ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৭/১৫ পৃষ্ঠা ১৫-২০
  • আশাৰ লঙ্গৰে স্থিৰ থাকক পালতৰা প্ৰেমৰে উৎজীৱিত হওঁক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আশাৰ লঙ্গৰে স্থিৰ থাকক পালতৰা প্ৰেমৰে উৎজীৱিত হওঁক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • “ভয়ঙ্কৰ পন্থাৰ” ধুমুহা সদৃশ বতৰ
  • ক্লেশৰ পৰা ধৈৰ্য্য উৎপন্ন হয়
  • বিশ্বাসৰূপী জাহাজ কিয় ডুবি যায়
  • লঙ্গৰৰ দৰে আমাৰ আশা
  • প্ৰেম আৰু পবিত্ৰ আত্মাৰ পালতৰা
  • আমাৰ লক্ষ্যস্থানৰ অগ্ৰগতি!
  • নিজৰ আশা দৃঢ় কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • আমাৰ আশা কল্পনা নহয়!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৭/১৫ পৃষ্ঠা ১৫-২০

আশাৰ লঙ্গৰে স্থিৰ থাকক পালতৰা প্ৰেমৰে উৎজীৱিত হওঁক

“বিশ্বাস, আশা, প্ৰেম, এই তিনিটা থাকে; কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।”—১ কৰিন্থীয়া ১৩:১৩.

১. পাঁচনি পৌলে আমাৰ কিহৰ বিষয়ে সাৱধান কৰিছে?

পাঁচনি পৌলে সাৱধান কৰিছে যে জাহাজৰ দৰে আমাৰ বিশ্বাস ভাঙিব পাৰে। তেওঁ কৈছে যে “কোনো কোনোৱে সেই বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁবিলাকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হল।” (১ তীমথিয় ১:১৯) সা. য়ু. প্ৰথম শতাব্দীত পানী জাহাজবোৰ কাঠেৰে সাজিছিল। সেই জাহাজ সজা কাঠৰ উৎকৃষ্টতা আৰু তাক নিৰ্মাণ কৰা কাৰীগৰৰ ওপৰত নিৰ্ভৰ কৰিছিল।

২. আমাৰ বিশ্বাসৰূপী জাহাজ শক্তিশালী হোৱা কিয় আৱশ্যক আৰু ইয়াৰ বাবে কি কৰা প্ৰয়োজন?

২ দুষ্ট জগতৰ এই উত্তাল সমূদ্ৰত আমাৰ বিশ্বাসৰূপী জাহাজ ওপঙি থকাৰ আৱশ্যক। (যিচয়া ৫৭:২০; প্ৰকাশিত বাক্য ১৭:১৫) সেইবাবে এইটো প্ৰয়োজন যে এই বিশ্বাসৰূপী জাহাজ অতি শক্তিশালী হোৱাটো, আৰু মাত্ৰ আমিয়ে ইয়াক শক্তিশালী কৰিব পাৰোঁ। প্ৰথম শতাব্দীৰ যিহুদী আৰু ৰোমী সমাজৰ ‘সমূদ্ৰত’ সত্য খ্ৰীষ্টানসকলক ধুমুহাৰে ঘেৰি ৰাখিছিল, সেইবাবে তেওঁলোকৰ বিশ্বাসক শক্তিশালী কৰিবলৈ যিহূদাই লিখিলে: “হে প্ৰিয়বিলাক, তোমালোকে হলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিক্তিমূলত নিজক গাঁথি, আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি, ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা; আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকা।” (যিহূদা ২০, ২১) যিহেতু, যিহূদাই প্ৰথমে কৈছিল যে তেওঁলোকে নিজৰ বিশ্বাসৰ বাবে যুদ্ধ কৰিব লাগিব যিটো “পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত” কৰা হʼল, সেইবাবে এই “বিশ্বাসৰ” অৰ্থ হব পাৰে খ্ৰীষ্টান শিক্ষাবোৰ যʼত সন্মিলিত আছে উদ্ধাৰৰ শুভবাৰ্ত্তা। (যিহূদা ৩) যীচু হৈছে সেই বিশ্বাসৰ ভেঁটি। সত্য খ্ৰীষ্টানৰ বিশ্বাসত লাগি থাকিবলৈ হʼলে বিশ্বাসত শক্তিশালী হোৱা আৱশ্যক।

“ভয়ঙ্কৰ পন্থাৰ” ধুমুহা সদৃশ বতৰ

৩. কিছুমান লোকে পন্থাৰ ভয়ঙ্কৰতাক কিদৰে ব্যৱহাৰ কৰিছে?

৩ চলিত বছৰত, ভয়ঙ্কৰ পন্থাৰ সৈতে জড়িত কিছুমান লোকে বহুতো জঘন্য আৰু ঘৃণনীয়ৰূপে হত্যা, আত্মহত্যা আৰু সন্ত্ৰাসবাদী কাৰ্য্যত সন্মিলিত হৈছে। সেইবাবে কিছুমান লোকে আৰু নেতাই এনেধৰণৰ পন্থাৰ পৰা সৰু-সৰু লৰা-ছোৱালীক আৰু যুবকসকলক ৰক্ষা কৰিবলৈ বিচাৰে। কিন্তু এই ভয়ঙ্কৰ পন্থাবিলাকৰ জঘন্য কাৰ্য্যৰ পাছত “এই যুগৰ দেৱতাই” অৰ্থাৎ চয়তানে কাৰ্য্য কৰে। এই জঘন্য কাৰ্য্যবোৰৰ বাবে লোকসকলৰ মনত পন্থাৰ বিষয়ে ভয় সোমাইছে। আৰু এইদৰে যিহোৱাৰ লোকসকলৰ বিৰুদ্ধে চয়তানে এই ভয় প্ৰয়োগ কৰিছে। (২ কৰিন্থীয়া ৪:৪; প্ৰকাশিত বাক্য ১২:১২) কিছুমান লোকে আমাৰ প্ৰচাৰ কাৰ্য্যক বিৰুদ্ধ কৰিবলৈ এই ভয়ক উৎকতভাৱে ব্যৱহাৰ কৰিছে। কিছুমান দেশত “ভয়ঙ্কৰ পন্থা” পৰা ৰক্ষা কৰিবলৈ অভিয়ান চলোৱা হৈছে যʼত যিহোৱাৰ সাক্ষীসকলৰ নাম ভ্ৰমাত্মকৰূপে মিলিত কৰি তেওঁলোকক অপবাদ দিয়া হৈছে, পন্থাৰ সম-প্ৰতিফলিত চৰিত্ৰ দৰে। সেইবাবে য়ুৰোপৰ কিছুমান অঞ্চলত ঘৰে-ঘৰে গৈ প্ৰচাৰ কাৰ্য্য কৰাটো কঠিন হৈ পৰিছে আৰু কিছু লোকে যিসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিছিলে, তেওঁলোকে অধ্যয়ন কৰিবলৈ বন্ধ কৰি দিছে। এইবোৰ দেখি আমাৰ কিছুমান ভায়ে নিৰাশ হৈ পৰিছে।

৪. আমি বিৰুদ্ধৰ পৰা কিয় নিৰাশ হোৱা উচিত নহয়?

৪ কিন্তু বিৰুদ্ধ অহাৰ বাবে নিৰাশ হোৱাৰ পৰিবৰ্ত্তে আমাৰ বিশ্বাস আৰু শক্তিশালী হোৱা উচিত যে আমি সত্য খ্ৰীষ্টান ধৰ্ম্মত অভ্যস্ত। (মথি ৫:১১, ১২) প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ ওপৰতো অভিযোগ লগোৱা হৈছিল যে তেওঁলোক বিদ্ৰোহ কৰা পন্থা আৰু সকলো ঠাইৰ লোকসকলে তেওঁলোকৰ “বিৰুদ্ধে” কথা কয়। (পাঁচনিৰ কৰ্ম্ম ২৪:৫; ২৮:২২) কিন্তু পাঁচনি পিতৰে নিজৰ সঙ্গী বিশ্বাসীসকলৰ সাহস যোগোৱাৰ সময়ত কʼলে: “হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি, তাৰ বিষেয় তোমালোকে আচৰিত নামানিবা; বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দেৰে উল্লাস কৰিব পাৰা।” (১ পিতৰ ৪:১২, ১৩) ঠিক সেইদৰে, প্ৰথম শতাব্দীৰ প্ৰশাসন গোষ্ঠীৰ এজন সদস্যেও লিখিলে: “হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি, তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোক যেন একোতে অসম্পূৰ্ণ হোৱা, নহৈ, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক।” (যাকোব ১:২-৪) যিদৰে ধুমুহা বতাহৰ দ্বাৰা জানিব পৰা যায় যে জাহাজখন কিমান শক্তিশালী, সেইদৰে প্ৰতি আক্ৰমণৰ ধুমুহাৰ দ্বাৰা জানিব পাৰি যে আমাৰ বিশ্বাসৰূপী জাহাজখন কিমান শক্তিশালী।

ক্লেশৰ পৰা ধৈৰ্য্য উৎপন্ন হয়

৫. আমি কেনেকৈ জানিব পাৰিম যে ক্লেশতো আমাৰ বিশ্বাস শক্তিশালী হৈ আছে?

৫ এজন খ্ৰীষ্টানে ক্লেশৰ ধুমুহাৰ পৰা পাৰ হোৱাৰ পাছতেহে জানিব পাৰিব যে তেওঁৰ নিশ্চিত ধৈৰ্য্য আৰু স্থিৰ বিশ্বাস কিমান। এই ক্লেশৰ ধুমুহাত আমাৰ ধৈয্যৰ কাৰ্য্য পূৰ্ণ কৰা উচিত, আৰু আমাৰ ধৈয্যৰ কাৰ্য্য মাত্ৰ তেতিয়াহে “পুৰ্ণ হব” যেতিয়া আমি ‘সম্পূৰ্ণ আৰু সিদ্ধ হম আৰু আমি কোনো কথাতে’ আনকি শক্তিশালী বিশ্বাসৰো ‘অভাৱ নহব।’ পৌলে: “কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি, অনেক প্ৰকাৰ ধৈৰ্য্য, ক্লেশ, দুখ, সঙ্কট, কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন” অনুমোদন কৰিলে।—২ কৰিন্থীয়া ৬:৪, ৫.

৬. ‘আমি ক্লেশত’ কি প্ৰমাণিত কৰিবলৈ সুন্দৰ সূযোগ পাওঁ আৰু ইয়াৰ দ্বাৰা আমাৰ আশা কেনেকৈ আৰু অধিক শক্তিশালী হয়?

৬ সেইবাবে যেতিয়া আমি ক্লেশৰ ধুমুহা বতাহৰ সন্মূখীন হওঁ তেতিয়া আমাৰ ওচৰত বিশ্বাসৰূপী জাহাজ শক্তিশালী আৰু স্থিৰতা প্ৰমাণ কৰিবলৈ ভাল সূযোগ পাওঁ। ৰোমত থকা খ্ৰীষ্টানসকললৈ, পৌলে এইদৰে লিখিলে: “নানা ক্লেশতো উল্লাস কৰোঁহঁক; কিয়নো আমি জানো যে, ক্লেশে ধৈৰ্য্য, ধৈৰ্য্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে; আৰু সেই আশাই লাজত নেপেলাই; কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।” (ৰোমীয়া ৫:৩-৫) যেতিয়া আমি ক্লেশত ধৈৰ্য্য ধৰি স্থিৰ থাকো তেতিয়া আমি যিহোৱাৰ দৃষ্টিত নিষ্ঠাবান হওঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ আশা আৰু অধিক শক্তিশালী হয়।

বিশ্বাসৰূপী জাহাজ কিয় ডুবি যায়

৭. (ক) যিদৰে পৌলে দেখুৱালে, কিছুমান লোকৰ বিশ্বাসৰূপী জাহাজ কিয় ডুব গʼল? (খ) কিছুমান লোকে কেনেকৈ দেখুৱাইছে যে তেওঁলোক সত্য পথৰ পৰা প্ৰলোভিত হʼল?

৭ পৌলে সাৱধান কৰিছিল যে কিছুমান লোকৰ বিশ্বাসৰূপী জাহাজ ডুবি যাব কিয়নো তেওঁলোকে নিজৰ ভাৱ বিবেকক ‘দুৰ কৰি দিলে’ আৰু নিজৰ বিশ্বাস হেৰুৱালে। (১ তীমথিয় ১:১৯) তেওঁলোকৰ মাজত হুমনায় আৰু আলেকজান্দৰ আছিল, যিসকলৰ বিশ্বাসৰূপী জাহাজ ডুবি গʼল কিয়নো তেওঁলোকে সত্য পথৰ পৰা প্ৰলোভিত হয় সত্য খ্ৰীষ্টান ধৰ্ম্মক নিন্দা কৰিছিল আৰু এইদৰে ধৰ্ম্মত্যাগী হৈছিল। (১ তীমথিয় ১:২০; ২ তীমথিয় ২:১৭, ১৮) বৰ্তমান সময়ত, যিবোৰ ধৰ্ম্মত্যাগী সত্য পথৰ পৰা প্ৰলোভিত হৈ তেওঁলোক “বিশ্বাসী বুদ্ধিমান দাস” সকলৰ নিন্দা কৰে আৰু এইদৰে সেই কাহীত ফুটা ওলিয়াই তাত তেওঁলোক আধ্যাত্মিক ভোজন খাইছিল। কিছুমান ধৰ্ম্মত্যাগীয়ে সেই “দুষ্ট দাসৰ” দৰে, যিজনে নিজৰ মনতে কয় যে “মোৰ প্ৰভুৱে পলম কৰিছে।” (মথি ২৪:৪৪-৪৯; ২ তীমথিয় ৪:১৪, ১৫) তেওঁলোকে অস্বীকাৰ কৰে যে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ শেষ একেবাৰে ওচৰত আৰু তেওঁলোকে আধ্যাত্মিকৰূপে সজাগ হোৱা দাস বৰ্গক নিন্দা কৰে কিয়নো এই দাসে যিহোৱাৰ লোকসকলৰ মাজত আৱশ্যকীয়তা বোধ জগাই তোলে। (যিচয়া ১:৩) এনেধৰণৰ ধৰ্ম্মত্যাগীয়ে, কিছুমান লোকৰ “বিশ্বাস বিনষ্ট” কৰে আৰু বিশ্বাসৰূপী জাহাজক ডুৱায়।—২ তীমথিয় ২:১৮.

৮. কিছুমান লোকে নিজে কেনেকৈ নিজৰ বিশ্বাসৰূপী জাহাজক ডুবালে?

৮ কিছুমান সমৰ্পিত খ্ৰীষ্টানসকলে নিজৰ বিবেকক দুৰ কৰি এই জগতৰ লাহ-বিলাস আৰু অনৈতিকতাৰ লেগাম নিয়ন্ত্ৰণত ৰাখিব নোৱাৰি নিজেই বিশ্বাসৰূপী জাহাজক ডুবালে। (২ পিতৰ ২:২০-২২) আৰু অন্য কিছুমানে নিজৰ বিশ্বাসৰূপী জাহাজক এইবাবে ডুবালে কিয়নো নতুন ৰীতি-ব্যৱস্থাৰ পাৰ দুৰলৈকেও দেখা পোৱা নাছিল। যেতিয়া তেওঁলোকে কিছুমান ভৱিষ্যতবাণীৰ পূৰ্ণ হোৱাৰ তাৰিখ ওলিয়াব নোৱাৰে, তেতিয়া তেওঁলোকে ‘যিহোৱাৰ দিনৰ’ বাবে অপেক্ষা কৰিবলৈ এৰি দিয়ে আৰু সত্য উপাসনাক ত্যাগ দিয়ে। (২ পিতৰ ৩:১০-১৩; ১ পিতৰ ১:৯) আৰু এই জগতৰ ধুমুহাৰ সাগৰত নিজকে ঘোৰ অন্ধকাৰত বিলিন কৰি দিয়ে। (যিচয়া ১৭:১২, ১৩; ৫৭:২০) কিছুলোকে, যিসকলে সাক্ষীসকলৰ সৈতে মিলা-মিছা এৰি দিলে, তেওঁলোকে এতিয়াও স্বীকাৰ কৰে যে সাক্ষীসকলৰ ধৰ্ম্ম সত্য ধৰ্ম্ম। কিন্তু এইটো স্পষ্ট যে তেওঁলোক ইমান ধৈৰ্য্যশীল বা সহনশীল নহয় যে যিহোৱাই প্ৰতিজ্ঞা কৰা নতুন ৰীতি-ব্যৱস্থাত যাবলৈ এতিয়াও অপেক্ষা কৰে, তেওঁলোকৰ মতে নতুন ৰীতি-ব্যৱস্থা আহিবলৈ এতিয়াও বহু সময় বাকী আছে।

৯. কিছুমান সমৰ্পিত খ্ৰীষ্টানে কি কৰিছে আৰু সেইবাবে আমি নিজৰ বিষয়ে কি চিন্তা কৰা উচিত?

৯ এনে বোধ হয় য়ে গোটেই বিশ্বজুৰি কিছু ভাগত, কিছুমান সমৰ্পিত খ্ৰীষ্টানসকলে নিজৰ বিশ্বাসৰূপী জাহাজৰ পালতৰা চপাই ৰাখিছে। যদিও তেওঁলোক জাহাজ চলি আছে, কিন্তু পূৰ্ণ বিশ্বাসেৰে আগবঢ়াৰ পৰিবৰ্তে বহু আৰামেৰে, নিজৰ গতিত চলি আছে। কিছুমান লোকে এই আশাৰে সত্যত আহিছিল যে ‘পৰমদেশ সোনকালে আহিব’ আৰু সেইবাবে তেওঁলোক কঠোৰ প্ৰৰিশ্ৰম কৰিবলৈ সাজু আছিল। তেওঁলোকে বহু উৎসাহেৰে প্ৰচাৰ কাম কৰিছিল আৰু সভা, সন্মিলন আৰু অধিৱেশনবোৰত সদায় উপস্থিত হৈছিল। কিন্তু এতিয়া তেওঁলোকে পৰিশ্ৰম কৰিব নিবিচাৰে কিয়নো তেওঁলোকৰ আশা এতিয়াও পূৰ্ণ হোৱা আশাৰ ৰেঙনি দেখা নাই। তেওঁলোকে ভাৱে যে ই আৰু পলম হব। সেইবাবে প্ৰচাৰ কাৰ্য্যত অধিকৰূপে ভাগ নলয়, সভাবোৰত নিয়মিতৰূপে নাহে আৰু সন্মিলন আৰু অধিৱেশৰ সকলো ভাগক শুনিবলৈ উপস্থিত নাথাকে। কিছুমান ভায়ে মনোৰঞ্জনত আৰু নিজৰ সুখ-বিলাসৰ বস্তুবোৰ একত্ৰিত কৰিবলৈ অধিক সময় ব্যয় কৰে। সেইবাবে যিহোৱাৰ সমৰ্পিত সেৱক হোৱা বাবে আমি চিন্তা কৰা উচিত যে আমি কিয় তেওঁক সেৱা কৰিছো। আমি মাত্ৰ পৰমদেশ সোনকালে আহিব বুলি উৎসাহেৰ ঈশ্বৰৰ কাৰ্য্য কৰিছোঁনে?

লঙ্গৰৰ দৰে আমাৰ আশা

১০, ১১. পৌলে আমাৰ আশাৰ তুলনা কিহৰ সৈতে কৰিলে আৰু এই তুলনা কিয় উপযুক্ত?

১০ পৌলে আঙুলিয়াই দেখুৱালে যে যিহোৱাই অব্ৰাহামৰ যোগেদি আৰ্শীব্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাৰ পাছত পৌলে কʼলে যে ঈশ্বৰে “শপতক মধ্যস্হ কৰিলে; যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য, এনে অলৰ দুই বিষয়ৰ দ্বাৰাই, আমাৰ আগত থকা আশা অৱলম্বন কৰিবৰ কাৰণে আশ্ৰয়লৈ পলোৱা যি আমি, আমি যেন দঢ় আশ্বাস পাওঁ, তাৰ কাৰণে কৰিলে। আমি পোৱা সেই আশা আত্মাৰ লঙ্গৰস্বৰূপ; সেয়ে নিশ্চয়, দৃঢ়, আঁৰ-কাপোৰৰ ভিতৰ ফাললৈকে সোমোৱা।” (ইব্ৰী ৬:১৭-১৯; আদিপুস্তক ২২:১৬-১৮) অভিষিক্ত খ্ৰীষ্টানসকলৰ সন্মূখত স্বৰ্গত অমৰ জীৱনৰ আশা ৰখা হৈছিল। আৰু যিহোৱাৰ অন্য সেৱকসকলৰ সন্মূখত নতুন ৰীতি-ব্যৱস্থাত চিৰকালৰ জীৱনৰ অদ্ভূত আশা ৰখা হৈছে। (লূক ২৩:৪৩) বিশ্বাসক অটল কৰি ৰাখিবলৈ আশাৰ অতি আৱশ্যক।

১১ জাহাজত সুৰক্ষাৰ বাবে লঙ্গৰ ৰখাটো অতি আৱশ্যক। মাত্ৰ লঙ্গৰে জাহাজক স্থিৰ ৰাখে আৰু ইয়াক উটি যাব নিদিয়ে। এনে কোনো কেপ্তেইন নাই যিজনে বিনা লঙ্গৰে জাহাজক বন্দৰৰ পৰা লৈ যায়। পৌলে যি জাহাজবোৰত ভ্ৰমণ কৰিছিল তাৰে কিছুমান জাহাজ ভাঙি ডুব গৈছিল। সেইবাবে তেওঁ ভালদৰে জানিছিল যে সমূদ্ৰত ভ্ৰমণ কৰা জীৱন প্ৰায় জাহাজৰ লঙ্গৰ ওপৰত নিৰ্ভৰশীল। (পাঁচনিৰ কৰ্ম্ম ২৭:২৯, ৩৯, ৪০; ২ কৰিন্থীয়া ১১:২৫) প্ৰথম শতাব্দীত, জাহাজবোৰত ইঞ্জিন নাছিল, সেইবাবে কেপ্তেনে জাহাজক নিজৰ ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিছিল। পাল তৰি চলোৱা যুদ্ধৰ জাহাজৰ বাহিৰে, বাকী সকলো জাহাজ বতাহৰ সহায়ত চলিছিল। যদি ধুমুহাত জাহাজ শিলত খুন্দা খোৱাৰ বিপদ থাকে তেনেহʼলে কেপ্তেনৰ বাবে মাত্ৰ এটাই পথ আছিল যে তেওঁ লঙ্গৰ পেলাই ধুমুহা শেষ হোৱা লৈকে এই আশাৰে ৰোৱাটো যে সমূদ্ৰতলত লঙ্গৰে খামোচি শক্তিশালীৰূপে ধৰি থাকিব। সেইবাবে পৌলে এজন খ্ৰীষ্টানৰ আশাৰ তুলনা “আত্মাৰ লঙ্গৰস্বৰূপ” সৈতে কৰিছে, যি “সেয়ে নিশ্চয়, দৃঢ়, আঁৰ-কাপোৰৰ ভিতৰ ফাললৈকে সোমোৱা।” (ইব্ৰী ৬:১৯) যেতিয়া আমি বিৰুদ্ধৰ ধুমুহাই আক্ৰমণ কৰে বা অন্য ক্লেশত পৰোঁ, সেইসময়ত আমাৰ অদ্ভূত আশাই লঙ্গৰৰ দৰে কাৰ্য্য কৰে। ই আমাক স্থিৰ ৰাখে, যʼত আমাৰ বিশ্বাসৰূপী জাহাজ সন্দেহৰ পলসুৱা মাটিৰ ওপৰত বা ধৰ্ম্মত্যাগীৰ ভয়ানক শিলৰ ওচৰলৈ যাতে ভাহি নাযায়।—ইব্ৰী ২:১; যিহূদা ৮-১৩.

১২. কিহে আমাক ঈশ্বৰৰ পৰা খহি নপৰিবলৈ সহায় কৰিব?

১২ পৌলে ইব্ৰী খ্ৰীষ্টানসকলক সাৱধান কৰিছিল: “হে ভাইবিলাক, সাৱধান, কিজানি কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰো কোনো জনৰ অবিশ্বাসী দুষ্ট হৃদয় হব।” (ইব্ৰী ৩:১২) গ্ৰীক ভাষাত “খহি পৰা” শব্দৰ অৰ্থ হৈছে “বেলেগে থিয় হোৱা” অৰ্থাৎ ধৰ্ম্মত্যাগী হোৱা। কিন্তু আমি ধৰ্ম্মত্যাগী হয় নিজৰ বিশ্বাসৰূপী জাহাজক ডুৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। বিশ্বাস আৰু আশাই আমাক সহায় কৰিব যাতে পৰীক্ষাৰ সকলোতকৈ ডাঙৰ ধুমুহাতো আমি যিহোৱাৰ পৰা আতঁৰি নগৈ তেওঁৰ সৈতে লাগি থাকোঁ। (দ্বিতীয় বিবৰণ ৪:৪; ৩০:১৯, ২০) আমাৰ বিশ্বাসৰূপী জাহাজক ধৰ্ম্মত্যাগীবোৰৰ শিক্ষাৰ ধুমুহাই নিক্ষেপ কৰিব নোৱাৰিব। (ইফিচীয়া ৪:১৩, ১৪) আৰু আমাৰ আশাৰ লঙ্গৰৰ সৈতে আমি সেই সকলো ধুমুহাৰ সন্মূখীন হব পাৰিম যিবোৰ যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আমাৰ জীৱনত আহে।

প্ৰেম আৰু পবিত্ৰ আত্মাৰ পালতৰা

১৩, ১৪. (ক) এজন খ্ৰীষ্টানৰ বাবে মাত্ৰ আশাৰ লঙ্গৰে কিয় যথেষ্ঠ নহয়? (খ) যিহোৱাৰ সেৱা কৰা চুড়ান্ত শক্তি কি হোৱা উচিত আৰু কিয়?

১৩ যদি এজন খ্ৰীষ্টানে মাত্ৰ এইটো আশাৰে যিহোৱাৰ সেৱা কৰে যে নতুন ৰীতি-ব্যৱস্থাত চিৰকালৰ জীৱন লাভ কৰিব, তেনেহʼলে তেওঁ কেতিয়াও আগলৈ উন্নতি কৰিব নোৱাৰে। জীৱনৰ ধুমুহাত নিজৰ বিশ্বাসৰূপী জাহাজক স্থিৰ ৰাখিবলৈ তেওঁৰ ওচৰত আশাৰ লঙ্গৰ হোৱা আৱশ্যক কিন্তু যদি তেওঁ আগবাঢ়িব বিচাৰে তেনেহʼলে তেওঁৰ ওচৰত প্ৰেমৰ পালতৰাক ধৰি ৰাখিব পৰা শক্তি থকাও আৱশ্যক। পৌলে এই কথাৰ ওপৰত জোৰ দি লিখিলে: “বিশ্বাস, আশা, প্ৰেম, এই তিনিটা থাকে; কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।”—১ কৰিন্থীয়া ১৩:১৩.

১৪ যিহোৱাৰ সেৱা কৰা আমাৰ কাৰণ হʼল, হৃদয়েৰে তেওঁৰ বাবে অফুৰন্ত প্ৰেম হোৱা উচিত কিয়নো প্ৰথমতে তেওঁ আমাক প্ৰেম কৰিলে। পাঁচনি যোহনে ইয়াৰ বিষয়ে লিখিলে: “যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰ প্ৰেম। ঈশ্বৰক একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইযাতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল। তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” (১ যোহন ৪:৮, ৯, ১৯) সেইবাবে যদি আমি যিহোৱাৰ প্ৰেমক কৃতজ্ঞতা জনাব বিচাৰো, তেনেহʼলে আমি মাত্ৰ নিজৰ উদ্ধাৰৰ বাবে চিন্তা নকৰি কিন্তু এইটো বিচাৰিম যে যিহোৱাৰ নামত লগোৱা কলঙ্ক দুৰ হোৱাটো আৰু এই বিশ্বত শাসন কৰা তেওঁৰ অধিকাৰ সকলো আগতে প্ৰকাশিত হোৱটো।

১৫. কেনেকৈ যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম তেওঁৰ অধিপত্যৰ লগত সমন্ধ আছে?

১৫ যিহোৱাই এইটোও বিচাৰে যে আমি মাত্ৰ এক সুন্দৰ পৃথিবীত জীয়াই থাকিবলৈ নহয়, কিন্তু তেওঁৰ প্ৰতি আমাৰ প্ৰেমৰ বাবে তেওঁক সেৱা কৰোঁ। বাইবেলৰ এটা বিশ্বকোষ শাস্ত্ৰপদসমূহত অন্তদৃষ্টিa-ত (ইংৰাজী) ব্যাখ্যা কৰিছে: “যিহোৱাই এই কথাত গৌৰৱ কৰে যে তেওঁৰ শাসন প্ৰেমৰ ওপৰত আধাৰিত আৰু তেওঁৰ সৃষ্টিও তেওঁৰ শাসনৰ অধীনত থাকে কিয়নো তেওঁ ইবিলাকক প্ৰেম কৰে। যিহোৱাই মাত্ৰ এনে লোকসকলক স্বীকাৰ কৰে যিসকলে তেওঁৰ গুণ আৰু ধাৰ্মিকতাৰ কাৰণে মাত্ৰ তেওঁৰ অধীনত থাকিব বিচাৰে, আৰু যিসকলে তেওঁৰ অধিপত্য ন্যায়ৰে কৰা কাৰ্য্যক পছন্দ কৰে। (১ কৰি. ২:৯) তেওঁলোকে স্বাধীন হোৱাৰ পৰিবৰ্ত্তে তেওঁৰ অধিপত্যৰ অধীনত সেৱা কৰিবলৈ বাচঁনি কৰে কিয়নো তেওঁলোকে যিহোৱাক, তেওঁ প্ৰেম, তেওঁ ন্যায় আৰু তেওঁৰ বুদ্ধিক ভালদৰে জানে আৰু তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে কেতিয়াও যিহোৱাক অতিক্ৰম কৰিব নোৱাৰে। (গীতমালা ৮৪:১০, ১১)”—খণ্ড ২ পৃষ্ঠা ২৭৫.

১৬. যীচুৰ বাবে আমাৰ প্ৰেমৰ পালতৰা শক্তিক শক্তিশালী কৰি ৰাখিবলৈ কেনেকৈ সহায় কৰে?

১৬ খ্ৰীষ্টান হোৱাৰ বাবে আমি যীচুকো প্ৰেম কৰোঁ কিয়নো তেওঁ আমাক প্ৰেম কৰিলে। পৌলে যুক্তিপুৰ্ণৰে বুজালে: “খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল; আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশায়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজী, তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে।” (২ কৰিন্থীয়া ৫:১৪, ১৫) যীচু খ্ৰীষ্টই সেই ভেঁটি যাৰ ওপৰত আমাৰ খ্ৰীষ্টান জীৱন, আমাৰ বিশ্বাস আৰু আমাৰ আশা স্থিৰ হৈ আছে। খ্ৰীষ্ট যীচুৰ বাবে আমাৰ প্ৰেমেহে আমাৰ আশাক শক্তিশালী কৰে আৰু আমাৰ বিশ্বাসক স্থিৰ কৰে, বিশেষকৈ তেতিয়া যেতিয়া আমি পৰীক্ষাৰ ধুমুহাৰ সন্মূখীন হওঁ।—১ কৰিন্থীয়া ৩:১১; কলচীয়া ১:২৩; ২:৬, ৭.

১৭. যি শক্তি যিহোৱাই আমাক দিয়ে সেই শক্তি কি, আৰু পাঁচনিৰ কৰ্ম্ম ১:৮ আৰু ইফিচীয়া ৩:১৬ পদত ইয়াৰ গুৰুত্ব বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে?

১৭ যিহেতু মাত্ৰ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰৰ প্ৰতি প্ৰেমে আমাক খ্ৰীষ্টান জীৱন আগবাঢ়িবলৈ উৎসাহিত কৰে কিন্তু যিহোৱাই আৰু কিছু দিয়ে যাৰ দ্বাৰা আমি প্ৰেৰণা পাওঁ আৰু তেওঁৰ সেৱাত উন্নতি কৰিবলৈ শক্তি দিয়ে। আৰু এইটো হৈছে তেওঁৰ সক্ৰিয় শক্তি অৰ্থাৎ পবিত্ৰ আত্মা। হিব্ৰু আৰু গ্ৰীক ভাষাত “আত্মাৰ” প্ৰকৃত অৰ্থ হৈছে, বতাহৰ গতিশীল সঞ্চলন। পৌলে যি জাহাজবোৰত ভ্ৰমণ কৰিছিল, সেইবোৰ বতাহৰ বলতেহে নিজৰ লক্ষ্যস্থানত পাইছিল। ঠিক সেইদৰে, যদি আমাৰ বিশ্বাসৰূপী জাহাজ যিহোৱাৰ সেৱাত আগবাঢ়ি যোৱাটো বিচাৰো তেনেহʼলে আমাক প্ৰেম আৰু ঈশ্বৰৰ অদৃশ্য শক্তিৰ আৱশ্যক।—পাঁচনিৰ কৰ্ম্ম ১:৮; ইফিচীয়া ৩:১৬.

আমাৰ লক্ষ্যস্থানৰ অগ্ৰগতি!

১৮. ভৱিষ্যতে আমাৰ বিশ্বাসৰ পৰীক্ষাবোৰত ধৈৰ্য্য ধৰিবলৈ কিহে আমাক সহায় কৰিব?

১৮ নতুন ৰীতি-ব্যৱস্থা পোৱাৰ আগতে হয়তো আমাৰ বিশ্বাস আৰু প্ৰেমৰ কঠিন পৰীক্ষা হব পাৰে। কিন্তু যিহোৱা আমাক ‘দৃঢ়, আঁৰ-কাপোৰৰ’ লঙ্গৰ দিছে, অৰ্থাৎ আমাৰ অদ্ভূত আশা। (ইব্ৰী ৬:১৯; ৰোমীয়া ১৫:৪, ১৩) সেইবাবে যদি আমাৰ এই আশাৰ লঙ্গৰ দৃঢ় আছে তেনেহʼলে আমি বিৰুদ্ধ আৰু ক্লেশৰ সংঘাত হোৱাৰ স্বত্তেও ধৈৰ্য্য ধৰিব পাৰোঁ। ধুমুহাৰ সন্মূখীন হোৱাৰ পাছত আহঁক আমি নিজৰ বিশ্বাস কৰা আশাক আৰু অধিক শক্তিশালী কৰোঁহঁক যাতে আহিবলগীয়া অন্য ধুমুহাবোৰত নিজকে প্ৰতিৰক্ষা কৰিবলৈ স্থিৰসঙ্কল্প হব পাৰোঁ।

১৯. ঈশ্বৰৰ নতুন ৰীতি-ব্যৱস্থাৰ পাৰলৈকে পাবলৈ আমি নিজৰ বিশ্বাসৰূপী জাহাজক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ?

১৯ পৌলে ‘প্ৰাণ ৰক্ষা কৰা লঙ্গৰৰ’ বিষয়ে কোৱাৰ আগতে কৈছিল: “তোমালোকৰ প্ৰত্যেক জনে যে শেষলৈকে সম্পূৰ্ণ নিশ্চয়তাযুক্ত আশাৰ অৰ্থে সেই একে যত্ন দেখুউৱা, আৰু এলেহুৱা নহৈ, যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল, সেই মানুহৰ অনুকাৰী হোৱা, এই মানুহৰ মনোবাঞ্ছা।” (ইব্ৰী ৬:১১, ১২) যেতিয়ালৈকে আমি ঈশ্বৰৰ প্ৰতিজ্ঞা কৰা নতুন ৰীতি-ব্যৱস্থাৰ পাৰলৈকৈ নাপাওঁ, আহঁক আমি যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৰ বাবে প্ৰেমেৰে প্ৰেৰিত হয় আৰু পবিত্ৰ আত্মাৰ শক্তি পাই নিজৰ বিশ্বাসৰূপী জাহাজক আগবঢ়াই যাওহঁক।

[Footnotes]

a ৱাচ্‌টাৱাৰ বাইবলে এন্‌ড ট্ৰেক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত।

পুনঃ বিবেচনাৰে

◻ আমাৰ বিশ্বাসৰ সমন্ধে পৌলে আমাক কি সাৱধানবাণী দিছে?

◻ কিছুমান লোকৰ বিশ্বাসৰূপী জাহাজ কিয় ডুব গʼল আৰু কিছুমান লোক কিয় ধীৰ গতিৰ হৈ গʼল?

◻ আমাৰ বিশ্বাসৰ সৈতে কি ঈশ্বৰীয় গুণ সংগঠিত হোৱাৰ আৱশ্যক?

◻ ঈশ্বৰৰ প্ৰতিজ্ঞা কৰা নতুন ৰীতি-ব্যৱস্থাৰ পাৰ পাবলৈ কিহে আমাক সহায় কৰিব পাৰে?

[Picture on page 16]

খ্ৰীষ্টানৰ জীৱনত ধুমুহাবোৰত সন্মূখীন হবলৈ আমাৰ বিশ্বাসৰূপী জাহাজ শক্তিশালী হোৱাৰ আৱশ্যক

[Picture on page 17]

আমাৰ বিশ্বাসৰূপী জাহাজ ডুবিব পাৰে

[Picture on page 18]

আশা আমাৰ খ্ৰীষ্টান জীৱনৰ লঙ্গৰ হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক