ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৫ পৃষ্ঠা ৮
  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৫ পৃষ্ঠা ৮

বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক

১ এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়লৈ লিখা পত্ৰখনত এইদৰে কৈছিল: “মই ১৯৬৫ চনৰ পৰাই আপোনালোকৰ সাহিত্যবোৰ পঢ়ি আহিছোঁ। মই সাহিত্যবোৰ পঢ়াৰ সময়ত বাইবেলখন প্ৰয়োগ কৰোঁ আৰু ইয়াত পঢ়িবলৈ পোৱা সকলোবোৰ কথা বাইবেল আধাৰিত। মই সদায়ে ঈশ্বৰ আৰু যীচুৰ সম্বন্ধে থকা সত্যতাক জানিবলৈ বিচাৰিছিলোঁ। কিন্তু আজি মই সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে মোৰ মনত থকা প্ৰশ্নবোৰৰ সঠিক উত্তৰ আপোনালোকৰ সাহিত্যবোৰ আৰু বাইবেলৰ দ্বাৰা পালোঁ।” তদুপৰি সেই পত্ৰখনত ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।

২ আজি লাখ লাখ লোকে সেই ধন্যবাদ জ্ঞাপন কৰা ব্যক্তি জনৰ দৰে ‘বিশ্বাসী বুদ্ধিমান দাসে’ প্ৰবন্ধ কৰা সাহিত্যবোৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাইছে। (মথি ২৪:⁠৪৫) প্ৰত্যেক বছৰে অধিকমাত্ৰাত সাহিত্যবোৰ ছপা কৰোৱা হৈছে, যাতে নম্ৰ মনৰ লোকসকলে “সত্যৰ জ্ঞান” পাবলৈ সক্ষম হয়। (১ তীম. ২:⁠৪) এতিয়া আমি কেনেকৈ বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰিব পাৰোঁ?

৩ অপব্যয় কৰাৰ পৰা আঁতৰি থাকক: সময় অনুযায়ী আমি আৱশ্যকতাতকৈ অধিক সংগ্ৰহ কৰা সাহিত্যবোৰ অপব্যয় হʼব পাৰে। আমাৰ মূল্যৱান সাহিত্যবোৰ অপব্যয় হোৱাৰ পৰা আঁতৰি থাকিবলৈ আমি কি কৰিব পাৰোঁ? ইয়াৰ বাবে আমাক প্ৰচাৰ কাৰ্য্যৰ বাবে কিমান সাহিত্যৰ আৱশ্যক, সেই বিষয়ে সুবিবেচক হোৱা উচিত। আমি বিতৰণ কৰিবলৈ অধিককৈ সাহিত্যবোৰ লোৱাৰ পৰিৱৰ্তে এটা বা দুটা কপি সংগ্ৰহ কৰা উচিত। যদি বিতৰণ কৰিবলৈ অধিক কপিৰ আৱশ্যক তেন্তে পুনৰাই সংগ্ৰহ কৰিব পাৰোঁ। এনে কৰাৰ দ্বাৰা আমি সাহিত্যবোৰ অপব্যয় হোৱাৰ পৰা সজাগে থাকিব পাৰিম। সেইদৰে যদি আমাৰ ওচৰত অনেক সাহিত্যবোৰ জমা হৈ আছে, তেন্তে কম মাত্ৰাত আৱেদন কৰাটো উচিত হʼব।

৪ অতিৰিক্ত সাহিত্যবোৰ: যদি মণ্ডলীৰ ওচৰত অতিৰিক্ত সাহিত্যবোৰ জমা হৈ আছে, তেন্তে সাহিত্য কৰডিনেটৰে অন্য মণ্ডলীবোৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ আৱশ্যকতাৰ বিষয়ে সুধিব পাৰে। প্ৰচাৰকসকলে তেওঁলোকৰ ওচৰত থকা পুৰণি সাহিত্যবোৰ সত্যত নথকা পৰিয়ালৰ সদস্য, বাইবেল বিদ্যাৰ্থী আৰু আন লোকসকলক বিতৰণ কৰিব পাৰে। হয়তো তেনে সাহিত্যবোৰ নতুনকৈ সত্যত অহা লোকসকলে তেওঁলোকৰ ব্যক্তিগত লাইব্ৰেৰীৰ বাবে ব্যৱহাৰ কৰিবলৈ পাই কৃতজ্ঞ হʼব।

৫ আমি সাহিত্যবোৰ বিতৰণ কৰাৰ অৰ্থ হৈছে যে নম্ৰ লোকসকলে যাতে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে বুজি পায়। যিদৰে যীচুৱে অলৌকিকভাৱে লোকসমূহলৈ আহাৰ প্ৰবন্ধ কৰাৰ পিছত বাকী থকাখিনি অপব্যয় কৰা নাছিল, সেইদৰে আমাৰ ওচৰত থকা বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে ব্যৱহাৰ কৰিবলৈ লক্ষ্য ৰাখা উচিত। (যোহ. ৬:⁠১১-⁠১৩) যদি জীৱন-ৰক্ষক বাৰ্ত্তাৰ সাহিত্যবোৰ এনেই আমাৰ শেল্ফ্‌ বা বেগত সোমাই থাকে, তেন্তে সেইবোৰে কেতিয়াও নম্ৰ মনৰ ব্যক্তিসকলক প্ৰণোদিত কৰিব নোৱাৰিব। গতিকে আমি প্ৰচাৰ কাৰ্য্যৰ বাবে আৱশ্যক হোৱা সাহিত্যবোৰহে লোৱা আৰু উচিতমতে ব্যৱহাৰ কৰা উচিত।​—⁠ফিলি. ৪:⁠৫.

[Study Questions]

১, ২. বহুতো লোকে আমাৰ সাহিত্যবোৰৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱায় আৰু এই সম্বন্ধে কেনে প্ৰশ্ন উত্থাপন হৈছে?

৩. সাহিত্যবোৰ অপব্যয় হোৱাৰ পৰা আমি কেনেকৈ সজাগে থাকিব পাৰোঁ?

৪. যদি মণ্ডলীৰ ওচৰত অতিৰিক্ত সাহিত্যবোৰ জমা হৈ আছে, তেন্তে কি কৰিব পাৰি?

৫. আমি বাইবেল আধাৰিত সাহিত্যবোৰৰ প্ৰতি কেনেকৈ মূল্যাঙ্কন দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক