ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ২ পৃষ্ঠা ১২-১৩
  • যেতিয়া জীয়াই থাকিবলৈ মন নাযায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যেতিয়া জীয়াই থাকিবলৈ মন নাযায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁলোকে কʼৰ পৰা সহায় পাব পাৰে?
  • এই কষ্ট সদায়ৰ বাবে কেতিয়াবা শেষ হʼব নে?
  • যদি মই হতাশ হওঁ বাইবেলে মোক সহায় আগবঢ়াবনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ২ পৃষ্ঠা ১২-১৩
এগৰাকী তিৰোতাই বহি আছে আৰু খুলি ৰখা বাইবেলত নিজৰ হাতখন ৰাখিছে আৰু দূৰলৈ চাই আছে

যেতিয়া জীয়াই থাকিবলৈ মন নাযায়

ব্ৰাজিলত থকা এড্ৰীয়ানাই কৈছে, “মই সদায় নিৰাশ আৰু দুখত থাকিছিলোঁ। সেইবাবে, মই ভাবিলোঁ ইমান কষ্টত জীয়াই থকাতকৈ মই মৰি যোৱাটোৱে ভাল হʼব।”

আপুনি কেতিয়াবা ইমান নিৰাশ হৈ পৰিছিল নে আৰু এনে লাগিছিল নে যে মই মৰি যোৱাটোৱে ভাল হʼব? যদি হয়, তেনেহʼলে আপুনি এড্ৰীয়ানাৰ কষ্ট ভালদৰে বুজিব পাৰিব। তাই দুখত আৰু নিৰাশাত আছিল। ডাক্তৰৰ চিকিৎসাৰ পৰা জানিব পৰা গʼল যে তাইৰ হতাশাৰ মানসিক বেমাৰ (ডিপ্ৰেচন) আছে।

জাপানত থকা কাউৰুৱে নিজৰ বৃদ্ধ মা-দেউতাৰ চোৱা-চিতা কৰিছিল। তেওঁলোক বহুত বেমাৰ আছিল। তেওঁ কৈছে, “সেই সময়ত কামৰ ঠাইত কামৰ ইমানেই হেঁচা আছিল যে মই সহ্য কৰিব পৰা নাছিলোঁ। কিছু সময়ৰ পাছত মই ইমানেই নিৰাশ হৈ পৰিছিলোঁ যে মোৰ ভোক লগা নাছিল আৰু মই ভালকৈ শুব পৰা নাছিলোঁ। মই ইমানেই নিৰাশ হৈ পৰিছিলোঁ যে মই ভাবিছিলোঁ যে মই মৰি গʼলেই শান্তি পাম।”

নাইজেৰিয়াত থকা জৰ্জে কৈছে, “মই ইমানেই দুখত থাকিছিলোঁ যে মোৰ চকুলো ববলৈ ধৰিছিলে। ইয়াৰ উপৰিও মই আত্মহত্যা কৰাৰ উপায় বিচাৰিবলৈ ধৰিলোঁ।” আনন্দৰ বিষয় যে জৰ্জ, কাউৰু আৰু এড্ৰীয়ানাই আত্মহত্যা নকৰিলে। কিন্তু তেওঁলোকৰ দৰে পৰিস্থিতিৰ সন্মুখীন হোৱা লাখ লাখ লোকে প্ৰতিবছৰে আত্মহত্যা কৰে।

তেওঁলোকে কʼৰ পৰা সহায় পাব পাৰে?

দেখিবলৈ পোৱা গৈছে যে হতাশাৰ বাবে আত্মহত্যা কৰা লোকসকলৰ মাজত পুৰুষসকলৰ সংখ্যা বেছি। বহুতো পুৰুষে আনৰ পৰা সহায় লʼবলৈ সংকোচ কৰাৰ বাবে তেওঁলোকে আত্মহত্যা কৰে। কিন্তু যীচুৱে কৈছিল যে ৰোগীসকলে চিকিৎসকৰ সহায় লোৱা উচিত। (লূক ৫:৩১) যদি আপোনাকো নিৰাশ হোৱাৰ বাবে আত্মহত্যা কৰিবলৈ মন যায়, তেনেহʼলে আনৰ পৰা সহায় লʼবলৈ সংকোচ নকৰিব। হতাশাৰ মাজেদি পাৰ হোৱা বহুতো লোকে অনুভৱ কৰিছে যে ডাক্তৰৰ পৰা চিকিৎসা লোৱাৰ বাবে তেওঁলোকে সকাহ পাইছে। জৰ্জ, কাউৰু আৰু এড্ৰীয়ানাও ডাক্তৰৰ পৰা চিকিৎসা লোৱাৰ বাবে তেওঁলোকে বহু পৰিমাণে নিজকে চম্ভালিব পাৰিছে।

ডাক্তৰে হতাশাত থকা কিছুমান লোকক দৰব দি চিকিৎসা কৰে আৰু আন কিছুমান লোকৰ লগত কথা পাতি (টক থেৰেপি) তেওঁলোকৰ নিৰাশাক নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে। আন কিছুমান লোকৰ চিকিৎসা কৰিবলৈ এই দুয়োটা উপায় ব্যৱহাৰ কৰে। ডাক্তৰৰ উপৰিও হতাশাত থকা ব্যক্তিৰ পৰিয়াল আৰু তেওঁৰ বন্ধুৱে তেওঁক বহুত সহায় কৰিব পাৰে। তেওঁলোকে তেওঁৰ লগত ধৈৰ্য্য ধৰিব পাৰে আৰু তেওঁৰ ভাৱনা বুজি তেওঁৰ লগত ব্যৱহাৰ কৰিব পাৰে। এজন হতাশাত থকা ব্যক্তিৰ বাবে যিহোৱা ঈশ্বৰতকৈ ভাল বন্ধু আৰু কোনো হʼব নোৱাৰে। যিহোৱাই বাইবেলত এনে বহুতো কথা লিখাইছে যিবোৰ পঢ়ি হতাশাত থকা এজন ব্যক্তিয়ে মনৰ শান্তি লাভ কৰিব পাৰে।

এই কষ্ট সদায়ৰ বাবে কেতিয়াবা শেষ হʼব নে?

যিসকলৰ হতাশাৰ বেমাৰ আছে, তেওঁলোকে দীঘলীয়া সময়লৈকে চিকিৎসা কৰোৱাবলগীয়া হয় আৰু তেওঁলোকৰ বহুতো অভ্যাসো সলনি কৰিবলগীয়া হয়। যদি আপুনিও হতাশ হৈ থাকে, তেনেহʼলে হাৰ নামানিব। অতি সোনকালে এনে এটা সময় আহিবলগীয়া আছে, যেতিয়া আপোনাৰ এই দুখ-কষ্ট একেবাৰে নাইকিয়া হৈ যাব। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ ‘পৃথিৱীক’ একেবাৰে নতুন কৰি দিব আৰু কোনো ধৰণৰ “বেদনা” নহʼব। (প্ৰকাশিত বাক্য ২১:১, ৪) জৰ্জে কৈছে, “মই সেই দিনৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া মই আৰু কেতিয়াও নিৰাশ নহʼম। পবিত্ৰ শাস্ত্ৰৰ যিচয়া ৩৩:২৪ পদত লিখা কথা সঁচা হʼব। মই বেমাৰী বুলি কোনো মানুহে নকʼব।” আপুনিও জৰ্জৰ দৰে সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে আহিবলগীয়া সময়ত আপোনাৰ সকলো দুখ-কষ্ট নাইকিয়া হʼব। সেই সময়ত কোনেও নিৰাশ নহʼব আৰু কাৰো মানসিক বেমাৰ নহʼব। আজি আপুনি যি কষ্টৰ মাজেদি পাৰ হৈ আছে, সেইবোৰে আপোনাক আমনি নকৰিব আৰু সেইবোৰ “মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.

আপোনাক সহায় কৰিব পৰা শাস্ত্ৰৰ কিছুমান কথা

ঈশ্বৰে আপোনাৰ ভাৱনাবোৰ বুজি পায়।

“তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সো হাতত ধৰি কওঁ, ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম”—যিচয়া ৪১:১৩.

কোনো মানুহতকৈ বেছি যিহোৱাই আমাৰ ভাৱনা ভালদৰে বুজি পাই আৰু আমাক সহায় কৰিব বিচাৰে।

শাস্ত্ৰৰ কথাবোৰলৈ ধ্যান দিয়ক।

‘এলিয়াই নিজৰ মৃত্যুৰ প্ৰাৰ্থনা কৰিলে; আৰু তেওঁ কʼলে, এয়ে যথেষ্ট, হে যিহোৱা, এতিয়া মোৰ প্ৰাণ লোৱা।’—১ ৰাজাৱলি ১৯:৪.

জৰ্জে কৈছে, “শাস্ত্ৰত লিখা কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ বাবে মই বহুত সাহস পালোঁ। মই গʼম পালোঁ যে প্ৰাচীন সময়ত ঈশ্বৰৰ এজন সেৱক এলিয়াই মোৰ দৰে নিৰাশ হৈ পৰিছিল।”

শাস্ত্ৰত উল্লেখ কৰা ঘটনাবোৰৰ পৰা সাহস লাভ কৰক।

“তুমি নিজৰ বিশ্বাস নেহেৰুৱাবলৈ মই [অৰ্থাৎ যীচু] তোমাৰ কাৰণে [অৰ্থাৎ পিতৰৰ কাৰণে] মিনতি কৰিছোঁ।”—লূক ২২:৩২.

যীচুৰ এজন শিষ্য পিতৰে তেওঁক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিছিল। কিন্তু পাছত তেওঁৰ ইমানেই বেয়া লাগিল যে হোক-হোকাই কান্দিবলৈ ধৰিলে। কাউৰুৱে কৈছে, “পিতৰৰ ঘটনাৰ পৰা মই জানিব পাৰিলোঁ যে যিহোৱা আৰু যীচুৱে তেওঁৰ ভাৱনা ভালদৰে বুজি পালে। ইয়াৰ পৰা মোৰ বিশ্বাস হʼল যে তেওঁলোকে মোৰ ভাৱনাও ভালদৰে বুজি পায়।”

আজি আপুনি যি কষ্টৰ মাজেদি পাৰ হৈ আছে, সেইবোৰে আপোনাক আমনি নকৰিব আৰু সেইবোৰ “মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক