যেতিয়া আমাৰ আপোনজনৰ মৃত্যু হয়
যদি আপোনাৰ আপোনজনৰ মৃত্যু হৈছে, তেনেহʼলে আপুনি হয়তো বহুত দুখ অনুভৱ কৰে, অসহায় আৰু অকলশৰীয়া অনুভৱ কৰে। আপোনাৰ হয়তো ভয় লাগে, খং উঠে আৰু কিবা কথাৰ বাবে বেয়া লাগে। আপুনি হয়তো এয়াও ভাবে যে মই জীয়াই থকাৰ একো লাভ নাই।
দুখ কৰাৰ অৰ্থ এয়া নহয় যে আপুনি এজন দুৰ্বল মানুহ হয়। ইয়াৰ পৰিৱৰ্তে ইয়ে দেখুৱাই যে আপুনি আপোনাৰ আপোনজনক বহুত প্ৰেম কৰে আৰু তেওঁক মনত পেলাইছে। কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে আপোনাৰ এই দুখ অলপ কমি যাব পাৰে।
কিছুমান লোকৰ দুখ কেনেকৈ কম হʼল?
আপুনি হয়তো ভাবিব পাৰে যে আপুনি এই দুখৰ পৰা হয়তো কেতিয়াও ওলাই আহিব নোৱাৰিব। কিন্তু তলত দিয়া উপায়বোৰ ব্যৱহাৰ কৰি চাওক। এইদৰে কৰিলে আপুনি হয়তো অলপ সকাহ পাব:
দুখ মনৰ ভিতৰতে নাৰাখিব, তাক উলিয়াই দিয়ক
সকলোৱে বেলেগ বেলেগ উপায়েৰে নিজৰ দুখ প্ৰকাশ কৰে। কিছুমানে নিজকে সোনকালে চম্ভালি লয়, কিন্তু কিছুমানক সময়ৰ প্ৰয়োজন হয়। প্ৰায়ে দেখিবলৈ পোৱা যায় যে কান্দিলে মনটো অলপ পাতল হয়। ওপৰত উল্লেখ কৰা বনেচাই এইদৰে কৈছে, “মই বহুত কান্দিছিলোঁ। ইয়াৰ বাবে মই অলপ শান্ত্বনা পাইছিলোঁ।” ছফিয়া যাৰ ভণ্টীৰ হঠাতে মৃত্যু হʼল, তাই এইদৰে কৈছে, “যি হʼল সেই কথা মনত পেলাই মোৰ বহুত দুখ লাগে। এনে লাগে যেন মই নিজৰ শৰীৰত পোৱা আঘাত চাফা কৰি আছোঁ। এইদৰে কৰোঁতে বহুত বিষ হয়, কিন্তু এনেকৈয়ে ঘাঁ ভাল হয় ন?”
কাৰোবাক মনৰ কথা খুলি কওক
কেতিয়াবা কেতিয়াবা আপোনাক হয়তো অকলশৰীয়াকৈ থাকিবলৈ মন যাব পাৰে। ইয়াত কোনো ভুল নাই। কিন্তু অকলে দুখ সহন কৰিবলৈ কঠিন হʼব পাৰে। ১৭ বছৰীয়া জেৰদ যাৰ দেউতাকৰ মৃত্যু হʼল, তেওঁ এইদৰে কৈছে, “মোৰ কেনে লাগিছে, তাৰ বিষয়ে মই কিছুমান লোকক জনালোঁ। যদিও মই তেওঁলোকক সকলো কথা খুলি কʼব নোৱাৰিলোঁ, তথাপিও মোৰ মন পাতল লাগিল।” জেনিছ যাৰ বিষয়ে আগৰ লেখত উল্লেখ কৰা হৈছিল, আনক নিজৰ মনৰ কথা জনালে আৰু এটা লাভ আছে বুলি কৈছে। তাই এইদৰে কৈছে, “যেতিয়া মই আনক মনৰ সকলো কথা জনালোঁ, তেতিয়া মই শান্ত্বনা লাভ কৰিলোঁ, তেওঁলোকে মোৰ দুখ বুজি পালে। মোৰ এনে লাগিল যে এই দুখত তেওঁলোকে মোৰ লগত আছে।”
আনৰ সহায় লওক
এজন ডাক্তৰে কৈছে, “আৰম্ভণিতে যি আঘাত পোৱা যায়, তাৰ পৰা ওলাই আহিবলৈ পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ পৰা সহায় লʼলে, পাছত তাৰ পৰা ওলাই আহিবলৈ এজন ব্যক্তিৰ বাবে সহজ হয়।” সেইবাবে, বন্ধুসকলৰ সহায় লওক। প্ৰায়ে বন্ধুসকলে আপোনাক সহায় কৰিব বিচাৰে, কিন্তু কেনেকৈ সহায় কৰিব বুজি নাপায়। সেইবাবে, তেওঁলোকে আপোনাক কেনেকৈ সহায় কৰিব পাৰে তাৰ বিষয়ে খুলি কওক।—হিতোপদেশ ১৭:১৭.
ঈশ্বৰৰ কাষ চাপক
টীনাই এইদৰে কৈছে, “কেন্সাৰ বেমাৰৰ বাবে মোৰ স্বামীৰ হঠাতে মৃত্যু হʼল। এতিয়া মোৰ মনৰ কথা শুনিবলৈ কোনো নাছিল। সেইবাবে, মই ঈশ্বৰক সকলো কথা জনাবলৈ ধৰিলোঁ। মই প্ৰতিদিনে ৰাতিপুৱা উঠি ঈশ্বৰক প্ৰাৰ্থনাত কৈছিলোঁ আজিৰ দিনটো জীয়াই থাকিবলৈ মোক সাহস দিয়া। তেওঁ মোক বহুত সহায় কৰিলে, যি মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ।” টাৰ্চা যেতিয়া ২২ বছৰৰ আছিল, তেতিয়া তাইৰ মাকৰ মৃত্যু হʼল। তাই এইদৰে কৈছে, “মই প্ৰতিদিনে বাইবেল পঢ়িছিলোঁ। এইদৰে কৰাৰ বাবে মই মনৰ শান্তি লাভ কৰিলোঁ আৰু ভাল কথাবোৰলৈ ধ্যান দিব পাৰিলোঁ।”
যেতিয়া আপুনি নিজৰ আপোনজনক আকৌ লগ কৰিব, সেই সময়ৰ বিষয়ে চিন্তা কৰক
টীনাই এইদৰে কৈছে, “বাইবেলত মৃত লোকসকলক ভৱিষ্যতে আকৌ জীয়াই তোলাৰ আশাৰ বিষয়ে যি কোৱা আছে, তাৰ পৰা মই আৰম্ভণিতে শান্ত্বনা পোৱা নাছিলোঁ। মই ভাবিছিলোঁ এতিয়া মোক মোৰ স্বামীৰ প্ৰয়োজন আছে আৰু লʼৰাবিলাকক নিজৰ দেউতাকৰ। কিন্তু এতিয়া চাৰি বছৰৰ পাছত মই কʼব পাৰোঁ যে মৃত লোকসকলক ভৱিষ্যতে আকৌ জীয়াই তোলাৰ আশাৰ বাবে মই নিজকে চম্ভালিব পাৰিলোঁ। যেনেকৈ লংগৰে জাহাজক ডুবিবলৈ নিদিয়ে। ঠিক সেইদৰে এই আশাৰ বাবে মই জীয়াই থকাৰ সাহস পালোঁ। মই প্ৰায়ে কল্পনা কৰোঁ যে মই নিজৰ স্বামীক আকৌ লগ কৰিছোঁ। এইদৰে ভৱাৰ বাবে মই আনন্দ আৰু মনৰ শান্তি লাভ কৰোঁ।”
আপুনি হয়তো দুখৰ পৰা ইমান সোনকালে ওলাই আহিব নোৱাৰে, কিন্তু হাৰ নামানিব। বনেচাৰ দৰে আপুনিও দুখৰ পৰা ওলাই আহিব পাৰিব। তাই কৈছে, “আৰম্ভণিতে এজন মানুহে হয়তো ভাবিব পাৰে যে তেওঁ আৰু জীয়াই থাকিব নোৱাৰে। কিন্তু সময় পাৰ হোৱাৰ লগে লগে সকলো ঠিক হৈ যায়।”
আপুনি নিজৰ আপোনজনক মৃত্যুত হেৰুৱাই যি অকলশৰীয়া অনুভৱ কৰিছে, সেয়া হয়তো কোনেও পূৰ কৰিব নোৱাৰে। তথাপিও আপুনি জীয়াই থাকিব পাৰিব। ঈশ্বৰে আপোনাক সহায় কৰিব। আপোনাৰ জীৱনত এনে বহুতো লোক আছে, যাৰ মৰম আপুনি পাব পাৰে আৰু জীয়াই থকাৰ উদ্দেশ্যও পাব পাৰে। ইয়াৰ উপৰিও অতি সোনকালে এনে এটা সময় আহিবলগীয়া আছে, যেতিয়া ঈশ্বৰে মৃত লোকসকলক আকৌ জীয়াই তুলিব। আপুনি নিজৰ আপোনজনাক আকৌ লগ কৰাটো ঈশ্বৰে বিচাৰে। ইয়াৰ পাছত আপুনি কেতিয়াও এই দুখ সহন কৰিব নালাগিব।