প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধানে থাকক
কোনোৱে যেন তোমালোকক . . . প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা।—কলচীয়া ২:৮.
১-৩. (ক) কেনে উদাহৰণসমূহে দেখুৱাইছে যে দৈনন্দিন জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত প্ৰবঞ্চনাই বাহ লৈছে? (খ) এই জগতত দেখা দিয়া প্ৰবঞ্চনাৰ প্ৰতি আমি কিয় আচৰিত হʼব নালাগে?
কিছু বছৰৰ আগতে এজন আইন অধ্যাপকে সমীক্ষণ কৰি এইদৰে সুধিছিল: “আপোনালোকৰ কিমানজন মক্কেলে সঁচা কথা কয়?” স্বয়ং তেওঁ এই প্ৰশ্নটোৰ উত্তৰ দি এইদৰে কৈছিল: “হাজাৰতকৈ অধিক উকীলৰ এজন মক্কেলেহে হয়তো সঁচা মাতিব পাৰে।” কিয় তেনেদৰে কʼব পৰা যায়? পুনৰাই তেওঁ এইদৰে মন্তব্য দিছিল: “অলপতে উকীলজনে হয়তো এটা ডাঙৰ কোম্পানীৰ সৈতে নিজা বৃত্তি আৰম্ভ কৰিছে আৰু এতিয়ালৈকে তেওঁৰ মক্কেলৰ সৈতে কথা-বতৰা হোৱা নাই।” এই অভিজ্ঞতাৰ দ্বাৰা জানিব পৰা যায় যে বৰ্তমান জগতত মিছা কোৱা আৰু প্ৰবঞ্চনা কৰাটো এটা সাধাৰণ বিষয় হৈ পৰিছে।
২ প্ৰবঞ্চনা বহুতো প্ৰকাৰৰ হʼব পাৰে আৰু ই প্ৰায় বৰ্তমান জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰবিষ্ট কৰিছে। মিডিয়া ৰিপোৰ্টৰ অনুসাৰে নেতাসকলে নিজৰ কাৰ্য্যকলাপৰ দ্বাৰা, গাণনিক আৰু উকীলসকলে নিজৰ লাভৰ বাবে গৌৰৱ কৰিছে, বিজ্ঞাপনৰ দ্বাৰা উপভোক্তাসকলক ভুল পথে পৰিচালিত আৰু অভিযুক্ত ব্যক্তিসকলে বীমা কোম্পানীৰ পৰা ঠগি ধন আহৰণ কৰিছে। তদুপৰি ধৰ্ম্মৰ নামতো প্ৰবঞ্চিত কৰা দেখিবলৈ পোৱা যায়। যেনে, ধৰ্ম্মগুৰুসকলে অমৰ প্ৰাণ, নৰকাগ্নি আৰু ত্ৰিমূৰ্ত্তি আদিৰ দৰে মিছা শিক্ষাৰ দ্বাৰা লোকসকলক ভুল পথে পৰিচালিত কৰিছে।—২ তীমথিয় ৪:৩, ৪.
৩ এনে প্ৰবঞ্চনাবোৰৰ বিষয়ে শুনি আমি আচৰিত হোৱা উচিতনে? নিশ্চয়ে নহয়। এই ‘শেষ-কালৰ’ বিষয়ে উল্লেখ কৰি বাইবেলে এইদৰে সতৰ্ক কৰিছে: “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১, ১৩) আমি খ্ৰীষ্টান হোৱা হেতুকে এনে ধৰণৰ বিপথে লৈ যোৱা ধাৰণাবোৰৰ পৰা বিৰত থকা উচিত যি আমাক সত্যৰ পৰা অঁতৰাই নিব পাৰে। গতিকে এই প্ৰশ্ন দুটা সোধাটো স্বভাৱিক হʼব: আজি কিয় প্ৰবঞ্চনা ইমান অধিককৈ বৃদ্ধি পাইছে আৰু আমি কেনেকৈ প্ৰবঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ?
কিয় ইমান অধিক প্ৰবঞ্চনা দেখা গৈছে?
৪. অধিককৈ বৃদ্ধি হোৱা প্ৰবঞ্চনাৰ বিষয়ে বাইবেলে কি কৈছে?
৪ আজি কিয় ইমান অধিক প্ৰবঞ্চনা দেখা গৈছে তাৰ বিষয়ে বাইবেলে স্পষ্টকৈ বৰ্ণনা কৰিছে। এই সন্দৰ্ভত পাঁচনি যোহনে কৈছিল যে “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” ইয়াত উল্লেখ কৰা “পাপ-আত্মা” চয়তানক বুজাইছে। যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “সি . . . সত্যত নাথাকে; কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয়, তেতিয়া নিজৰ পৰাহে কয়; কিয়নো সি মিছলীয়া, আৰু তাৰ বাপেক।” (যোহন ৮:৪৪; ১৪:৩০; ইফিচীয়া ২:১-৩)
৫. এই শেষকালৰ সময়ছোৱাত চয়তানে কেনেকৈ অতি প্ৰবলতাৰে কাৰ্য্য কৰিছে আৰু বিশেষকৈ সি কেনে ব্যক্তিসকলক তাৰ লক্ষ্য বনাইছে?
৫ এই শেষকালৰ সময়ছোৱাত চয়তানে অতি প্ৰবল হৈ কাৰ্য্য কৰিছে। যিহেতু তাক পৃথিৱীলৈ পেলাই দিয়া আৰু তাৰ অলপ সময় বাকী থকাৰ বাবে সি “অতি ক্ৰোধিত” হৈছে। গতিকে সি যিমানে সম্ভৱ সিমানেই লোকসকলক, অৰ্থাৎ “গোটেই জগতৰ ভ্ৰান্তি” জন্মাই ফুৰিছে। (প্ৰকাশিত বাক্য ১২:৯, ১২) সি হঠাতে প্ৰবঞ্চিত কৰা ব্যক্তি নহয়। কিন্তু সি নিৰন্তৰে মানৱজাতিক প্ৰবঞ্চিত কৰি ফুৰিছে।a সি সকলো ধৰণৰ পৰিকল্পনা ব্যৱহাৰ কৰিছে আৰু অবিশ্বাসীসকলক ঈশ্বৰৰ পৰা অঁতৰাই ৰাখিবলৈ ছলনাৰ সহায় লৈছে। (২ কৰিন্থীয়া ৪:৪) বিশেষকৈ যিসকলে “আত্মাৰে আৰু সত্যৰে” ঈশ্বৰক উপাসনা কৰে তেওঁলোকক গ্ৰাস কৰিবলৈ সি বাট চাই আছে। (যোহন ৪:২৪; ১ পিতৰ ৫:৮) তদুপৰি সি দাবী কৰি কোৱা এইষাৰ কথাকো মনত ৰাখিব: ‘মই যিকোনো এজন ব্যক্তিক ঈশ্বৰৰ পৰা অঁতৰাই নিব পাৰোঁ।’ (ইয়োব ১:৯-১২) এতেকে আঁহক আমি তাৰ কিছুমান “কুকল্পনা” আৰু কেনেকৈ সেইবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ, তাৰ বিষয়ে আলোচনা কৰোঁহঁক।—ইফিচীয়া ৬:১১.
ধৰ্ম্মত্যাগীসকলৰ প্ৰবঞ্চনাৰ পৰা আঁতৰি থাকক
৬, ৭. (ক) ধৰ্ম্মত্যাগীসকলে কিহৰ বিষয়ে দাবী কৰিব পাৰে? (খ) ধৰ্ম্মত্যাগীসকলৰ অভিপ্ৰায় জানিবলৈ শাস্ত্ৰপদে কেনেকৈ স্পষ্টভাৱে বৰ্ণনা কৰিছে?
৬ চয়তানে বহু সময়ৰে পৰা ঈশ্বৰৰ সেৱকসকলক প্ৰবঞ্চিত কৰিবলৈ ধৰ্ম্মত্যাগীসকলক উৎসাহিত কৰি আহিছে। (মথি ১৩:৩৬-৩৯) এই ধৰ্ম্মত্যাগীসকলে হয়তো যিহোৱা আৰু তেওঁৰ বাক্য বাইবেলত বিশ্বাস ৰাখে বুলি দাবী কৰিব পাৰে কিন্তু তেওঁলোকে যিহোৱাৰ দৃশ্যমান সংগঠনক মানিবলৈ অস্বীকাৰ কৰে। আনকি তেওঁলোকৰ কিছুমানে মিছা ধৰ্ম্মৰ সম্ৰাজ্য “মহা-বাবিলৰ” সৈতে সঙ্গতি কৰিছে। (প্ৰকাশিত বাক্য ১৭:৫; ২ পিতৰ ২:১৯-২২) সেইবাবে বাইবেলৰ লিখকসকলে ঈশ্বৰ-প্ৰেৰিত হৈ ধৰ্ম্মত্যাগীসকলৰ অভিপ্ৰায় আৰু কাৰ্য্যবিধি প্ৰকাশ কৰিবলৈ গভীৰ বাক্যবোৰ ব্যৱহাৰ কৰিছে।
৭ এই ধৰ্ম্মত্যাগীবিলাকৰ অভিপ্ৰায় কি? এসময়ত তেওঁলোকৰ বেছিভাগে সত্য বুলি স্বীকাৰ কৰা বিষয়ক আজি অসত্য বুলি ভাবে আৰু আনকো সেইধৰণে বিশ্বাস কৰিবলৈ প্ৰেৰিত কৰে। তেওঁলোকে নিজৰ শিষ্য বনাবলৈ কোনো নতুন ব্যক্তি বিচৰাৰ পৰিৱৰ্তে “[খ্ৰীষ্টৰ] শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ” চেষ্টা কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) মিছা শিক্ষকসকলৰ সম্বন্ধে পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “কোনোৱে যেন তোমালোকক দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা।” (কলচীয়া ২:৮) ইয়াৰ দ্বাৰা এইটো জানিব পৰা নাযায়নে যে বেছিভাগ ধৰ্ম্মত্যাগীয়ে কি কৰিবলৈ চেষ্টা কৰে? যিদৰে এজন অপহৰণকাৰীয়ে পৰিয়ালে ভাবিব নোৱাৰা ব্যক্তিক প্ৰবঞ্চিত কৰি অপহৃত কৰে, ঠিক তেনেদৰে ধৰ্ম্মত্যাগীসকলে মণ্ডলীৰ ভাৰসাযুক্ত ব্যক্তিসকলক অঁতৰাই নিবলৈ চেষ্টা কৰে।
৮. ধৰ্ম্মত্যাগীসকলে নিজৰ যোজনাত উপনীত হʼবলৈ কেনে পদ্ধতিবোৰ ব্যৱহাৰ কৰে?
৮ ধৰ্ম্মত্যাগীসকলে নিজৰ অভিপ্ৰায়ত উপনীত হʼবলৈ কেনে ধৰণৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰে? তেওঁলোকে সদায়ে বিভ্ৰান্তি জন্মোৱা, অৰ্দ্ধসত্য আৰু দাবী কৰি মিছা কথা কয়। যীচুৱে জানিছিল যে তেওঁৰ শিষ্যবিলাককো “সকলো প্ৰকাৰ কুকথা” কৈ ধৰ্ম্মত্যাগীসকলে প্ৰবঞ্চিত কৰিব বিচাৰিব। (মথি ৫:১১) তেনে ধৰণৰ আখেজীয়া বিৰোধীসকলে কুকথা কৈ আনক প্ৰবঞ্চিত কৰিবলৈ চেষ্টা কৰিব। পাঁচনি পিতৰে এনে ধৰ্ম্মত্যাগীসকলৰ পৰা সাৱধানে থাকিব কৈছিল, যিসকলে নিজৰ যোজনাত সফল হʼবলৈ “কল্পিত বাক্য,” ‘উদৰ-তৃপ্তি শিক্ষা’ আৰু ‘শাস্ত্ৰৰ পদবোৰ অৰ্থান্তৰ’ কৰে। (২ পিতৰ ২:৩, ১৩; ২ পিতৰ ৩:১৬) অতি দুখৰ বিষয় এই যে এনে ব্যক্তিসকলে “কোনো কোনোৰ বিশ্বাস বিনষ্ট” কৰাত সফল হৈছে।—২ তীমথিয় ২:১৮.
৯, ১০. (ক) আমি ধৰ্ম্মত্যাগীবিলাকৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম? (খ) যদিও ঈশ্বৰৰ উদ্দেশ্য থকা আমাৰ অন্তৰ্দৃষ্টিক পৰিৱৰ্তন কৰিবলগীয়া হয় তথাপিও আমি কিয় নিৰুৎসাহিত নহওঁ?
৯ আমি কেনেকৈ প্ৰবঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰিম? ইয়াৰ বাবে আমি ঈশ্বৰৰ বাক্যত পোৱা এই পৰামৰ্শক পালন কৰা উচিত, যʼত এইদৰে কৈছে: “যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায়, তেওঁবিলাকক চিনি ৰাখি, তেওঁবিলাকৰ পৰা পৃথকে থাকিবা।” (ৰোমীয়া ১৬:১৭) আমি তেওঁলোকৰ যুক্তিধাৰা, কোনো ধৰণৰ কিতাপ পঢ়া আৰু ইন্টাৰনেটত থকা বিষয়বোৰ চোৱাৰ পৰা ‘বিৰত থাকা’ উচিত। আমি তেনে ধৰণৰ পদক্ষেপ কিয় লোৱা উচিত? কিয়নো সৰ্বপ্ৰথমে, ঈশ্বৰৰ বাক্যই আমাক তেনে কৰিবলৈ কৈছে আৰু আমি ভাৰসা কৰোঁ যে যিহোৱাই সদায়ে আমাৰ উত্তমতা বিচাৰে।—যিচয়া ৪৮:১৭, ১৮.
১০ দ্বিতীয়তে, আমি তেওঁৰ দৃশ্যমান সংগঠনৰ সৈতে প্ৰেম কৰোঁ যি আমাক এনে বহুমূল্য শিক্ষা প্ৰদান আৰু মহা-বাবিলৰ পৰা পৃথকে থাকিবলৈ সহায় কৰিছে। একেই সময়ত আমি ইয়াকো জানিব পাৰিছোঁ যে এতিয়ালৈকে ঈশ্বৰৰ উদ্দেশ্যৰ সম্বন্ধে থকা সম্পূৰ্ণ জ্ঞান পোৱা নাই আৰু সময় অনুযায়ী আমাৰ অন্তৰ্দৃষ্টিত পৰিৱৰ্তন ঘটি আহিছে। এনে ধৰণে হোৱা সংশোধনৰ বাবে যিহোৱালৈ বাট চাবলৈ আনুগত্য খ্ৰীষ্টানসকলে আত্মসংযম দেখুৱাইছে। (হিতোপদেশ ৪:১৮) গতিকে আঁহক আমি যেন যিহোৱাৰ অনুমোদন থকা সংগঠনৰ সৈতে সঙ্গতি কৰিবলৈ ত্যাগ নিদিওঁ।—পাঁচনিৰ কৰ্ম্ম ৬:৭; ১ কৰিন্থীয়া ৩:৬.
আত্মপ্ৰবঞ্চিত হোৱাৰ পৰা আঁতৰি থাকক
১১. অপৰিপূৰ্ণ মানৱৰ বাবে আত্মপ্ৰবঞ্চিত হোৱাটো কিয় এক স্বাভাৱিক বিষয়?
১১ অপৰিপূৰ্ণ মানৱৰ বাবে আত্মপ্ৰবঞ্চিত হোৱাটো এটা স্বাভাৱিক বিষয়। কিয়নো যিৰিমিয়া ১৭:৯ পদত কৈছে: “মন সকলোতকৈ কপটময়।” তদুপৰি পাঁচনি যাকোবেও এইদৰে কৈছিল: “প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।” (যাকোব ১:১৪) যদি আমাৰ মন প্ৰলোভিত হৈছে তেন্তে কু-অভিলাষে হয়তো আমাক আকৰ্ষিত কৰিছে যি দেখাত হিতকাৰক। তেনেধৰণৰ মনোবৃত্তি হৈছে প্ৰবঞ্চনা যি এজন ব্যক্তিক পাপলৈ পৰিচালিত কৰি মৃত্যুৰ মুখত পেলায়।—ৰোমীয়া ৮:৬.
১২. আমি কেনেকৈ আত্মপ্ৰবোঞ্চিত হৈ ফান্দত পৰিব পাৰোঁ?
১২ আত্মপ্ৰবঞ্চিত মনোবৃত্তিয়ে আমাক সহজে ফান্দত পেলাব পাৰে। কপটময় মনে হয়তো ক্ৰটি বা কোনো গম্ভীৰ পাপৰ পৰা ৰক্ষা পাবলৈ নিষ্কৃতি দিব পাৰে। (১ চমূৱেল ১৫:১৩-১৫, ২০, ২১) আনকি কাৰোবাৰ দৃষ্টিত সন্দেহজনক হোৱা সত্বেও নিষ্কৃতি দিব পাৰে। উদাহৰণস্বৰূপে, মনোৰঞ্জনৰ বিষয়ে বিবেচনা কৰক। কিছুমান মনোৰঞ্জন হৈছে স্ফুৰ্তিদায়ক আৰু হিতজনক। কিন্তু এই জগতত দেখা দিয়া প্ৰায়ভাগ মনোৰঞ্জন, যেনে, চিনেমা, টিভিৰ কাৰ্য্যক্ৰম, ইন্টাৰনেট আদিৰ সৈতে অশ্লীল কাৰ্য্য জড়িত থাকে। আমি হয়তো তেনেধৰণৰ অশ্লীল মনোৰঞ্জন চাই কোনো ক্ষতি নহয় বুলি ভাবিব পাৰোঁ। কিছুমানে হয়তো এইদৰে কʼব পাৰে যে “যদি মোৰ বিবেকে মোক শাস্তি দিয়া নাই তেন্তে চোৱাত কোনো আপত্তি নাই।” কিন্তু তেনে ধৰণৰ লোকে ‘ভাঁৰি-কোৱা কথাৰে নিজকে প্ৰবঞ্চিত কৰে।’—যাকোব ১:২১-২৩.
১৩, ১৪. (ক) কেনে বাইবেলীয় উদাহৰণে দেখুৱাইছে যে বিবেকে আমাক সদায় উচিত মাৰ্গদৰ্শন দিব নোৱাৰে? (খ) আমি আত্মপ্ৰবোঞ্চিত হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?
১৩ আমি কেনেকৈ আত্মপ্ৰবোঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ? সৰ্ব্বপ্ৰথমে, আমি এইটো মনত ৰাখা উচিত যে মানুহৰ মন কপটময়। এই বিষয়ে পাঁচনি পৌলৰ উদাহৰণক বিবেচনা কৰক। খ্ৰীষ্টান হোৱাৰ আগতে তেওঁ যীচুৰ শিষ্যসকলক তাড়না দিছিল। (পাঁচনিৰ কৰ্ম্ম ৯:১, ২) সেই সময়ত হয়তো তেওঁৰ বিবেকে তেওঁক কোনো ধৰণৰ বাধা দিয়া নাছিল। নিশ্চই তেওঁ বিপথগামী হৈ তেনে ধৰণৰ পদক্ষেপ লৈছিল। সেইবাবে তেওঁ এইদৰে কৈছিল যে মই “নুবুজি অবিশ্বাসৰ বশত সেই সকলো কৰ্ম্ম কৰিছিলোঁ।” (১ তীমথিয় ১:১৩) যদিও কিছুমান মনোৰঞ্জনৰ প্ৰতি আমাৰ বিবেকে বাধা নিদিব পাৰে তথাপিও আমি সত্য পথত চলিছোঁ বুলি দাবী কৰিব নোৱাৰো। কেৱল ঈশ্বৰৰ দ্বাৰা প্ৰশিক্ষিত হোৱা বিবেকে আমাক উচিত মাৰ্গদৰ্শন দিব পাৰে।
১৪ যদি আমি আত্মপ্ৰবোঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিব বিচাৰিছোঁ তেন্তে এই পৰামৰ্শসমূহক মনত ৰাখা উচিত। প্ৰাৰ্থনাপূৰ্বক আত্ম-নিৰীক্ষণ কৰক। (গীত ২৬:২; ২ কৰিন্থীয়া ১৩:৫) অকপটতাৰে কৰা আত্ম-নিৰীক্ষণে হয়তো আপোনাৰ দৃষ্টিভঙ্গীক সাল-সলনি কৰিবলৈ সহায় কৰিব পাৰে। আনৰ প্ৰতি কাণ দিয়ক (যাকোব ১:১৯) আত্ম-নিৰীক্ষণে পৰিপক্ক খ্ৰীষ্টানসকলে কোৱা কথাবোৰ মনোযোগেৰে শুনিবলৈ সহায় কৰে। যদি আপুনি লোৱা নিৰ্ণয় অভিজ্ঞ খ্ৰীষ্টানসকলৰ বাবে আপত্তিজনক হৈছে তেন্তে নিজকে এইদৰে সুধিব পাৰে: “সঁচাকৈ মোৰ বিবেক ঈশ্বৰৰ দ্বাৰা প্ৰশিক্ষিতনে?” নিয়িমিতৰূপে বাইবেল আৰু বাইবেল আধাৰিত সাহিত্যবোৰৰ পৰা জ্ঞান লওক (গীত ১:২) যদি আমি এইবোৰৰ অনুসৰি কাৰ্য্য কৰোঁ তেন্তে আমাৰ বিচাৰধাৰা, মনোবৃত্তি আৰু অনুভূতি ঈশ্বৰীয় সিদ্ধান্তৰ সামঞ্জস্যত হʼব।
চয়তানৰ প্ৰলোভনৰ পৰা সাৱধানে থাকক
১৫, ১৬. (ক) আমাক প্ৰবোঞ্চিত কৰিবলৈ চয়তানে কেনে ধৰণৰ মিছা প্ৰলোভনৰ আশ্ৰয় লৈছে? (খ) আমি প্ৰবোঞ্চিত হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম?
১৫ চয়তানে আমাক প্ৰবোঞ্চিত কৰিবলৈ নানা ধৰণৰ মিছা প্ৰলোভন দেখুৱায়। সি আমাত এইটো বিশ্বাস জন্মাব বিচাৰে যে আমি ভৌতিক বস্তুৰ দ্বাৰা সুখী হʼব পাৰোঁ। দৰাচলতে ইয়াৰ বিপৰীতহে হোৱা দেখা যায়। (উপদেশক ৫:১০-১২) যদিও আমি “শেষ-কালত” জীয়াই থকা স্পষ্টকৈ দেখিবলৈ পাইছোঁ তথাপিও সি বিশ্বাস জন্মাব বিচাৰে যে এই ৰীতি-ব্যৱস্থা চিৰকাললৈকে থাকিব। (২ তীমথিয় ৩:১-৫) তদুপৰি সি অনৈতিক জীৱন-যাপন কৰা আৰু সুখপ্ৰিয় হোৱাটো কোনো হানিকাৰক বিষয় নহয় বুলি দাবী কৰে। (গালাতীয়া ৬:৭) তেনে ধৰণৰ মিছা প্ৰলোভনৰ দ্বাৰা প্ৰবোঞ্চিত হোৱাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰিম?
১৬ বাইবেলীয় উদাহৰণসমূহৰ পৰা লাভৱান হোৱা। বাইবেলত এনে কিছুমান ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে যিসকলে চয়তানৰ মিছা কথাৰ দ্বাৰা প্ৰবোঞ্চিত হৈছিল। তেওঁলোকে ভৌতিক বস্তুৰ দ্বাৰা প্ৰলোভিত হৈ সময়ৰ গুৰুত্বতাক আওকাণ কৰিলে আৰু অনৈতিক কাৰ্য্যত আসক্ত হৈ বেয়া পৰিণামৰ সম্মুখীন হৈছিল। (মথি ১৯:১৬-২২; ২৪:৩৬-৪২; লূক ১৬:১৪; ১ কৰিন্থীয়া ১০:৮-১১) আধুনিক সময়ৰ উদাহৰণসমূহৰ পৰা শিক্ষা লওক। ই অতি দুখৰ বিষয় যে কিছুমান খ্ৰীষ্টানে সময়ৰ গুৰুত্বতাক আওকাণ কৰে আৰু ঈশ্বৰৰ সেৱা কৰি আমোদ-প্ৰমোদ হেৰুৱাইছে বুলি আপত্তি দৰ্শায়। সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকে হয়তো সত্যক ত্যাগ দি সংসাৰৰ সুখ-বিলাসৰ পিছত যাব পাৰে। তেনে ব্যক্তিসকলে “পিছল ঠাইত” ভৰি থৈছে, অৰ্থাৎ অতি সোনকালে নষ্ট হʼবলগীয়া ভক্তিহীন সংসাৰৰ সৈতে নাইকিয়া হৈ যাব। (গীত ৭৩:১৮, ১৯) গতিকে আঁহক আমি আনে লোৱা ভুল পদক্ষেপৰ পৰা শিক্ষা লৈ বিবেচনাশীল হোৱাৰ পৰিচয় দিওঁহঁক।—হিতোপদেশ ২২:৩.
১৭. চয়তানে কিয় বিশ্বাস জন্মাব বিচাৰে যে নতুবা যিহোৱাই আমাক প্ৰেম কৰে বা শলাগ লয়?
১৭ সি আশ্ৰয় লোৱা আন এটা প্ৰভাৱকাৰী মিছা বিষয়টো হৈছে যে নতুবা যিহোৱাই আমাক প্ৰেম কৰে বা শলাগ লয়। কিয়নো সি হাজাৰ হাজাৰ বছৰ ধৰি মানৱজাতিক নিৰীক্ষণ কৰি আহিছে। সি ভালদৰে জানে যে নিৰুৎসাহে আমাৰ বিশ্বাসক ভাঙিব পাৰে। (হিতোপদেশ ২৪:১০) সেইবাবে সি বিশ্বাস জন্মাব বিচাৰে যে যিহোৱাই আমাৰ শলাগ নলয়। যদি বন্দিশালত ‘পেলাই দিয়াৰ’ বাবে যিহোৱাই আমাৰ প্ৰতি কোনো যত্ন নলয় বুলি বিশ্বাস কৰোঁ তেন্তে আমি হয়তো প্ৰলোভিত হৈ নিৰুৎসাহিত হʼম। (২ কৰিন্থীয়া ৪:৯) এইটোৱে হৈছে সেই প্ৰমুখ প্ৰবঞ্চককাৰীজনৰ মুখ্য অভিপ্ৰায়। তেন্তে আমি কেনেকৈ চয়তানৰ এই মিছা প্ৰলোভনৰ পৰা আঁতৰি থাকিব পাৰিম?
১৮. যিহোৱাই আমাক প্ৰেম কৰে বুলি বাইবেলে কেনেকৈ আশ্বাস প্ৰদান কৰে?
১৮ ঈশ্বৰৰ প্ৰেমৰ বিষয়ে বাইবেলে যি কৈছে তাক আন্তৰিকতাৰে গ্ৰহণ কৰক। ঈশ্বৰৰ বাক্যত উল্লেখ কৰা কিছুমান দৃষ্টান্তই দেখুৱাইছে যে ঈশ্বৰে প্ৰত্যেককে প্ৰেম কৰে আৰু যত্ন লয়। যিহোৱাই আপোনাৰ চকু-লো “কূপাত” বন্ধ কৰি ৰাখে, অৰ্থাৎ বিশ্বাসী হৈ থাকিবলৈ আপুনি যিমান দুখ-কষ্ট বা চকু-লো বোৱায় তাক তেওঁ মনত ৰাখে। যেতিয়া আপুনি ভগ্ন-চিত্তীয়া হৈ পৰে তেতিয়া আপোনাক যে সহায়ৰ আৱশ্যক তাক তেওঁ ভালদৰে জানে। (গীত ৩৪:১৮) ইয়াৰ উপৰিও তেওঁ সকলো হিছাপ ৰাখাৰ সৈতে “মূৰৰ আটাইবোৰ চুলিও গণনা” কৰে। (মথি ১০:২৯-৩১) তদুপৰি তেওঁ আপোনাৰ পৰিত্ৰাণৰ বাবে “নিজৰ একমাত্ৰ পুত্ৰকো দান কৰিলে।” (যোহন ৩:১৬; গালাতীয়া ২:২০) কেতিয়াবা আপুনি হয়তো ব্যক্তিগতভাৱে সেইবোৰক বিশ্বাস কৰিবলৈ সংকোচবোধ কৰিব পাৰে। কিন্তু আমি সদায়ে ঈশ্বৰৰ বাক্যৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমি বিশ্বাস কৰোঁ যে প্ৰত্যেকজনকে প্ৰেম কৰাটোৱেই হৈছে তেওঁৰ ইচ্ছা।
১৯, ২০. (ক) যিহোৱাই আমাৰ প্ৰত্যেকজনক প্ৰেম নকৰে বুলি কোৱা চয়তানৰ এই মিছা কথাষাৰক জনাটো কিয় উচিত? (খ) এজন পৰিব্ৰাজক অধ্যক্ষই নিৰুৎসাহিত ব্যক্তিসকলৰ মনোবল দৃঢ় কৰিবলৈ কেনেকৈ সক্ষম হʼল?
১৯ মিছা কথাৰ পৰা আঁতৰি থকা। যদি আপুনি জানে যে এজন ব্যক্তিয়ে মিছা মাতিছে তেন্তে তেওঁৰ কথাত প্ৰবোঞ্চিত হোৱাৰ পৰা আঁতৰি থাকক। ঠিক একেইদৰে চয়তানেও আপোনাত বিশ্বাস জন্মাব বিচাৰে যে যিহোৱাই আপোনাক প্ৰেম নকৰে। এই সন্দৰ্ভত প্ৰহৰীবুৰুজৰ এখন আলোচনীত চয়তানৰ পৰিকল্পনাৰ পৰা আঁতৰি থকা সম্বন্ধে এজন খ্ৰীষ্টানে এইদৰে উল্লেখ কৰিছিল: “মই কেতিয়াও ভবা নাছিলো যে চয়তানে মোৰ ভাৱনাৰ সহায় লৈ মোক নিৰুৎসাহিত কৰিব বিচাৰে। সেইবাবে ই মোক নিজৰ ভাৱনাবোৰৰ সৈতে যুঁজিবলৈ উৎসাহ প্ৰদান কৰে।”
২০ দক্ষিণ আমেৰিকাৰ এজন পৰিব্ৰাজক অধ্যক্ষই কৰা অনুভৱৰ বিষয়ে বিবেচনা কৰক। যেতিয়া তেওঁ নিৰুৎসাহিত হৈ পৰা ভাইসকলক আধ্যাত্মিক তত্বাৱধানৰ বাবে সাক্ষাৎ কৰে তেতিয়া তেওঁলোকক এইদৰে সোধে, ‘আপুনি ত্ৰিমূৰ্ত্তিৰ ওপৰত বিশ্বাস কৰেনে?’ সেই নিৰুৎসাহিত ভাইজনে উত্তৰ দি কয় যে, ‘নিশ্চই নকৰোঁ কিয়নো ই চয়তানৰ এক প্ৰবোঞ্চিত শিক্ষা।’ তাৰ পিছত তেওঁ পুনৰাই সোধে, ‘আপুনি নৰকাগ্নিৰ বিষয়ে বিশ্বাস কৰেনে?’ পুনৰাই ‘নকৰোঁ’ বুলি কোৱা শুনিবলৈ পোৱা যায়। তেতিয়া তেওঁ তেওঁলোকক কয় যে আমি সাধাৰণতে চয়তানে কোৱা আন এষাৰ মিছা কথাৰ বিষয়ে কেতিয়াও দকৈ চিন্তা নকৰোঁ। তাৰ পিছত তেওঁ তেওঁলোকৰ ধ্যান ঈশ্বৰৰ কাষ চপাb নামৰ কিতাপখনৰ ২৪৯ পৃষ্ঠাৰ ২১ অনুচ্ছেদলৈ আকৰ্ষিত কৰে, যʼত যিহোৱাই আমাৰ প্ৰত্যেকজনক প্ৰেম নকৰে বুলি কোৱা চয়তানৰ মিছা কথাষাৰৰ বিষয়ে উল্লেখ কৰিছে। অৱশেষত এই পৰিব্ৰাজক অধ্যক্ষজনে তেনে নিৰুৎসাহী ব্যক্তিসকলক সহায় কৰাৰ ফলত পোৱা উত্তম পৰিণামৰ বিষয়ে ৰিপোৰ্ট কৰে।
প্ৰবোঞ্চিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰক
২১, ২২. আমি কিয় চয়তানৰ প্ৰবঞ্চনাময় জগতৰ ভাগ নহওঁ আৰু কি দৃঢ়সঙ্কল্প লোৱা উচিত?
২১ এই শেষকালৰ চৰম অৱস্থাত চয়তানে অধিককৈ মিছা কথা আৰু প্ৰবোঞ্চিত বাক্যবোৰৰ আশ্ৰয় লব। আমি মূল্যাঙ্কন দেখুৱা উচিত যে যিহোৱাই আমাক এই প্ৰবঞ্চনাময় অন্ধকাৰ জগতখনত ভ্ৰান্ত হʼবলৈ এৰি দিয়া নাই। বাইবেল আৰু ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ দ্বাৰা প্ৰকাশিত বাইবেল আধাৰিত সাহিত্যবোৰে স্পষ্টকৈ চয়তানৰ কুকৰ্ম্মৰ বিষয়ে উল্লেখ কৰিছে। (মথি ২৪:৪৫) সেয়েহে আমি তাৰ কুকৰ্ম্মৰ বিষয়ে নজনা নহওঁ।—২ কৰিন্থীয়া ২:১১.
২২ তেন্তে আহঁক আমি সকলো প্ৰকাৰৰ ধৰ্ম্মচ্যুত বিষয়বোৰৰ পৰা আঁতৰি থাকোঁহঁক। আত্মপ্ৰবোঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক। তদুপৰি চয়তানৰ সকলো কুকৰ্ম্মক বৰ্জন কৰোঁহঁক। তেনে কৰাৰ দ্বাৰা আমি কুটিলতাক ঘিণ কৰোঁতা, অৰ্থাৎ “সত্য ঈশ্বৰ যিহোৱাৰ” সৈতে থকা আমাৰ সম্বন্ধক দৃঢ় কৰিব পাৰিম। (w04 2/15)
[ফুটনোটবোৰ]
a প্ৰকাশিত বাক্য ১২:৯ পদত উল্লেখ কৰা “ভ্ৰান্তি জন্মোৱা” ক্ৰিয়াপদটোৰ বিষয়ে এখন উল্লেখিত পুস্তকে এইদৰে কৈছে: ই হৈছে একেৰাহে চলি থকা কাৰ্য্য যি চৰিত্ৰগত অভ্যাসলৈ পৰিণত হৈ পৰে।
b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।
আপুনি উত্তৰ দিব পাৰিবনে?
• বৰ্তমান জগতখনত কিয় ইমান অধিক প্ৰবঞ্চনা দেখিবলৈ পোৱা গৈছে?
• ধৰ্ম্মত্যাগীসকলৰ দ্বাৰা প্ৰবোঞ্চিত হোৱাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পৰিম?
• আত্মপ্ৰবোঞ্চিতলৈ পৰিচালিত কৰা মনোবৃত্তিৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰিম?
• আমি কেনেকৈ ঘোৰ মিছা কোৱাত প্ৰবঞ্চিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ?
[২৫ পৃষ্ঠাৰ ছবি]
প্ৰবোঞ্চিত মনোৰঞ্জনৰ পৰা আঁতৰি থাকক