ডিচেম্বৰ
সোমবাৰ, ১ ডিচেম্বৰ
মৃতবিলাকক জীয়াই তোলা হʼব। —লূক ২০:৩৭.
মৃত লোকসকলক আকৌ জীয়াই তুলিবলৈ ঈশ্বৰৰ ওচৰত শক্তি আছেনে? নিশ্চয় আছে। কিয়নো তেওঁ “সৰ্ব্বশক্তিমান” হয়। (প্ৰকা. ১:৮) ইয়াৰ অৰ্থ হৈছে তেওঁৰ ওচৰত ইমানেই শক্তি আছে যে কোনো শত্ৰুয়ে তেওঁৰ পৰা জিকিব নোৱাৰে, আনকি মৃত্যুয়েও নোৱাৰে। (১ কৰি. ১৫:২৬) মৃত লোকসকলক যিহোৱাই আকৌ জীয়াই তুলিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? কিয়নো তেওঁৰ স্মৃতি শক্তি বৰ আচৰিত। তেওঁ প্ৰতিটো তৰাক নাম লৈ মাতে। (যিচ. ৪০:২৬) তেওঁ সেই লোকসকলকো মনত ৰাখে, যিসকলৰ মৃত্যু হʼল। (ইয়ো. ১৪:১৩; লূক ২০:৩৮) তেওঁ যিসকল লোকক আকৌ জীয়াই তুলিব, তেওঁলোকৰ সৰু সৰু কথাও মনত ৰাখে। যেনে, তেওঁলোক দেখাত কেনেকুৱা আছিল, তেওঁলোকৰ স্বভাৱ কেনেকুৱা আছিল, তেওঁলোকৰ জীৱনত কি কি ঘটিছিল আৰু তেওঁলোকৰ স্মৃতি, এই সকলো কথা মনত ৰাখে। আমি শিকিলোঁ যে যিহোৱাই মৃত লোকসকলক আকৌ জীয়াই তোলাৰ যি প্ৰতিজ্ঞা কৰিছে, সেই প্ৰতিজ্ঞাৰ ওপৰত আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কাৰণ তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব বিচাৰে আৰু এনে কৰাৰ তেওঁৰ শক্তিও আছে। আমি আৰু এটা কাৰণৰ বাবে তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। সেয়া হৈছে যিহোৱাই আগতেও লোকসকলক জীয়াই তুলিছিল। প্ৰাচীন সময়ত তেওঁ কিছুমান সেৱকক মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি দিছিল। তেওঁ যীচুকো এই শক্তি দিছিল। w২৩.০৪ ৯-১০ ¶৭-৯
মঙ্গলবাৰ, ২ ডিচেম্বৰ
যিদৰে নিমখে আহাৰৰ সোৱাদ বঢ়ায়, ঠিক সেইদৰে সদায় নম্ৰতাৰে কথা পাতিবা।—কল. ৪:৬.
যদি আমি ভাবি-চিন্তি আৰু কোমলতাৰে লোকসকলক কথা কওঁ, তেনেহʼলে হয়তো লোকসকলে আমাৰ কথা শুনিবলৈ সাজু হʼব আৰু আমি তেওঁলোকৰ লগত কথা পাতি থাকিব পাৰোঁ। হয়তো কিছুমান লোকে আমাৰ লগত তৰ্ক কৰি থাকিব বিচাৰে বা আমাক ঠাট্টা কৰি থাকিব বিচাৰে। এনে লোকসকলৰ লগত কথা পাতি থকা উচিত নহয়। (হিতো. ২৬:৪) কিন্তু সকলোৱে তেওঁলোকৰ দৰে নহয়। হয়তো বেছিভাগ লোকেই আমাৰ কথা শুনিবলৈ সাজু হʼব পাৰে। আমি শিকিলোঁ যে কোমল স্বভাৱৰ হʼলে আমাৰ বহুতো লাভ হয়। কোমলতাৰে আনৰ লগত ব্যৱহাৰ কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে কোনোবাই আপোনাৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন তুলিলে বা আপোনাক ঠাট্টা কৰিলে আপুনি কোমলতাৰে উত্তৰ দিব পাৰিব। মনত ৰাখক, আপোনাৰ চিন্তাধাৰা তেওঁলোকৰ চিন্তাধাৰাৰ লগত নিমিলে। সেইবাবে, আপুনি কোমলতাৰে তেওঁলোকক উত্তৰ দিলে কথা বেয়ালৈ ঢাল নাখাব। ইয়াৰ উপৰিও, আনক সন্মান কৰিলে আৰু কোমলতাৰে উত্তৰ দিলে হয়তো কিছুমান লোকে আমাৰ বিষয়ে আৰু বাইবেলৰ শিক্ষাৰ বিষয়ে নিজৰ চিন্তাধাৰা সলনি কৰিব। গতিকে আপুনি যি বিশ্বাস কৰে, তাৰ “পক্ষে উত্তৰ দিবলৈ” সাজু থাকক, কিন্তু “নম্ৰতাৰে আৰু ভয়েৰে।” (১ পিত. ৩:১৫) মনত ৰাখক, কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, এয়া আপোনাৰ শক্তিহে। w২৩.০৯ ১৯ ¶১৮-১৯
বুধবাৰ, ৩ ডিচেম্বৰ
চিৰসহিষ্ণুতাক [বা ধৈৰ্য্যক] পিন্ধা।—কল. ৩:১২.
আহক চাওঁ যে ধৈৰ্য্য ধৰি কাম কৰা লোকৰ কি বিশেষ চাৰিটা গুণ থাকে। প্ৰথম, ধৈৰ্য্য ধৰা ব্যক্তি “ক্ৰোধত ধীৰ” হয়, তেওঁ সোনকালে খং নকৰে। যেতিয়া তেওঁক খং তোলা হয় বা তেওঁ চিন্তিত থাকে, তেতিয়া তেওঁ শান্ত হৈ থাকে আৰু প্ৰতিশোধ লʼবলৈ চেষ্টা নকৰে। (যাত্ৰা. ৩৪:৬) দ্বিতীয়, ধৈৰ্য্য ধৰা ব্যক্তিক যদি কেতিয়াবা অপেক্ষা কৰিবলগীয়া হয়, তেতিয়াও তেওঁ শান্ত হৈ থাকে। কোনো কাম বা কথাৰ বাবে তেওঁ যিমান সময় লাগিব বুলি ভাবিছিল তাতকৈ যদি বেছি সময় লাগে, তেতিয়া তেওঁ ধৈৰ্য্য নেহেৰুৱাই বা খং নকৰে। (মথি ১৮:২৬, ২৭) তৃতীয়, ধৈৰ্য্য ধৰা ব্যক্তিয়ে চিন্তা নকৰি খৰ-খেদাকৈ কাম নকৰে। যদি কোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া হয়, তেতিয়া তেওঁ তাক আৰম্ভ কৰিবলৈ খৰ-খেদা নকৰে বা চিন্তা নকৰাকৈ শেষ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ অলপ সময় লৈ প্ৰথমে তাৰ বিষয়ে চিন্তা কৰে যে সেই কাম ভালদৰে পূৰ কৰিবলৈ কিমান সময় লাগিব আৰু সিমানেই সময় লয়। চতুৰ্থ, ধৈৰ্য্য ধৰা ব্যক্তিয়ে সমস্যাৰ সময়ত অভিযোগ নকৰে। তাৰ পৰিৱৰ্তে ভাল কথাবোৰলৈ ধ্যান দিয়ে আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ চেষ্টা কৰে। (কল. ১:১১) গতিকে এতিয়ালৈকে আমি যি কথাবোৰ আলোচনা কৰিলোঁ সেইবোৰ মনত ৰাখি আমি সকলোৱে ধৈৰ্য্য ধৰা উচিত। w২৩.০৮ ২০-২১ ¶৩-৬
বৃহস্পতিবাৰ, ৪ ডিচেম্বৰ
হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা।—হিতো. ১৭:৩.
নিজৰ হৃদয়ক সুৰক্ষিত কৰি ৰখাৰ এটা কাৰণ হৈছে যিহোৱাই আমাৰ হৃদয়ৰ পৰীক্ষা কৰে। ইয়াৰ অৰ্থ কেৱল এয়া নহয় যে তেওঁ আমাক বাহিৰে-বাহিৰে চাই ইয়াৰ পৰিৱৰ্তে তেওঁ আমাৰ অন্তৰকো চাই। তেওঁ বহুতো বুদ্ধিৰে ভৰা কথাবোৰ লিখোৱাইছে, যাক পালন কৰিলে আমাৰ জীৱন ৰক্ষা পৰে। (যোহ. ৪:১৪) যদি আমি এই কথাবোৰৰ ওপৰত ধ্যান দিওঁ তেনেহ’লে চয়তান আৰু তাৰ জগতৰ মিছা আৰু অনৈতিক কথাৰ বাবে আমাৰ হৃদয়ত কোনো ঠাই নাথাকিব যিবোৰ বিহৰ দৰে হয়। (১ যোহ. ৫:১৮, ১৯) এইদৰে কৰিলে যিহোৱাই আমাক আৰু প্ৰেম কৰিব। আমি যিমানেই যিহোৱাৰ কাষ চাপিম, সিমানেই আমি তেওঁক বেছিকৈ প্ৰেম কৰিবলৈ ধৰিম আৰু তেওঁৰ সন্মান কৰিম। আমি এনে কোনো কাম কৰিব নিবিচাৰিম যাৰ পৰা আমাৰ পিতৃ যিহোৱাই দুখ পাব। সেইবাবে, পাপ কৰাৰ ইচ্ছাৰ পৰাই আমি দূৰত ক্ৰয়েছিয়াত থকা ভনী মাৰ্টাক অনৈতিক কাম কৰিবলৈ প্ৰলোভিত কৰা হৈছিল। তাই ইয়াৰ বিষয়ে এইদৰে কৈছে, “মই ভালদৰে ভাবিব পৰা নাছিলোঁ। পাপ কৰি অলপ সময়ৰ বাবে আনন্দিত হোৱাৰ ইচ্ছা ইমানেই বেছি হৈছিল যে মোৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰি ৰখাটো কঠিন হৈ পৰিছিল। কিন্তু যিহোৱালৈ ভয় ৰখাৰ বাবে মই সুৰক্ষিত হৈ থাকিব পাৰিলোঁ।” ঈশ্বৰলৈ ভয় ৰখাৰ বাবে ভনীয়ে কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰিলে? অনৈতিক কাম কৰাৰ বাবে কিমান বেয়া পৰিণাম হʼব পাৰে, ইয়াৰ বিষয়ে তাই চিন্তা কৰিলে। আমিও বেয়া কামৰ পৰিণামৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। w২৩.০৬ ২০-২১ ¶৩-৪
শুক্ৰবাৰ, ৫ ডিচেম্বৰ
যেতিয়া মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হম, তেতিয়া, মই যে যিহোৱা, তাক জাতিবিলাকে জানিব।—যিহি. ৩৬:২৩.
যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু তেওঁৰ নামত লগা কলংক আঁতৰি যোৱাটোৱেই যিহোৱাৰ উদ্দেশ্য হয় বুলি যীচুৱে জানিছিল। সেইবাবে, তেওঁ আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকালে, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক।” (মথি ৬:৯) যীচুৱে জানিছিল যে যিহোৱাৰ নাম পবিত্ৰ কৰাটোৱেই গোটেই বিশ্বৰ আটাইতকৈ ডাঙৰ বিষয় হয়। তেওঁ এই নাম পবিত্ৰ কৰিবলৈ যি কৰিলে, গোটেই পৃথিৱীত সিমান কোনেও কৰা নাই। তথাপিও যেতিয়া যীচুক গ্ৰেপ্তাৰ কৰা হʼল, তেতিয়া শত্ৰুসকলে তেওঁৰ ওপৰত কি অভিযোগ লগালে? ঈশ্বৰক নিন্দা কৰাৰ। যীচুৱে জানিছিল যে নিজৰ পিতৃৰ পবিত্ৰ নামক বদনাম কৰাটো সকলোতকৈ ডাঙৰ পাপ হয়। যীচুৱে জানিছিল যে তেওঁৰ ওপৰতো এই অভিযোগ লগোৱা হʼব। হয়তো ইয়াৰ বাবেই গ্ৰেপ্তাৰ হোৱা কিছু সময়ৰ আগতে যীচুৰ মন ‘অতি যাতনা পাইছিল।’—লূক ২২:৪১-৪৪. w২৪.০২ ১১ ¶১১
শনিবাৰ, ৬ ডিচেম্বৰ
প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্ম্মাণ, . . . কৰা হয়।—হিতো. ২৪:৩.
জীৱনৰ দৌৰত দৌৰি থাকিবলৈ আমি পৰিয়ালতকৈ বেছি যিহোৱা আৰু যীচুক প্ৰেম কৰাটো অতি প্ৰয়োজন। (মথি ১০:৩৭) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি যিহোৱা আৰু যীচুক প্ৰেম কৰিবলৈ নিজৰ পৰিয়ালৰ দায়িত্ববোৰ পূৰ কৰাৰ পৰা আঁতৰি থাকিম। ইয়াৰ পৰিৱৰ্তে যিহোৱা আৰু যীচু খ্ৰীষ্টক আনন্দিত কৰিবলৈ আমি নিজৰ পৰিয়ালৰ দায়িত্ববোৰ পূৰ কৰাটো অতি প্ৰয়োজন। (১ তীম. ৫:৪, ৮) এইদৰে কৰিলে আমি আনন্দিত থাকিম। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে যেতিয়া আমি পৰিয়ালত সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ, তেতিয়া আমি সকলোৱে আনন্দিত থাকোঁ। যেতিয়া পতি-পত্নীয়ে এজনে-আনজনক প্ৰেম আৰু সন্মান কৰে, পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে আৰু তেওঁলোকক শিকায়, লʼৰা-ছোৱালীয়ে যেতিয়া তেওঁলোকৰ আজ্ঞা পালন কৰে, তেতিয়া পৰিয়ালত এটা আনন্দময় পৰিৱেশ থাকে। (ইফি. ৫:৩৩; ৬:১, ৪) ভৰসা ৰাখক যে বাইবেলত পতি-পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ বাবে বহুতো ভাল ভাল পৰামৰ্শ দিয়া আছে আৰু সেইবোৰ পালন কৰিলে সদায় লাভ হয়। আজি জগতৰ লোকসকলক যি ভাল লাগে তাকে কৰে বা তেওঁলোকৰ আশে-পাশে থকা লোকসকলৰ দৰে কৰে বা তেওঁলোকে ডাঙৰ ডাঙৰ পৰামৰ্শদাতাসকলৰ কথা শুনে। কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে আপুনি বাইবেলৰ অনুসৰি চলক আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়ক। সেইবোৰত ভালদৰে বুজোৱা হৈছে যে আমি কেনেকৈ বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিব পাৰোঁ। w২৩.০৮ ২৮ ¶৬-৭
দেওবাৰ, ৭ ডিচেম্বৰ
তাত লিখা আটাইখিনিকে পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে তাক ধ্যান কৰা; কিয়নো তাকে কৰিলে, তোমাৰ শুভগতি হব, আৰু তুমি কৃতকাৰ্য্য হবা।—যিহো. ১:৮.
খ্ৰীষ্টান ভনীসকলে কিছুমান দক্ষতা শিকা উচিত। যদি এজন ব্যক্তিয়ে কম বয়সতে কিবা দক্ষতা শিকে, তেনেহʼলে সেয়া তেওঁৰ গোটেই জীৱন কামত আহে। উদাহৰণস্বৰূপে, ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। কিছুমান সংস্কৃতিত তিৰোতাসকলে পঢ়া-লিখা কৰাটো ইমান গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে। কিন্তু প্ৰতিজন খ্ৰীষ্টানে এই দক্ষতা বঢ়োৱাটো অতি প্ৰয়োজন। (১ তীম. ৪:১৩) আপোনাৰ ওচৰত যিয়েই সমস্যা নাহক কিয়, আপুনি ভালদৰে পঢ়া-লিখা কৰিম বুলি থিৰাং কৰক। এইদৰে কৰিলে আপোনাৰ কি লাভ হʼব? আপুনি এটা ভাল চাকৰি পাব পাৰে আৰু তাক বজাই ৰাখিব পাৰে। আপুনি ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰিব পাৰিব আৰু আনকো ভালদৰে শিকাব পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আপুনি যেতিয়া নিজেই ঈশ্বৰৰ বাক্য পঢ়িব আৰু মনন কৰিব, তেতিয়া আপুনি যিহোৱাৰ আৰু কাষ চাপিব।—১ তীম. ৪:১৫. w২৩.১২ ২০ ¶১০-১১
সোমবাৰ, ৮ ডিচেম্বৰ
প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ . . . জানে।—২ পিত. ২:৯.
বেয়া চিন্তাধাৰাক মনৰ পৰা দূৰ কৰিবলৈ সহায় বিচাৰক। আমি অসিদ্ধ হোৱাৰ বাবে বেয়া কাম কৰাৰ ইচ্ছাৰ লগত প্ৰায়ে যুঁজিবলগীয়া হয়। ইয়াৰ উপৰিও চয়তানে আমাৰ মনত বেয়া চিন্তাধাৰা আনিবলৈ চেষ্টা কৰে। সেইবাবে, এই ইচ্ছাৰ লগত যুঁজিবলৈ আমাৰ বাবে আৰু কঠিন হৈ পৰে। বহু বাৰ সি মনোৰঞ্জনৰ যোগেদিও এইদৰে কৰে। যদি আমি এনেধৰণৰ মনোৰঞ্জন কৰোঁ, যʼত অনৈতিক কামবোৰ দেখুৱা হয়, তেনেহʼলে আমাৰ মন বেয়া চিন্তাধাৰাৰে ভৰি পৰিব। যাৰ ফলত আমি যিহোৱাৰ দৃষ্টিত অশুচি হৈ পৰিম আৰু হয়তো কিবা গম্ভীৰ পাপ কৰিব পাৰোঁ। (মাৰ্ক ৭:২১-২৩; যাকো. ১:১৪, ১৫) যদি আমি বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰূদ্ধে যুজিব বিচাৰোঁ তেনেহ’লে আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন। যেতিয়া যীচুয়ে নিজৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, তেতিয়া তেওঁলোকক এই বিষয়েও প্ৰাৰ্থনা কৰিবলৈ কৈছিল, “আমাক পৰীক্ষালৈ নিনিবা, কিন্তু চয়তানৰ পৰা আমাক ৰক্ষা কৰা।” (মথি ৬:১৩) যিহোৱাই আমাক সহায় কৰিব বিচাৰে, কিন্তু আমিও প্ৰাৰ্থনা কৰি সহায় বিচাৰিব লাগিব আৰু তাৰ অনুসৰি কামো কৰিব লাগিব। w২৩.০৫ ৬-৭ ¶১৫-১৭
মঙ্গলবাৰ, ৯ ডিচেম্বৰ
তিনি গুণীয়া ৰছী বেগাই নিছিগে। —উপ. ৪:১২.
এইদৰে কৰিলে আপোনালোকৰ সম্পৰ্কও মজবুত হʼব। কেনেকৈ বাৰু? যেতিয়া পতি-পত্নীয়ে যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক গুৰুত্ব দিয়ে, তেতিয়া তেওঁলোকে সহজে যিহোৱাৰ পৰামৰ্শ মানিব পাৰে। এইদৰে তেওঁলোকে বহুতো সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে, যাৰ বাবে তেওঁলোকৰ প্ৰেম চেঁচা নহয়। যদিও তেওঁলোকৰ জীৱনত এনেধৰণৰ সমস্যা আহে, তথাপি তেওঁলোকে সেইবোৰ ভালদৰে সমাধান কৰিব পাৰে। ইয়াৰ উপৰিও যিসকলৰ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকে, তেওঁলোকে যিহোৱাৰ দৰেই হʼবলৈ চেষ্টা কৰে। তেওঁলোকে যিহোৱাৰ দৰে ধৈৰ্য্য ধৰে, আনক ক্ষমা কৰে আৰু সকলোৰে লগত প্ৰেমেৰে ব্যৱহাৰ কৰে। (ইফি. ৪:৩২–৫:১) ইয়াৰ বাবে তেওঁলোকৰ মাজত থকা প্ৰেম বাঢ়ি থাকে। ভনী লীনা, যাৰ বিয়া হোৱা ২৫ বছৰতকৈ বেছি হʼল, তেওঁ এইদৰে কৈছে, “যিজন ব্যক্তিৰ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকে, তেওঁক প্ৰেম আৰু সন্মান কৰিবলৈ সহজ হৈ পৰে।” বাইবেলৰ এটা উদাহৰণলৈ মন কৰক। পৃথিৱীত মচীহৰ পিতৃ-মাতৃ কোন হʼব, তাৰ বিষয়ে যেতিয়া যিহোৱাই বাছনি কৰিছিল, তেতিয়া তেওঁ দায়ূদৰ বংশৰ যিকোনো দম্পতীক বাছনি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ যোচেফ আৰু মৰিয়মক কিয় বাছনি কৰিলে? কিয়নো যিহোৱাৰ লগত তেওঁলোকৰ এক ভাল সম্পৰ্ক আছিল আৰু যিহোৱাই জানিছিল যে তেওঁলোকে দম্পতী হিচাপেও নিজৰ জীৱনত তেওঁক প্ৰথম স্থান দিব। w২৩.০৫ ২০-২১ ¶৩-৪
বুধবাৰ, ১০ ডিচেম্বৰ
তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা।—ইব্ৰী ১৩:১৭.
যীচু খ্ৰীষ্ট সিদ্ধ হয়, কিন্তু তেওঁ যিসকল লোকক পৃথিৱীত নেতৃত্ব লʼবলৈ বাছনি কৰিছে, তেওঁলোক অসিদ্ধ হয়। সেইবাবে, বহু বাৰ আমাক হয়তো তেওঁলোকৰ কথা মানিবলৈ কঠিন লাগিব পাৰে। বিশেষকৈ যদি তেওঁলোকে আমাক এনে কিবা কৰিবলৈ কয় যাক কৰিবলৈ আমাৰ মন নাযায়। এবাৰ পাঁচনি পিতৰৰ লগতো এইদৰেই হৈছিল। এজন স্বৰ্গদূতে তেওঁক এনে কিছুমান জীৱ-জন্তুৰ মাংস খাব কৈছিল, যি মোচিৰ নিয়মৰ অনুসৰি অশুচি আছিল। তেওঁ কেতিয়াও অশুচি জীৱ-জন্তুৰ মাংস খোৱা নাছিল। সেইবাবে, তেওঁক এই নিৰ্দেশনা ভাল লগা নাছিল। সেই কাৰণে পিতৰে সেইবোৰ খাবলৈ মানা কৰিলে আৰু এইদৰে তেওঁ তিনি বাৰ কৰিলে। (পাঁচ. ১০:৯-১৬) আন হাতে পাঁচনি পৌলে আজ্ঞা মানিবলৈ সাজু আছিল। এবাৰ যিৰূচালেমৰ খ্ৰীষ্টান মণ্ডলীৰ কিছুমান খ্ৰীষ্টান বৃদ্ধই পৌলক চাৰিজন মানুহক লৈ মন্দিৰত যাবলৈ আৰু নিয়মৰ অনুসৰি নিজকে শুদ্ধ কৰিবলৈ কʼলে, যাতে সকলোৱে জানিব পাৰে যে তেওঁ নিয়ম পালন কৰে। কিন্তু পৌলে জানিছিল যে এতিয়া খ্ৰীষ্টানসকলে মোচিৰ নিয়মৰ অধীনত নাই আৰু তেওঁ কোনো ভুল কৰা নাই। তথাপি পৌলে ভাইসকলৰ নিৰ্দেশনা পালন কৰিলে। ‘পৌলে সেই মানুহ কেইজনক লৈ, পাছদিনা তেওঁলোকে সৈতে নিজকে শুচি কৰিলে।’ (পাঁচ. ২১:২৩, ২৪, ২৬) পৌলে আজ্ঞা পালন কৰাৰ বাবে ভাইসকলৰ মাজত একতা থাকিলে।—ৰোম. ১৪:১৯, ২১. w২৩.১০ ১০ ¶১৫-১৬
বৃহস্পতিবাৰ, ১১ ডিচেম্বৰ
যিহোৱালৈ ভয় ৰাখোঁতাবিলাকেহে তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰে। —গীত. ২৫:১৪, NW.
আমি নিজৰ বন্ধুলৈ ভয় ৰখা প্ৰয়োজন নে? হয়তো আপুনি এইদৰে কʼব, ‘নহয়, বন্ধুক কোনেনো ভয় কৰে?’ কিন্তু কোনোবাই যদি যিহোৱাৰ লগত বন্ধুত্ব কৰিব বিচাৰে, তেনেহʼলে তেওঁ যিহোৱালৈ “ভয়” কৰা অতি প্ৰয়োজন। আমি যিমান বছৰ ধৰি যিহোৱাৰ সেৱা নকৰোঁ কিয় আমি সকলোৱে তেওঁলৈ ভয় ৰখা উচিত। কিন্তু যিহোৱালৈ ভয় ৰখাৰ অৰ্থনো কি? যিজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি সঠিক ধৰণৰ ভয় ৰাখে, তেওঁ সদায় ঈশ্বৰক প্ৰেম কৰে আৰু এনে কোনো কাম কৰিব নিবিচাৰে যাৰ বাবে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে। যীচুৱেও যিহোৱাৰ প্ৰতি সঠিক ধৰণৰ ভয় ৰাখিছিল। (ইব্ৰী ৫:৭) তেওঁ যিহোৱাক গভীৰ সন্মান কৰিছিল। (যিচ. ১১:২, ৩) তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু সদায় তেওঁৰ আজ্ঞা মানি চলিব বিচাৰিছিল। (যোহ. ১৪:২১, ৩১) যীচুৰ দৰে আমাৰ মনতো যিহোৱাৰ প্ৰতি শ্ৰদ্ধা আছে আৰু আমি তেওঁক বহুত সন্মান কৰোঁ। কাৰণ যিহোৱা এজন প্ৰেমী ঈশ্বৰ হয়, সদায় ন্যায় কৰে, তেওঁ বহুত বুদ্ধিমান আৰু শক্তিশালী। যেতিয়া আমি মনত ৰাখোঁ যে যিহোৱা কেনে ঈশ্বৰ হয় আৰু আমাক কিমান প্ৰেম কৰে, তেতিয়া আমি সকলো কাম ভাবি-চিন্তি কৰোঁ। আমি নাপাহৰোঁ যে আমি যি কৰোঁ সেয়া যিহোৱাৰ ওপৰত প্ৰভাৱ পেলায়। যদি আমি তেওঁৰ আজ্ঞা মানি চলোঁ, তেনেহʼলে তেওঁ আনন্দিত হয়। আনহাতে সেই আজ্ঞাবোৰ নামানিলে তেওঁক বহুত দুখ লাগে।—গীত. ৭৮:৪১; হিতো. ২৭:১১. w২৩.০৬ ১৪ ¶১-২; ১৫ ¶৫
শুক্ৰবাৰ, ১২ ডিচেম্বৰ
শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ বাঢ়িল, যে, তেওঁ দুষ্কৰ্ম্ম কৰিলে, তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে।—২ বং. ২৬:১৬.
ৰজা উজ্জিয়া শক্তিশালী হোৱাৰ পাছত পাহৰি গʼল যে তেওঁৰ ওচৰত যিবোৰ আছে, সেই সকলো যিহোৱাই তেওঁক দিছে। আমি উজ্জিয়াৰ পৰা কি শিকিব পাৰোঁ? আমি মনত ৰখা উচিত যে আজি আমাৰ ওচৰত যিবোৰ আছে, সেই সকলো যিহোৱাইহে আমাক দিছে। সেইবাবে, আমি কিবা কাম কৰিব পাৰিলে ফিতাহী নামাৰি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। (১ কৰি. ৪:৭) আমি নম্ৰ হোৱাৰ লগতে মনত ৰখা উচিত যে আমি অসিদ্ধ হয় আৰু আমাক শুধৰণি কৰিবলগীয়া হʼব পাৰে। এজন ৬০ বছৰৰ ওচৰা-ওচৰিৰ ভায়ে এইদৰে কৈছে, “মই শিকিলোঁ যে কোনোবাই কিবা কৈ দিলে মই তেওঁৰ কথা ধৰি ৰখা উচিত নহয়। মই সৰু-সুৰা ভুল কৰাৰ বাবে শুধৰণি কৰিলে মই বেয়া নাপাও আৰু শুধৰণি কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ।” এটা কথাত কʼবলৈ গʼলে নম্ৰ হʼলে আৰু যিহোৱালৈ ভয় ৰাখিলে আমি প্ৰকৃত অৰ্থত আনন্দত থাকোঁ।—হিতো. ২২:৪. w২৩.০৯ ১০ ¶১০-১১
শনিবাৰ, ১৩ ডিচেম্বৰ
তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য্যত তোমালোকৰ প্ৰয়োজন আছে। —ইব্ৰী ১০:৩৬.
প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছিল। আন লোকসকলে যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, সেইবোৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে আন সমস্যাৰো সন্মুখীন হৈছিল। বহুতো খ্ৰীষ্টানক ধৰ্মগুৰু আৰু ৰোমী অধিকাৰীসকলে অত্যাচাৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকৰ নিজৰ পৰিয়ালেও তেওঁলোকৰ বিৰোধী হৈ পৰিছিল। (মথি ১০:২১) মণ্ডলীতো বহু বাৰ তেওঁলোকে এনে কিছুমান লোকৰ সন্মুখীন হʼবলগীয়া হৈছিল, যিসকলে খ্ৰীষ্টান শিক্ষাৰ বিৰুদ্ধে শিকাইছিল যাৰ বাবে মণ্ডলীত বিবাদৰ সৃষ্টি হʼলহেঁতেন। (পাঁচ. ২০:২৯, ৩০) তথাপিও সেই খ্ৰীষ্টানসকলে ধৈৰ্য্য ধৰিলে। (প্ৰকা. ২:৩) তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰিলে? তেওঁলোকে শাস্ত্ৰত দিয়া সেই লোকসকলৰ উদাহৰণবোৰলৈ মন কৰিলে, যিসকলে ধৈৰ্য্য ধৰিছিল, যেনে: ইয়োব। (যাকো. ৫:১০, ১১) তেওঁলোকে সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (পাঁচ. ৪:২৯-৩১) তেওঁলোকে এই কথাৰ ওপৰতো ধ্যান দিলে যে যদি তেওঁলোকে ধৈৰ্য্য ধৰে, তেনেহʼলে যিহোৱাই তেওঁলোকক নিশ্চয় পুৰস্কাৰ দিব। (পাঁচ. ৫:৪১) আজি আমি বাইবেল আৰু আমাৰ প্ৰকাশনবোৰত দিয়া উদাহৰণবোৰ নিয়মীয়াকৈ পঢ়িলে আৰু তাৰ ওপৰত মনন কৰিলে আমিও ধৈৰ্য্য ধৰিব পাৰিম। w২৩.০৭ ৩ ¶৫-৬
দেওবাৰ, ১৪ ডিচেম্বৰ
সেইবাবে, তোমালোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু তেওঁৰ আজ্ঞা পালন কৰা। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব।—মথি ৬:৩৩.
যিহোৱা আৰু যীচুৱে আমাক কেতিয়াও ত্যাগ নকৰিব। যেতিয়া পাঁচনি পিতৰে যীচুক চিনি নাপাও বুলি কৈছিল, তেতিয়া তেওঁ বহুত চিন্তিত হৈ পৰিছিল যে তেওঁ সাহস হেৰুৱাই দিব নেকি বা যীচুৰ শিষ্য হৈ নাথাকিব নেকি? পিতৰে যাতে নিজৰ বিশ্বাস নেহেৰুৱাই তাৰ বাবে যীচুৱে যিহোৱালৈ মিনতি কৰিলে। যীচুৱে এই প্ৰাৰ্থনাৰ বিষয়ে পিতৰক জনালে আৰু কʼলে যে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে পিতৰে আগলৈ গৈ তেওঁৰ ভাইসকলক মজবুত কৰিব। (লূক ২২:৩১, ৩২) চিন্তা কৰকচোন, পিতৰে যেতিয়া যীচুৰ এই কথাবোৰৰ বিষয়ে ভাবিলে, তেতিয়া তেওঁ হয়তো কিমান সাহস পালে। বহু বাৰ আমিও হয়তো চিন্তিত হৈ পৰোঁ। এনে পৰিস্থিতিত যিহোৱাই প্ৰাচীনসকলৰ যোগেদি আমাক হয়তো আশ্বাস দিয়ে যে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। (ইফি. ৪:৮, ১১) আমি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিলে, পিতৰ আৰু আন পাঁচনিসকৰ দৰে যিহোৱাই আমাৰো প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। w২৩.০৯ ২৪-২৫ ¶১৪-১৫
সোমবাৰ, ১৫ ডিচেম্বৰ
যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎ কাৰ্য্যৰ পৰিশোধ কৰিব।—হিতো. ১৯:১৭.
আমি আনক অলপো সহায় কৰোঁ তেনেহ’লে যিহোৱাই ইয়াৰ ওপৰত ধ্যান দিয়ে আৰু ইয়াক মূল্যৱান বলিদানৰ দৰে ভাবে। যিহোৱাই ভাবে যে আমি আনক সহায় কৰি যেন তেওঁৰ উপকাৰ কৰোঁ আৰু তেওঁ ইয়াৰ বাবে আমাক নিশ্চয় পুৰস্কাৰ দিব। হয়তো আগতে আপুনি প্ৰাচীন বা পৰিচাৰক হিচাপে সেৱা কৰি আছিলে। সেই সময়ত আপুনি ভাই-ভনীসকলৰ বাবে যিদৰে প্ৰেম দেখুৱাইছিল যিহোৱাই তাক পাহৰা নাই। (১ কৰি. ১৫:৫৮) আজি আপুনি ভাই-ভনীসকলৰ বাবে যিদৰে প্ৰেম দেখুৱাই আছে, তাৰ ওপৰতো যিহোৱাই ধ্যান দিয়ে। আমি যিহোৱা আৰু আনৰ প্ৰতি নিজৰ প্ৰেম বঢ়াই থকাটো যিহোৱাই বিচাৰে। ঈশ্বৰৰ বাক্য পঢ়ি, তাৰ ওপৰত মনন কৰি আৰু বাৰে বাৰে প্ৰাৰ্থনা কৰি আমি ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেম বঢ়াব পাৰোঁ। আমি ভাই-ভনীসকলক বেলেগ বেলেগ উপায়েৰে সহায় কৰি তেওঁলোকৰ প্ৰতি নিজৰ প্ৰেম বঢ়াব পাৰোঁ। যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম যিমানে বাঢ়িব সিমানে আমি তেওঁলোকক কাষত অনুভৱ কৰিম আৰু তেওঁলোকৰ লগত আমাৰ বন্ধুত্ব সদায় থাকিব। w২৩.০৭ ১০ ¶১১; ১১ ¶১৩; ১৩ ¶১৮
মঙ্গলবাৰ, ১৬ ডিচেম্বৰ
প্ৰতিজনে নিজৰ বোজা নিজেই উঠাব।—গালা. ৬:৫.
প্ৰতিজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লোৱা উচিত যে তেওঁ নিজৰ স্বাস্থ্যৰ কেনেদৰে যত্ন লʼব। চিকিৎসাৰ বিষয়ে যেতিয়া নিৰ্ণয় লোৱাৰ কথা আহে, তেতিয়া ইয়াৰ বিষয়ে বাইবেলত কিছুমানহে নিয়ম দিয়া হৈছে। যেনে, আমি তেজৰ পৰা আৰু যাদু-বিদ্যাৰ পৰা আঁতৰি থকা উচিত। (পাঁচ. ১৫:২০; গালা. ৫:১৯, ২০) ইয়াৰ উপৰিও প্ৰতিজন খ্ৰীষ্টানে নিজেই নিৰ্ণয় লʼব লাগিব যে তেওঁ কেনেধৰণৰ চিকিৎসা কৰাব। চিকিৎসাৰ কোনো এটা উপায় আমাক যিমানেই ভাল বা বেয়া নালাগক কিয় আমি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়া উচিত নহয়। আমি মনত ৰাখা উচিত যে এই বিষয়ত প্ৰতিজন ভাই-ভনীয়ে নিজেই নিৰ্ণয় লোৱাৰ অধিকাৰ আছে। গতিকে আমি সকলোৱে তলত কোৱা কথাৰবোৰলৈ ধ্যান দিয়া উচিত: (১) ঈশ্বৰৰ ৰাজ্যতহে সকলো ধৰণৰ বেমাৰ দূৰ হʼব আৰু আমি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হৈ পৰিম। (যিচ. ৩৩:২৪) (২) প্ৰতিজন খ্ৰীষ্টানৰ “নিসংশয়” অৰ্থাৎ সম্পূৰ্ণ বিশ্বাস হোৱা উচিত যে তেওঁৰ বাবে কেনেধৰণৰ চিকিৎসা কৰাটো সঠিক হ’ব। (ৰোম. ১৪:৫, ৬) (৩) আমি আনৰ নিৰ্ণয়ত প্ৰশ্ন নুঠাওঁ আৰু এনে একো কাম নকৰোঁ, যাৰ বাবে তেওঁলোকে উজুটি খাব পাৰে। (ৰোম. ১৪:১৩) (৪) আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ আৰু মনত ৰাখোঁ যে আমাৰ পছন্দবোৰতকৈ মণ্ডলীত একতা থকাটো বেছি গুৰুত্বপূৰ্ণ।—ৰোম. ১৪:১৫, ১৯, ২০. w২৩.০৭ ২৪ ¶১৫
বুধবাৰ, ১৭ ডিচেম্বৰ
সি বেলেগ হৈ থকা সকলো কালত যিহোৱাৰ উদ্দেশে পবিত্ৰ হৈ থাকিব। —গণ. ৬:৮.
আপুনি যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক মূল্যৱান বুলি ভাবে নে? নিশ্চয় ভাবে। প্ৰাচীন সময়তো এনে বহুতো লোক আছিল, যিসকলে আপোনাৰ দৰেই অনুভৱ কৰিছিল। (গীত. ১০৪:৩৩, ৩৪) তেওঁলোকে যিহোৱাৰ উপাসনাত বহুতো ত্যাগ কৰিছিল। প্ৰাচীন ইস্ৰায়েলত এনেধৰণৰ কিছুমান লোক আছিল, যিসকলক নাচৰীয়া বুলি কোৱা হৈছিল বা সমৰ্পিত কৰা। এই শব্দৰ পৰা সেই ইস্ৰায়েলীসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছিল, যিসকলে বিশেষ ধৰণে যিহোৱাৰ সেৱা কৰিবলৈ কিছুমান ত্যাগ কৰিছিল। মোচিৰ নিয়মৰ অনুসৰি এজন পুৰুষ বা মহিলাই কিছু সময়ৰ বাবে নাচৰীয়া হিচাপে জীৱন-যাপন কৰিবলৈ বিশেষ ব্ৰত ৰাখিব বা প্ৰতিজ্ঞা কৰিব পাৰিছিল। (গণ. ৬:১, ২) এই বিশেষ প্ৰতিজ্ঞা কৰাৰ বাবে এজন নাচৰীয়াই এনে কিছুমান নিৰ্দেশনা মানিবলগীয়া হৈছিল, যিবোৰ আন ইস্ৰায়েলীসকলক মনাৰ প্ৰয়োজন নাছিল। তেনেহʼলে এজন ইস্ৰায়েলীয়ে নাচৰীয়া হোৱাৰ প্ৰতিজ্ঞা কিয় কৰিছিল? কিয়নো তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু যিহোৱাই তেওঁৰ বাবে যি কৰিলে তাৰ প্ৰতি কৃতজ্ঞ আছিল।—দ্বিতী. ৬:৫; ১৬:১৭. w২৪.০২ ১৪ ¶১-২
বৃহস্পতিবাৰ, ১৮ ডিচেম্বৰ
যিহোৱা . . . তেওঁক প্ৰেম কৰোঁতা ও তেওঁৰ আজ্ঞা পালন কৰোঁতাবিলাকলৈ নিয়ম আৰু দয়া ৰাখোঁতা ঈশ্বৰ। —দানি. ৯:৪.
বাইবেলত যি হিব্ৰু শব্দৰ অনুবাদ “বিশ্বাসী হৈ থকা” বা “প্ৰকৃত প্ৰেম” বুলি কৰা হৈছে, সেয়া প্ৰায়ে এয়া বুজাবলৈ ব্যৱহাৰ কৰা হয় যে নিজৰ সেৱকসকলৰ প্ৰতি ঈশ্বৰৰ কিমান গভীৰ প্ৰেম আছে। যেতিয়া ঈশ্বৰৰ সেৱকসকলৰ মাজত থকা প্ৰেমৰ কথা আহে, তেতিয়াও এই শব্দ ব্যৱহাৰ কৰা হয়। (২ চমূ. ৯:৬, ৭, NW) সময় অতিবাহিত হোৱাৰ লগে লগে কাৰোবাৰ প্ৰতি বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব পাৰে। দানিয়েলৰ ক্ষেত্ৰত এই কথা কেনেকৈ পূৰ হʼল, আহক চাওঁ। দানিয়েলৰ জীৱনত এনে বহুতো ঘটনা ঘটিছিল, যাৰ কাৰণে বিশ্বাসী হৈ থকাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল। কিন্তু তেওঁৰ বয়স যেতিয়া ৯০-তকৈ বেছি আছিল, তেতিয়া তেওঁ আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। ৰাজকীয় মহাসভাৰ সদস্যসকলে দানিয়েলক ভাল পোৱা নাছিল আৰু তেওঁলোকে দানিয়েলৰ ঈশ্বৰকো সন্মান কৰা নাছিল। সেইবাবে, তেওঁলোকে দানিয়েলক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁলোকে ৰজাক এটা নিয়ম জাৰি কৰালে যাৰ যোগেদি প্ৰমাণ হʼলহেঁতেন যে দানিয়েল ৰজাৰ বিশ্বাসী হৈ থাকিব নে নিজৰ ঈশ্বৰৰ। যদি দানিয়েলে ৩০ দিনলৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে, তেনেহʼলে এয়া প্ৰমাণ হʼব যে তেওঁ ৰজাৰ বিশ্বাসী হয়।—দানি. ৬:১২-১৫, ২০-২২. w২৩.০৮ ৫ ¶১০-১১
শুক্ৰবাৰ, ১৯ ডিচেম্বৰ
আমি পৰস্পৰে প্ৰেম কৰোঁহঁক। —১ যোহ. ৪:৭.
আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰি থকাটো যিহোৱাই বিচাৰে, সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়। গতিকে কোনো এজন ভাই বা ভনীয়ে যেতিয়া আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি এয়া ভবা উচিত নহয় যে তেওঁলোকে জানি-শুনি এইদৰে কৰিছে। আমি মনত ৰাখিব লাগিব যে তেওঁলোকেও যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে আৰু তেওঁ হয়তো অজানিতে এইদৰে কৰিলে। (হিতো. ১২:১৮) যিহোৱাও তেওঁৰ বিশ্বাসী সেৱকসকলৰ দুৰ্বলতাবোৰ ভালদৰে জানে, তথাপিও তেওঁলোকক প্ৰেম কৰে। যেতিয়া আমাৰ পৰা কিবা ভুল হৈ যায়, তেতিয়া তেওঁ আমাক বেয়া পাই নাথাকে আৰু আমাৰ লগত বন্ধুত্ব শেষ নকৰে। (গীত. ১০৩:৯) আহক আমিও আমাৰ মৰমীয়াল পিতৃ যিহোৱাৰ দৰে হওঁ আৰু আমাৰ ভাই-ভনীসকলক ক্ষমা কৰোঁ। (ইফি. ৪:৩২–৫:১) মনত ৰাখক যে অন্ত কাষ চাপি অহাৰ লগে লগে আমিও আমাৰ ভাই-ভনীসকলৰ আৰু কাষ চাপি অহা উচিত। আহিবলগীয়া সময়ত আমি আৰু বেছি তাড়না ভুগিবলগীয়া হʼব। হয়তো আমাৰ বিশ্বাসৰ বাবে আমাক জেলত বন্দী কৰিব পাৰে। সেই সময়ত আমাৰ ভাই-ভনীসকলেই আমাক সহায় কৰিব।—হিতো. ১৭:১৭. w২৪.০৩ ১৫-১৬ ¶৬-৭
শনিবাৰ, ২০ ডিচেম্বৰ
মানুহৰ ভৰিৰ খোজ যিহোৱাৰ অধীন।—হিতো. ২০:২৪.
বাইবেলত এনে বহুতো ডেকাৰ বিষয়ে কোৱা হৈছে, যিসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰিছিল আৰু যিহোৱা তেওঁলোকৰ পৰা আনন্দিত আছিল। ইয়াৰ বাবে তেওঁলোকে জীৱনত আনন্দিত থাকিব পাৰিলে। তেওঁলোকৰ মাজত দায়ূদো এজন আছিল। সৰুৰে পৰা তেওঁ যিহোৱাৰ লগত বন্ধুত্ব কৰিলে আৰু আগলৈ গৈ তেওঁ যিহোৱাৰ লোকসকলৰ এজন ভাল ৰজা হʼল। (১ ৰাজা. ৩:৬; ৯:৪, ৫; ১৪:৮) গতিকে আপুনি দায়ূদৰ জীৱন আৰু তেওঁ যিদৰে যিহোৱাৰ সেৱা কৰিলে তাৰ বিষয়ে অধ্যয়ন কৰক। তেতিয়া আপোনাকো বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিবলৈ মন যাব। অথবা আপুনি মাৰ্ক বা তীমথিয়ৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। তেওঁলোকেও কম বয়সত যিহোৱাৰ সেৱা আৰম্ভ কৰিলে আৰু বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি থাকিল। ইয়াৰ পৰা যিহোৱা আনন্দিত হʼল। আজি আপুনি যি কৰে আৰু যি নিৰ্ণয় লয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব যে আগলৈ গৈ আপোনাৰ জীৱন কেনেকুৱা হʼব। গতিকে যিহোৱাৰ ওপৰত ভৰসা কৰক, নিজৰ ওপৰত নহয়। তেতিয়া তেওঁ আপোনাক সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিব। তাৰ পাছত আপুনি আনন্দিত থাকিব আৰু এটা ভাল জীৱন জীয়াই থাকিব পাৰিব। মনত ৰাখক, আপুনি যিহোৱাৰ সেৱাত যি কৰে, তাক তেওঁ বহুত মূল্যাংকন কৰে। গতিকে গোটেই জীৱন যিহোৱাৰ সেৱা কৰাতকৈ ভাল কাম আৰু কিবা হʼব পাৰেনে? w২৩.০৯ ১৩ ¶১৮-১৯
দেওবাৰ, ২১ ডিচেম্বৰ
এজনে-আনজনক . . . ক্ষমা কৰি থাকা।—কল. ৩:১৩.
পাঁচনি পৌলকো ভাই-ভনীসকলে মনত আঘাত দিছিল। যেনে, তেওঁ যেতিয়া এজন খ্ৰীষ্টান হৈছিল, তেতিয়া তেওঁ সঁচাকৈ যীচুৰ শিষ্য হʼল বুলি কিছুমান ভাই-ভনীয়ে বিশ্বাস কৰিব পৰা নাছিল। (পাঁচ. ৯:২৬) ইয়াৰ কিছু সময়ৰ পাছত কিছুমান ভাই-ভনীয়ে তেওঁৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে আৰু তেওঁৰ নাম বদনাম কৰাৰ চেষ্টা কৰিলে। (২ কৰি. ১০:১০) ইয়াৰ পাছত পৌলে এজন প্ৰাচীনক এনে এটা ভুল কৰা দেখিলে, যাৰ বাবে হয়তো বহুতো লোকে উজুটি খালেহেঁতেন। (গালা. ২:১১, ১২) ইয়াৰ উপৰিও পৌলৰ এজন বন্ধু মাৰ্কে এনে কিবা কাম কৰিলে, যাৰ বাবে পৌল বহুত নিৰাশ হৈ পৰিছিল। (পাঁচ. ১৫:৩৭, ৩৮) পৌলে বিচৰা হʼলে সেই ভাই-ভনীসকলৰ পৰা আঁতৰি থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে, কিয়নো তেওঁ জানিছিল যে সেই ভাই-ভনীসকল অসিদ্ধ হয়। তেওঁ ভাই-ভনীসকলৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখিলে আৰু যিহোৱাৰ সেৱা কৰি থাকিল। তেওঁ এইদৰে কেনেকৈ কৰি থাকিব পাৰিলে? পৌলে ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ তেওঁলোকৰ দুৰ্বলতাৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণৰ প্ৰতিহে ধ্যান দিছিল। প্ৰেম থকাৰ বাবে পৌলে তেওঁলোকক ক্ষমা কৰিছিল। যি আজিৰ দৈনিক পাঠত উল্লেখ আছে। w২৪.০৩ ১৫ ¶৪-৫
সোমবাৰ, ২২ ডিচেম্বৰ
প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোকে মৃদুভাৱে ব্যৱহাৰ কৰা উচিত।—২ তীম. ২:২৪.
বাইবেলত এনে বহুতো ঘটনাৰ বিষয়ে জানিবলৈ পোৱা যায় যʼত কোমলতাৰে ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকৰ বহুত লাভ হʼল। ইচহাকৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ পলেষ্টীয়াসকলৰ এলেকা গৰাৰত আছিল, তেতিয়া তাত থকা লোকসকলে তেওঁক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু তেওঁৰ পিতৃয়ে খন্দা নাদক পুতি পেলালে। তেওঁ নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ পৰিয়ালক লৈ সেই ঠাইৰ পৰা আন ঠাইলৈ গুচি গʼল আৰু তাতেই নাদ খান্দিলে। (আদি. ২৬:১২-১৮) কিন্তু পলেষ্টীয়াসকলে পুনৰ কʼবলৈ ধৰিলে, এই নাদ আৰু ঠাই ডোখৰ তেওঁলোকৰ আছিল। তথাপিও ইচহাকে কাজিয়া নকৰি শান্ত হৈ আছিল। (আদি. ২৬:১৯-২৫) পলেষ্টীয়াসকলে যেন ইচহাকৰ লগত কাজিয়া কৰিবলৈ থিৰাং কৰিছিল। তথাপি ইচহাকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলে। এয়া তেওঁ কিয় কৰিব পাৰিলে? হয়তো তেওঁ নিজৰ পিতৃ-মাতৃৰ পৰা এই কথা শিকিছিল। তেওঁ ধ্যান দিছিল যে তেওঁৰ পিতৃ অব্ৰাহামে কেনেকৈ আন লোকসকলৰ লগত শান্তিৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মাতৃ চাৰাও শান্ত আৰু কোমল স্বভাৱৰ আছিল।—১ পিত. ৩:৪-৬; আদি. ২১:২২-৩৪. w২৩.০৯ ১৫ ¶৪
মঙ্গলবাৰ, ২৩ ডিচেম্বৰ
মই মন কৰিলোঁ, মই তাৰ দৰে কাৰ্য্যও কৰিম।—যিচ. ৪৬:১১.
যিহোৱাই নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰক পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ আমাক এই ৰাজ্যৰ বিষয়ে শিকাব পাৰে আৰু আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন বলিদান দিব পাৰে। তাৰ পাছত যিহোৱাই যীচুক জীৱিত কৰিলে আৰু স্বৰ্গত ৰজা হিচাপে নিযুক্ত কৰিলে। বাইবেলৰ মূল বিষয় হৈছে যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু যিহোৱাৰ নাম তেতিয়াহে পবিত্ৰ হ’ব, যেতিয়া তেওঁ নিজৰ ৰাজ্যৰ যোগেদি যাৰ ৰজা যীচু খ্ৰীষ্ট হয়, পৃথিৱীৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিব। তেওঁৰ উদ্দেশ্য কেতিয়াও সলনি নহʼব। তেওঁ গাৰেন্টি দিছে যে তেওঁ যিকোনো পৰিস্থিতিতে ইয়াক পূৰ কৰিব। (যিচ. ৪৬:১০; ইব্ৰী ৬:১৭, ১৮) আগলৈ গৈ এই পৃথিৱীখন এখন সুন্দৰ প্ৰমোদবন হৈ পৰিব য’ত আদম আৰু হৱাৰ বিশ্বাসী আৰু সিদ্ধ লʼৰা-ছোৱালীয়ে চিৰকাললৈকে জীয়াই থাকিব। (গীত. ২২:২৬) কিন্তু যিহোৱাৰ উদ্দেশ্য ইমানে নহয়। অৱশেষত তেওঁ সকলো স্বৰ্গদূত আৰু মানুহক এক কৰিব। তেতিয়া সকলোৱে যিহোৱাক নিজৰ ৰজা বুলি স্বীকাৰ কৰিব আৰু বিশ্বাসী হৈ তেওঁৰ সেৱা কৰিব। (ইফি. ১:৮-১১) যিহোৱাই যিদৰে নিজৰ উদ্দেশ্য পূৰ কৰে, এয়া সঁচাকৈ আচৰিতজনক হয় বুলি নাভাবেনে? w২৩.১০ ২০ ¶৭-৮
বুধবাৰ, ২৪ ডিচেম্বৰ
তোমালোক বলৱান হোৱা, কিয়নো বাহিনীবিলাকৰ যিহোৱাই কৈছে, “মই তোমালোকৰ লগত আছোঁ।” —হগ্. ২:৪, ৫.
বাবিল এৰি অহা যিহূদীসকলে যিৰূচালেমত গৈ পোৱাৰ কিছু সময়ৰ পাছত তেওঁলোকৰ টকা-পইচাৰ অভাৱ হʼল, তেওঁলোকক বিৰোধ কৰা হʼল আৰু তেওঁলোকে ৰাজনৈতিক সমস্যাৰো সন্মুখীন হʼল। ইয়াৰ বাবে কিছুমান লোকক মন্দিৰ বনোৱা কামত ধ্যান দিবলৈ কঠিন লাগিছিল। কিন্তু যিহোৱাই ভৱিষ্যবক্তা হগ্গয় আৰু জখৰিয়াক যিৰূচালেমলৈ পঠিয়ালে যাতে তেওঁলোকে যিহূদীসকলক উৎসাহিত কৰিব পাৰে। সেই ভৱিষ্যবক্তাসকলে যি কʼলে, তাৰ পৰা যিহূদীসকলে বহুত উৎসাহিত হʼল। (হগ্. ১:১; জখ. ১:১) কিন্তু প্ৰায় ৫০ বছৰৰ পাছত যিহূদীসকলৰ উৎসাহ আকৌ কমি গʼল। তেতিয়া যিহূদীসকলে যাতে সত্য উপাসনাক নিজৰ জীৱনত আকৌ প্ৰথম স্থান দিব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰিবলৈ ইজ্ৰাক বাবিলৰ পৰা যিৰূচালেমলৈ পঠিয়ালে, যি নকল বনোৱাত পাৰ্গত আছিল। (ইজ্ৰা ৭:১, ৬) পুৰণি সময়ত হগ্গয় আৰু জখৰিয়াই যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা যিহূদীসকলে বহুত সহায় পালে। বিৰোধৰ সত্ত্বেও তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰিলে। সেই ভৱিষ্যবাণীবোৰৰ পৰা আজি আমিও সহায় পাব পাৰোঁ। আমি সমস্যাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ।—হিতো. ২২:১৯. w২৩.১১ ১৪-১৫ ¶২-৩
বৃহস্পতিবাৰ, ২৫ ডিচেম্বৰ
কিন্তু এইবোৰৰ উপৰিও, প্ৰেমক কাপোৰৰ দৰে পিন্ধি লোৱা, কিয়নো প্ৰেমে সকলোকে সম্পূৰ্ণৰূপে একতাত বান্ধি ৰাখে। —কল. ৩:১৪.
আমি ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? এজনে-আনজনক শান্ত্বনা দিয়াৰ যোগেদি প্ৰেম দেখুৱাব পাৰোঁ। যেতিয়া আমাৰ অন্তৰত কৰুণা থাকিব, তেতিয়াহে আমি ‘পৰস্পৰক শান্ত্বনা দিব’ পাৰিম। (১ থিচ. ৪:১৮) আমি এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াই থাকিব পাৰোঁ? আনক ক্ষমা কৰাৰ যোগেদি, সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ আমাক বহুত কঠিন লাগে। বৰ্তমান সময়ত বিশেষকৈ এজনে-আনজনক প্ৰেম কৰাটো অতি প্ৰয়োজন। কিয় বাৰু? মন কৰক পিতৰে এইদৰে কৈছিল, “সকলোৰে শেষ ওচৰ চাপিছে; এতেকে . . . তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” (১ পিত. ৪:৭, ৮) এই দুষ্ট জগতৰ অন্ত চাপি অহাৰ লগে লগে পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব। যীচুৱেও নিজৰ শিষ্যসকলক কৈছিল, “মোৰ নামৰ কাৰণে সকলো ৰাষ্ট্ৰৰ লোকসকলে তোমালোকক ঘিণ কৰিব।” (মথি ২৪:৯) চয়তানে আমাৰ মাজত বিবাদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকিব। গতিকে আমাৰ মাজত একতা থাকিলেহে আমি এইবোৰৰ সন্মুখীন হʼব পাৰিম। এই একতা বজাই ৰাখিবলৈ আমাৰ মাজত প্ৰেম থকাটো অতি গুৰুত্বপূৰ্ণ।—ফিলি. ২:১, ২. w২৩.১১ ১৩ ¶১৮-১৯
শুক্ৰবাৰ, ২৬ ডিচেম্বৰ
আমি ঈশ্বৰৰ সহকৰ্মী হওঁ।—১ কৰি. ৩:৯.
ঈশ্বৰৰ বাক্যত বহুত শক্তি আছে। যেতিয়া আমি বাইবেলৰ পৰা লোকসকলক যিহোৱাৰ বিষয়ে শিকাওঁ আৰু জনাও যে ঈশ্বৰ প্ৰকৃততে কেনেকুৱা, তেতিয়া ইয়াৰ বহুত ভাল পৰিণাম হয়। চয়তানে লোকসকলক মিছা কথা কৈ তেওঁলোকৰ জ্ঞান-চকু অন্ধ কৰি ৰাখিছে, সেয়া মুকলি হয় আৰু তেওঁলোকে আমাৰ দৰে যিহোৱাক প্ৰেম কৰিবলৈ ধৰে। যেতিয়া তেওঁলোকে যিহোৱাৰ অদ্ভুদ শক্তিৰ বিষয়ে গম পায়, তেতিয়া তেওঁলোকে আচৰিত হয়। (যিচ. ৪০:২৬) তেওঁৰ ন্যায়ৰ বিষয়ে জানি তেওঁলোকে বহুত শান্ত্বনা লাভ কৰে। (দ্বিতী. ৩২:৪) যেতিয়া তেওঁলোকে যিহোৱাৰ বুদ্ধিৰ বিষয়ে গম পায়, তেতিয়া তেওঁলোকৰ চকু মুকলি হৈ যায়। (যিচ. ৫৫:৯; ৰোম. ১১:৩৩) যেতিয়া তেওঁলোকে শিকে যে বাইবেলত যিহোৱাক প্ৰেম বুলি কোৱা হৈছে, তেতিয়া তেওঁলোকে ইয়াৰ পৰা বহুত শান্ত্বনা লাভ কৰে। (১ যোহ. ৪:৮) তেওঁলোকে যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহে, যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত হয় আৰু তেওঁৰ সন্তান হিচাপে অনন্ত জীৱন জীয়াই থকাৰ আশা আৰু দৃঢ় হয়। সঁচাকৈ, পিতৃ যিহোৱাৰ কাষ চাপিবলৈ লোকসকলক সহায় কৰাটো কিমান ভাল দায়িত্ব হয়! যেতিয়া আমি এই দায়িত্ব পূৰ কৰোঁ, তেতিয়া যিহোৱাই আমাক নিজৰ “সহকৰ্ম্মী” বুলি ভাবে।—১ কৰি. ৩:৫. w২৪.০২ ১২ ¶১৫
শনিবাৰ, ২৭ ডিচেম্বৰ
সঙ্কল্প কৰি সিদ্ধ নকৰাতকৈ সঙ্কল্প নকৰাই ভাল।—উপ. ৫:৫.
যদি আপুনি এজন বাইবেল বিদ্যাৰ্থী হয় বা মা-দেউতাই আপোনাৰ অধ্যয়ন কৰি আছে, তেনেহʼলে আপুনি বাপ্তিষ্মা লোৱাৰ কথা ভাবিছেনে? যদি ভাবিছে, তেনেহʼলে এয়া বৰ ভাল কথা। কিন্তু বাপ্তিষ্মা লোৱাৰ আগতে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব লাগিব। আপুনি যিহোৱালৈ নিজৰ জীৱন কেনেকৈ সমৰ্পণ কৰিব পাৰে? আপুনি তেওঁক এটা বিশেষ প্ৰাৰ্থনা কৰিব পাৰে আৰু তেওঁক প্ৰতিজ্ঞা কৰিব পাৰে যে আপুনি এতিয়াৰে পৰা কেৱল তেওঁৰ উপাসনা কৰিব আৰু তেওঁৰ ইচ্ছাক নিজৰ জীৱনত প্ৰথম স্থান দিব। যেতিয়া আপুনি এইদৰে কৰে, তেতিয়া আপুনি তেওঁক যেন এইদৰে কʼব আপুনি “নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে” তেওঁক প্ৰেম কৰি থাকিব। (মাৰ্ক ১২:৩০) যেতিয়া আপুনি সমৰ্পণ কৰে, তেতিয়া আপুনি অকলে থাকে। এয়া আপোনাৰ আৰু যিহোৱাৰ মাজত কথা হয়। কিন্তু বাপ্তিষ্মা সকলোৰে আগত লোৱা হয়। ইয়াৰ পৰা লোকসকলে জানিব পাৰে যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে। সমৰ্পণ যিহোৱালৈ কৰা এটা বিশেষ প্ৰতিজ্ঞা হয়। আপুনি নিজৰ প্ৰতিজ্ঞা অনুসৰি নিশ্চয় জীৱন-যাপন কৰিব বিচাৰে আৰু যিহোৱাই আপোনাৰ পৰা এয়াই আশা কৰে।—উপ. ৫:৪. w২৪.০৩ ২ ¶২; ৩ ¶৫
দেওবাৰ, ২৮ ডিচেম্বৰ
তোমালোকেও প্ৰতিজনে নিজ নিজ পত্নীক সেইদৰেই প্ৰেম কৰা, যিদৰে নিজকে প্ৰেম কৰা। আৰু পত্নীও নিজৰ স্বামীক গভীৰ সন্মান কৰক।—ইফি. ৫:৩৩.
বিবাহিত জীৱনত সমস্যাবোৰ আহিব পাৰে। বাইবেলত লিখা আছে যে বিবাহিত লোকসকলৰ “শাৰীৰিক ক্লেশ ঘটিব।” (১ কৰি. ৭:২৮) কিয় বাৰু? কিয়নো স্বামী আৰু স্ত্ৰী অসিদ্ধ হয় আৰু দুয়োজনৰ স্বভাৱ আৰু পছন্দবোৰ বেলেগ বেলেগ। ইয়াৰ উপৰিও তেওঁলোকে হয়তো বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে। হয়তো বিয়াৰ কিছু সময়ৰ পাছত নিজৰ জীৱন সংগীৰ এনে কিছুমান কথা বা অভ্যাসৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে যাৰ বিষয়ে তেওঁলোকে আগতে মন কৰা নাছিল। এইবোৰৰ বাবে তেওঁলোকৰ মাজত সমস্যা হʼব পাৰে। যেতিয়া এইদৰে হয়, তেতিয়া পতি-পত্নীয়ে এয়া চাবলৈ চেষ্টা কৰা উচিত যে তেওঁৰ কি ভুল আছিল আৰু তাৰ পাছত সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে কিছুমান পতি-পত্নীয়ে এজনে-আনজনক দোষ দিব পাৰে। আনকি তেওঁলোকে হয়তো এয়াও ভাবিব পাৰে যে এজনে-আনজনৰ পৰা পৃথক হোৱা বা বিবাহ বিচ্ছেদ কৰাটোৱে ভাল হʼব। কিন্তু এইদৰে কৰিলে সমস্যাটো সমাধান হʼব নে? নহয়, পতি-পত্নীয়ে বিবাহৰ বন্ধনক পবিত্ৰ বুলি ভবা আৰু সমস্যাৰ সময়তো এজনে-আনজনৰ লগত থকাটো যিহোৱাই বিচাৰে। w২৪.০৩ ১৬ ¶৮; ১৭ ¶১১
সোমবাৰ, ২৯ ডিচেম্বৰ
আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।—ৰোম. ৫:৫.
নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয়, যিহোৱাক আৰু ভালদৰে জানিবলৈ চেষ্টা কৰি থাকে আৰু তেওঁক প্ৰেম কৰি থাকে, তেনেহʼলে প্ৰমোদবনত সদায় জীয়াই থকাৰ আশা লাভ কৰিব। ইয়াৰ বাবে আপোনাৰ আশা আৰু দৃঢ় হয়। (ইব্ৰী ৫:১৩–৬:১) আপুনি হয়তো ৰোমীয়া ৫:২-৪ পদত কোৱা কথাবোৰ নিজৰ জীৱনত অনুভৱ কৰিছে। আপোনাৰ ওপৰত হয়তো বহুতো সমস্যা আহিছে। কিন্তু আপুনি ধৈৰ্য্যেৰে সেইবোৰ সহন কৰিলে আৰু যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি অনুভৱ কৰিলে। আপুনি জানে তেওঁ আপোনাক প্ৰেম কৰে আৰু আপোনাৰ পৰা আনন্দিত আছে। সেইবাবে, আপোনাৰ বিশ্বাস হʼল যে তেওঁ যিবোৰ প্ৰতিজ্ঞা কৰিছে, সেইবোৰ নিশ্চয় পূৰ কৰিব। আৰম্ভণিতে আপোনাৰ যি আশা আছিল, সেয়া এতিয়া আৰু দৃঢ় হৈ গʼল। এতিয়া সেইবোৰ কথা কাল্পনিক হয় বুলি আপুনি নাভাবে। এইদৰে সঁচাকৈ হʼব বুলি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে। ইয়ে আপোনাৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। আপুনি যিদৰে জীৱন-জাপন কৰে, যিদৰে নিৰ্ণয় লয়, যিদৰে নিজৰ পৰিয়ালৰ লগত ব্যৱহাৰ কৰে, আনকি যিদৰে সময় কটাই সেই সকলোবোৰ সলনি হৈ যায়। আপোনাৰ ওচৰত যিহোৱাৰ অনুমোদন আছে, এই কথাষাৰ কোৱাৰ পাছত পাঁচনি পৌলে আশাৰ বিষয়ে আৰু এটা গুৰুত্বপূৰ্ণ কথা জনালে। সেয়া হৈছে আপোনাৰ আশা নিশ্চয় পূৰ হʼব।—ৰোম. ৫:৫. w২৩.১২ ১২-১৩ ¶১৬-১৯
মঙ্গলবাৰ, ৩০ ডিচেম্বৰ
যিহোৱা, তোমাৰ দয়াই মোক ধৰি ৰাখিলে।—গীত. ৯৪:১৮.
যেতিয়া আমি কিবা সমস্যাৰ মাজেদি পাৰ হৈ থাকোঁ, তেতিয়া আমাৰ মনৰ অৱস্থা একে হৈ নাথাকে। আমি ভালদৰে ভাবিব নোৱাৰোঁ আৰু হয়তো আমাৰ আচাৰ-ব্যৱহাৰো পৰিৱৰ্তন হʼব পাৰে। হয়তো আমাৰ অনুভৱ হʼব পাৰে যে আমি ভাৱনাৰ সাগৰত ডুবি গৈ আছোঁ। যেতিয়া চিন্তা আৰু সমস্যাই আপোনাক আগুৰি ধৰে, তেতিয়া যিহোৱাই আপোনাক কেনেকৈ সহায় কৰে? যিহোৱাই আমাক চম্ভালিব বুলি আশ্বাস দিয়ে। যেতিয়া এখন জাহাজ ধুমুহাত ফচি যায়, তেতিয়া জাহাজখন ইফালে-সিফালে যাবলৈ ধৰে। সেইবাবে, কিছুমান পানী জাহাজৰ তলত দুয়োফালে এটা যন্ত্ৰ (ষ্টেবিলাইজাৰ) লগোৱা হয়। ইয়াৰ সহায়ত ধুমুহাৰ সময়ছোৱাত জাহাজখনক চম্ভালিব পৰা যায়। জাহাজত থকা লোকসকলে সুৰক্ষিত অনুভৱ কৰে আৰু শান্ত্বনা পায়। কিন্তু বহু বাৰ জাহাজখন গৈ থাকিলেহে যন্ত্ৰবোৰ ভালদৰে কাম কৰে। ঠিক সেইদৰে সমস্যাত থকাৰ সময়তো যদি আমি আগুৱাই গৈ থাকোঁ অৰ্থাৎ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকোঁ, তেতিয়া যিহোৱাই আমাকো নিশ্চয় চম্ভালিব। w২৪.০১ ২২ ¶৭-৮
বুধবাৰ, ৩১ ডিচেম্বৰ
মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰো।—গীত. ৫৬:৪.
যেতিয়া আপোনাক ভয় লাগে, তেতিয়া নিজকে এইদৰে সোধক, ‘যিহোৱাই এতিয়ালৈকে কি কি কৰিলে।’ আপুনি তেওঁ সৃষ্টি কৰা বস্তুবোৰৰ বিষয়ে ভাবিব পাৰে। যেনে, চৰাই আৰু ফুলবোৰক ধ্যান দি চাওক। এইবোৰে ঈশ্বৰৰ দৰে গুণবোৰ নেদেখুৱাই আৰু তেওঁৰ উপাসনাও নকৰে, তথাপি যিহোৱাই তেওঁলোকৰ যত্ন লয়, তেনেহʼলে যিহোৱাই আপোনাৰ আৰু বেছিকৈ যত্ন নলʼব নে? সৃষ্টিৰ বস্তুবোৰৰ ওপৰত মনন কৰিলে ঈশ্বৰৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব। (মথি ৬:২৫-৩২) এয়াও চিন্তা কৰক যে যিহোৱাই নিজৰ সেৱকসকলৰ বাবে এতিয়ালৈকে কি কি কৰিলে? আপুনি বাইবেলত কোৱা এনে ব্যক্তিৰ বিষয়ে পঢ়িব পাৰে, যাৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল বা বৰ্তমান সময়ৰ কোনো ভাই বা ভনীৰ অনুভৱ পঢ়িব পাৰে। ইয়াৰ উপৰিও আপুনি এয়াও চিন্তা কৰিব পাৰে যে যিহোৱাই আপোনাৰ বাবে এতিয়ালৈকে কি কি কৰিলে। যেনে, তেওঁ কেনেকৈ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিলে। (যোহ. ৬:৪৪) তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিলে। (১ যোহ. ৫:১৪) তেওঁ নিজৰ পুত্ৰৰ বলিদান দিয়াৰ বাবে আপুনি প্ৰতিদিনে কেনেকৈ লাভৱান হৈছে।—ইফি. ১:৭; ইব্ৰী ৪:১৪-১৬. w২৪.০১ ৪ ¶৬; ৭ ¶১৭