপৰত আক্ৰমণ কৰিব আৰু তাক একেবাৰে ধ্বংস কৰিব। (প্ৰকা. ১৭:১৬, ১৭) তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮, ১৯) ইয়াৰ পৰা হৰমাগিদোনৰ যুদ্ধ আৰম্ভ হʼব। (প্ৰকা. ১৬:১৪, ১৬) আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে এই ঘটনাবোৰ অতি সোনকালে ঘটিব। এই ঘটনাবোৰৰ বিষয়ে যিহোৱা ঈশ্বৰে নিজৰ বাক্যত যিবোৰ কথা লিখাইছে, তাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহওঁনে? গতিকে যেতিয়ালৈকে এই ভৱিষ্যতবাণীবোৰ পূৰ নহয়, তেতিয়ালৈকে আহক আমি নিয়মীয়াকৈ এইবোৰৰ অধ্যয়ন কৰি থাকোঁ আৰু এনে কৰিবলৈ আনকো সহায় কৰোঁ। w২৩.০৮ ১৩ ¶১৯-২০

বুধবাৰ, ১২ নৱেম্বৰ

আমি পৰস্পৰে প্ৰেম কৰোঁহঁক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়।—১ যোহ. ৪:৭.

এবাৰ পাঁচনি পৌলে বিশ্বাস, আশা আৰু প্ৰেমৰ বিষয়ে কথা পাতোঁতে, শেষত তেওঁ এইদৰে কৈছিল, “এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।” (১ কৰি. ১৩:১৩) পৌলে এইদৰে কিয় কৈছিল? কিয়নো ভৱিষ্যতে নতুন পৃথিৱীৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি বিশ্বাস কৰাৰ প্ৰয়োজন নহʼব আৰু এইবোৰ পূৰ হোৱাৰ বাবে আশাও কৰিব নালাগিব। কিয়নো সেই সময়ত এই সকলোবোৰ পূৰ হৈ যাব। কিন্তু যিহোৱা আৰু তেওঁৰ লোকসকলক আমি সদায় প্ৰেম কৰি থাকিব লাগিব। আচলতে তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম দিনক দিনে আৰু বাঢ়ি গৈ থাকিব। ইয়াৰ উপৰিও প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয়। যীচুৱে নিজৰ পাঁচনিসকলক এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহ. ১৩:৩৫) ইয়াৰ উপৰিও, যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰোঁ, তেতিয়া আমাৰ মাজত একতা থাকে। পাঁচনি পৌলে কৈছিল, “প্ৰেম সম্পূৰ্ণৰূপে একতাৰ বান্ধোনত বান্ধি ৰাখে।” (কল. ৩:১৪, NW) পাঁচনি যোহনে খ্ৰীষ্টানসকলক কৈছিল, “যি জনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম” কৰা উচিত। (১ যোহ. ৪:২১) ইয়াৰ অৰ্থ হৈছে, যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰকো প্ৰেম কৰোঁ। w২৩.১১ ৮ ¶১, ৩

বৃহস্পতিবাৰ, ১৩ নৱেম্বৰ

আটাই বাধা দূৰ কৰক —ইব্ৰী ১২:১.

বাইবেলত খ্ৰীষ্টানসকলৰ জীৱনক এটা দৌৰৰ লগত তুলনা কৰিছে। যিসকল লোকে এই দৌৰ পূৰ কৰে, তেওঁলোকে অনন্ত জীৱনৰ পুৰস্কাৰ লাভ কৰিব। (২ তীম. ৪:৭, ৮) সেইবাবে, আমি সকলোৱে সম্পূৰ্ণ শক্তিৰে দৌৰি থাকিব লাগিব। কিয়নো আজি আমি এই দৌৰৰ একেবাৰে শেষ ভাগত আহি পৰিছোঁ আৰু অতি সোনকালে এই দৌৰ পূৰ হʼব। পাঁচনি পৌলে এনে কিছুমান কথাৰ বিষয়ে কৈছিল, যিবোৰে জীৱনৰ এই দৌৰ পূৰ কৰাত আমাক সহায় কৰিব পাৰে। তেওঁ কৈছে, ‘আহাঁ, আমি আটাই বাধা দূৰ কৰি, আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক।’ পৌলে কোৱাৰ অৰ্থ এয়া আছিলনে যে খ্ৰীষ্টানসকলে কোনো ধৰণৰ বোজা লোৱা উচিত নহয়? নহয় এয়া নাছিল। ইয়াৰ অৰ্থ আছিল আমি এনে ধৰণৰ সকলো বোজা বা বাধাক দূৰ কৰিব লাগে, যাক লোৱাটো প্ৰয়োজন নাই। কিয়নো এনেধৰণৰ অপ্ৰয়োজনীয় বোজা লোৱাৰ বাবে আমি হয়তো ভাগৰি যাব পাৰোঁ আৰু দৌৰত আমাৰ গতি কমি যাব পাৰে। আমি এই কথাৰ ওপৰত ধ্যান দিয়া উচিত যে আমি এনে কোনো অপ্ৰয়োজনীয় বোজা লগত লৈ দৌৰি থকা নাইতো। যদি লৈছোঁ, তেনেহʼলে লগে লগে ইয়াক পেলাই দিয়া উচিত। কিন্তু এনে কিছুমান বোজা থাকিব পাৰে যাক আমি লগত লৈ দৌৰিব লাগিব। যদি আমি এই বোজাবোৰ নুঠাও, তেনেহʼলে আমি এই দৌৰৰ যোগ্য নহয়।—২ তীম. ২:৫. w২৩.০৮ ২৬ ¶১-২

শুক্ৰবাৰ, ১৪ নৱেম্বৰ

বাহ্যিক ভূষণ তোমালোকৰ নহওক। —১ পিত. ৩:৩.

আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰাখিলে আমি তেওঁলোকৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম। উদাহৰণস্বৰূপে, কিছুমান ভনীয়ে মেকআপ কৰি ভাল পায় আৰু কিছুমানে নাপায়। কিছুমান খ্ৰীষ্টানে এটা সীমা ৰাখি মদ খায় কিন্তু কিছুমানে একেবাৰে ভাল নাপায়। আমাৰ স্বাস্থ্য ভালে থকাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু যেতিয়া চিকিৎসা কৰা উপায়ৰ কথা আহি পৰে, তেতিয়া সকলো খ্ৰীষ্টানৰ বেলেগ বেলেগ চিন্তাধাৰা থাকে। যদি আমি এইদৰে ভাবোঁ যে মই যি বিশ্বাস কৰোঁ, সেয়া সঠিক হয় আৰু নিজৰ মতামত মণ্ডলীত আনকো জাপি দিওঁ তেনেহ’লে ইয়াৰ পৰা আনে উজুটি খাব পাৰে আৰু মণ্ডলীত বিবাদৰ সৃষ্টি হ’ব পাৰে। (১ কৰি. ৮:৯; ১০:২৩, ২৪) আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত, ইয়াৰ বিষয়ে যিহোৱাই কোনো নিয়ম দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ কিছুমান সিদ্ধান্ত দিছে, যিবোৰ মনত ৰাখি আমি সঠিক নিৰ্ণয় ল’ব পাৰোঁ। এই বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি ‘সুবুদ্ধিৰে’ কাম কৰা উচিত, আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰখা উচিত আৰু এনে কাপোৰ পিন্ধা উচিত, যি পৰিপাটি হয় আৰু যাৰ পৰা যিহোৱাৰ মহিমা হয়। (১ তীম. ২:৯, ১০) সেইবাবে, আমি এনেধৰণৰ কাপোৰ নিপিন্ধোঁ, যাৰ বাবে লোকসকলৰ ধ্যান আমাৰ ফালে আকৰ্ষিত হয়। যিহোৱাই বাইবেলত আমাৰ বাবে সিদ্ধান্ত লিখাইছে। সেইবাবে, প্ৰাচীনসকলে ধ্যান দিয়ে যে তেওঁলোকে কাপোৰ পিন্ধা বা চুলি ফনিওৱাৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা যাতে নিয়ম নবনায়। w২৩.০৭ ২৩-২৪ ¶১৩-২৪

শনিবাৰ, ১৫ নৱেম্বৰ

মনোযোগ কৰি মোৰ কথা শুনা, আৰু যি যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তুষ্ট কৰা।—যিচ. ৫৫:২.

যিহোৱাই আমাক বুজাবলৈ চেষ্টা কৰি আছে যে ভাল ভৱিষ্যৎ পাবলৈ আমি কি কৰা উচিত। যিসকল লোকে বাৰে বাৰে মাতি থকা “অজ্ঞানী তিৰোতাৰ” নিমন্ত্ৰণ গ্ৰহন কৰে, তেওঁলোকে কেৱল লুকাই লুকাই অনৈতিক কামবোৰৰ আনন্দ ল’ব বিচাৰে। তেওঁলোকে অনুভৱে নকৰে যে তেওঁলোকৰ ভৱিষ্য “চিয়োলৰ গভীৰ ঠাইত আছে।” (হিতো. ৯:১৩, ১৭, ১৮)কিন্তু যিসকলে প্ৰকৃত ‘প্ৰজ্ঞাৰ’ নিমন্ত্ৰণ গ্ৰহন কৰে, তেওঁলোকৰ ভৱিষ্য কিমান ভাল হয়। (হিতো. ৯:১) আজি আমি শিকি আছোঁ যে যিহোৱাই প্ৰেম কৰা কথাবোৰক আমি প্ৰেম কৰিব লাগে আৰু যিহোৱাই ঘিণ কৰা কথাবোৰক ঘিণ কৰিব লাগে। (গীত. ৯৭:১০) আমি আনকো প্ৰকৃত ‘প্ৰজ্ঞাৰ’ মাত শুনিবলৈ নিমন্ত্ৰণ কৰোঁ। এইদৰে কৰি আমি চহৰৰ ওখ ঠাইত গৈ এইদৰে কওঁ, “যি নিৰ্ব্বোধ, সি ইয়ালৈ আহক।” ইয়াৰ পৰা আমি বহুতো আনন্দ লাভ কৰোঁ। যিসকলে প্ৰজ্ঞাৰ মাত শুনে, তেওঁলোকে কেৱল আজি লাভৱান হয় এনে নহয় আগলৈও লাভৱান হ’ব। তেওঁলোকে সদায় “জীৱিত” থাকিব আৰু “সুবুদ্ধিৰ পথত” চলি থাকিব।—হিতো. ৯:৩, ৪, ৬. w২৩.০৬ ২৪ ¶১৭-১৮

দেওবাৰ, ১৬ নৱেম্বৰ

ক্ৰোধত ধীৰ লোক বীৰতকৈয়ো উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।—হিতো. ১৬:৩২.

আপোনাৰ বিশ্বাসৰ বিষয়ে যেতিয়া আপোনাৰ স্কুলত বা কাম কৰা ঠাইত প্ৰশ্ন কৰে, তেতিয়া আপোনাক কেনেকুৱা লাগে? তেতিয়া আপোনাক ভয় লাগেনে? আমাৰ মাজৰ বহুতেই হয়তো ভয় খাব পাৰে। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে এনেধৰণৰ প্ৰশ্ন কৰে, তেতিয়া আমি এটা কথা গম পাওঁ যে তেওঁ কি বিশ্বাস কৰে আৰু তেওঁ কি চিন্তা কৰে। ইয়াৰ যোগেদি হয়তো আমি সাক্ষ্য দিয়াৰ সুযোগ পাব পাৰোঁ। কিন্তু বহু বাৰ এজন ব্যক্তিয়ে আমাৰ লগত তৰ্ক কৰাৰ বাবে বা আমাৰ বিশ্বাসৰ লগত সন্মত নোহোৱাৰ বাবে এইদৰে প্ৰশ্ন কৰে। যদি এইদৰে হয়, তেনেহ’লে আমাক আচৰিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে হয়তো বহুতো লোকে ভালদৰে নাজানে বা তেওঁলোকক ভুল তথ্য দিয়া হৈছে। (পাঁচ. ২৮:২২) ইয়াৰ উপৰিও আমি “শেষ-কালত” জীয়াই আছোঁ আৰু এনে সময়ত বহুতো লোক ‘অপবাদক আৰু নিৰ্দয়’ হৈ পৰিছে। (২ তীম. ৩:১, ৩) আপুনি হয়তো ভাবিব পাৰে, ‘মই যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে কোনোবাই যদি মোৰ লগত তৰ্ক কৰে, তেনেহʼলে মই কেনেকৈ শান্ত হৈ প্ৰেমেৰে উত্তৰ দিব পাৰোঁ?’ এনে সময়ত কোমল স্বভাৱৰ হʼলে আপুনি সহায় লাভ কৰিব পাৰে। কোমল স্বভাৱৰ ব্যক্তিয়ে সোনকালে খং নকৰে। যেতিয়া তেওঁক খং তোলোৱা হয় বা তেওঁক এনে প্ৰশ্ন সোধা হয় যাৰ উত্তৰ কেনেকৈ দিব লাগে বুজি নাপায়, তেতিয়াও তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি ৰাখে। w২৩.০৯ ১৪ ¶১-২

সোমবাৰ, ১৭ নৱেম্বৰ

আপুনি তেওঁবিলাকক গোটেই পৃথিবীত অধিপতি-পদত নিযুক্ত কৰিব।—গীত. ৪৫:১৬.

আমি সংগঠনৰ পৰা সময়ে সময়ে যি নিৰ্দেশনা পাওঁ তাক পালন কৰিলে আমাৰে লাভ হয়। যেনে, আমাক সাৱধান কৰা হয় যাতে আমি বেছিকৈ টকা পইচা গোটোৱাৰ পৰা আঁতৰি থাকোঁ আৰু এনে একো কাম নকৰোঁ যাৰ পৰা আগলৈ গৈ আমি পাপ কৰিব পাৰোঁ। এনেধৰণৰ পৰামৰ্শ পালন কৰিলেও আমি আশীৰ্বাদ লাভ কৰোঁ। (যিচ. ৪৮:১৭, ১৮; ১ তীম. ৬:৯, ১০) যিহোৱাই মহা-সংকটৰ সময়ছোৱাত আৰু মচীহৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত লোকসকলৰ জৰিয়তে নিজৰ লোকসকলক সঠিক পথ দেখুৱাই থাকিব তাত কোনো সন্দেহ নাই। সেই সময়ত আমাক যি নিৰ্দেশনা দিয়া হʼব সেইবোৰ আমি পালন কৰিম নে? যদি আজি আমি যিহোৱাই দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ শিকোঁ, তেনেহʼলে তেতিয়াও আমি এইদৰে কৰিব পাৰিম। গতিকে আহক আমি সদায় যিহোৱাই দেখুৱা পথত চলি থাকোঁ আৰু সেই লোকসকলৰ পৰামৰ্শ পালন কৰোঁ, যিসকলক তেওঁ আমাৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিছে। (যিচ. ৩২:১, ২; ইব্ৰী ১৩:১৭) এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই আমাক সঠিক পথ দেখুৱাব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে। তেওঁ আমাক এনে সকলো বিপদৰ পৰা বচাই যাৰ পৰা তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া হʼব পাৰে আৰু আমাৰ লক্ষ্য স্থানত লৈ যায় অৰ্থাৎ নতুন পৃথিৱীত যʼত আমি সদায় জীয়াই থাকিম। w২৪.০২ ২৫ ¶১৭-১৮

মঙ্গলবাৰ, ১৮ নৱেম্বৰ

মহা-কৃপাৰ কাৰণেই তোমালোকৰ উদ্ধাৰ হʼল।—ইফি. ২:৫.

পাঁচনি পৌলে আনন্দেৰে যিহোৱাৰ সেৱা কৰি আছিল কিন্তু বহু বাৰ তেওঁ সমস্যাৰো সন্মুখীন হʼবলগীয়া হৈছিল। তেওঁ প্ৰায়ে দূৰ-দূৰণিলৈকে যাত্ৰা কৰিছিল আৰু সেই সময়ত যাত্ৰা কৰাটো ইমান সহজো নাছিল। সেই সময়ছোৱাত তেওঁ বহু বাৰ ‘নদীৰ সঙ্কট’ আৰু ‘ডকাইতৰ সঙ্কটৰ’ সন্মুখীন হৈছিল। বহুতো বিৰোধীসকলে তেওঁক মাৰ-পিট কৰিছিল। (২ কৰি. ১১:২৩-২৭) আনকি বহু বাৰ খ্ৰীষ্টান ভাইসকলেও তেওঁৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা দেখুৱা নাছিল। (২ কৰি. ১০:১০; ফিলি. ৪:১৫) তথাপি পৌলে একেৰাহে যিহোৱাৰ সেৱা কৰি থাকিল। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? শাস্ত্ৰৰ অধ্যয়ন কৰি আৰু নিজৰ অনুভৱৰ পৰা পৌলে ভালদৰে জানিব পাৰিলে যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়। তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। (ৰোম. ৮:৩৮, ৩৯; ইফি. ২:৪, ৫) তাৰ পাছত তেৱোঁ যিহোৱাক প্ৰেম কৰিবলৈ ধৰিলে। তেওঁ নিজৰ প্ৰেম কেনেকৈ দেখুৱালে? একেৰাহে ‘পবিত্ৰ লোকবিলাকৰ সেৱা-শুশ্ৰূষা’ কৰি।—ইব্ৰী ৬:১০. w২৩.০৭ ৯ ¶৫-৬

বুধবাৰ, ১৯ নৱেম্বৰ

ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।—ৰোম. ১৩:১.

বাইবেলত চৰকাৰক ‘ক্ষমতা পোৱাবিলাক’ অৰ্থাৎ অধিকাৰী বুলি কোৱা হৈছে আৰু বহুতো লোকে বিশ্বাস কৰে যে চৰকাৰ বা অধিকাৰীসকল থকা উচিত আৰু আমি তেওঁলোকে বনোৱা কিছুমান নিয়ম পালন কৰা উচিত। কিন্তু চৰকাৰৰ কোনো নিয়ম যদি তেওঁলোকক ভাল নালাগে বা তাক পালন কৰিবলৈ তেওঁলোকৰ মন নাযায়, তেতিয়া সেই লোকসকলেই তাক পালন কৰিবলৈ নিবিচাৰে। বাইবেলত কোৱা হৈছে যে মানৱীয় চৰকাৰবোৰে বহুতো সমস্যা আনিছে, তেওঁলোকে চয়তানৰ অধীনত আছে আৰু অতি সোনকালে তেওঁলোকক ধ্বংস কৰা হʼব। (গীত. ১১০:৫, ৬; উপ. ৮:৯; লূক ৪:৫, ৬) কিন্তু ইয়াত এয়াও লিখা আছে যে “যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে।” যিহোৱাই অলপ সময়ৰ বাবে চৰকাৰবোৰক থাকিবলৈ দিছে যাতে সকলো কাম শৃংখলাবদ্ধভাৱে হয় আৰু আমি তেওঁলোকৰ আজ্ঞা পালন কৰাটো যিহোৱাই বিচাৰে। বাইবেলত কোৱা হৈছে, “যাৰে যি পাওনা, তাকে তেওঁক দিয়া।” সেইবাবে, আমি টেক্স দিওঁ, চৰকাৰী অধিকাৰীসকলক সন্মান কৰোঁ আৰু তেওঁলোকৰ কথা পালন কৰোঁ। (ৰোম. ১৩:১-৭) হয়তো চৰকাৰৰ কোনো নিয়ম আমাক ভাল নালাগিব পাৰে বা তাক পালন কৰাৰ বাবে আমি বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। তথাপিও আমি তাক পালন কৰোঁ, কিয়নো আমি চৰকাৰৰ কথা পালন কৰাটো যিহোৱাই বিচাৰে। কিন্তু চৰকাৰে যদি আমাক এনে কিবা কাম কৰিবলৈ কয়, যি যিহোৱাৰ নিয়মৰ বিৰোধে হয়, তেনেহʼলে আমি তাক পালন নকৰিম।—পাঁচ. ৫:২৯. w২৩.১০ ৮ ¶৯-১০

বৃহস্পতিবাৰ, ২০ নৱেম্বৰ

যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হল।—বিচা. ১৫:১৪.

চিমচোনৰ জন্ম হোৱাৰ সময়ত ইস্ৰায়েলীসকলৰ ওপৰত পলেষ্টীয়াসকলে ৰাজত্ব কৰিছিল আৰু তেওঁলোকক অত্যাচাৰ কৰিছিল। (বিচা. ১৩:১) পলেষ্টীয়াসকল নিৰ্দয়ী আছিল, সেইবাবে তেওঁলোকে ইস্ৰায়েলীসকলক বহুত তাড়না দিছিল। সেই সময়ত পলেষ্টীয়াহঁতৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ যিহোৱাই চিমচোনক নিযুক্ত কৰিলে। (বিচা. ১৩:৫) এই ডাঙৰ দায়িত্ব চিমচোনে যিহোৱাৰ সহায়তহে পূৰ কৰিব পাৰিলেহেঁতেন। এবাৰ পলেষ্টীয়া সৈন্যসকলে চিমচোনক বন্ধী বনাবলৈ যিহূদাৰ লেহী নামৰ ঠাইত আহিছিল। এয়া চাই যিহূদাৰ লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকে চিমচোনক শত্ৰুৰ হাতত শোধাই দিয়াৰ বিষয়ে ভাবিলে। চিমচোনক নিজৰ লোকসকলে ৰচীৰে বান্ধিলে আৰু শত্ৰুৰ হাতত শোধাই দিলে। (বিচা. ১৫:৯-১৩) তেতিয়া “যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি” হ’লত তেওঁ শক্তি পালে আৰু কাম কৰিবলৈ ধৰিলে। তেওঁ ৰচী চিঙি পেলালে আৰু নিজকে তাৰ পৰা মুক্ত কৰিলে। তাৰ পাছত তেওঁ এটা “গাধৰ গালৰ এডাল কেঁচা হাড়” পালে। তেওঁ এই হাড়েৰে প্ৰায় পলেষ্টীয়াসকলৰ ১০০০ লোকক মাৰি পেলালে।—বিচা. ১৫:১৪-১৬. w২৩.০৯ ২ ¶৩-৪

শুক্ৰবাৰ, ২১ নৱেম্বৰ

এই কাৰণে, সকলোৰে সৃষ্টিকৰ্ত্তা ঈশ্বৰত আদি কালৰ পৰা লুকুৱা নিগূঢ়-তত্ত্বৰ কাৰ্য্য-নিৰ্ব্বাহ কি?—ইফি. ৩:৯.

যিহোৱাই বাইবেলত অলপ অলপকৈ প্ৰকাশ কৰিলে যে তেওঁৰ ‘আদি কালৰ’ উদ্দেশ্য কি। যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যিকোনো উপায় ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁ সদায় সফল হয়। কিয়নো তেওঁ সকলো কাম এনেদৰে কৰে যাতে তেওঁৰ উদ্দেশ্য পূৰ হয়। (হিতো. ১৬:৪) যিহোৱাৰ উদ্দেশ্য ‘আদি কালৰ’ পৰা একেই আছে, কিয়নো তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যিয়ে কাম কৰে, তাৰ পৰা সদায় লাভ হৈ থাকিব। গতিকে আহক চাওঁ যে যিহোৱাৰ উদ্দেশ্য কি আৰু তাক পূৰ কৰিবলৈ তেওঁ কি কি সাল-সলনি কৰিছে। যিহোৱাই আদম আৰু হৱাক মানৱ জাতিৰ বাবে তেওঁৰ উদ্দেশ্য কি তাক জনালে। যিহোৱাই তেওঁলোকক ক’লে, “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু . . . সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” (আদি. ১:২৮) কিন্তু যেতিয়া আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন নকৰিলে, তেতিয়া মানৱ জাতিৰ ওপৰত পাপ আহি পৰিল। কিন্তু ইয়াৰ বাবে যিহোৱাৰ উদ্দেশ্য আধৰুৱা হৈ নাথাকিল। যিহোৱাই লগে লগে কিছুমান সাল-সলনি কৰিলে যাতে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিব পাৰে। তেতিয়াই তেওঁ নিৰ্ণয় ল’লে যে তেওঁ স্বৰ্গত এখন ৰাজ্য আৰম্ভ কৰিব যাৰ জৰিয়তে পৃথিৱী আৰু মানৱ জাতিৰ বাবে তেওঁৰ উদ্দেশ্য পূৰ কৰিব।—মথি ২৫:৩৪. w২৩.১০ ২০ ¶৬-৭

শনিবাৰ, ২২ নৱেম্বৰ

যিহোৱা মোৰ সহায় নোহোৱা হলে, মোৰ প্ৰাণ শীঘ্ৰে নিস্‌মৰ ঠাইত বসতি কৰিলেহেঁতেন।—গীত. ৯৪:১৭.

যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁ আমাক সহায় কৰিব পাৰে। কিন্তু কেতিয়াবা কেতিয়াবা এইদৰে কৰিবলৈ কঠিন লাগিব পাৰে। বিশেষকৈ, যেতিয়া আমি কিবা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ বহু বছৰৰ পৰা চেষ্টা কৰি থাকোঁ। কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে আমি যি দুৰ্বলতাৰ লগত যুঁজি আছোঁ, সেয়া পাঁচনি পিতৰৰ দুৰ্বলতাতকৈ বেছি কঠিন হয়। কিন্তু হাৰ নামানিবলৈ যিহোৱাই আমাক শক্তি দিব পাৰে। (গীত. ৯৪:১৮, ১৯) এজন ভাইৰ উদাহৰণলৈ ধ্যান দিয়ক। সত্য শিকাৰ বহু বছৰৰ আগতে তেওঁ সমকামিতাৰ জীৱন জীয়াই আছিল। কিন্তু পাছত তেওঁ নিজৰ জীৱনত সাল-সলনি কৰিলে আৰু বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিবলৈ ধৰিলে। ইয়াৰ পাছতো কেতিয়াবা কেতিয়াবা তেওঁৰ মনত এই বেয়া ইচ্ছা আহিছিল। তেওঁক হাৰ নামানিবলৈ কি কথাই সহায় কৰিলে? তেওঁ এইদৰে কৈছে, “যিহোৱাই আমাক শক্তি দিয়ে। মই শিকিলোঁ যে যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায়ত আমি সত্যৰ পথত চলি থাকিব পাৰোঁ। যিহোৱাই মোক তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিছে আৰু মোৰ দুৰ্বলতাৰ সত্ত্বেও মোক একেৰাহে শক্তি দি থাকে।” w২৩.০৯ ২৩ ¶১২

দেওবাৰ, ২৩ নৱেম্বৰ

ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল। —হিতো. ২২:৪.

ডেকা ভাইসকল, আপোনালোকে নিজে নিজে এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼব নোৱাৰে, ইয়াৰ বাবে আপুনি পৰিশ্ৰম কৰিব লাগিব। আপুনি এনে কিছুমান পৰিপক্ক লোকসকলৰ বিষয়ে ভাবিব লাগিব, যিসকলৰ দৰে আপুনি হʼব বিচাৰে। আপুনি নিজৰ চিন্তা-শক্তিৰ দক্ষতা বঢ়াব লাগিব, ভৰসাযোগ্য হʼব লাগিব, এনে কিছুমান দক্ষতা শিকিব লাগিব, যি আগলৈ গৈ আপোনাৰ কামত আহে আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব লাগিব। যেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাক ইমান কাম কৰিবলগীয়া আছে, তেতিয়া হয়তো আপুনি চিন্তিত হৈ পৰিব। কিন্তু নিৰাশ নহʼব, আপুনি এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। মনত ৰাখক, যিহোৱা আপোনাৰ লগত আছে আৰু তেওঁ আপোনাক সহায় কৰিব বিচাৰে। (যিচ. ৪১:১০, ১৩) মণ্ডলীৰ ভাই-ভনীসকলেও আপোনাক সহায় কৰিব। গতিকে আপুনি পৰিপক্ক হʼবলৈ পৰিশ্ৰম কৰি থাকক। যেতিয়া আপুনি এজন পৰিপক্ক ভাই হৈ যাব, তেতিয়া আপুনি বহুতো কাম কৰিব পাৰিব আৰু আপুনি আনন্দিত হʼব। ডেকা ভাইসকল, আমি আপোনালোকক বহুত প্ৰেম কৰোঁ! যিহোৱাই আপোনালোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিয়ক এয়েই আমাৰ প্ৰাৰ্থনা। w২৩.১২ ২৯ ¶১৯-২০

সোমবাৰ, ২৪ নৱেম্বৰ

দোষ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ। —হিতো. ১৯:১১.

ভাই-ভনীসকলৰ দুৰ্বলতাবোৰলৈ নহয় ভাল গুণবোৰলৈ ধ্যান দিয়ক। অলপ সময় এই বিষয়ে চিন্তা কৰক। কিছুমান ভাই-ভনী একগোট হৈছে আৰু আপুনিও তেওঁলোকৰ লগত আছে। আপোনালোকে সকলোৱে মিলি বহুত আনন্দ-ফুৰ্তি কৰিছে। সকলোৱে যোৱাৰ আগতে আপুনি তেওঁলোকৰ লগত ফটো তুলিছে। আপুনি বহু কেইখন ফটো তুলিছে যাতে যদি এখন বেয়া হৈ যায়, তেনেহʼলে আপোনাৰ ওচৰত আৰু ভাল ফটো থাকিব পাৰে। পাছত আপুনি সেই ফটোবোৰ চাইছে আৰু মন কৰিছে যে এখন ফটোত এজন ভাইৰ চেহেৰা দেখিবলৈ ভাল লগা নাই। তেতিয়া আপুনি কি কৰে? আপুনি সেই ফটো ডিলিট কৰি দিয়ে কাৰণ আপোনাৰ ওচৰত আৰু ফটো আছে যʼত ভাইজনে ভালদৰে হাঁহি আছে। আমি যিবোৰ ফটো চম্ভালি ৰাখোঁ, সেইবোৰ ভাল স্মৃতিবোৰৰ দৰে হয়। আমি ভাই-ভনীসকলৰ লগত যি সময় কটাওঁ, তাৰ বহুতো ভাল স্মৃতি আমাৰ লগত থাকে। কিন্তু চিন্তা কৰক, সেই সময়ত কোনো ভাই বা ভনীয়ে আপোনাক এনে কথা কʼলে, যাৰ বাবে আপোনাক বহুত দুখ লাগিছে। তেতিয়া আপুনি কি কৰিব? আপুনি বেয়া ফটোখন ডিলিট কৰাৰ দৰে সেই বেয়া স্মৃতি পাহৰি গʼলে কিমান ভাল হʼব। (ইফি. ৪:৩২) আমিও এইদৰে কৰা উচিত। কিয়নো তেওঁলোকৰ লগত কটোৱা সময়ৰ বহুতো ভাল স্মৃতি আমাৰ ওচৰত আছে আৰু সকলোৱে এনেধৰণৰ ভাল স্মৃতিবোৰ চম্ভালি ৰাখিব বিচাৰোঁ। w২৩.১১ ১২-১৩ ¶১৬-১৭

মঙ্গলবাৰ, ২৫ নৱেম্বৰ

তিৰোতাসকলেও . . . পৰিপাটিকৈ কাপোৰ পিন্ধক . . . তেওঁলোকে ভাল কামেৰে সৈতে নিজকে সজোৱা উচিত, ঈশ্বৰৰ ভক্তি কৰা তিৰোতাসকলক এয়াই শোভা দিয়ে।—১ তীম. ২:৯, ১০.

যি গ্ৰীক শব্দৰ ব্যৱহাৰ কৰা হৈছে তাৰ পৰা জানিব পাৰি যে ভনীসকলে এনে কাপোৰ পিন্ধা উচিত যাৰ পৰা ঈশ্বৰৰ মহিমা হয় আৰু তেওঁলোকে আনৰ চিন্তাধাৰা আৰু ভাৱনাক সন্মান কৰে। যিসকল ভনীয়ে এই পৰামৰ্শ পালন কৰে, তেওঁলোকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ! পৰিপক্ক ভনীসকলে বুদ্ধিমত্তাৰে কাম কৰে। বুদ্ধিমত্তাৰে কাম কৰাটো এনে এটা দক্ষতা হয়, যাৰ বাবে এজন ব্যক্তিয়ে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰে আৰু সঠিক কাম কৰে। অবীগলৰ উদাহৰণলৈ মন কৰক। তেওঁৰ স্বামীয়ে এটা ভুল নিৰ্ণয় লৈছিল, যাৰ বাবে তেওঁৰ গোটেই পৰিয়ালৰ জীৱন বিপদত পৰিছিল। তেতিয়া অবীগলে লগে লগে পদক্ষেপ লʼলে। তেওঁ বুদ্ধিমত্তাৰে কাম কৰিলে, সেইবাবে সকলোৰে জীৱন ৰক্ষা পৰিল। (১ চমূ. ২৫:১৪-২৩, ৩২-৩৫) যিজন ব্যক্তিয়ে বুদ্ধিমত্তাৰে কাম কৰে, তেওঁ জানে যে কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া কʼব লাগে। এনে ব্যক্তিয়ে যেতিয়া আনৰ খা-খবৰ লʼবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ লগত কথা পাতে, তেতিয়া তেওঁ এনে কোনো প্ৰশ্ন নুশুধে যাৰ বাবে সেই ব্যক্তিজনে সংকোচ অনুভৱ কৰিব পাৰে।—১ থিচ. ৪:১১. w২৩.১২ ২০ ¶৮-৯

বুধবাৰ, ২৬ নৱেম্বৰ

ঈশ্বৰৰ পৰা মহিমা পোৱাৰ আশাৰ বাবে আনন্দ কৰোঁ।—ৰোম. ৫:২.

পাঁচনি পৌলে এই কথাষাৰ ৰোম মণ্ডলীলৈ লিখিছিল। তাত থকা ভাই-ভনীসকলে যিহোৱা আৰু যীচুৰ বিষয়ে শিকিছিল, তেওঁলোকৰ ওপৰত বিশ্বাস কৰিছিল আৰু খ্ৰীষ্টান হৈছিল। ঈশ্বৰে তেওঁলোকৰ বিশ্বাসৰ বাবে তেওঁলোকক ভাল ব্যক্তি বুলি কৈছিল আৰু পবিত্ৰ শক্তিৰে অভিষেক কৰিছিল। (ৰোম. ৫:১) এতিয়া তেওঁলোকৰ ওচৰত এটা সুন্দৰ আশা আছিল আৰু এই আশা নিশ্চয় পূৰ হʼব তেওঁলোকে বিশ্বাস ৰাখিব পাৰিছিল। পাছত পৌলে যেতিয়া ইফিচত থকা অভিষিক্ত খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল, তেতিয়া তেওঁ এই আশাৰ বিষয়ে কৈছিল। তেওঁ কৈছিল তেওঁলোকে “পবিত্ৰ লোকবিলাৰ” বাবে সাঁচি থোৱা ‘উত্তৰাধিকাৰ’ পাব। (ইফি. ১:১৮) যেতিয়া পৌলে কলচীয়া নামৰ চিঠিখন লিখিছিল, তেতিয়া তেওঁ জনাইছিল যে তেওঁলোকৰ আশা কʼত পূৰ হʼব। পৌলে তেওঁলোকক কৈছিল, ‘তোমালোকৰ নিমিত্তে সাঁচি থোৱা আশা স্বৰ্গত’ পূৰ হʼব। (কল. ১:৩-৫) গতিকে, আমি কʼব পাৰোঁ যে অভিষিক্ত খ্ৰীষ্টানসকলৰ মৃত্যুৰ পাছত তেওঁলোকক আকৌ জীয়াই তুলি স্বৰ্গত জীৱন দিয়া হʼব আৰু তাত তেওঁলোকে মচীহৰ লগত শাসন কৰিব।—১ থিচ. ৪:১৩-১৭; প্ৰকা. ২০:৬. w২৩.১২ ৯ ¶৪-৫

বৃহস্পতিবাৰ, ২৭ নৱেম্বৰ

সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে . . . তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।—ফিলি. ৪:৭.

ইয়াত যি শব্দৰ অনুবাদ পহৰা দিয়া বুলি কৰা হৈছে, সেয়া প্ৰায় সেই সৈনিকৰ বাবে ব্যৱহাৰ কৰা হয়, যিসকলে নগৰৰ দুৱাৰত পহৰা দিছিল যাতে শত্ৰুসকলে দেশত আক্ৰমণ কৰিব নোৱাৰে। সেই নগৰৰ লোকসকলে জানে যে সৈনিকসকলে নগৰৰ দুৱাৰত পহৰা দি আছে। সেইবাবে, তেওঁলোকে আৰামত শুব পাৰে। ঠিক সেইদৰে, যেতিয়া ঈশ্বৰৰ পৰা পোৱা শান্তিয়ে আমাৰ হৃদয় আৰু মগজুক পহৰা দিয়ে, তেতিয়া আমাৰ মন শান্ত হৈ থাকিব পাৰে। কিয়নো আমি জানোঁ যে আমি সুৰক্ষিত আছোঁ। (গীত. ৪:৮) যদি হান্নাৰ দৰে আমাৰ পৰিস্থিতি লগে লগে সলনি নহয়, তথাপিও আমাৰ মন শান্ত হৈ থাকিব পাৰে। (১ চমূ. ১:১৬-১৮) যেতিয়া আমাৰ মন শান্ত হৈ থাকে, তেতিয়া আমি ভালদৰে ভাবিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ। আমি কি কৰিব পাৰোঁ? যেতিয়া আপোনাৰ মন বহুত চিন্তিত হয়, তেতিয়া আপুনি “প্ৰহৰীক” মাতিব পাৰে। ইয়াৰ অৰ্থ হৈছে যেতিয়ালৈকে আপুনি ঈশ্বৰৰ শান্তি লাভ নকৰে, তেতিয়ালৈকে প্ৰাৰ্থনা কৰি থাকক। (লূক ১১:৯; ১ থিচ. ৫:১৭) যদি আপুনি সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেনেহʼলে বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকক। তেতিয়া যিহোৱাই আপোনাক এনে শান্তি দিব, যি আপোনাৰ হৃদয় আৰু মগজুক সুৰক্ষিত কৰিব।—ৰোম. ১২:১২. w২৪.০১ ২১ ¶৫-৬

শুক্ৰবাৰ, ২৮ নৱেম্বৰ

হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক।—মথি ৬:৯.

নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিবলৈ যীচুৱে সকলো ধৰণৰ তাড়না, অপমান আৰু বদনাম সহন কৰিছিল। সেইবাবে, তেওঁ লাজ অনুভৱ কৰা নাছিল, কাৰণ তেওঁ জানিছিল যে তেওঁ সদায় নিজৰ পিতৃৰ আজ্ঞা মানি চলিছে। (ইব্ৰী ১২:২) তেওঁ এয়াও জানিছিল যে সেই কঠিন সময়ছোৱাত চয়তানে চিধা-চিধিকৈ তেওঁৰ ওপৰত আক্ৰমণ কৰি আছে। (লূক ২২:২-৪; ২৩:৩৩, ৩৪) যীচু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব বুলি চয়তানে আশা কৰিছিল। কিন্তু তাৰ এই আশা পূৰ নহʼল। যীচুৱে প্ৰমাণ কৰিলে যে চয়তান কিমান নিৰ্দয় আৰু মিছলীয়া হয় আৰু এই পৃথিৱীত এনে সেৱক আছে, যিসকলে কঠিন সমস্যাৰ সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকে। আপুনি নিজৰ ৰজা যীচুক আনন্দিত কৰিব বিচাৰে নে? যদি বিচাৰে, তেনেহʼলে যিহোৱাৰ নাম প্ৰশংসা কৰি থাকক আৰু ঈশ্বৰৰ ভাল ভাল গুণৰ বিষয়ে জানিবলৈ আনক সহায় কৰক। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া আপুনি যীচুৰ উদাহৰণত চলিছে বুলি দেখুৱাব। (১ পিত. ২:২১) যীচুৰ দৰে আপুনি যিহোৱাৰ মন আনন্দিত কৰিব আৰু এয়া প্ৰমাণ কৰিব যে তেওঁৰ শত্ৰু চয়তানে যি অভিযোগ লগাইছে, সেয়া একেবাৰে মিছা হয়। w২৪.০২ ১১ ¶১১-১৩

শনিবাৰ, ২৯ নৱেম্বৰ

মই যিহোৱাৰ পৰা যি সকলো মঙ্গল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম?—গীত. ১১৬:১২.

যোৱা পাঁচ বছৰত ১০ লাখতকৈ বেছি লোকে বাপ্তিষ্মা লʼলে আৰু যিহোৱাৰ সাক্ষী হʼল। আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ পাছত এটা বিশেষ উদ্দেশ্যৰ বাবে জীৱন-যাপন কৰে? সেয়া কি বাৰু? আপুনি যীচুৰ শিষ্য হৈ পৰে আৰু ঈশ্বৰৰ ইচ্ছা পূৰ কৰাটোৱেই আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। যিসকল লোকে যীচুৰ শিষ্য হয়, তেওঁলোকৰ পৰা কি আশা কৰা হয়? যীচুৱে এইদৰে কৈছিল, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক।” (মথি ১৬:২৪) ইয়াৰ অৰ্থ হৈছে আপুনি যেতিয়া নিজৰ জীৱন সমৰ্পণ কৰিব, তেতিয়া আপুনি এনে কামবোৰ কৰাৰ পৰা আঁতৰি থাকিব, যিবোৰ যিহোৱাই ভাল নাপায়। যেনে, “মাংসৰ কাৰ্য্যবোৰ” অৰ্থাৎ অনৈতিক শাৰীৰিক সম্পৰ্কৰ দৰে বেয়া কামবোৰ। (গালা. ৫:১৯-২১; ১ কৰি. ৬:১৮; ২ কৰি. ৫:১৪, ১৫) এইবোৰ চাই আপুনি ভাবে নে যে আপোনাৰ ওপৰত বহুতো নিষেধ বা বাধা আহি যাব। যদি আপুনি যিহোৱাক প্ৰেম কৰে আৰু আপোনাৰ বিশ্বাস আছে যে তেওঁৰ নিয়মবোৰ পালন কৰিলে আমাৰে লাভ হʼব, তেনেহʼলে আপুনি কেতিয়াও তেনেদৰে নাভাবিব।—গীত. ১১৯:৯৭; যিচ. ৪৮:১৭, ১৮. w২৪.০৩ ২ ¶১; ৩ ¶৪

দেওবাৰ, ৩০ নৱেম্বৰ

তোমাক মই গ্ৰহণ কৰিলোঁ।—লূক ৩:২২.

যিহোৱাই যিসকল লোকৰ পৰা আনন্দিত আছে, তেওঁলোককহে নিজৰ পবিত্ৰ শক্তি দিয়ে। তেওঁৰ পবিত্ৰ শক্তিৰ সহায়ত আমি ভাল ভাল গুণবোৰ বঢ়াব পাৰোঁ। (মথি ১২:১৮) গতিকে নিজকে সোধক, ‘মই পবিত্ৰ শক্তিৰ কিবা গুণ বঢ়াইছোঁ বুলি মোৰ ব্যৱহাৰৰ পৰা জানিব পাৰি নে?’ যেনে, সত্য শিকাৰ পাছত আপুনি লোকসকলৰ লগত আৰু বেছিকৈ ধৈৰ্য্য ধৰিছে নে? যিমানেই আপুনি পবিত্ৰ শক্তিৰ গুণবোৰ বঢ়াব আৰু দেখুৱাব, সিমানেই আপোনাৰ বিশ্বাস হʼব যে যিহোৱা আপোনাৰ পৰা আনন্দিত আছে। যিহোৱাই মুক্তিৰ মূল্যৰ বলিদানৰ আধাৰত সেই লোকসকলক ক্ষমা কৰে, যিসকলৰ পৰা তেওঁ আনন্দিত আছে। (১ তীম. ২:৫, ৬) এই বলিদানৰ ওপৰত বিশ্বাস কৰা আৰু বাপ্তিষ্মা লোৱাৰ পাছতো আমাৰ অনুভৱ হʼব পাৰে যে যিহোৱাই আমাৰ পৰা আনন্দিত নহয়। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে আমি যি ভাবোঁ আৰু যিদৰে অনুভৱ কৰোঁ, সেয়া সদায় সঠিক নহয়। কিন্তু আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। যিসকল লোকে মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত বিশ্বাস কৰে, যিহোৱাই তেওঁলোকক ভাল ব্যক্তি বুলি কয় আৰু তেওঁলোকক আশীৰ্বাদ দিব বুলি প্ৰতিজ্ঞা কৰিছে।—গীত. ৫:১২; ৰোম. ৩:২৬. w২৪.০৩ ৩০ ¶১৫; ৩১ ¶১৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক