ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ১৩-১৪
  • ঈশ্বৰে ভৱিষ্যতে কি কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে ভৱিষ্যতে কি কৰিব?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • দুষ্টতা নাইকিয়া কৰিব
  • পৃথিৱীখনক সুন্দৰ বাগিচাৰ দৰে গঢ়ি তুলিব
  • বেমাৰ আৰু মৃত্যু নাইকিয়া কৰিব
  • এক ভাল চৰকাৰ স্থাপন কৰিব
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ১৩-১৪
ঈশ্বৰৰ উপাসকসকলে গোটেই পৃথিৱীখনক সুন্দৰ বাগিচালৈ পৰিণত কৰিব

ঈশ্বৰে ভৱিষ্যতে কি কৰিব?

যদি আপুনি সমস্যাৰ সন্মুখীন হয়, তেনেহʼলে আপোনাৰ প্ৰকৃত বন্ধুৱে নিশ্চয় আপোনাক সহায় কৰিব বুলি আপুনি আশা কৰিব। ঠিক সেইদৰে লোকসকলে আশা কৰে যে সমস্যাৰ সময়ত ঈশ্বৰে তেওঁলোকক সহায় কৰিব। কিন্তু বহুতোলোকে ভাবে যে ঈশ্বৰে তেওঁলোকক সহায় নকৰে। সেইবাবে তেওঁলোকে কয়, ঈশ্বৰে আমাৰ বিষয়ে কোনো চিন্তাই নকৰে। কিন্তু এনে নহয়। ঈশ্বৰে আমাৰ বিষয়ে বহুত কিছু কৰিছে। আজি আমি সন্মুখীন হোৱা সমস্যাবোৰ আৰু দুখ-কষ্ট তেওঁ শেষ কৰিব। ঈশ্বৰে ভৱিষ্যতে আৰু কি কৰিব?

দুষ্টতা নাইকিয়া কৰিব

গোটেই পৃথিৱীৰ পৰা দুষ্টতা শেষ কৰিবলৈ ঈশ্বৰে সেই ব্যক্তিজনক শেষ কৰি দিব, যাৰ ফলত দুষ্টতা বাঢ়ি গৈ আছে। বাইবেলত সেই ব্যক্তিজনক চয়তান বুলি কোৱা হৈছে। ইয়াত লিখা আছে, ‘গোটেই জগত পাপ-আত্মাৰ অধীনত আছে।’ (১ যোহন ৫:১৯) যীচুৱে চয়তানক “পৃথিৱীৰ ৰজা” বুলি কৈছিল। (যোহন ১২:৩১, NW) চয়তানৰ ফলতে আজি গোটেই পৃথিৱীত ইমান দুখ-কষ্ট হৈ আছে। চয়তানক শেষ কৰিবলৈ যিহোৱাই কি কৰিব?

অতি সোনকালে যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি ‘চয়তানক শেষ কৰি দিব।’ (ইব্ৰী ২:১৪; ১ যোহন ৩:৮) বাইবেলত লিখা আছে যে চয়তানো জানে তাৰ সময় একেবাৰে কম আৰু অতি সোনকালে তাক নাশ কৰা হʼব। (প্ৰকাশিত বাক্য ১২:১২, NW) ঈশ্বৰে বেয়া কাম কৰা লোকসকলকো ধ্বংস কৰিব।—গীতমালা ৩৭:৯; হিতোপদেশ ২:২২.

পৃথিৱীখনক সুন্দৰ বাগিচাৰ দৰে গঢ়ি তুলিব

ঈশ্বৰে দুষ্টতাক শেষ কৰাৰ পাছত মানুহ আৰু পৃথিৱীৰ বাবে থকা তেওঁৰ উদ্দেশ্য পূৰ কৰিব। সেই সময়ত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব?

শান্তি আৰু সুৰক্ষা হʼব। “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীতমালা ৩৭:১১.

প্ৰচুৰ পৰিমাণে পুষ্টিকৰ আহাৰ হʼব। “পৃথিৱীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”—গীতমালা ৭২:১৬.

সকলোৰে ভাল ঘৰ থাকিব আৰু নিজৰ কামৰ পৰা সন্তুষ্টি লাভ কৰিব। ‘লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।’—যিচয়া ৬৫:২১, ২২.

আপুনি পৃথিৱীত এনে পৰিস্থিতি চাব বিচাৰেনে? অতি সোনকালে এই সময় আহি আছে, যেতিয়া আমি সকলোৱে এনে পৰিস্থিতিৰ আনন্দ উপভোগ কৰিম।

বেমাৰ আৰু মৃত্যু নাইকিয়া কৰিব

আজি পৃথিৱীত সকলোৰে বেমাৰ হয় আৰু বুঢ়া হৈ এদিন মৰি যায়। কিন্তু অতি সোনকালে পৰিস্থিতি সলনি হʼব। কেনেকৈ বাৰু? যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি। যি কোনোৱে যীচুক বিশ্বাস কৰিব, তেওঁৰ সকলো দুখ-কষ্ট ঈশ্বৰে দূৰ কৰিব আৰু তেওঁক “অনন্ত জীৱন” দিব। (যোহন ৩:১৬) সেই সময়ৰ পৰিস্থিতি কেনেকুৱা হʼব?

বেমাৰ নাইকিয়া কৰা হʼব। “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব, তাত থকা লোকবিলাকৰ অপৰাধ ক্ষমা কৰা হব।”—যিচয়া ৩৩:২৪.

মৃত্যু নাথাকিব। ‘তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।’—যিচয়া ২৫:৮.

লোকসকলে সদায় জীয়াই থাকিব। “ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।”—ৰোমীয়া ৬:২৩.

মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব। ভাল আৰু বেয়া এই দুয়োধৰণৰ লোকসকলক আকৌ জীয়াই তোলা হʼব। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) ঈশ্বৰে যি মুক্তিৰ মূল্য দিছে, তাৰ যোগেদি মৃত লোকসকলক আকৌ জীয়াই তোলা হʼব।

ঈশ্বৰে এয়া কেনেকৈ কৰিব?

এক ভাল চৰকাৰ স্থাপন কৰিব

ঈশ্বৰে স্বৰ্গত থকা নিজৰ চৰকাৰৰ যোগেদি মানুহ আৰু পৃথিৱীৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিব। এই চৰকাৰ বা ৰাজ্যৰ ৰজা হৈছে যীচু খ্ৰীষ্ট। (গীতমালা ১১০:১, ২) এই ৰাজ্যৰ বিষয়ে যীচুৱে নিজৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ কৈছিল, ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ ৰাজ্য আহক।’—মথি ৬:৯, ১০.

ঈশ্বৰৰ চৰকাৰে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব। এই চৰকাৰে সকলো ধৰণৰ দুষ্টতা আৰু দুখ-কষ্ট একেবাৰে শেষ কৰি দিব। এয়া আন সকলো চৰকাৰতকৈ ভাল চৰকাৰ। সেইবাবে যীচু খ্ৰীষ্টই পৃথিৱীত থকাৰ সময়ত এই ‘ৰাজ্যৰ বিষয়ে প্ৰচাৰ’ কৰিলে আৰু তেওঁ নিজৰ শিষ্যসকলক এই চৰকাৰৰ বিষয়ে আনক জনাবলৈ কʼলে।—মথি ৪:২৩; ২৪:১৪.

যিহোৱাই আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ এই সকলো কৰিবলৈ প্ৰতিজ্ঞা কৰিছে। এয়া জানি আপুনি তেওঁৰ বিষয়ে আৰু ভালদৰে জানিব নিবিচাৰেনে? আপুনি তেওঁৰ কাষ চাপিব নিবিচাৰেনে? তেওঁৰ বিষয়ে ভালদৰে জানিলে আৰু তেওঁৰ কাষ চাপিলে আপোনাৰ কি লাভ হʼব? এই বিষয়ে পৰৱৰ্তী লেখত জনোৱা হৈছে।

ঈশ্বৰে ভৱিষ্যতে কি কৰিব? তেওঁ বেমাৰ আৰু মৃত্যু নাইকিয়া কৰিব, লোকসকলৰ মাজত একতা হʼব আৰু গোটেই পৃথিৱীখনক সুন্দৰ বাগিচালৈ পৰিণত কৰিব

ঈশ্বৰৰ ৰাজ্য কি হয়?

  • এয়া ঈশ্বৰৰ এক চৰকাৰ হয়, যি স্বৰ্গৰ পৰা শাসন কৰিব আৰু তেওঁৰ ইচ্ছা পূৰ কৰিব।—আদিপুস্তক ১:২৮; মথি ৬:৯, ১০.

  • ঈশ্বৰে এই ৰাজ্যৰ ৰজা বাছনি কৰিলে আৰু তেওঁক স্বৰ্গ আৰু পৃথিৱীৰ সকলো অধিকাৰ দিলে।—যিচয়া ৯:৬, ৭; ১১:২-৪; মথি ২৮:১৮.

  • এই ৰাজ্য যীচু খ্ৰীষ্টৰ শিক্ষাৰ অনুসৰি চলিব। যীচুৰ শিক্ষা ঈশ্বৰৰ নিয়মৰ ওপৰত আধাৰিত।—মথি ২২:৩৭-৩৯; যাকোব ২:৮.

  • এই ৰাজ্যই শাসন কৰিবলৈ আৰম্ভ কৰিলে। আজি লাখ লাখ লোকে গোটেই পৃথিৱীত এই ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছে।—মথি ২৪:১৪;২৮:১৯, ২০.a

a ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ শাসনৰ বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ৩২ আৰু ৩৩ পঢ়ক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে। এয়া www.jw.org ৱেবছাইটত উপলব্ধ আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক