সকলোতে মঙ্গল বিচাৰক
“হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোৱৰণ কৰা।”—নহিমিয়া ১৩:৩০.
১ যিহোৱাই কেনেকৈ সকলোৰে মঙ্গলৰ অৰ্থে কাৰ্য্য কৰে?
দীৰ্ঘ দিনজুৰি বতৰ ডাৱৰীয়া হৈ থকাৰ পাছত ওলোৱা সূৰ্য্যৰ পোহৰে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনে। কেতিয়াবা ভাল মন হোৱাৰ বাবে লোকসকলে আনন্দিত হয়। সেইদৰে দীৰ্ঘ সময় ধৰি অতিশয় চোকা ৰদ আৰু গৰম বতৰৰ পিছত ধাৰাসাৰে হোৱা এজাক বৰষুণে সকলোকে সতেজ আৰু প্ৰফুল্লিত কৰি তুলে। বায়ুমণ্ডলত থকা এনে এক অতুলনীয় দান বা প্ৰতিকূলজনক বতৰক আমাৰ প্ৰেমময় সৃষ্টিকৰ্ত্তাই সৃষ্টি কৰিলে। আনকি যীচুৱেও শিক্ষা দিয়াৰ সময়ত ঈশ্বৰৰ সৃষ্টিৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছিল: “তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা, আৰু তোমালোকক তাড়ানা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা; তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হবা; কিয়নো তেওঁ দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত তেওঁৰ সূৰ্য্য উদয় হবলৈ দিয়ে আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়।” (মথি ৫:৪৩-৪৫) সঁচাকৈ, যিহোৱাই সকলোৰে বাবে মঙ্গল চিন্তা কৰে। সেয়েহে তেওঁৰ সেৱকসকলেও আনৰ প্ৰতি মঙ্গল চিন্তা কৰি তেওঁক অনুকৰণ কৰাটো বিচাৰে।
২. (ক) যিহোৱাই কি আধাৰত মঙ্গলময় কাৰ্য্য কৰে? (খ) যিহোৱাৰ মঙ্গলময় কাৰ্য্যৰ বাবে আমি দেখুউৱা প্ৰতিক্ৰিয়াৰ প্ৰতি তেওঁ কেনে দৃষ্টি কৰে?
২ যিহোৱাই কি আধাৰত মঙ্গলময় কাৰ্য্য কৰে? আদমে পাপ কৰাৰ দিনৰ পৰাই যিহোৱাই মানৱজাতিক ভাল দৃষ্টিৰে চাবলৈ ত্যাগ দিয়া নাই। (গীতমালা ১৩০:৩, ৪) তেওঁৰ উদ্দেশ্য হৈছে আজ্ঞাকাৰী মানৱজাতিক পৰমদেশ প্ৰদান কৰা। (ইফিচীয়া ১:৯, ১০) তেওঁ অনুগ্ৰহকাৰী হোৱাৰ বাবে যীচুৰ দ্বাৰা পাপ আৰু মৃত্যুৰ পৰা মুক্তি পোৱা আশা প্ৰদান কৰিলে। (আদিপুস্তক ৩:১৫; ৰোমীয়া ৫:১২, ১৫) এই মুক্তিপণ বলিদানৰ বাবে আমি পুনৰাই সিদ্ধতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। সেইবাবে আমাৰ প্ৰত্যেকজনে সেই মুক্তিপণ বলিদানৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া ৰাখোঁ তাক যিহোৱাই লক্ষ্য কৰে। (১ যোহন ৩:১৬) তদুপৰি আমি তেওঁৰ মঙ্গলময় কাৰ্য্যক কেনেদৰে মূল্যাঙ্কন কৰোঁ তাকো তেওঁ লক্ষ্য কৰে। এই সন্দৰ্ভত পাঁচনি পৌলে কৈছিল: “ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।”—ইব্ৰী ৬:১০.
৩. আমি কেনে প্ৰশ্নক বিবেচনা কৰা প্ৰয়োজন?
৩ আমি কেনেকৈ আনৰ প্ৰতি মঙ্গল চিন্তা কৰি যিহোৱাক অনুকৰণ কৰিব পাৰোঁ? আঁহক আমি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমাৰ জীৱনৰ চাৰিটা দিশক পৰীক্ষা কৰোঁহঁক: (১) খ্ৰীষ্টান পৰিচৰ্য্যা, (২) পৰিয়াল, (৩) মণ্ডলী আৰু (৪) আনৰ প্ৰতি থকা আমাৰ সম্বন্ধ।
প্ৰচাৰ আৰু শিষ্য-বনোৱা কাৰ্য্য
৪. খ্ৰীষ্টান পৰিচৰ্য্যাত ভাগ লোৱা কাৰ্য্যই কেনেকৈ আনৰ প্ৰতি মঙ্গল চিন্তা কৰাটো প্ৰকাশ কৰে?
৪ যেতিয়া শিষ্যসকলে কঠিয়া আৰু বিনৈ বনৰ দৃষ্টান্তৰ বিষয়ে জানিব বিচাৰিছিল তেতিয়া যীচুৱে তেওঁলোকক “পথাৰেই জগতখন” বুলি বৰ্ণনা কৰিছিল। আজিৰ সময়ৰ খ্ৰীষ্টান হোৱাৰ বাবে আমি এই কথাষাৰ প্ৰচাৰ কাৰ্য্যৰ সৈতে যে একেবাৰে সত্য তাক বিশ্বাস কৰোঁ। (মথি ১৩:৩৬-৩৮; ২৮:১৯, ২০) এই প্ৰচাৰ কাৰ্য্যত আমি ৰাজহুৱাভাৱে নিজৰ বিশ্বাসৰ বিষয়ে সকলোকে জনোৱাটো সন্মিলিত আছে। ঘৰে ঘৰে ঈশ্বৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু যোগ্য ব্যক্তিসকলক বিচাৰি ৰাস্তাত সাক্ষী দিয়া কাৰ্য্যৰ বাবে সকলোৱে যিহোৱাৰ সাক্ষীসকলৰ সৈতে ভালকৈ পৰিচিত। প্ৰকৃততে যীচুৱেও এইদৰে আজ্ঞা দিছিল: “তোমালোকে যি কোনো নগৰত বা গাৱঁত সোমোৱা, তাত কোন মানুহ যোগ্য, ইয়াৰ বিচাৰ লোৱা।”—মথি ১০:১১; পাঁচনিৰ কৰ্ম্ম ১৭:১৭; ২০:২০.
৫, ৬. আমি লোকসকলক কিয় একেৰাহে পুনৰ সাক্ষাৎ কৰিবলৈ চেষ্টা কৰা উচিত?
৫ অচিনাকী ব্যক্তিসকলক সাক্ষী দিয়াৰ সময়ত তেওঁলোকে আমাৰ বাৰ্ত্তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাই তাক আমি লক্ষ্য কৰোঁ। কেতিয়াবা আমাৰ বাৰ্ত্তাক শুনিবলৈ কোনো গৃহস্থই আগ্ৰহী হয় আৰু একে ঘৰৰে অন্য এজন ব্যক্তিয়ে “আমি শুনিব নিবিচাৰো” বুলি কোৱাত আমাৰ পুনৰাই সাক্ষাৎ কৰাৰ সুযোগ সিমানতে সামৰণি পৰে। যিসকলে শুনিবলৈ আগ্ৰহী নহয় আমি তেওঁলোকক পুনৰাই সাক্ষাৎ নকৰোঁ। এজনে অনিচ্ছুক বা বিৰোধ কৰাৰ বাবে আনজনে শুনাৰ পৰা বঞ্চিত হয়, তাক দেখি আমি কিমান যে দুখিত হওঁ! তেনেহʼলে সকলোতে উত্তম গুণ লক্ষ্য কৰিবলৈ আমি কি কৰিব পাৰোঁ?
৬ সেই এলেকাত পিছৰবাৰত কৰা প্ৰচাৰ কাৰ্য্যৰ সময়ত আমি সেই ঘৰটোত পুনৰাই সাক্ষাৎ কৰিবলৈ যোৱাৰ পদক্ষেপে প্ৰতিৰোধ কৰা ব্যক্তিজনৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ সুযোগ মুকলি কৰিব পাৰে। পূৰ্বৱৰ্তী সাক্ষাতত যি হৈছিল তাক মনত ৰখাৰ দ্বাৰা আমি উত্তমৰূপে প্ৰস্তুত হʼবলৈ সক্ষম হʼব পাৰিম। শুভবাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়া ব্যক্তিজনক বাধা দি বিৰোধ কৰা ব্যক্তিজনে হয়তো তেনে কৰি উত্তম কাৰ্য্য কৰা বুলি বিশ্বাস কৰিব পাৰে। তেওঁ হয়তো আমাৰ বিষয়ে ভুল সংবাদ পাইছিল। কিন্তু ইয়ে আমাক তেনে ঘৰবোৰত শুভবাৰ্ত্তা প্ৰচাৰ কৰা প্ৰচেষ্টাত লাগি থাকি সাৱধানে ভুল বিচাৰধাৰাবোৰ আঁতৰ কৰাত বাধা দিয়াটো উচিত নহয়। আমি সকলোকে ঈশ্বৰৰ যথাৰ্থ জ্ঞান লোৱাৰ বিষয়ে সহায় প্ৰদান কৰিবলৈ ইচ্ছুক। এই ক্ষেত্ৰত যিহোৱাই হয়তো সেই ব্যক্তিজনক তেওঁৰ কাষ চাপিবলৈ সহায় কৰিব পাৰে।—যোহন ৬:৪৪; ১ তীমথিয় ২:৪.
৭. কিহে আমাক লোকসকলৰ কাষ চপাৰ সময়ত উচিত মনোবৃত্তি ৰখাত সহায় কৰিব পাৰে?
৭ যীচুৱে শিষ্যসকলক দিয়া নিৰ্দ্দেশনাত পৰিয়ালবৰ্গৰ পৰা অহা প্ৰতিৰোধৰ বিষয়েও সন্মিলিত আছিল। তেওঁ “বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ” বুলি কোৱা নাছিলনে বাৰু? আগলৈ যীচুৱে এইদৰে কৈছিল: “মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হব।” (মথি ১০:৩৫, ৩৬) যিয়েই নহওঁক, সময়ৰ অনুসৰি মানুহৰ পৰিস্থিতি আৰু মনোবৃত্তিৰো সলনি হয়। উদাহৰণস্বৰূপে, হঠাতে অসুস্থ হৈ পৰা, কোনো আত্মীয়জনক হেৰুৱা, প্ৰাকৃতিক দুৰ্যোগ, মানসিক অশান্তি আৰু আন বহুতো কাৰণসমূহে লোকসকলক আমাৰ বাৰ্ত্তা শুনিবলৈ প্ৰভাৱিত কৰে। আমি প্ৰচাৰ কৰা লোকসকলে যে সদায়েই প্ৰতিক্ৰিয়াহীন হৈ থাকিব বুলি ভবাটো, আমি তেওঁলোকৰ বিষয়ে মঙ্গল চিন্তা কৰা হʼবনে? তেওঁলোকৰ ঘৰত আন এটা সময়ত পুনৰ সাক্ষাৎ কৰিবলৈ পৰিকল্পনা নকৰে কিয়? এইবাৰ হয়তো তেওঁলোকে আমাৰ বাৰ্ত্তাৰ প্ৰতি এক ভিন্ন প্ৰতিক্ৰিয়া দেখুৱা বুলি অনুভৱ কৰিব পাৰিম। কেতিয়াবা এনে প্ৰতিক্ৰিয়া হয়তো আমি কোৱা কথাৰ ওপৰত নহয় কিন্তু কেনেকৈ ব্যাখ্যা কৰা হয় তাৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে। আমি প্ৰচাৰ কৰাৰ পূৰ্ব্বেই যিহোৱালৈ নিৰন্তৰে কৰা প্ৰাৰ্থনাই উচিত মনোবৃত্তি আৰু কাৰ্য্যকাৰীভাৱে লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ সহায় কৰিব।—কলচীয়া ৪:৬; ১ থিচলনীকীয়া ৫:১৭.
৮. যেতিয়া খ্ৰীষ্টানসকলে সত্যত নথকা নিজৰ আত্মীয় লোকসকলৰ উত্তম গুণবোৰলৈ লক্ষ্য কৰে তেতিয়া কেনে ফল লাভ কৰিব পাৰে?
৮ কিছুমান মণ্ডলীত একে পৰিয়ালৰ ভালেমান সদস্যই যিহোৱাৰ সেৱা কৰি আছে। প্ৰায়েই এইটো দেখিবলৈ পোৱা গৈছে যে যুৱক-যুৱতীসকলে পৰিয়ালত বয়োবৃদ্ধ লোকসকলৰ সৈতে কৰা আচাৰ-ব্যৱহাৰ আৰু বিবাহ বন্ধন শক্তিশালী হোৱা দেখি সত্যৰ প্ৰতি আকৰ্ষিত হৈছে। ইয়াৰ উপৰিও বহুতো খ্ৰীষ্টান পত্নীক পৌলে “বিনাবাক্যেৰে” বুলি কোৱা পৰামৰ্শ পালন কৰি নিজৰ স্বামীৰ মন জিকাত সহায় কৰিছে।—১ পিতৰ ৩:১, ২.
পৰিয়ালত
৯, ১০. যাকোব আৰু যোচেফে কেনেকৈ নিজৰ পৰিয়ালৰ মঙ্গলৰ অৰ্থে চিন্তা কৰিছিল?
৯ পৰিয়ালত থকা একতাৰ বান্ধোনে পৰিয়ালৰ সদস্যসকলৰ ইজনে সিজনৰ উত্তমতা দৃষ্টি কৰিবলৈ আন এক দিশ প্ৰদান কৰে। উদাহৰণস্বৰূপে, যাকোবে নিজৰ সন্তানবিলাকৰ সৈতে ৰখা সম্বন্ধৰ পৰা লাভ কৰা শিক্ষাৰ বিষয়ে বিবেচনা কৰক। আদিপুস্তক ৩৭ অধ্যায় ৩ আৰু ৪ পদত কৈছে যে যোচেফ যাকোবৰ অতি প্ৰিয় পুত্ৰ আছিল। সেইবাবে তেওঁৰ ককায়েকসকলে তেওঁক দেখিব নোৱাৰা হʼল আৰু আনকি হত্যা কৰিবলৈও ষড়যন্ত্ৰ ৰচিলে। কিন্তু পিছলৈ যাকোব আৰু যোচেফে প্ৰকাশ কৰা মনোবৃত্তিৰ বিষয়ে বিশেষকৈ মনকৰিবলগা আছিল। তেওঁলোক উভয়ে পৰিয়ালৰ হিতৰ বিষয়ে চিন্তা কৰিছিল।
১০ আকালগ্ৰস্ত মিচৰ দেশত খাদ্য মন্ত্ৰী হিচাবে যোচেফে কাৰ্য্য নিৰ্বাহ কৰাৰ সময়ত তেওঁৰ ককায়েকসকলে মিচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁবিলাকক আদৰ-সন্মানেৰে আমন্ত্ৰণ জনাইছিল। যোচেফে তৎক্ষণাত নিজৰ পৰিচয় দিয়াৰ পৰিৱৰ্তে অতি কৌশলেৰে তেওঁলোকে যেন নিজৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ বৃদ্ধ পিতৃ যাকোবক চোৱা-চিতা কৰিব পাৰে সেয়েহে উভটি যোৱাৰ সময়ত তেওঁলোকৰ সৈতে যথেষ্ট পৰিমাণৰ খাদ্ৰ-সামগ্ৰী পঠোৱাৰ ব্যৱস্থা কৰিলে। যোচেফে কাকায়েসকলৰ ঘৃণাৰ পাত্ৰ হোৱাৰ স্বত্ত্বেও পৰিয়ালটোৰ হিতৰ বাবেহে চিন্তা কৰিছিল। (আদিপুস্তক ৪১:৫৩-৪২:৮; ৪৫:২৩) ঠিক সেইদৰে মৃত্যু-শৰ্য্যাত থকা যাকোবেও নিজৰ পুতেকবিলাকক ভৱিষ্যদ্বাণীমূলক আশীৰ্ব্বাদ প্ৰদান কৰিলে। আজ্ঞাকাৰী নোহোৱাৰ বাবে যদিও তেওঁলোকে কিছুমান বিশেষাধিকাৰৰ পৰা বঞ্চিত হʼবলগীয়া হʼল তথাপিও প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰাৰ দুৱাৰ সকলোৰে বাবে মুকলি হৈ থাকিল। (আদিপুস্তক ৪৯:৩-২৮) যাকোবে কিযে এক চিৰস্থায়ী প্ৰেম প্ৰকাশ কৰিলে!
১১, ১২. (ক) পৰিয়ালৰ মঙ্গল কামনা কৰাৰ আৱশ্যকতাৰ সম্বন্ধে কেনে ভৱিষ্যদ্বাণীমূলক উদাহৰণ আছে? (খ) যীচুৱে দৃষ্টান্তত উল্লেখ কৰা অপব্যয়ী পুত্ৰৰ পিতৃজনৰ পৰা আমি কি শিকিব পাওঁ?
১১ যিহোৱাই অবিশ্বাসী ইস্ৰায়েলৰ সৈতে প্ৰকাশ কৰা চিৰসহিষ্ণুতা গুণে তেওঁ নিজৰ সেৱকসকলক উত্তমতাৰে দৃষ্টি কৰাৰ বিষয়ে অধিক অন্তৰ্দৃষ্টি প্ৰদান কৰে। ভৱিষ্যতবক্তা হোচিয়াৰ পৰিয়ালৰ অৱস্থাক উল্লেখ কৰি যিহোৱাই চিৰস্থায়ী প্ৰেম প্ৰকাশ কৰিলে। হোচিয়াৰ ভাৰ্য্যা গোমৰে সঘনাই ব্যাভিচাৰ কাৰ্য্যত লিপ্ত হোৱা দেখা গৈছিল। তথাপিও যিহোৱাই হোচিয়াক এইদৰে নিৰ্দ্দেশনা দিছিল: “ইস্ৰায়েলৰ সন্তানবিলাকে ইতৰ দেৱতালৈ মুখ কৰাতো, আৰু শুকান দ্ৰাক্ষাগুটিৰ লদা ভাল পোৱাতো যিহোৱাই তেওঁবিলাকক প্ৰেম কৰাৰ দৰে, তুমি পুনৰায় গৈ উপপতিৰ প্ৰিয়া আৰু ব্যভিচাৰিণী তিৰোতাজনীক প্ৰেম কৰা।” (হোচেয়া ৩:১) তেনেধৰণৰ আজ্ঞা কিয় দিয়া হৈছিল? কিয়নো যিহোৱাই জানিছিল যে যদিও ইস্ৰায়েল জাতিয়ে পথভ্ৰষ্ট হৈছে তথাপি ব্যক্তিগতভাৱে তেওঁলোকে তেওঁৰ চিৰসহিষ্ণুতাৰ প্ৰতি নিশ্চয়ে সঠিক মনোবৃত্তি দেখুৱাব। এই সন্দৰ্ভে ভৱিষ্যতবক্তা হোচিয়াই এইদৰে কৈছিল: “ইস্ৰায়েলৰ সন্তানবিলাকে উলটি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাক আৰু ৰজা দায়ূদক বিচাৰিব, আৰু শেষকালত ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তম বস্তুলৈ আহিব।” (হোচেয়া ৩:৫) বাস্তৱতে যেতিয়া পৰিয়ালত কোনো সমস্যাই দেখা দিয়ে তেতিয়া এই উত্তম আৰ্হিৰ অনুসাৰে চলা উচিত। আপুনি নিৰন্তৰে পৰিয়ালৰ আন সদস্যসকলৰ বাবে মঙ্গল কামনা কৰাটো ধৈৰ্য্যৰ এক উত্তম আৰ্হিস্বৰূপে প্ৰমাণিত হʼব।
১২ যীচুৱে উল্লেখ কৰা বিদ্ৰোহী পুত্ৰৰ দৃষ্টান্তৰ পৰা আমি নিজৰ পৰিয়ালৰ সদস্যসকলত কেনেকৈ মঙ্গল কামনা কৰিব পাৰোঁ, তাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। অপব্যয়ীভাৱে জীৱন-যাপন কৰি আমনি পোৱাৰ পিছত তেওঁ পুনৰাই ঘৰলৈ উভটি আহে। তেওঁৰ পিতৃয়ে তেওঁক অতি আদৰেৰে আমন্ত্ৰণ জনায়। সদায়েই তেওঁৰ সৈতে থকা জ্যেষ্ঠ পুতকে যেতিয়া আপত্তি কৰে তেতিয়া পিতৃজনে কেনে প্ৰতিক্ৰিয়া দেখুৱায়? জ্যেষ্ঠ পুত্ৰজনক উদ্দেশ্য কৰি তেওঁ এনেদৰে কয়: “বোপা, তুমি সদায় মোৰ লগত আছা; আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।” এইটো কোনো খঙেৰে দিয়া উত্তৰ নাছিল বৰঞ্চ ই এক প্ৰেমৰ আশ্বাস আছিল। আগলৈ তেওঁ এনেদৰে কয়: “তোমাৰ এই ভায়েৰা মৰা হৈয়ো, আকৌ জীলে; হেৰোৱা হৈয়ো, পোৱা হল; এই কাৰণে আমি ৰং কৰা আৰু আনন্দিত হোৱা উচিত।”—লূক ১৫:১১-৩২.
খ্ৰীষ্টান মণ্ডলীত
১৩, ১৪. মণ্ডলীৰ ভিতৰত ৰাজকীয় ব্যৱস্থাৰ প্ৰেম দেখুউৱাৰ এটা পদ্ধতি কি?
১৩ আমি খ্ৰীষ্টান হোৱা হেতুকে ৰাজকীয় ব্যৱস্থাৰ প্ৰেমক অনুকৰণ কৰা উচিত। (যাকোব ২:১-৯) মণ্ডলীৰ সদস্যসকলৰ আৰ্থিক অৱস্থা আমাৰ পৰা ভিন্ন হব পাৰে। কিন্তু আমাৰ মাজত বিভিন্ন পৃষ্ঠভূমি, জাতিগত আৰু সংস্কৃতিৰ হোৱাৰ বাবে “শ্ৰেণীভেদ” মনোবৃত্তি ৰাখোঁনে? যদি তেনেদৰে মনোবৃত্তিৰ ৰাখোঁ তেনেহʼলে এই সংক্ৰান্তত পাঁচনি যাকোবে দিয়া পৰামৰ্শক আমি কেনেকৈ পালন কৰিব পাৰোঁ?
১৪ সভাত উপস্থিত হোৱা সকলোকে আন্তৰিকতাৰে আদৰণী জনাই আমি উদাৰ মনৰ ব্যক্তি হোৱাৰ পৰিচয় দিওঁ। যদি ৰাজ্যগৃহত নতুনকৈ উপস্থিত হোৱা ব্যক্তিসকলৰ সৈতে কথা-বতৰা হোৱাত আগভাগ লওঁ তেন্তে তেওঁলোকে লাজকুৰীয়া স্বভাৱ আৰু আত্মপ্ৰত্যয়হীন ভাৱনাক ত্যাগ কৰিব পাৰিব। প্ৰথমবাৰৰ বাবে খ্ৰীষ্টান সভাত উপস্থিত হোৱা এজন ব্যক্তিয়ে এইদৰে কৈছিল: “তেওঁলোকৰ প্ৰত্যেকজনাই হিতৈষী। তেওঁলোকে মোৰ সৈতে এইদৰে ব্যৱহাৰ কৰে যেন মই তেওঁলোকৰ সৈতে বহু দিনৰ পৰাই পৰিচিত। মই তেওঁলোকৰ মাজত একেবাৰে সহজ বা ঘৰুৱা অনুভৱ কৰিছিলোঁ।”
১৫. মণ্ডলীৰ বৃদ্ধ ব্যক্তিসকলৰ প্ৰতি আগ্ৰহী হʼবলৈ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰি?
১৫ কিছুমান মণ্ডলীৰ যুৱক-যুৱতীয়ে সভা আৰম্ভ বা সমাপ্ত হোৱাৰ পিছত তেওঁলোকে হয়তো আনৰ সৈতে কথা-বতৰা হʼবলৈ সঙ্কুচবোধ কৰে আৰু অকলশৰীয়াকৈ থাকিব বিচাৰে। এনেধৰণৰ অযুক্তিকৰ ভাৱধাৰাক আঁতৰ কৰিবলৈ কেনে উত্তম পদক্ষেপ লʼব পাৰি? অৱশ্যে সৰ্ব্বপ্ৰথমে পিতৃ-মাতৃসকলে ঘৰত নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ আৰু সভাৰ বাবে তৈয়াৰ কৰিব লাগে। (হিতোপদেশ ২২:৬) সভাৰ বাবে কেনে আলোচনীবোৰ লৈ যোৱা আৱশ্যক, তাৰ ব্যৱস্থা কৰিবলৈ লʼৰা-ছোৱালীক নিযুক্তি কৰা প্ৰয়োজন। তদুপৰি মণ্ডলীত থকা বৃদ্ধ আৰু অসুস্থ ব্যক্তিসকলক উৎসাহিত কৰিবলৈ পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিব পাৰে। যেতিয়া লʼৰা-ছোৱালীয়ে তেনে কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁলোকে আত্ম-সন্তুষ্টি লাভ কৰিব পাৰে।
১৬, ১৭. মণ্ডলীত থকা কম বয়সীয়া সকলৰ মঙ্গলৰ অৰ্থে বয়সস্থ ভাই-ভনীসকলে কি কৰিব পাৰে?
১৬ বৃদ্ধ ভাই-ভনীসকলে কম বয়সীয়া ভাই-ভনীৰ প্ৰতি আগ্ৰহী হোৱা উচিত। (ফিলিপীয়া ২:৪) তেওঁলোকে হয়তো কম বয়সীয়া ভাই-ভনীক উৎসাহিত কৰি তুলাৰ উদ্দেশ্যৰে কথা-বতৰা হোৱাত আগভাগ লʼব পাৰে। সাধাৰণতে সভাবোৰত কিছুমান উল্লেখনীয় বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। কম বয়সীয়াসকলক হয়তো এইদৰে সুধিব পাৰে যে, সভাৰ পৰা তেওঁলোকে কেনেকৈ লাভৱান হৈছে বা কিবা নতুনকৈ শিকাৰ বিষয়ে মনত পৰিছেনে। যুৱক-যুৱতীসকল মণ্ডলীৰ এক অপৰিহাৰ্য্য অংশ হোৱাৰ বাবে তেওঁলোকে সভাত মনোযোগ আৰু মন্তব্য দিয়া বা কাৰ্য্যক্ৰমত অংশ লোৱাৰ বাবে প্ৰশংসা কৰাটো অতি আৱশ্যক। মণ্ডলীৰ বৃদ্ধ ব্যক্তিসকলৰ প্ৰতি দেখুৱা যুৱক-যুৱতীসকলৰ আচাৰ-ব্যৱহাৰ বা ঘৰত কৰা কোনো যাৱতীয় কাৰ্য্যই ভৱিষ্যতে তেওঁলোকে কোনো গভীৰ দায়িত্ব বহন কৰিব পৰা ক্ষমতা থকা বুলি প্ৰমাণ দিয়ে।—লূক ১৬:১০.
১৭ কিছুমান ডেকা ভায়ে দায়িত্ব বহন কৰাৰ দ্বাৰা গভীৰ নিযুক্তিভাৰ বহন কৰাৰো যোগ্যতা লাভ কৰিছে। কোনো কাৰ্য্যত নিজকে ব্যস্ত ৰখাৰ দ্বাৰাও অবিবেচকৰূপে আচৰণ কৰাৰ পৰা আঁতৰি থাকিব পাৰি। (২ তীমথিয় ২:২২) তেনেধৰণৰ দায়িত্বই হয়তো সহায়ক সেৱক হিচাবে উপযুক্ত হোৱা ভাইসকলৰ ‘অৰ্হতাকো পৰীক্ষা’ কৰিব পাৰে। (১ তীমথিয় ৩:১০) তেওঁলোকে সভাত ভাগ লোৱা, প্ৰচাৰ কাৰ্য্যত দেখুৱা উৎসাহ আৰু মণ্ডলীৰ আন সদস্যৰ প্ৰতি থকা আগ্ৰহকতাক লক্ষ্য কৰি প্ৰাচীনসকলে অতিৰিক্ত নিযুক্তিভাৰৰ বাবে বাছনি কৰে।
সকলোতে মঙ্গল বিচৰা
১৮. ন্যায়-বিচাৰৰ সম্বন্ধে থকা কেনেধৰণৰ বিপদৰ পৰা প্ৰাচীনসকলে আঁতৰি থাকিব লাগে আৰু কিয়?
১৮ হিতোপদেশ ২৪:২৩ পদত কৈছে, “বিচাৰত মুখ চোৱা উচিত নহয়।” ঈশ্বৰীয় জ্ঞানে মণ্ডলীৰ প্ৰাচীনসকলক বিচাৰ কৰাৰ সময়ত পক্ষপাতী হোৱাৰ পৰা আঁতৰি থাকিবলৈ জোৰ দি উল্লেখ কৰিছে। এই বিষয়ে পাঁচনি যাকোবে এইদৰে কৈছিল: “ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুচি, পাছে শান্তিযুক্ত, ক্ষান্ত-স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয়, আৰু অকপট।” (যাকোব ৩:১৭) আনৰ মঙ্গলৰ বিষয়ে চিন্তা কৰাৰ সময়ত প্ৰাচীনসকলে যেন ব্যক্তিগত সম্বন্ধক লৈ বা আৱেগীক হৈ কোনো সিদ্ধান্ত নলয়। আচফ নামৰ গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “ঈশ্বৰ ঈশ্বৰৰ মণ্ডলীত স্থিতি হৈছে; তেওঁ ঈশ্বৰবিলাকৰ [মানৱ বিচাৰকৰ্ত্তাবোৰক “ঈশ্বৰৰ নিচিনা” বুলি বুজাইছে] মাজত বিচাৰ কৰে। তোমালোকে কিমান কাললৈ অন্যায় বিচাৰ কৰিবা; আৰু দুষ্টবোৰৰ মুখ চাবা?” (গীতমালা ৮২:১, ২) আত্মীয় বা বন্ধুত্বৰ সম্বন্ধ থকা বিষয়বোৰত প্ৰাচীনসকলে পক্ষপাতী হোৱাৰ পৰা আঁতৰি থকা উচিত। এনে কৰাৰ দ্বাৰা তেওঁলোকে মণ্ডলীত ঐক্যতা বজাই ৰাখে আৰু যিহোৱাৰ পবিত্ৰ আত্মাক মুকলিকৈ কাৰ্য্য কৰিবলৈ পথ মুকলি কৰে।—১ থিচলনীকীয়া ৫:২৩.
১৯. আমি কেনে ধৰণে আনৰ মঙ্গল কামনা কৰিব পাৰোঁ?
১৯ আমাৰ ভাই-ভনীসকলৰ বাবে মঙ্গল কামনা কৰাৰ সময়ত আমি পাঁচনি পৌলে থিচলনীকীয়া মণ্ডলীলৈ দেখুৱা মনোবৃত্তিক অনুকৰণ কৰোঁ। এই বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “আমি দিয়া সকলো আদেশ তোমালোকে পালন কৰিছা আৰু কৰিবাও বুলি তোমালোকৰ অৰ্থে প্ৰভুত আমাৰ দৃঢ় প্ৰত্যয় আছে।” (২ থিচলনীকীয়া ৩:৪) যেতিয়া আমি আনৰ মঙ্গল কামনা কৰোঁ তেতিয়া তেওঁলোকত থকা ত্ৰুটিবোৰক লক্ষ্য নকৰোঁ। এনে দিশবোৰ বিচাৰি উলিয়াব লাগে যʼত আমি আমাৰ ভাই-ভনীসকলক প্ৰশংসা কৰিব পাৰোঁ। আমি অৱশ্যেই দোষাৰোপ কৰা মনোবৃত্তিৰ পৰা আঁতৰি থকা উচিত। পাঁচনি পৌলে কৈছিল: “ভঁৰালী যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।” (১ কৰিন্থীয়া ৪:২) কেৱল মণ্ডলীৰ ভাণ্ডাৰীসকলেই যে বিশ্বাসী এনে নহয়, কিন্তু আমাৰ সকলো ভাই-ভনীয়েও বিশ্বাসী। সেইবাবে আমি পৰস্পৰে কাষ চাপি আহোঁ আৰু আমাৰ বন্ধুত্ব অধিক শক্তিশালী হৈ উঠে। আমি পাঁচনি পৌলে তেওঁৰ সময়ত ভাইসকলৰ প্ৰতি ৰখা মনোবৃত্তিক অনুকৰণ কৰোঁ। কিয়নো তেওঁলোক ‘ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে আমাৰ সহকাৰী’ আৰু “শান্তিজনক হʼল।” (কলচীয়া ৪:১১) এইদৰে আমি যিহোৱাৰ মনোবৃত্তিক প্ৰকাশ কৰোঁ।
২০. যিসকলে আনৰ বাবে মঙ্গল বিচাৰে, তেওঁলোকে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব?
২০ আমি নিশ্চয়ে ভৱিষ্যতবক্তা নহিমিয়াই কৰা প্ৰাৰ্থনাক দোহাৰি এনেদৰে কওঁ: “হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোৱৰণ কৰা।” (নহিমিয়া ১৩:৩০) যিহোৱাই লোকসকলৰ মঙ্গল বিচাৰে বুলি জনাটো কিযে এক আনন্দৰ বিষয়! (১ ৰাজাৱলি ১৪:১৩) গতিকে আঁহক আমি আনৰ সৈতে আচৰণ কৰাৰ সময়ত তাক অনুকৰণ কৰোঁহঁক। এনে কৰাৰ দ্বাৰা আমি উদ্ধাৰ পায় নতুন পৃথিৱীত জীয়াই থকা আশা লাভ কৰিম।—গীতমালা ১৩০:৩-৮. (w03 6/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• যিহোৱাই কি আধাৰত সকলোলৈ মঙ্গলময়ৰ কাৰ্য্য কৰে?
• আমি কেনেকৈ এইবোৰ ক্ষেত্ৰত মঙ্গলময় কামনা কৰিব পাৰোঁ
• প্ৰচাৰ কাৰ্য্যত?
• পৰিয়ালত?
• মণ্ডলীত?
• আনৰ সৈতে থকা সম্বন্ধত?
[২৬ পৃষ্ঠাৰ ছবি]
যদিও যোচেফ তেওঁৰ ককায়েকসকলৰ ঘৃণাৰ পাত্ৰ আছিল তথাপিও তেওঁ তেওঁলোকৰ প্ৰতি মঙ্গলময় কামনা কৰিছিল
[২৭ পৃষ্ঠাৰ ছবি]
বিৰোধিতাই সকলোকে সহায় কৰিবলৈ কৰা প্ৰচেষ্টাত বাধা দিব নোৱাৰে
[২৮ পৃষ্ঠাৰ ছবি]
যাকোবৰ পুতেকবিলাকে অতীত কৰা আপত্তিজনক কাৰ্য্যৰ স্বত্ত্বেও তেওঁৰ আশীৰ্ব্বাদৰ পৰা বঞ্চিত নহʼল
[২৯ পৃষ্ঠাৰ ছবি]
সকলোকে খ্ৰীষ্টান সভালৈ আন্তৰিক আদৰণী জনাওক