ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ১৫
  • ঈশ্বৰক জানিলে আপোনাৰ কি লাভ হʼব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক জানিলে আপোনাৰ কি লাভ হʼব?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • মিল থকা বিষয়
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
  • “ঈশ্বৰৰ ওচৰ চপাই মঙ্গল”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • “মই তোমালোকক বন্ধু বুলিলোঁ”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • “তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ১৫
লোকসকলে প্ৰমোদবনত জীৱনৰ আনন্দ লৈছে

ঈশ্বৰক জানিলে আপোনাৰ কি লাভ হʼব?

আমি এতিয়ালৈকে ঈশ্বৰৰ বিষয়ে বহুতো প্ৰশ্নৰ উত্তৰ পালোঁ। আমি বাইবেলৰ পৰা জানিব পাৰিলোঁ যে তেওঁৰ নাম যিহোৱা হয় আৰু তেওঁৰ বিশেষ গুণ হৈছে, প্ৰেম। আমি এয়াও জানিব পাৰিলোঁ যে তেওঁ মানুহৰ বাবে এতিয়ালৈকে কি কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব। কিন্তু ঈশ্বৰৰ বিষয়ে জানিবলৈ এতিয়াও বহুতো কথা আছে। হয়তো আপুনি ভাবিব পাৰে যে ঈশ্বৰৰ বিষয়ে এইবোৰ কথা জানিলে মোৰ কি লাভ হʼব।

যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে ‘যদি আপুনি তেওঁক বিচাৰে, তেন্তে তেওঁক পাব।’ (১ বংশাৱলি ২৮:৯) আপুনি “যিহোৱাৰ লগত ঘনিষ্ট বন্ধুত্ব” গঢ়ি তুলিব পাৰে। (গীতমালা ২৫:১৪, NW) এয়া এক ডাঙৰ আশীৰ্বাদ হয়। কেনেকৈ বাৰু? আহক চাওঁ যে তেওঁৰ লগত বন্ধুত্ব কৰিলে আপোনাৰ কি লাভ হʼব।

প্ৰকৃত আনন্দ লাভ কৰিব। যিহোৱাক “আনন্দিত ঈশ্বৰ” বুলি কোৱা হৈছে। (১ তীমথিয় ১:১১, NW) যিহোৱাৰ কাষ চাপিলে আৰু তেওঁক অনুকৰণ কৰিলে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব। আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে বহুতো লাভ হʼব। (গীতমালা ৩৩:১২) আপুনি আনন্দেৰে জীয়াই থাকিব পাৰিব। আপুনি বেয়া আচাৰ-ব্যৱহাৰৰ পৰা আঁতৰি থাকিব পাৰিব, ভালদৰে জীৱন-যাপন কৰিব পাৰিব আৰু আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া বাইবেলৰ এজন লেখকৰ দৰে আপুনিও কʼব পাৰিব, “মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।”—গীতমালা ৭৩:২৮.

তেওঁ আপোনাক সহায় কৰিব। যিহোৱাই নিজৰ উপাসকসকলক প্ৰতিজ্ঞা কৰিছে যে “তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।” (গীতমালা ৩২:৮) ইয়াৰ অৰ্থ হৈছে, যিহোৱাই নিজৰ সেৱকসকলক যাৰ যি প্ৰয়োজন, সেই অনুসৰি তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থাকে। (গীতমালা ১৩৯:১, ২) যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিলে আপুনি লক্ষ্য কৰিব পাৰিব যে তেওঁ আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে।

এক ভাল ভৱিষ্যত লাভ কৰিব। তেওঁৰ লগত বন্ধুত্ব কৰিলে আপুনি কেৱল আজি আনন্দেৰে জীয়াই থাকিব আৰু সন্তুষ্টি লাভ কৰিব এনে নহয়। ভৱিষ্যতেও এক আনন্দৰ জীৱন লাভ কৰিব। (যিচয়া ৪৮:১৭, ১৮) বাইবেলত কোৱা হৈছে, “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) ঈশ্বৰে ভৱিষ্যতৰ বাবে যি আশা দিছে সেয়া এক লঙ্গৰৰ দৰে হয়, যিয়ে সমস্যাৰ সন্মুখীন হʼবলৈ আপোনাক “দৃঢ়” কৰিব পাৰে।—ইব্ৰী ৬:১৯.

ঈশ্বৰৰ বিষয়ে জনাৰ আৰু তেওঁৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তোলাৰ আৰু বহুতো লাভ আছে। এই বিষয়ে জানিবলৈ কোনো এজন যিহোৱাৰ সাক্ষীৰ লগত যোগাযোগ কৰক বা jw.org ৱেবছাইটলৈ যাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক