যেতিয়া আপোনাৰ কিবা ডাঙৰ বেমাৰ হয়
যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত কাৰোবাৰ মাৰাত্মক বেমাৰ আছে, তেনেহʼলে আপুনি হয়তো ভালদৰে বুজি পায় যে ইয়াৰ বাবে জীৱনটো কিমান হতাশ হৈ পৰে। বেমাৰৰ লগতে আপুনি আৰু কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যেনে, ডাক্তৰক লগ কৰিবলৈ বাৰে বাৰে অহা-যোৱা কৰা, সঠিক চিকিৎসা বিচৰাৰ চিন্তা, চিকিৎসাৰ খৰচ, দৰবৰ বেয়া প্ৰভাৱ, এইবোৰৰ বাবে আপোনাৰ হতাশা আৰু বাঢ়ি যায়। এটা গভীৰ বেমাৰৰ লগত যুঁজাৰ সময়ত মানসিক বেদনা সহন কৰাটো অসম্ভৱ যেন হৈ পৰে।
এনে কঠিন পৰিস্থিতি আমি কেনেকৈ সহন কৰিব পাৰোঁ? কিছুমান লোকে অনুভৱ কৰিছে যে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আৰু পবিত্ৰ শাস্ত্ৰৰ কথাবোৰ পঢ়িলে বহুত শান্ত্বনা পোৱা যায়। পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ প্ৰেম আৰু সহায়েও বহুত সাহস দিয়ে।
কিছুমান লোকৰ দুখ কেনেকৈ কম হʼল
ৰবাৰ্ট যাৰ বয়স ৫৮ বছৰ, তেওঁ এইদৰে কয়, “যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। তেওঁ আপোনাক বেমাৰৰ লগত যুঁজিবলৈ শক্তি দিব। তেওঁলৈ প্ৰাৰ্থনা কৰক আৰু আপুনি কেনে অনুভৱ কৰি আছে, তাৰ বিষয়ে জনাওক। তেওঁলৈ মিনতি কৰক যে তেওঁ আপোনাক সহন কৰিবলৈ শক্তি দিয়ে যাতে আপুনি বেমাৰৰ সত্ত্বেও আনন্দত থাকিব পাৰে, আপোনাৰ পৰিয়ালৰ লোকসকলে সাহস লাভ কৰিব পাৰে আৰু আপুনি শান্ত মনেৰে নিজৰ সমস্যাবোৰ সহন কৰিব পাৰে।”
ৰবাৰ্টে এয়াও কয়, “পৰিয়ালৰ লোকসকলৰ সহযোগ থাকিলে বহুত সাহস পোৱা যায়। প্ৰতিদিনে কোনোবাই নহয় কোনোবাই মোক ফোন কৰি সোধে, ‘এতিয়া তুমি কেনেকুৱা আছা?’ আনকি যিসকল বন্ধু মোৰ পৰা বহুত দূৰত আছে, তেওঁলোকেও মোৰ বহুত সাহস বঢ়ায়। তেওঁলোকে মোক সহযোগ কৰে যাতে মই সাহস নেহেৰুৱাও।”
যদি আপুনি কোনো এজন বেমাৰ হোৱা বন্ধুক লগ কৰিবলৈ গৈছে, তেনেহʼলে লিণ্ডাৰ এই কথা মনত ৰাখক, “এজন বেমাৰী ব্যক্তিয়েও যিমান পাৰে সিমান আনৰ দৰে জীৱন-যাপন কৰিব বিচাৰে আৰু সদায় তেওঁ হয়তো বেমাৰৰ বিষয়ে কথা পাতিব নিবিচাৰে। সেইবাবে, আপুনি তেওঁৰ লগত সদায় বেমাৰৰ বিষয়ে কথা পতাৰ পৰিৱৰ্তে আন কথাবোৰ পাতক।”
যদি আমি ঈশ্বৰৰ পৰা সহায় লওঁ, শাস্ত্ৰৰ পৰা শান্ত্বনা পাওঁ আৰু পৰিয়াল আৰু বন্ধুসকলৰ পৰা সহায় লওঁ, তেনেহʼলে গম্ভীৰ বেমাৰৰ সত্ত্বেও আমাৰ ভৰসা হʼব যে আমাৰ জীৱনো মূল্যৱান হয়।