ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ১০-১২
  • ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে সকলো আমাৰ বাবে সৃষ্টি কৰিলে
  • ঈশ্বৰে নিজৰ লিখিত বাক্য দিছে
  • ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিছে
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে প্ৰকৃততে কি শিকায়?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ১০-১২
এদন বাগিচাত আদম আৰু হৱা

ঈশ্বৰে এতিয়ালৈকে কি কি কৰিলে?

আপুনি যদি কাৰোবাক ভালদৰে জানিব বিচাৰে, তেনেহʼলে আপুনি এয়া জানিবলৈ চেষ্টা কৰিব যে তেওঁ এতিয়ালৈকে কি কি লাভ কৰিলে আৰু কেনেধৰণৰ সমস্যা পাৰ কৰিলে। ঈশ্বৰকো ভালদৰে জানিবলৈ হʼলে আপুনি এয়া জানিব লাগিব যে তেওঁ এতিয়ালৈকে কি কি কৰিলে। যেতিয়া আপুনি জানিব যে ঈশ্বৰে আপোনাৰ বাবে কি কি কৰিলে আৰু আগলৈ কি কি কৰিব, তেতিয়া আপুনি আচৰিত হʼব।

ঈশ্বৰে সকলো আমাৰ বাবে সৃষ্টি কৰিলে

যিহোৱা ঈশ্বৰ হৈছে আমাৰ মহান সৃষ্টিকৰ্তা। আমি ‘তেওঁৰ সৃষ্টিৰ বস্তুৰ পৰা তেওঁৰ গুণৰ বিষয়ে ভালদৰে জানিব পাৰোঁ।’ (ৰোমীয়া ১:২০, NW) আমি স্পষ্টকৈ চাব পাৰোঁ যে “তেওঁ নিজ শক্তিৰে, পৃথিবী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।” (যিৰিমিয়া ১০:১২) ঈশ্বৰে অদ্ভুতৰূপে সৃষ্টি কৰা বস্তুবোৰৰ পৰা আমি এয়াও জানিব কৰোঁ যে তেওঁ আমাৰ বিষয়ে চিন্তা কৰে।

যিহোৱাই আমাক “নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিলে।” ইয়াৰ অৰ্থ হৈছে, আমি কিছু পৰিমাণে তেওঁৰ দৰে গুণবোৰ দেখুৱাব পাৰোঁ। সেইবাবে আমি ভালদৰে জীৱন-যাপন কৰিব পাৰোঁ। (আদিপুস্তক ১:২৭) ঈশ্বৰে আমাক তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ মানদণ্ড জানিব পৰাকৈ সৃষ্টি কৰিছে। যেতিয়া আমি তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেতিয়া আমি প্ৰকৃত আনন্দ লাভ কৰোঁ। ইয়াৰ উপৰিও তেওঁ আমাক এইদৰে সৃষ্টি কৰিছে, যাতে আমি তেওঁৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ।

এই পৃথিৱীখনো প্ৰমাণ কৰে যে আমি আনন্দেৰে জীয়াই থকাটো ঈশ্বৰে বিচাৰে। বাইবেলৰ এজন লেখক পাঁচনি পৌলে কৈছিল, ঈশ্বৰ “মঙ্গলকাৰী হৈ তোমালোকলৈ আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দেৰ তোমালোকৰ হৃদয় তৃপ্ত কৰাই।” (পাঁচনিৰ কৰ্ম্ম ১৪:১৭) ঈশ্বৰে কেৱল আমি জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা বস্তুবোৰেই দিয়া নাই, কিন্তু এনে বস্তুবোৰো বহু পৰিমাণে দিছে, যাৰ সহায়ত আমি জীৱনৰ আনন্দ উপভোগ কৰিব পাৰোঁ।

যিহোৱাই মানুহৰ বাবে এই পৃথিৱীখন সৃষ্টি কৰিছে, যাতে আমি ইয়াত সদায় জীয়াই থাকিব পাৰোঁ। বাইবেলে কৈছে, “পৃথিবীখন হলে, তেওঁ মনুষ্য-সন্তানবিলাকক দান কৰিলে” আৰু তেওঁ ইয়াক “অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্মাণ কৰিলে।” (গীতমালা ১১৫:১৬; যিচয়া ৪৫:১৮) “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী” হোৱাটো ঈশ্বৰৰ উদ্দেশ্য আছিল।—গীতমালা ৩৭:২৯.

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ প্ৰথম মানুহ আদম আৰু তেওঁৰ পত্নী হৱাক বনালে আৰু তেওঁলোকক এক সুন্দৰ বাগিচাত থাকিবলৈ দিলে। সেই বাগিচাখনত তেওঁলোকে ‘কাম কৰা আৰু তাৰ চোৱা-চিতা কৰাটো’ ঈশ্বৰে বিচাৰিছিল। (আদিপুস্তক ২:৮, ১৫) ঈশ্বৰে তেওঁলোকক দুটা কাম দিলে, প্ৰথম: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা।” আৰু দ্বিতীয়: ‘তাক বশীভূত কৰা আৰু তাৰ ওপৰত অধিকাৰ চলোৱা।’ (আদিপুস্তক ১:২৮) আদম আৰু হৱাই যিহোৱাৰ কথা শুনা হʼলে, তেওঁলোকে সদায় এই পৃথিৱীত জীয়াই থাকিব পাৰিলেহেঁতেন। কিন্তু দুখৰ বিষয় যে তেওঁলোকে ঈশ্বৰৰ কথা নামানিলে আৰু এই সুযোগ হেৰুৱালে। ঈশ্বৰে তেওঁৰ ‘আজ্ঞা পালন কৰা’ ব্যক্তিকহে ‘পৃথিৱীৰ ওপৰত অধিকাৰ’ দিলেহেঁতেনে, কিন্তু আদম আৰু হৱা এনে ব্যক্তি নাছিল। তথাপিও পৃথিৱী আৰু মানুহৰ বাবে ঈশ্বৰৰ উদ্দেশ্য সলনি হোৱা নাই। আমি আগলৈ চাম যে ভৱিষ্যতে তেওঁ নিজৰ উদ্দেশ্য কেনেকৈ পূৰ কৰিব। কিন্তু আহক এতিয়া চাওঁ যে ঈশ্বৰে মানুহৰ বাবে কি কি কৰিলে।

ঈশ্বৰে নিজৰ লিখিত বাক্য দিছে

বাইবেলক ঈশ্বৰৰ বাক্য বুলিও কোৱা হয়। যিহোৱাই আমাক বাইবেল কিয় দিছে? যাতে আমি তেওঁৰ বিষয়ে জানিব পাৰোঁ। (হিতোপদেশ ২:১-৫) ঈশ্বৰৰ বিষয়ে সকলো প্ৰশ্নৰ উত্তৰ আমি বাইবেলত নাপাবও পাৰোঁ। আচলতে পৃথিৱীত এনে কোনো কিতাপে নাই, যʼত ঈশ্বৰৰ বিষয়ে সকলো প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। (উপদেশক ৩:১১) কিন্তু বাইবেলত যি লিখা আছে, তাৰ পৰা আমি ঈশ্বৰৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ। আমি জানিব পাৰোঁ যে তেওঁ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, তেওঁ কেনে লোকসকলক ভাল পাই আৰু কেনে লোকসকলক বেয়া পায়। (গীতমালা ১৫:১-৫) আমি এয়াও জানিব পাৰোঁ যে উপাসনা, নৈতিক মানদণ্ড আৰু ধন-সম্পত্তিৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী কি। বাইবেলত যিহোৱাৰ পুত্ৰ যীচু খ্ৰীষ্টৰ কথা আৰু কামৰ বিষয়ে যি লিখা আছে, তাৰ পৰা আমি যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে আৰু ভালদৰে জানিব পাৰোঁ।—যোহন ১৪:৯.

যিহোৱাই আৰু এটা কাৰণৰ বাবে আমাক বাইবেল দিছে। তেওঁ আমাক শিকাব বিচাৰে যে আমি কেনেকৈ আনন্দেৰে জীয়াই থাকিব পাৰোঁ। তেওঁ বাইবেলত জনাইছে যে আমাৰ পৰিয়ালে কেনেকৈ আনন্দত থাকিব পাৰে, আমি কেনেকৈ সন্তুষ্ট থাকিব পাৰোঁ আৰু চিন্তাৰ কেনেকৈ ভালদৰে সন্মুখীন হʼব পাৰোঁ। ইয়াৰ উপৰিও বাইবেলত জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰো দিয়া হৈছে। এই বিষয়ে এই আলোচনীৰ পৰৱৰ্তী লেখবোৰত জনোৱা হʼব। যেনে, পৃথিৱীত কিয় ইমান দুখ-কষ্ট হৈ আছে? ভৱিষ্যতে কি হʼব? মানুহ আৰু পৃথিৱীৰ বাবে আৰম্ভণিতে ঈশ্বৰৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ কৰিবলৈ তেওঁ কি কৰিলে?

বাইবেল এখন বিশেষ কিতাপ হয়। এই কিতাপখন ঈশ্বৰে লিখোৱাইছে বুলি বহুতো প্ৰমাণ আছে। যদিও বাইবেলখন লিখিবলৈ ১,৬০০ বছৰ লাগিল আৰু ৪০ জন ব্যক্তিয়ে লিখিলে, তথাপিও ইয়াৰ মুখ্য বিষয় সলনি হোৱা নাই, কিয়নো এয়া ঈশ্বৰে লিখোৱাইছিল। (২ তীমথিয় ৩:১৬) আৰম্ভণিতে বাইবেলত যি লিখা আছিল, সেয়া এতিয়াও সেইদৰেই আছে। কিন্তু সেই সময়ৰ বেছিভাগ কিতাপৰ বিষয়ে আমি এইদৰে কʼব নোৱাৰোঁ। বাইবেলৰ হাজাৰ হাজাৰ হস্তলিপি আজিও আছে, যিয়ে প্ৰমাণ কৰে যে বাইবেলত লিখা কথাবোৰ সলনি হোৱা নাই। কিছুমান লোকে বাইবেলৰ অনুবাদ আৰু ইয়াৰ বিতৰণ কৰা কামক বাধা দিবলৈ চেষ্টা কৰিছিল, যাতে লোকসকলে এয়া পঢ়িব নোৱাৰে। লোকসকলে বাধা দিয়াৰ সত্ত্বেও এই কিতাপখন যিমান ভাষাত অনুবাদ কৰা হৈছে, আন কোনো কিতাপ ইমান ভাষাত অনুবাদ হোৱা নাই আৰু বাইবেলখন আটাইতকৈ বেছি ভাষাত উপলব্ধ আছে। বাইবেলখন আজিলৈকে সুৰক্ষিত আছে, ইয়ে প্ৰমাণ কৰে যে “ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।”—যিচয়া ৪০:৮.

ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিছে

ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ মানুহৰ বাবে এটা ব্যৱস্থা কৰিছে। মানুহে এই পৃথিৱীত সদায় জীয়াই থকাটো তেওঁ বিচাৰে। কিন্তু আদমে ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু পাপ কৰিলে, যাৰ বাবে তেওঁ সদায় জীয়াই থকাৰ সুযোগ হেৰুৱালে। তেওঁ কৰা ভুলৰ বাবে তেওঁৰ সন্তানসকলেও এই সুযোগ হেৰুৱালে। বাইবেলত কোৱা হৈছে “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল।” (ৰোমীয়া ৫:১২) আদমে আজ্ঞা পালন নকৰাৰ বাবে যিহোৱাৰ উদ্দেশ্য পূৰ নহʼল, তেতিয়া ঈশ্বৰে কি কৰিলে?

ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ কিছুমান পদক্ষেপ লʼলে, তেওঁ যি কৰিলে তাৰ ওপৰত ধ্যান দিলে আমি জানিব পাৰিম যে ঈশ্বৰে নিজৰ গুণবোৰ কেনেকৈ প্ৰকাশ কৰিলে। সৰ্ব্বপ্ৰথমে তেওঁ নিজৰ ন্যায়ৰ মানদণ্ডৰ অনুসৰি আদম আৰু হৱাৰ সোধ-বিচাৰ কৰিলে। লগতে তেওঁ আদমৰ সন্তানৰ বাবে এনে ব্যৱস্থা কৰিলে, যাৰ বাবে তেওঁলোকে জীৱন লাভ কৰে। এই ব্যৱস্থাই যিহোৱাৰ প্ৰেমৰ প্ৰমাণ দিয়ে। যিহোৱাই নিজৰ বুদ্ধি ব্যৱহাৰ কৰি এই সমস্যাৰ আটাইতকৈ ভাল সমাধান উলিয়ালে আৰু লগে লগে তেওঁ কি কৰিব, তাৰ বিষয়ে জনালে। (আদিপুস্তক ৩:১৫) তেওঁ জনালে যে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি আদম আৰু হৱাৰ সন্তানক পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিব। কেনেকৈ বাৰু?

যীচুৱে লোকসকলক শিকাই আছে

যিহোৱাই লোকসকলক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ যীচুক এই পৃথিৱীলৈ পঠাইছিল। যীচুৱে লোকসকলক জীৱনৰ বাটত চলি থাকিবলৈ শিকালে আৰু ‘বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দি দিলে।’a (মথি ২০:২৮; যোহন ১৪:৬) যীচু আদমৰ দৰে সিদ্ধ আছিল, সেইবাবে তেওঁ লোকসকলৰ বাবে মুক্তিৰ মূল্য দিব পাৰিলে। ইয়াৰ উপৰিও তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে যিহোৱাৰ আজ্ঞা পালন কৰিলে। কিন্তু আদমে এইদৰে কৰা নাছিল। যীচুৱে মৃত্যুৰ শাস্তি পোৱাৰ এনে কোনো কাম কৰা নাছিল, সেইবাবে যিহোৱাই তেওঁক আকৌ জীয়াই তুলিলে আৰু স্বৰ্গত জীৱন দিলে। আদমে যি কৰিব পৰা নাছিল, সেয়া যীচুৱে কৰিব পাৰিলে। তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলৰ বাবে সদায় জীয়াই থকাৰ বাট মুকলি কৰিলে। “কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হল, তেনেকৈ এজনাৰ আজ্ঞা-পালনৰ দ্বাৰাই অনেকক ধাৰ্ম্মিক কৰা হব।” (ৰোমীয়া ৫:১৯) ঈশ্বৰে যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু মানুহক এই পৃথিৱীত সদায় জীয়াই থকাৰ সুযোগ দিব।

আদমৰ বাবে হোৱা সমস্যাবোৰ যিহোৱাই যিদৰে সমাধান কৰিলে, তাৰ পৰা আমি যিহোৱাৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। প্ৰথমটো হৈছে, যদি তেওঁ কিবা কাম আৰম্ভ কৰে, তেনেহʼলে সেই কাম পূৰ কৰাত কোনেও বাধা দিব নোৱাৰে। তেওঁ যি প্ৰতিজ্ঞা কৰে, সেয়া পূৰ নোহোৱাকৈ নাথাকে। (যিচয়া ৫৫:১১) আনটো হৈছে, যিহোৱাই আমাক প্ৰেম কৰে। “ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে, আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে; ইয়াতে প্ৰেম আছে।”—১ যোহন ৪:৯, ১০.

যদি যিহোৱাই নিজৰ পুত্ৰকো আমাৰ আটাইৰে কাৰণে শোধাই দিলে, তেনেহʼলে তেওঁ আমাক অনুগ্ৰহ কৰি বাকী বস্তুবোৰ নিদিব নে? (ৰোমীয়া ৮:৩২) আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ কৰিব। তেওঁ আমাক কি কি প্ৰতিজ্ঞা কৰিছে, ইয়াৰ উত্তৰ জানিবলৈ পৰৱৰ্তী লেখ পঢ়ক।

ঈশ্বৰে আমাৰ বাবে কি কি কৰিলে? ঈশ্বৰে মানুহক পৃথিৱীত সদায় জীয়াই থাকিবলৈ সৃষ্টি  কৰিছিল। তেওঁ আমাক বাইবেল দিছে, যাতে আমি তেওঁৰ বিষয়ে জানিব পাৰোঁ। তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যীচুৰ যোগেদি মুক্তিপণৰ ব্যৱস্থা কৰিলে

a মুক্তিপণৰ বিষয়ে অধিক জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখনৰ পাঠ ২৭ পঢ়ক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে। এয়া www.jw.org ৱেবছাইটত উপলব্ধ আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক