নবেম্বৰ মাহৰ বাবে পৰিচৰ্য্যা সভা
নবেম্বৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৬
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। “বাইবেলৰ প্ৰভাৱক লক্ষ্য কৰক!”
১৫ মি: “প্ৰচাৰ কাৰ্য্যই আমাক পৃথক কৰে।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টো পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। জ্ঞান কিতাপখনৰ ১৭৩ পৃষ্ঠা, অনুচ্ছেদ ৮ ব্যৱহাৰ কৰি, পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈ কাৰ্য্যকাৰী হবলৈ এজন বাইবেল বিদ্যাৰ্থীক উৎসাহিত কৰিবলৈ আমি কি কৰিব পাৰো তাৰ বিষয়ে চমূকৈ বৰ্ণনা কৰক।
২০ মি: “কোনে বাইবেল অধ্যয়ন গ্ৰহণ কৰিব?” ভাষণ আৰু উপস্থাপন। ৪ অনুচ্ছেদৰ সৈতে সামঞ্জস্য ৰাখি, আমাৰ প্ৰকাশনবোৰত কি আছে তাক শিকিবৰ বাবে আগ্ৰহ উৎপন্ন কৰা বহু পদ্ধতিবোৰৰ বিষয়ে পৰামৰ্শ আগবঢ়াওঁক। কেনেকৈ ইয়াক কৃতকাৰ্য্য কৰিব পাৰি তাৰে দুটা চমু উপস্থাপনৰ সৈতে প্ৰস্তুত কৰক। কেনেকৈ শ্ৰোতাসকলে অধ্যয়ন আৰম্ভ কৰিবলৈ সফলতা পোৱাৰ সম্পৰ্কে কবলৈ তেওঁলোকক আমন্ত্ৰণ জনাওঁক।
গীত ১৯৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৪
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। নবেম্বৰ অন্তপত্ৰৰ প্ৰথম ১৮ টা অনুচ্ছেদ অহা সপ্তাহৰ বাবে তৈয়াৰ কৰি আহিবলৈ ভাই-ভনীসকলক সোঁৱৰাই দিয়ক।
১৫ মি: প্ৰশ্ন বক্স। এক ভাষণ। ৰাজ্যগৃহক পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰাখিবলৈ স্থানীয় আয়োজনৰ পৰিলেখ দিয়ক।
২০ মি: “এজন যিহূদী ব্যক্তিক আপুনি কি কব?” প্ৰশ্ন আৰু উত্তৰ। অৰ্থডক্স, নতুন সংস্কাৰ আৰু ৰক্ষণশীল যিহূদী ধৰ্মৰ মাজত থকা পাৰ্থক্যতাক বৰ্ণনা কৰক। (মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী), পৃষ্ঠা ২২৬-৭ চাওঁক।) এজন যিহূদী ব্যক্তিৰ সৈতে সহজতে কথা-বতৰা আৰম্ভ কৰিবলৈ সেই পদ্ধতিবিলাকক উল্লেখ কৰক। ভালদৰে তৈয়াৰ কৰা এটা উপস্থাপন প্ৰস্তুত কৰক। অতিৰিক্ত সূচনাৰ বাবে ফেব্ৰুৱাৰী ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰ, বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি পুস্তিকাৰ পৃষ্ঠা ১৪-৫, আৰু মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী) অধ্যায় ৯ চাওঁক।
গীত ২০৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১১
৮ মি: স্থানীয় ঘোষণাসমূহ।
২৫ মি:“ইন্টাৰনেটৰ ব্যৱহাৰ—ইয়াৰ পৰা অহা বিপদৰ প্ৰতি সতৰ্ক হওঁক!” অনুচ্ছেদ ১-১৮ লৈকে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। অনুচ্ছেদ ৪-৭, ১২, ১৬, ১৭ পঢ়ক। অহা সপ্তাহৰ আলোচনাৰ ১৯-৩৬ অনুচ্ছেদ লৈকে তৈয়াৰ কৰি আহিবলৈ সকলোকে উৎসাহিত কৰক।
১২ মি: পিতৃ-মাতৃসকল—আপোনালোকে পৰিয়াল অধ্যয়ন নিয়মীয়াকৈ পৰিচালনা কৰেনে? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। বৰ্ণনা কৰক যে কিয় একেলগে অধ্যয়ন কৰা আৱশ্যক। (স্কুল নিৰ্দেশনা পুস্তক (ইংৰাজী) পৃষ্ঠা ৩৭-৮ চাওঁক।) উল্লেখিত প্ৰতিবন্ধকবোৰক উল্লেখ কৰক: (১) অনুভৱ কৰে যে লাভৱান হবলৈ লৰা-ছোৱালীবোৰ নিচেই সৰু, (২) ভাৱে যে মণ্ডলীৰ সভাবোৰত উপস্থিত হোৱাটোৱে যথেষ্ঠ, (৩) ব্যস্ত তালিকাৰ বাবে ভাগৰি যোৱা, আৰু (৪) অতিৰিক্ত দূৰদৰ্শন চোৱাৰ দ্বাৰা অন্যমনস্ক হোৱা। (মে ১৫, ১৯৯৪, প্ৰহৰীদূৰ্গ, পৃষ্ঠা ১১-১২ চাওঁক।) পৰিয়ালৰ মূখীয়ালসকলক আমন্ত্ৰণ জনাই কবলৈ কওঁক যে পৰিয়ালৰ অধ্যয়নৰ ভাল তালিকা বজাই ৰাখোঁতে অহা বাধাবোৰত তেওঁলোকে কেনেকৈ জয়ী হৈছে। গুৰুত্ব দি কওঁক যে ইয়াৰ বাবে কিয় চেষ্টা, দৃঢ়সংকল্প আৰু সহযোগিতাৰ আৱশ্যক।
গীত ২১৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৮
১০ মি: স্থানীয় ঘোষণাসমূহ আৰু প্ৰচাৰ ক্ষেত্ৰত হোৱা অনুভৱ সম্পৰ্কে কওঁক।
১০ মি: কাৰ্য্য-নিযুক্তিৰ প্ৰতি আপোনাৰ মনোবৃত্তি কি? এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। মণ্ডলীক কাৰ্য্যকাৰী কৰিবলৈ নিৰ্দ্দিষ্ট কৰ্ম্মভাৰৰ লিস্টৰ আৱশ্যকতা আছে: কাৰ্য্যক্ৰমৰ কাৰ্য্য-নিযুক্তিক তৈয়াৰী কৰা; সভাবোৰত আনক নিজৰ লগত লৈ অহা বা পৰিচৰ্য্যা কাৰ্য্যৰ বাবে নিজৰ লগত লৈ যোৱা; বয়সস্থ লোকসকলক সহায় কৰা; আৰু ৰাজ্যগৃহক পৰিস্কাৰ, মেৰামতি কৰা আৰু চোৱাচিতা কৰা। সহায়ৰ বাবে যেতিয়া আপোনাক সোধা হয় আপুনি কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱায়? কিছুমানে হয়তো অস্বীকাৰ কৰে, কিছুমানে হয়তো অনিচ্ছাপূৰ্ব্বক গ্ৰহণ কৰে, বা কিছুমানে যিদৰে সম্পন্ন কৰিব লাগে তাক অনুকৰণ কৰিবলৈ অক্ষম হয়। আলোচনা কৰক যে কাৰ্য্য-নিযুক্তিক গ্ৰহণ কৰা আৰু তাক সম্পন্ন কৰাটো কিয় এক আনন্দদায়ক বিশেষ অধিকাৰ। মণ্ডলীৰ সকলোকে এক ইচ্ছাকৃত স্বেচ্ছা-আত্মা প্ৰদৰ্শিত কৰিবলৈ উৎসাহিত কৰক।—গীত. ১১০:৩; যিচ. ৬:৮.
২৫ মি: “ইন্টাৰনেটৰ ব্যৱহাৰ—ইয়াৰ পৰা অহা বিপদৰ প্ৰতি সতৰ্ক হওঁক!” অনুচ্ছেদ ১৯-৩৬ লৈকে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। অনুচ্ছেদ ২৩-৫ আৰু ৩৪-৬ পঢ়ক।
গীত ২২৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৫
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে নবেম্বৰ মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাওঁক।
১৫ মি: নতুন ব্যক্তিসকলক সভাবোৰত উপস্থিত থাকিবলৈ উৎসাহিত কৰক। যিহোৱাৰ সাক্ষীসকলে—গোটেই বিশ্বত ঐক্যতাবদ্ধৰূপে ঈশ্বৰৰ ইচ্ছাক সম্পূৰ্ণ কৰে ব্ৰচাৰখনৰ ১৪-১৫ পৃষ্ঠাৰ ওপৰত আধাৰিত এজন প্ৰাচীন আৰু দুজন সহায়ক সেৱকৰ মাজত আলোচনা। নতুন ব্যক্তিসকলে সভাবোৰত উপস্থিত হোৱাটো কিয় গুৰুত্বপূৰ্ণ তাৰ বিষয়ে পুনৰ আলোচনা কৰক। তাত তেওঁলোকে অধিকৈ পৰামৰ্শ, উৎসাহ আৰু সহায় পাব। সপ্তাহৰ পাচঁখন সভাৰ বিষয়ে পুনৰ আলোচনা কৰক আৰু প্ৰত্যেক সভাৰ পৰা পোৱা লাভৱানৰ বিষয়ে বৰ্ণনা কৰক। আলোচনা কৰক যে কেনেকৈ সভাবোৰে ঐশ্বৰিক আচৰণ বৃদ্ধি কৰে, আধ্যাত্মিকতাত উন্নতি কৰে, সংগঠনলৈ আকৰ্ষণ কৰে, ভাইসকলৰ সৈতে আন্তৰিকতা গঢ়ি তুলিবলৈ সহায় কৰে, আৰু আমাৰ পৰিচৰ্য্যাৰ উদ্দেশ্যক বুজি পাবলৈ আমাক সহায় কৰে। ব্ৰচাৰ ব্যৱহাৰ কৰি নতুন ব্যক্তিসকলক সভাবোৰত আমন্ত্ৰণ কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰক।
২০ মি: আমাৰ বাচঁনি—দ্যা নিউ ৰ্ৱল্ড ট্ৰান্চলেশ্ব্যান্। ভাষণ আৰু উপস্থাপন। সকলো জগতৰ ধৰ্ম্মীয় সংগঠনৰ মাজত, আমাৰ সংগঠন হৈছে অদ্বিতীয় যʼত আমি বাইবেলৰ অনুবাদ প্ৰকাশ কৰো, ব্যৱহাৰ কৰো আৰু বিতৰণ কৰো যিটো যিহোৱাৰ অভিষিক্ত উপাসকসকলৰ দ্বাৰা যুগুত কৰা হৈছে। এইটো নহয় যে আমি ব্যৱসায়ীৰূপে লাভ কৰাটো বিচাৰো বা সাম্প্ৰদায়িক বিশ্বাসক বিস্তৃত কৰিব বিচাৰো। তাৰ পৰিবৰ্ত্তে, ঈশ্বৰৰ নামক সন্মান কৰা বাঞ্ছা আৰু তেওঁৰ বিষয়ে আনক ভালদৰে জনাবলৈ আমি লোকসকলক সহায় কৰিবলৈ প্ৰেৰিত হওঁ। অন্য অনুবাদবোৰত ঈশ্বৰৰ বাক্যক এনেদৰে ভাষান্তৰ কৰা হৈছে যাৰ ভাষা বুজিবলৈ কঠিন, সেইবাবে দ্যা নিউ ৰ্ৱল্ড ট্ৰান্চলেশ্ব্যান্-ৰ লাভৱানৰ বৈশিষ্ট্যতাক পুনৰ আলোচনা কৰক। (“সকলো শাস্ত্ৰ” (ইংৰাজী) কিতাপখনৰ পৃষ্ঠা ৩২৭-৩১ চাওঁক। ৩ অনুচ্ছেদৰ মন্তব্যবোৰ লক্ষ্য কৰক, ৬ অনুচ্ছেদত সংশোধনৰ বিষয়ে বাখ্যা কৰা উদাহৰণবোৰক আঙুলিয়াই দেখুৱাক, আৰু অনুচ্ছেদ ২২-৩-ত থকা লাভবোৰৰ বিষয়ে উল্লেখ কৰক।) চমূকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক যʼত পৰামৰ্শ দিয়া হব যে আমি কেনেকৈ প্ৰতুত্তৰ দিব পাৰো যেতিয়া কোনো ব্যক্তিয়ে কয়, “আপোনাৰ ওচৰত নিজা বাইবেল আছে।”—ৰীজনিং কিতাপ (ইংৰাজী) পৃষ্ঠা ২৭৯-৮০ চাওঁক।
গীত ২০৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।