ট্ৰেক্ট—শুভবাৰ্ত্তা প্ৰস্তুত কৰা এক সৰল আৰু কাৰ্য্যকৰ পদ্ধতি
১ যিহোৱাৰ লোকসকলে ১৯৮১ চনৰ আগৰে পৰা পৰিচৰ্য্যা ক্ষেত্ৰত তেওঁলোকে ট্ৰেক্ট ব্যৱহাৰ কৰি আহিছে। ভাই চাৰ্লচ টাজ্ ৰাচেল এই ট্ৰেক্টবোৰৰ মূল্য বুজি পাইছিল আৰু সেইবাবে আইন সঙ্গতভাৱে আমাৰ সংস্থাৰ প্ৰথম নাম জাইৱন্চ ৱাচ্ টাৱাৰ বাইবেল এনড্ ট্ৰেক্ট চোচাইটি ৰাখিলে। কিন্তু আমাৰ বাবে কি অৰ্থ ৰাখে? আমাৰ পৰিচৰ্য্যাৰ কাৰ্য্যত ট্ৰেক্ট ব্যৱহাৰ কৰাটো এটা গুৰুত্বপূৰ্ণ ভাগ হয় নে?
২ বিশেষকৈ, ১৯৮৭ চনৰ পৰা সংস্থাই ট্ৰেক্টবোৰক ব্যৱহাৰ কৰিবলৈ পুনৰাই উল্লেখ কৰিছে আৰু বিভিন্ন বিষয়ত অধিকৰূপে ইয়াক প্ৰকাশ কৰিছে যাতে জীৱনত অহা বিভিন্ন পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ লোকসকলক সহায় কৰিব পাৰে। উদাহৰণ স্বৰূপে, বাইবেল, পৰিয়াল, আমি যি সময়ত জীয়াই আছো সেই সময়ৰ অৰ্থ, মৃত্যু আৰু পুনৰুত্থান, মানৱজাতিৰ ভৱিষ্যত আৰু বহুত বিষয়ৰ ওপৰত থকা ট্ৰেক্টবোৰ আমাৰ ওচৰত আছে।
৩ আমাৰ বহুতে এই ট্ৰেক্টবোৰৰ সৈতে পৰিচিত হৈ ইয়াৰ দ্বাৰা লাভৱান হৈছে। আমি অনুভৱ কৰিছো যে উপযুক্ত বিষয়ত আধাৰিত থকা এখন ট্ৰেক্টৰ দ্বাৰা এজন গৃহস্থৰ সৈতে কথা-বতৰা আৰম্ভ কৰাটো কিমান সহজ। এইটো বিশেষ সেইসকলৰ বাবে উপযুক্ত যিসকলে নতুনকৈ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লবলৈ আৰম্ভ কৰিছে। যেতিয়া কণ-কণ লৰা-ছোৱালীৱে তেওঁলোকৰ পিতৃ-মাতৃৰ লগত পৰিচৰ্য্যা ক্ষেত্ৰত কাৰ্য্য কৰে তেওঁলোকেও ট্ৰেক্টবোৰ বিতৰণ কৰাৰ দ্বাৰা আনন্দ প্ৰাপ্ত কৰিব পাৰে।
৪ অনেক লোকৰ সৈতে সাক্ষাৎ কৰিবৰ বাবে বৰ্তমান সময়ত ট্ৰেক্টবোৰক বহু ভাষাত উপলব্ধ কৰা হৈছে। দেশৰ প্ৰত্যেকজন ব্যক্তিয়ে বিশেষকৈ যিসকলে পঢ়িবলৈ জানে তেওঁ বা তাই আমাৰ ট্ৰেক্টবোৰৰ এখন কপি লৈ পঢ়িলে কিমান যে ভাল হব। বিনামূল্যে ট্ৰেক্টবোৰ বিতৰণ কৰাৰ বাবে দুখীয়া লোকসকলেও লাভৱান হব পাৰে। আমাৰ সকলোৱে বিভিন্ন ভাষাৰ ট্ৰেক্টবোৰ সকলো সময়তে নিজৰ লগত নিব পাৰে।
মে মাহটো হৈছে—ট্ৰেক্টবোৰৰ বাবে
৫ এই মাহত গোটেই বিশ্বজুৰি ট্ৰেক্টবোৰৰ সৈতে এক বিশেষ অভিযান চলাবলৈ আচঁনি তৈয়াৰ কৰা হৈছে। প্ৰত্যেক বছৰৰ মে মাহত ভাৰতত আমি দুটা কথাত গুৰুত্ব দিব পাৰো: ১) এই মাহত স্কুলীয়া লৰা-ছোৱালীৰ বাবে বছৰেকীয়া গৰম বন্ধ থাকে, আৰু ২) এই মাহত অধিক প্ৰচাৰকসকলে সহযোগী অগ্ৰগামী কাৰ্য্যত ভাগ লৈ আনন্দ প্ৰাপ্ত কৰে। এই অভিযানে মাত্ৰ ব্যক্তিগতৰূপে আমাক সহায় নকৰে কিন্তু আমাৰ ওচৰ-চুবুৰীয়াসকলৰ বাবেও আধ্যাত্মিক লাভ কঢ়িয়াই আনে। গোটেই জগতত, ‘বিশ্বাসযোগ্য বুদ্ধিমান দাসে’ প্ৰবন্ধ কৰা পদ্ধতিবোৰ বজাই ৰাখি আমাৰ ভাই আৰু ভনীসকলে যʼত লোকসকলক পোৱা যায় তালৈ গৈ তেওঁলোকক সাক্ষাৎ কৰে। (মথি ২৪:৪৫-৪৭) ভাৰতৰ দৰে ঠাইবোৰ পোৱা আমাৰ বাবে কি যে উত্তম বিশেষ অধিকাৰ, যিহেতু আমি যʼলৈ যাওঁ তাতে লোকসকলক বিচাৰি পাওঁ। ট্ৰেক্টৰ বিষয়ে মনত ৰাখি আৰু সকলো সময়ত সেইবোৰক ব্যৱহাৰ কৰি আমি ইয়াক ভালদৰে প্ৰয়োগ কৰা আৱশ্যক। ইয়াৰ বাবে আৱশ্যক, যেতিয়া লোকসকলৰ লগত কথা-বতৰা হওঁ সেইসময়ত যাতে ট্ৰেক্টবোৰ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে আমি যাতে বিভিন্ন বিষয়ৰ আৰু বিভিন্ন ভাষাৰ ট্ৰেক্টবোৰ আমাৰ লগত ৰাখোঁ।
৬ বৰ্তমান সময়ত, কিছুমান ভাই আৰু ভনীয়ে ঘৰে-ঘৰে কৰা পৰিচৰ্য্যা কাৰ্য্যত, ৰাস্তা আৰু বাচ ৰখা স্থানবোৰত এই ট্ৰেক্টবোৰক ব্যৱহাৰ কৰি ভাল পৰিণাম প্ৰাপ্ত কৰিছে। তেওঁলোকে যেতিয়া যাত্ৰা কৰে সেইসময়ত অকল মাত্ৰ সহ-যাত্ৰীসকলকে বিতৰণ নকৰে কিন্তু বাচ চালক, অটো আৰু টেক্সী চালককো ইয়াৰ বিতৰণ কৰে। অলপ দিনৰ আগতে, ভাৰতত, এজনী ভনীয়ে বাচৰে যাত্ৰা কৰি থকাৰ সময়ত, তাইৰ কাষত বহা সহ-যাত্ৰীৰ সৈতে কথা-বতৰা আৰম্ভ কৰে। আলোচনা চলি থকাৰ সময়তে মহিলাগৰাকীয়ে ভনীজনীক আজিৰ সময়ত হোৱা অন্যায় পৰিস্থিতিৰ বিষয়ে কয়। এইটোৱে ভনীজনীক এক শান্তিপূৰ্ণ নতুন জগতত জীৱন ট্ৰেক্টখন দেখুৱাৰ দ্বাৰা ৰাজ্যৰ বিষয়ে কবলৈ পৰিচালিত কৰে আৰু ট্ৰেক্টত থকা প্ৰকাশিত বাক্য ২১:৩-৫ পদৰ প্ৰতি সেই মহিলাগৰাকীৰ ধ্যান আকৰ্ষিত কৰে। এই বাৰ্ত্তাৰ প্ৰতি মহিলাগৰাকীয়ে আগ্ৰহ দেখুৱাই তাই নাম আৰু ঠিকনা ভনীজনী দি আকৌ আহিবলৈ আমন্ত্ৰণ জনায়। বহুতো প্ৰচাৰকে তেওঁলোকৰ কৰ্ম-স্থলত সহ-কৰ্ম্মীৰ সৈতে এক চমু সাক্ষী দি ইয়াক উত্তমৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। হয়, যদিও ইয়াৰ আকাৰ সৰু, কিন্তু তাত থকা বাৰ্ত্তাই ধাৰ্ম্মিকসকলক চিনাক্ত কৰিবলৈ আৰু অনন্ত জীৱনৰ বাবে যোগ্য কৰি তুলিবলৈ এক মহত্বপূৰ্ণ ভূমিকা আদায় কৰে।
আপোনাৰ প্ৰস্তুতিক উন্নত কৰিবলৈ ট্ৰেক্টবোৰক ব্যৱহাৰ কৰক
৭ বিভিন্ন প্ৰকাৰৰ ট্ৰেক্টবোৰ ব্যৱহাৰ কৰি মাত্ৰ অধিক লোকক সাক্ষাৎ কৰিবলৈ সহায় কৰে এনে নহয়, কিন্তু ই আমাক শুভবাৰ্ত্তাক চমুকৈ, স্পষ্টৰূপে, নিৰ্দিষ্ট বিষয় আৰু বহুতো বিষয়ত কথোপকথনক উপযোগী প্ৰণালীৰে প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিয়ে। সেইবাবে, মে মাহত, এই ট্ৰেক্টবোৰ ব্যৱহাৰ কৰি যিদৰে আমি লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ চেষ্টা কৰিম, আহঁক আমি লোকসকলৰ সৈতে পৰিচিত হোৱাৰ দ্বাৰা ইয়াক কেনেকৈ আৰু ভালকৈ প্ৰস্তুত কৰিব পাৰো তাক শিকোহঁক। শুনোতাসকলৰ হৃদয় স্পৰ্ষ কৰাকৈ শুভবাৰ্ত্তা শুনাবলৈ অন্তৰৰে আমি কেনেকৈ কথা-বতৰা পাতিব পাৰোঁ তাক শিকাৰ আৱশ্যক। আমি বিভিন্ন পৃষ্ঠভূমি আৰু বিভিন্ন বিশ্বাস থকা লোকসকলক লগ পাওঁ। সেইবাবে, ‘অনুগ্ৰহৰ কথা’ ব্যৱহাৰ কৰি কেনেকৈ তেওঁলোকৰ সমীপবৰ্ত্তী হব পাৰো তাক আমি জনা আৱশ্যক। (লূক ৪:২২) আমি লোকসকলক জোৰ নকৰো কিন্তু যিসকলে ভৱিষ্যতৰ আশাৰ প্ৰতি ইচ্ছুক তেওঁলোকক সহায় কৰো। যিদৰে পাঁচনি পৌলে কৈছিল, আমি “সকলোলৈকে সকলো প্ৰকাৰ” হবলৈ বিচাৰো।—১ কৰিন্থীয়া ৯:২২.
৮ যদি আমি এটা নিৰ্দিষ্ট উপদেশকে সকলো সময়তে কয় থাকো তেনেহʼলে সেয়া আমাৰ হৃদয়ৰ পৰা নহয়। যদি গৃহস্থসকলে বিভিন্ন প্ৰচাৰকৰ পৰা একেটা উপদেশকে বাৰে বাৰে সকলো সময়তে শুনি থাকে যিসকলক আমি এবাৰতকৈ বেছি লগ পাওঁ, তেনেহʼলে ইয়ে তেওঁলোকক বিৰক্ত কৰিব পাৰে আৰু হয়তো তেওঁলোক অসন্তুষ্ট হব পাৰে যাৰ ফলত তেওঁলোকে আমাক সৈতে কৰ্কশভাৱে আচৰণ কৰিব পাৰে। যদি আমাৰ পৰিয়ালৰ এজন সদস্যই একেটা সুৰকে গোটেই দিনটো গুনগুনাই থাকে, বা যদি আমাৰ ওচৰ-চুবুৰীয়াই একেটা সঙ্গীতকে বাৰে বাৰে বজাই থাকে, তেনেহʼলে আপুনি কেনে অনুভৱ কৰিব? বা ঠিক সেইদৰে, যদি এজন পৰিচিত লোকে আমাক একেটা গল্পকে বাৰে বাৰে কয় থাকে আমি তাৰ প্ৰতি কি অভিমত দিম? আমাৰ পৰিচৰ্য্যা ক্ষেত্ৰত যিহোৱা ঈশ্বৰ আৰু তেওঁৰ বাক্য বাইবেলৰ বিষয়ে যদি তেওঁলোকৰ আগত বাৰে বাৰে একেই ধৰণে প্ৰস্তুত কৰা হয় তেনেহʼলে লোকসকলে কি অভিমত দিব?
৯ এই মাহত ট্ৰেক্টৰ অভিযান পূৰ্ণৰূপে ভাগ লোৱাৰ দ্বাৰা সকলোকে এই ক্ষেত্ৰত ব্যাপকভাৱে সহায় কৰিব। যদি আপুনি নতুনকৈ প্ৰচাৰকৰূপে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছে, যিজনে আপোনাৰ সৈতে বাইবেল অধ্যয়ন কৰে তেওঁৰ সৈতে এই ট্ৰেক্টবোৰক অধ্যয়ন কৰিবলৈ সময় বাচি লওঁক আৰু আপোনাৰ পৰিচৰ্য্যা ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ইয়াত কেনে ধৰণৰ সংবাদ দিয়া আছে তাক আলোচনা কৰক। যদি ‘অগ্ৰগামীসকলে অন্যলোকক সহায় কৰে’ কাৰ্য্যক্ৰমত ভাগ লোৱা এজন অগ্ৰগামীলোকে আপোনাক সহায় কৰে, তেনেহʼলে এই ট্ৰেক্টবোৰক ব্যৱহাৰ কৰিবলৈ সহায় নলয় কিয়? আপুনি আৰু আপোনাক সহায় কৰা অগ্ৰগামী ভাইয়ে শুভবাৰ্ত্তাক উত্তমৰূপে প্ৰস্তুত কৰিবলৈ অভ্যাস কৰিব পাৰে। পিতৃ-মাতৃসকল, হয়তো আপোনালোকে ইয়াক এটা পৰিয়াল আচঁনিৰূপে কৰি, যেতিয়া আপুনি পৰিচৰ্য্যা কাৰ্য্যত সন্মিলিত হয় সেই সময়ত আপুনি আৰু আপোনাৰ লৰা-ছোৱালীয়ে কেনেকৈ প্ৰত্যেকখন ট্ৰেক্টক ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত অভ্যাস কৰিব পাৰে। দৰাচলতে, সকলো প্ৰচাৰকে এই ট্ৰেক্টবোৰক আৰু ভালকৈ ব্যৱহাৰ কৰিবলৈ বিশেষ চেষ্টা কৰিব পাৰে। ৰীজনিং কিতাপখন হৈছে এটা উত্তম সজুঁলি যাৰ দ্বাৰা আমাৰ পৰিচৰ্য্যা ক্ষেত্ৰত উপযুক্তৰূপে প্ৰস্তুত কৰিবলৈ আমাক সহায় কৰে। ইয়াৰ ওপৰিও এই ট্ৰেক্টবোৰক প্ৰস্তুত কৰিবলৈ অতীতত হৈ যোৱা আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ খণ্ডবোৰ চাব পাৰোঁ। আগষ্ট ১৯৯৩ পৃষ্ঠা ৩-৪; ফেব্ৰুৱাৰী ১৯৯১ পৃষ্ঠা ৪; ফেব্ৰুৱাৰী ১৯৯০ পৃষ্ঠা ৪ চাওঁক।
১০ ইয়াৰে কিছুমান ট্ৰেক্টক প্ৰস্তুত কৰিবলৈ কিছুমান পৰামৰ্শ:
আপুনি কিয় বাইবেলত বিশ্বাস কৰিব পাৰে
প্ৰথানুযায়ী অভিবাদন জনোৱাৰ পাছত আপুনি কব পাৰে: যদিও বাইবেল বৰ্তমান সময়ত জগতত দুই হাজাৰতকৈ অধিক ভাষাত উপলব্ধ আছে, আপুনি কিয় ভাবে যে বহুত কম লোকেহে ইয়াৰ প্ৰতি আগ্ৰহী?” [উত্তৰ বাবে ক্ষন্তেক ৰওঁক] তাৰ পাছত কওঁক “বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা আমি উপলব্ধি কৰিব পাৰিছোঁ যে আৰম্ভণিৰ পৰাই বাইবেলখনক লোকসকলে ভূলভাৱে দাঙি ধৰিছে। সকলোৰ বাবে থকা বাৰ্তাক সৰলভাৱে মই আপোনাক দেখুৱাব পাৰোনে? তেতিয়া আপুনি ৪ পৃষ্ঠাত থকা ‘ভৱিষ্যতৰ বাবে ভৱিষ্যতবাণী’ বিষয়ৰ প্ৰতি গৃহস্থৰ ধ্যান আকৰ্ষণ কৰিব পাৰে। ট্ৰেক্টখনৰ ৫ আৰু ৬ পৃষ্ঠাত থকা শেষৰ চাৰিটা অনুচ্ছেদ আলোচনা কৰক। চমু কথা-বতৰাৰ পাছত এখন আলোচনী বা বিচাৰে ব্ৰচাৰখন আগবঢ়াওঁক।
যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?
অভিবাদন জনোৱা পাছত ট্ৰেক্ট ব্যৱহাৰ কৰি আপুনি কথা-বতৰা আৰম্ভ কৰিব পাৰে, “শান্তি স্থাপন কৰিব বাবে সকলো লোকক এক সম্প্ৰদায়ৰ লোক হবলৈ কিহে সহায় কৰিব বুলি আপুনি ভাৱে?” [উত্তৰ বাবে ৰওঁক] তাৰ পাছত আমি কব পাৰো, “যিহোৱাৰ সাক্ষীৰূপে আমি ভাৱো যে প্ৰত্যেক ব্যক্তিয়ে এজনে আনজনৰ বিশ্বাস আৰু জীৱন প্ৰণালীবোৰ জনাৰ দ্বাৰা এটা ভাল বুজাবুজিলৈ আহিব পাৰে। ইয়াৰ বিষয়ে আপোনাৰ অভিমত কি?” [উত্তৰ বাবে ৰওঁক] আপুনি কব পাৰে: “যিহেতু আমি এই সম্প্ৰদায়ৰ ভাগ হওঁ আৰু বহু কম লোকেহে আমাৰ সম্পৰ্কে জানে, আমি এই ট্ৰেক্টখন আপোনাৰ ওচৰত এৰি যাব বিচাৰো যিটোৱে আপোনাক আমি কোন আৰু আমাৰ বিশ্বাস কি তাৰ বিষয়ে জানিবলৈ সহায় কৰিব।” সেই ট্ৰেক্টখনৰ পৰা আপুনি এটা বিশেষ বিষয়ক উল্লেখ কৰিব পাৰে বা বহলভাৱে বৰ্ণনা কৰিবলৈ পুনৰ সাক্ষ্যাতৰ বাবে নিযুক্তি লব পাৰে।
এক শান্তিপূৰ্ণ নতুন জগতত জীৱন
অভিবাদন জনোৱাৰ পাছত আপুনি কবলৈ ইচ্ছুক হব: “আজি আমি এই এলেকাত থকা সকলো লোকক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছো আৰু আপোনাক ঘৰত পাই সুখী হৈছো। আমাৰ ওচৰত এটা প্ৰশ্ন আছে আৰু আপোনাৰ পৰা ইয়াৰ অভিমত জানিবলৈ পালে সুখী হম। ভাৰতত, বহুতো লোকে বিভিন্ন ঈশ্বৰক উপাসনা কৰে, তথাপি তেওঁলোকে কয় যে এনে এজন সৰ্ব্বপ্ৰধান ব্যক্তি আছে যিজনে সকলো জীৱিত বস্তুক জীৱন শক্তি দিয়ে। আপুনিও সেইদৰে ভাবেনে?” [উত্তৰ বাবে ৰওঁক] তাৰ পাছত আপুনি কব পাৰে, “পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুৰ সৃষ্টি কৰাৰ প্ৰতি সেই সৰ্ব্বপ্ৰধান ব্যক্তিজনৰ উদ্দেশ্য কি বুলি আপুনি ভাবে?” এই প্ৰশ্নই আপোনাক ট্ৰেক্টখনত থকা বিষয়টোক আলোচনা কৰিবলৈ আৰু চাবলৈ পৰিচালিত কৰিব পাৰে যে পৃথিৱীখন মানুহৰ বাবে আৰু মানুহক পৃথিৱীৰ বাবে সৃষ্টি কৰা হৈছিল যʼত চিৰকালে জীয়াই থকা আশা আছিল। আৰম্ভণিৰ তিনিটা অনুচ্ছেদ পঢ়াৰ পাছত পুনৰ সাক্ষ্যাত কৰি এই আলোচনাক চলাই নিবলৈ নিৰ্দ্দিষ্ট ব্যৱস্থা কৰক।
মৃত আপোনজনাৰ বাবে কি আশা?
এটা পৰামৰ্শ এইদৰে হব পাৰে: “যিহেতু আমি সকলো স্বীকাৰ কৰোঁ যে মৃত্যু এনে এটা সত্য যিটো সকলোৱে সন্মূখীন হব লাগে আপুনি ভাবেনে যে এইটো প্ৰকৃতিকৰূপে হয়?” [উত্তৰ বাবে ৰওঁক] তাৰ পাছত আপুনি কব পাৰে, “প্ৰকৃততে, আমাৰ কোনোৱে মৃত্যু হোৱাটো নিবিচাৰো। লোকসকলে মাত্ৰ মৃত ব্যক্তিসকলৰ বাবে শোক প্ৰকাশ নকৰে কিন্তু আশা কৰে যে তেওঁলোক কোনোবা স্থানত জীৱিত আছে। এই বিষয়ে বহুতো শিক্ষা আছে। আপোনজনৰ মৃত হোৱাৰ পাছত পুনৰ দেখি পোৱাটো সম্ভৱ বুলি আপুনি কেতিয়াবা চিন্তা কৰিছেনে? তাৰ পাছত তেওঁলোকক ২ পৃষ্ঠাত থকা ১-৩ অনুচ্ছেদবোৰ দেখুৱাক। পুনৰুত্থানৰ আশাৰ বিষয়ে বৰ্ণনা কৰি সমাপ্তি কৰক। পুনৰুত্থানৰ আশাৰ বিষয়ে আলোচনা কৰিব বাবে সাক্ষ্যাত কৰিবলৈ আয়োজন কৰক।
পোনপটীয়াৰূপে, বিনামূল্যে গৃহ বাইবেল অধ্যয়ন আগবঢ়াবলৈ আপুনি বাচঁনি কৰিব পাৰে আৰু যিকোনো ট্ৰেক্টৰ ব্যৱহাৰ কৰি ইয়াক প্ৰদৰ্শন কৰিব পাৰে।
জীৱনৰক্ষক বিষয়ে কথা-বতৰা
১১ নিঃসন্দেহ এই অভিযানে বহুতকে জীৱনৰ পথত চলিবলৈ সহায় কৰিব। লোকসকলৰ সৈতে আকৰ্ষিত বিষয়ে কথা-বতৰাৰ দ্বাৰা আনন্দ প্ৰাপ্ত কৰিবলৈ আমাৰ ওচৰত সুযোগ আছে। আমাৰ সকলোৱে মনত ৰখা আৱশ্যক যে তেওঁলোক গৃহস্থ। কিন্তু আমি তেওঁলোকৰ বাবে সম্পূৰ্ণৰূপে অপৰিচিত ব্যক্তি। সেইবাবে আমি মনত ৰখা উচিত যে আমি তেওঁলোকক কি কওঁ আৰু কি আগবঢ়াওঁ। সেইবাবে আমাৰ পাতনিৰ ওপৰত সাৱধানেৰে মনোযোগ দিয়া উচিত আৰু মাত্ৰ সেই এলেকাত থকা পৰিস্থিতিৰ নকয় কিন্তু তাত থকা পৰিস্থিতিবোৰত কেনেকৈ কাৰ্য্যকাৰী হব পাৰে তাৰ বিষয়েও মনত ৰখা উচিত। উদাহৰণস্বৰূপে, আমাৰ কথা-বতৰা আৰু আচৰণৰ দ্বাৰা আমি এইটো দেখুৱামনে যে আমি খ্ৰীষ্টীয়জগতৰ লোকৰ পৰা কোনো পৃথক নহওঁ বা আমি এইটো দেখুৱাম যে যিহোৱাৰ সাক্ষীৰূপে তেওঁলোকৰ পৰা পৃথক? আমাৰ প্ৰস্তুতিয়ে এইটো দেখুৱাই নে যে আমি এটা ৰাজনৈতিক দল বা আন দলৰ প্ৰতি পক্ষপাতী? বা লোকসকলে স্পষ্টৰূপে দেখা পাই নে যে আমি দৃঢ়ভাৱে নিৰপেক্ষ আৰু যিহোৱাই শাসন কৰিবলৈ অনুমতি দিয়া উচ্চ অধিকাৰৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো বিষয়তে অধীনতা দেখুৱাওঁ?
১২ গোটেই বিশ্বজুৰি, যিহোৱাৰ সাক্ষীসকলক বাইবেলৰ উপদেশক মানি চলা, সাধুতা, কঠোৰ পৰিশ্ৰমী, আৰু উচ্চ নৈতিক মানদণ্ড বজাই ৰাখোঁতা হিচাবে জনা যায়। মাজে সময়ে, ভুল বুজাবুজিৰ বাবে, কিছুমানলোকে সেইসময়ৰ লোকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি মিছাকৈ অভিযোগ দিয়ে। সেই ভুল চিন্তা-ধাৰাক ঠিক কৰিবলৈ, আমি উপযোগী কথোপকথন, নম্ৰ আৰু কৌশলপূৰ্ণ হোৱা আৱশ্যক যিদৰে প্ৰথম শতাব্দীৰ লোকসকলৰ সৈতে কথা-বতৰা হওঁতে যীচুৱে তেওঁৰ আচৰণক প্ৰদৰ্শন কৰি দেখুৱাইছিল। এই মাহত লোকসকলৰ সৈতে কথা-বতৰা হওঁতে ট্ৰেক্ট ব্যৱহাৰ কৰাৰ দ্বাৰা আমি সেই ভুল ধাৰণাবোৰক দূৰ কৰাত সহায় কৰিব পাৰোঁ।