ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ২ পৃষ্ঠা ৪-৫
  • যেতিয়া কোনো দুৰ্যোগ হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যেতিয়া কোনো দুৰ্যোগ হয়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰই আপোনাক জীয়াই থকাৰ আশা দিব পাৰে
  • আপুনি সাজু আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • চিন্তাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি কেনেকৈ শান্তি আৰু আনন্দ পাব পাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • সমস্যাৰ সময়ত আনক সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • এক সুন্দৰ ভৱিষ্যতৰ আশা
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ২ পৃষ্ঠা ৪-৫
দুজন মানুহে ধ্বংস হৈ যোৱা বিল্ডিঙৰ ওচৰত বহি আছে

যেতিয়া হঠাতে কোনো দুৰ্যোগ হয়

ছিয়েৰা লিয়নত থকা এলেনে কৈছে, “বানপানীয়ে আমাৰ সকলো উটুৱাই নিছিল। আমি একেবাৰে সহায়হীন অনুভৱ কৰিছিলোঁ। আমি একো বুজি পোৱা নাছিলোঁ যে আমাৰ কি হʼব আৰু আমি কি কৰিম।”

ভাৰ্জীন দ্বীপ সমূহত থকা ডেভিডে কৈছে, “ধুমুহাৰ পাছত যেতিয়া আমি ঘৰলৈ উভতি আহিলোঁ, তেতিয়া আমি দেখিলোঁ যে আমাৰ সকলোবোৰ শেষ হৈ পৰিছে। সেই দৃশ্য দেখি আমি নিমাত হৈ পৰিলোঁ আৰু মোৰ ছোৱালীজনীয়ে আঠুকাঢ়ি কান্দিবলৈ ধৰিলে।”

যদি আপুনিও প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে, তেনেহʼলে ইয়াৰ সন্মুখীন হোৱা লোকসকলে কেনে অনুভৱ কৰে সেয়া আপুনি ভালদৰে বুজিব পাৰিব। তেওঁলোকে মনত বহুত আঘাত পায়, এইদৰে হৈছে বুলি তেওঁলোকে বিশ্বাসেই কৰিব নোৱাৰে, তেওঁলোকে বুজি নাপায় যে আগলৈ কি হʼব। ইয়াৰ লগতে তেওঁলোকক চিন্তাই আগুৰি ধৰে আৰু বেয়া বেয়া সপোন দেখে। বহুতো লোকে সাহস হেৰুৱাই পেলায় আৰু জীয়াই থাকিব নিবিচাৰে।

যদি কোনো এটা দুৰ্যোগত আপুনি নিজৰ সকলোবোৰ হেৰুৱাইছে আৰু সকলোবোৰ ঠিক কৰিবলৈ আপোনাৰ বাবে বহুত কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত আপোনাৰ মনত আহিব পাৰে যে মই আৰু সহন কৰিব নোৱাৰোঁ, মই মৰি যোৱাটোৱেই ভাল হʼব। কিন্তু এইদৰে নাভাবিব। পবিত্ৰ শাস্ত্ৰ বাইবেলত কোৱা হৈছে যে আপোনাৰ জীৱনটো বহুত মূল্যৱান আৰু আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে আগলৈ গৈ সকলোবোৰ ঠিক হৈ যাব।

পবিত্ৰ শাস্ত্ৰই আপোনাক জীয়াই থকাৰ আশা দিব পাৰে

পবিত্ৰ শাস্ত্ৰত লিখা আছে, “আমি বিশ্বাস কৰোঁ যে যিসকলে ধৈৰ্য্য ধৰে, তেওঁলোক সুখী।” (যাকোব ৫:১১) কোনো দুৰ্যোগৰ মাজেদি পাৰ হোৱাৰ পাছত জীৱন নতুনকৈ আৰম্ভ কৰাটো ইমান সহজ নহয়। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হয়। সেইবাবে, ধৈৰ্য্য ধৰক। জীৱনটো নিয়মীয়া কৰি তুলিবলৈ যদি আপুনি পৰিশ্ৰম কৰি থাকে, তেনেহʼলে লাহে লাহে সকলোবোৰ ঠিক হৈ যাব।

পবিত্ৰ শাস্ত্ৰত কোৱা হৈছে যে অতি সোনকালে এনে এটা সময় আহিবলগীয়া আছে, যʼত “ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।” (যিচয়া ৬৫:১৯) গোটেই পৃথিৱীত ঈশ্বৰে শাসন কৰিব আৰু ইয়াক এটা ধুনীয়া বাগিছাৰে পৰিৱৰ্তন কৰিব। (গীতমালা ৩৭:১১, ২৯) তাৰ পাছত কোনো প্ৰাকৃতিক দুৰ্যোগ নহʼব আৰু এতিয়া যিসকলে দুৰ্যোগৰ সন্মুখীন হৈ আছে, সেই সময়ত তেওঁলোকৰ বেয়া স্মৃতিবোৰ মনত নপৰিব। কাৰণ সৰ্বশক্তিমান ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, “পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.

খন্তেকৰ বাবে চিন্তা কৰকচোন, আমাৰ সৃষ্টিকৰ্তাই আপোনাক এটা ভাল ভৱিষ্যত দিব বিচাৰে। তেওঁ যেতিয়া এই পৃথিৱীত শাসন কৰিব, তেতিয়া তেওঁ আপোনাক এটা ভাল ভৱিষ্যত দিবলৈ প্ৰতিজ্ঞা কৰিছে। সেইবাবে, “আশা” ৰাখিব পাৰে যে তেওঁ যেতিয়া শাসন কৰিব, তেতিয়া আপুনি সুখ আৰু শান্তিৰে জীয়াই থাকিব পাৰিব। (যিৰিমিয়া ২৯:১১) আগলৈ গৈ আপুনি এটা ভাল জীৱন পাব, এয়া জানি আপুনি এতিয়া জীয়াই থকাৰ উৎসাহ লাভ নকৰে নে? নিশ্চয় লাভ কৰে। আগৰ লেখত উল্লেখ কৰা চেলীয়ে কৈছে, “ভৱিষ্যতে ঈশ্বৰে যেতিয়া শাসন কৰিব, তেতিয়া তেওঁ আমাৰ বাবে কি কি কৰিব তাৰ বিষয়ে যেতিয়া এজন ব্যক্তিয়ে ধ্যান দিয়ে, তেতিয়া নিজৰ বেয়া স্মৃতি আৰু দুখ-কষ্টবোৰ সহন কৰিবলৈ তেওঁ সহায় লাভ কৰে।”

যেতিয়া ঈশ্বৰে শাসন কৰিব, তেতিয়া তেওঁ মানুহৰ বাবে কি কি কৰিব তাৰ বিষয়ে বেছিকৈ জানিবলৈ চেষ্টা কৰক। যদিও প্ৰাকৃতিক দুৰ্যোগত আপোনাৰ বহুত ক্ষতি হৈছে, তথাপিও আপুনি ইয়াৰ বিষয়ে জানিলে এতিয়া ভালদৰে জীৱন-যাপন কৰিব পাৰিব। আপুনি সেই সময়ৰ বাবে অপেক্ষা কৰিব পাৰে, য’ত কেতিয়াও বেয়া ঘটনা নঘটিব। যদিও আজি আপুনি সমস্যাবোৰৰ সন্মুখীন হৈ আছে, তথাপিও বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰিলে আপুনি সেইবোৰ ভালদৰে সন্মুখীন হʼব পাৰিব। আহক বাইবেলৰ কিছুমান পৰামৰ্শৰ ওপৰত ধ্যান দিওঁ।

আপোনাক সহায় কৰিব পৰা শাস্ত্ৰৰ কিছুমান কথা

আৰাম কৰক।

“পৰিশ্ৰম, আৰু বতাহক ধৰিবলৈ কৰা চেষ্টাৰে সৈতে দুই মুঠিতকৈ শান্তিৰে সৈতে এমুঠিয়েই ভাল।”—উপদেশক ৪:৬.

অনুসন্ধানকাৰীসকলে কয় যে যিজন ব্যক্তিৰ ওপৰত কোনো দুৰ্যোগে মানসিকভাৱে বেয়াকৈ প্ৰভাৱ পেলাইছে, “তেওঁ যদি ভালকৈ টোপনি নলয়, তেনেহʼলে তেওঁৰ চিন্তা, কষ্ট আৰু বাঢ়ি যাব আৰু নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈও তেওঁৰ বাবে কঠিন হয়।” সেইবাবে, ভালকৈ আৰাম কৰাটো আপোনাৰ বাবে ভাল হʼব।

কাৰোবাক নিজৰ মনৰ কথা জনাওক।

“মানুহৰ মনৰ দুখে মনক দোঁখুৱায়; কিন্তু মঙ্গলৰ বাক্যই তেওঁক আনন্দিত কৰে।”—হিতোপদেশ ১২:২৫.

নিজৰ পৰিয়ালৰ লোকক বা কোনো বিশ্বাসযোগ্য বন্ধুক নিজৰ মনৰ কথা জনাওক। তেওঁলোকে আপোনাৰ কথা মনোযোগেৰে শুনিব আৰু ভাল কথা কৈ আপোনাক উৎসাহিত কৰিব আৰু সহায় কৰিব।a

আহিবলগীয়া ভাল পৰিস্থিতিৰ বিষয়ে চিন্তা কৰক।

“আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এক নতুন আকাশ আৰু নতুন পৃথিৱীৰ কাৰণে অপেক্ষা কৰি আছোঁ, যʼত ভাল লোকসকল থাকিব।”—২ পিতৰ ৩:১৩.

a যদি কোনোবাই দুৰ্যোগৰ বহু সময়ৰ পাছতো সেই দুখৰ ভাৱনাৰ পৰা ওলাই আহিব পৰা নাই বা বহুত চিন্তিত হৈ থাকে, তেনেহʼলে তেওঁ ডাক্তৰৰ পৰা সহায় লোৱাৰ প্ৰয়োজন হʼব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক