ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/৯৯ পৃষ্ঠা ১
  • কোনে বাইবেল অধ্যয়ন গ্ৰহণ কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কোনে বাইবেল অধ্যয়ন গ্ৰহণ কৰিব?
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/৯৯ পৃষ্ঠা ১

কোনে বাইবেল অধ্যয়ন গ্ৰহণ কৰিব?

১ ভৱিষ্যতবক্তা আমোচে কৈছিল যে ইস্ৰায়েলৰ দেশত আকাল হʼব, “অন্ন কি পানীৰ আকাল নহয়, কিন্তু যিহোৱাৰ বাক্য শুনাৰ আকাল ঘটাম, সেই দিন আহিছে।” (আমোচ ৮:১১) যিসকলে আধ্যাত্মিক ভোকাতুৰ অৱস্থাত আছে তেওঁলোকৰ লাভৰ অৰ্থে যিহোৱাৰ সংগঠনে প্ৰচুৰমাত্ৰাত বাইবেল সাহিত্য বিতৰণ কৰি আছে।

২ সেইবাবে আমি ৭ কোটি খন জ্ঞান কিতাপ আৰু ৯.১ কোটি খন বিচাৰে ব্ৰচাৰ ছপা কৰিলোঁ। সত্য শিকাবলৈ আমি এই আলোচনীবোৰক সৰল আৰু কাৰ্য্যকাৰীৰূপে প্ৰস্তুত কৰিছোঁ। যিহেতু আমাৰ প্ৰকাশন লোৱা অধিক সংখ্যক লোকে আমাৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰা নাই। ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ?

৩ প্ৰত্যেকখন আলোচনীৰ বিতৰণ কৰা অৰ্থ হৈছে এটা অধ্যয়ন আৰম্ভ কৰা! এজন প্ৰচাৰকৰ অনুভৱৰ বিষয়ে বিবেচনা কৰক, যিজনে প্ৰথম সাক্ষ্যাতত এগৰাকী মহিলাৰ ঘৰত শুভবাৰ্ত্তা প্ৰচাৰ কৰি তেওঁৰ সৈতে অধ্যয়ন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তাই ততালিকে সেই প্ৰস্তাৱ স্বীকাৰ কৰে। পাছলৈ সেই মহিলা গৰাকীয়ে এইদৰে কয়, “আপুনিয়ে প্ৰথম ব্যক্তি যিজনে মোক বাইবেল অধ্যয়ন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।” আপোনাৰ এলেকাত যিসকলে ইতিমধ্যে আলোচনী স্বীকাৰ কৰিছে, তেওঁলোকৰ কিমানক তেনেদৰে কোৱা শুনিছে? প্ৰত্যেক বিতৰণৰ দ্বাৰা পুনৰ সাক্ষাৎ আৰু গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সুযোগ পোৱা যায়।

৪ যিহেতু ইতিমধ্যে যিসকলে আমাৰ আলোচনী স্বীকাৰ কৰিছে, তেনেলোকৰ শিকাৰ হেপাঁহক আমাৰ আলোচনীত থকা বিষয়বিলাকৰ দ্বাৰা তেওঁলোকৰ ইচ্ছাক জগাই তুলিবলৈ আমি কেনেকৈ উৎসাহিত কৰিব পাৰোঁ? এগৰাকী সাক্ষী ভনীয়ে এজন গৃহস্থক পোনপটীয়াকৈ কৈছিল, বাইবেলৰ সম্পৰ্কে কোনো প্ৰশ্ন আছেনে? তেতিয়া গৃহস্থই ভনীজনীক কৈছিল “মোৰ কোনো প্ৰশ্ন নাই।” ভনীগৰাকীয়ে পুনৰ কলে, “নিশ্চয়ে আপোনাৰ কিছু প্ৰশ্ন আছে।” তেতিয়া সেই গৃহস্থ মহিলাগৰাকীয়ে প্ৰশ্ন কৰিলে আৰু এটা বাইবেল অধ্যয়ন আৰম্ভ হʼল। গৃহস্থই কৰা প্ৰশ্ন বা বিষয়টোৰ ওপৰত বাইবেলৰ দৃষ্টিভঙ্গী কি তাক জনাবলৈ কিয় তেওঁ লোকক প্ৰশ্ন নকৰে? তেওঁ লোকৰ ইচ্ছুকতা জগাই তুলিবলৈ তেওঁলোকে কৰা প্ৰশ্নৰ বাবে নিজকে তৈয়াৰ কৰক। এইধৰণৰ আলোচনাই ব্যতিক্ৰম নোহোৱাকৈ বাইবেল সত্য শিকাবলৈ অধ্যয়নৰ বাট মুকলি কৰিব।

৫ বাইবেল অধ্যয়নেই হৈছে আমাৰ পৰিচৰ্য্যাৰ মুখ্য অংশ। যিহেতু আমি নাজানো যে কোন ব্যক্তি অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেইবাবে যিসকলক সাক্ষ্যাৎ কৰে তেওঁলোকক আলোচনী দিবলৈ সঙ্কোচ নকৰিব। এই বিষয়টোক মনত ৰাখি যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু আপোনাৰ প্ৰাৰ্থনাৰ সামঞ্জস্য ৰাখি একেৰাহে কাৰ্য্য কৰক। অতি সোনকালে আপুনি তেনেলোকক বিচাৰি পাব যিসকলে অধ্যয়ন স্বীকাৰ কৰে!—১ যোহন ৫:১৪, ১৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক