ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ২ পৃষ্ঠা ৮-৯
  • যেতিয়া জীৱন সংগীয়ে বিশ্বাসঘাত কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যেতিয়া জীৱন সংগীয়ে বিশ্বাসঘাত কৰে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • আপোনাক সহায় কৰিব পৰা শাস্ত্ৰৰ কিছুমান কথা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ২ পৃষ্ঠা ৮-৯
এগৰাকী তিৰোতাই প্ৰাৰ্থনা কৰি আছে

যেতিয়া জীৱন সংগীয়ে বিশ্বাসঘাত কৰে

স্পেইনত থকা মাৰিয়াই কৈছে, “যেতিয়া মোৰ স্বামীয়ে মোতকৈ সৰু আন এজনী তিৰোতাৰ বাবে মোক এৰি দিম বুলি কʼলে, তেতিয়া মোৰ এনে লাগিল যেন মই আত্মহত্যা কৰি লʼম। মই তেওঁৰ বাবে বহুতো ত্যাগ কৰিলোঁ, কিন্তু তেওঁ মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাত কৰিলে।”

স্পেইনত থকা বʼবীয়ে কৈছে, “এদিনাখন মোৰ পত্নী হঠাতে মোক এৰি গুচি গʼল, তেতিয়া মোৰ এনে লাগিল যেন মোৰ শৰীৰৰ এটা অংগ কাটি গʼল। আমাৰ সপোন, আশা আৰু ইচ্ছা একেবাৰে চুৰমাৰ হৈ গʼল। কেতিয়াবা কেতিয়াবা এনে লাগিছিল যেন সকলো ঠিকে চলি আছে, কিন্তু হঠাতে মই নিৰাশাত ডুবি গৈছিলোঁ।”

যেতিয়া কাৰোবাৰ জীৱন সংগীয়ে তেওঁৰ লগত বিশ্বাসঘাত কৰে, তেতিয়া তেওঁৰ সকলো শেষ হৈ যায়। এয়া সঁচা যে কেতিয়াবা বিশ্বাসঘাত কৰা সংগীয়ে ক্ষমা বিচাৰে আৰু তেওঁৰ সংগীয়ে তেওঁক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকে লগতে থাকিবলৈ ধৰে।a আনহাতে কিছুমানৰ বিবাহ বিচ্ছেদ হয়। বিবাহ বিচ্ছেদ হওক বা তেওঁলোকে লগতে থাকক, সংগীয়ে বিশ্বাসঘাত কৰাৰ বাবে যি আঘাত পোৱা যায়, সেয়া সহজে ভাল নহয়। যাৰ লগত বিশ্বাসঘাত কৰা হয়, তেওঁ নিজকে কেনেকৈ চম্ভালিব পাৰে?

আপোনাক সহায় কৰিব পৰা শাস্ত্ৰৰ কিছুমান কথা

এনেধৰণৰ কষ্টৰ সন্মুখীন হোৱা বহুতো লোকে বাইবেল পঢ়ি শান্ত্বনা পাইছে। এয়া পঢ়াৰ বাবে তেওঁলোকে বুজিব পাৰিলে যে তেওঁলোকৰ সংগীয়ে যি দুখ আৰু কষ্ট দিছে, সেই দুখ ঈশ্বৰে চাই আছে আৰু তেওঁলোকৰ দুখ বুজি পায়।—মলাখী ২:১৩-১৬.

“মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীতমালা ৯৪:১৯.

বʼবীয়ে কৈছে, “শাস্ত্ৰত লিখা এই কথা পঢ়ি মোৰ অনুভৱ হʼল যে যিহোৱা কিমান দয়ালু ঈশ্বৰ হয়। এয়া এনে আছিল যেন এজন পিতৃৰ দৰে তেওঁ মোৰ ঘাঁত মলম লগাই আছে।”

“যিজনে বিশ্বাসী হৈ থাকে, তেওঁৰ লগত তুমিও বিশ্বাসী হৈ থাকা।”—গীতমালা ১৮:২৫, NW.

কোমলে কেইবা মাহৰ পাছত গʼম পালে যে তাইৰ স্বামীয়ে তাইৰ লগত বিশ্বাসঘাত কৰিছে। তাই কৈছে, “মোৰ স্বামী মোৰ বিশ্বাসী হৈ নাথাকিলে, কিন্তু যিহোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ মোৰ লগত এইদৰে নকৰে। তেওঁ মোৰ বিশ্বাসী হৈ থাকিব।”

‘কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতিৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে তোমালোকৰ হৃদয়ৰ ৰক্ষা কৰিব।’—ফিলিপীয়া ৪:৬, ৭.

চাছাই কৈছে, “শাস্ত্ৰৰ এই কথা মই বাৰে বাৰে পঢ়িছিলোঁ। মই বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ আৰু ঈশ্বৰে মোক মনৰ শান্তি দিলে।”

এই লেখত উল্লেখ কৰা লোকসকলে সাহস হেৰুৱাই পেলাইছিল। কিন্তু যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰাৰ বাবে আৰু বাইবেল পঢ়াৰ বাবে তেওঁলোকে জীয়াই থকাৰ সাহস পালে। বʼবীয়ে কৈছে, “মোৰ জীৱন ধ্বংস হৈ গৈছিল। কিন্তু ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ বাবে মই জীয়াই থকাৰ আশা পালোঁ। এসময়ত মোৰ অনুভৱ হৈছিল যে মই ‘মৃত্যুচ্ছায়াৰ উপত্যকাইদি’ পাৰ হৈ আছিলোঁ। এনে পৰিস্থিতিতো ঈশ্বৰ মোৰ লগত আছিল।”—গীতমালা ২৩:৪.

a নিজৰ সংগীক ক্ষমা কৰা উচিত হʼব নে নাই, এই বিষয়ে জানিবলৈ এপ্ৰিল ২২, ১৯৯৯ চনৰ সচেতন থাকক! ইংৰাজী আলোচনীৰ “যেতিয়া জীৱন সংগীয়ে বিশ্বাসঘাত কৰে” নামৰ লেখখন পঢ়ক।

কিছুমান লোকৰ দুখ কেনেকৈ কম হʼল

শাস্ত্ৰৰ শান্ত্বনা দিয়া কথাবোৰলৈ ধ্যান দিয়ক।

বʼবীয়ে কৈছে, “মই প্ৰথমে বাইবেলৰ ইয়োব নামৰ কিতাপখন পঢ়িলোঁ আৰু তাৰ পাছত গীতমালা। মই এনে সকলো পদৰ তলত আঁচ টানিলোঁ যাৰ পৰা মই সাহস পালোঁ। মই গʼম পালোঁ যে যিসকল লোকৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে, তেওঁলোকেও মোৰ দৰে বহুত চিন্তিত হৈছিল আৰু দুখ-কষ্ট সহন কৰিছিল।”

মনোৰঞ্জনৰ বাবে কিবা কৰক।

ভাল সংগীত শুনিলে মনৰ শান্তি লাভ কৰিব পাৰি। কোমলে এইদৰে কয়, “মোৰ যেতিয়া ৰাতি টোপনি নাহে, তেতিয়া মই সংগীত শুনোঁ। এইদৰে কৰিলে মোৰ বৰ ভাল লাগে।” কিছুমান লোকে নিজৰ দুখ পাহৰিবলৈ ছবি আঁকে, ফটো তোলে বা কিবা দক্ষতা শিকে। এইদৰে কৰাৰ ইচ্ছা ৰাখিলে আপুনিও নিজৰ দুখ কম কৰিব পাৰিব আৰু মনত শান্তি লাভ কৰিব পাৰিব।

কাৰোবাক নিজৰ মনৰ কথা জনাওক।

দিনেচে কয়, “মই আগত মোৰ মনৰ কথা কাকো জনোৱা নাছিলোঁ, কিন্তু মোৰ কিছুমান ভাল বন্ধু আছিল। সেইবাবে, এতিয়া মই প্ৰতিদিনে তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মই কেতিয়াবা কেতিয়াবা তেওঁলোকক চিঠি লিখিছিলোঁ আৰু কথা পাতিছিলোঁ। এইদৰে কৰাৰ বাবে মোৰ মন পাতল হৈছিল, লগতে মই দুখৰ পৰা ওলাই আহিবলৈ সহায় পালোঁ।” চাছাই কয়, “দুখৰ সময়ত মোৰ পৰিয়ালে সদায় মোক সহায় কৰিলে। মোৰ মায়ে মোৰ কথা শুনিবলৈ সদায় সাজু থাকিছিল। ইয়াৰ লগতে দেউতাই মোক অনুভৱ কৰালে যে মই অকলশৰীয়া নহওঁ। সেইবাবে, মই নিজকে চম্ভালিব পাৰিলোঁ।

প্ৰাৰ্থনা কৰি থাকক।

কোমলে কয়, “মই বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ। এইদৰে কৰাৰ বাবে মোৰ অনুভৱ হʼল যে ঈশ্বৰে মোক এৰি দিয়া নাই আৰু তেওঁ মোক সহায় কৰি আছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক