ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা
১ কিছুমান প্ৰধান চহৰত এটা ভাষাত সভা পৰিচালনা কৰি অধিক সুফল পোৱা গৈছে। যিসকলে স্থানীয় ভাষাৰ উপৰিও আন ভাষা বুজি পাই তেওঁলোকক ওচৰত অৱস্থিত থকা মণ্ডলীবোৰলৈ যাবলৈ নিৰ্দ্দেশনা দিয়া হৈছে, যাতে তেওঁলোকে ভালদৰে বুজি পোৱা ভাষাত পৰিচালিত হোৱা সভাত উপস্থিত হৈ অধিক লাভৱান হʼব পাৰে। কিন্তু ভিন্ন ভাষা কোৱা প্ৰচাৰ এলেকাবোৰত প্ৰকাশনসমূহ বিতৰণ কৰাৰ সম্পৰ্কে কেনে ব্যৱস্থা কৰা হৈছে?
২ কেতিয়া প্ৰকাশন দিব পাৰি: যেতিয়া এনেধৰণৰ আৱশ্যক হয় তেতিয়া ভিন্ন ভাষা কোৱা দুটা বা তাতকৈ অধিক মণ্ডলীয়ে সেই এলেকাত নিয়মিতৰূপে কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰা উচিত। প্ৰাচীন গোষ্ঠীয়ে সেৱা অধ্যক্ষৰ জৰিয়তে এটা সমূহীয়া ব্যৱস্থা কৰিব যাতে প্ৰত্যেকটো ভাষাত সম্পূৰ্ণকৈ সাক্ষী দিব পাৰে। ঘৰে ঘৰে প্ৰচাৰ কৰা সময়ত প্ৰকাশকসকলে সাধাৰণতে আন মণ্ডলীৰ ভাষাৰ প্ৰকাশন বিতৰণ নকৰে। যদি তেওঁলোকে তেনে কৰে তেন্তে প্ৰকাশন লোৱা ব্যক্তিজনৰ নাম আৰু ঠিকনা লিখি উপযুক্ত মণ্ডলীক দিয়া আৱশ্যক। সেৱা অধ্যক্ষই সেই ভাষা কোৱা গৃহস্থজনৰ নাম এলেকাৰ নিযুক্তি পত্ৰত স্পষ্টকৈ টোকি ৰাখিব, যাতে ভৱিষ্যতে কেৱল সেই ব্যক্তিজনৰ ভাষা কোৱা মণ্ডলীৰ সমূহে তেওঁক সাক্ষাৎ কৰে।
৩ প্ৰত্যেকখন মণ্ডলীয়ে নিয়মিতৰূপে আৰু সম্পূৰ্ণকৈ প্ৰচাৰ এলেকাত থকা এটা ঘৰো বাদ নপৰাকৈ প্ৰচাৰ কৰিবলৈ ভালদৰে সংগঠিত কৰা আৱশ্যক। সকলো প্ৰকাশকে কেৱল তেওঁলোকৰ ভাষা কোৱা গৃহস্থৰ প্ৰতি অধিক মনোযোগ দিয়া উচিত। তদুপৰি প্ৰকাশকসকলে সম্পূৰ্ণ ঠিকনাৰ সৈতে তেওঁলোকে ঘৰে-ঘৰে লগ পোৱা গৃহস্থৰ ৰেকৰ্ড ৰখাটোও অধিক সহায়ক হʼব। ইয়াৰ বাবে S-8 পত্ৰখনত নিৰ্দ্দেশনা দিয়াৰ অনুসাৰে ব্যৱহাৰ কৰক আৰু ভাষাৰ সকলো সংবাদ বিনাপলমে সেৱা অধ্যক্ষক জনোৱা উচিত। যি ঠাইত গৃহস্থই দুটা বা তিনিটা ভাষা স্পষ্টকৈ কʼব পাৰে তেনেস্থলত তেওঁক কোনটো মণ্ডলীক চমজাই দিয়াটো উত্তম হʼব সেই বিষয়ে নিৰ্ণয় লোৱাত বিবেচনাশীল হোৱা আৱশ্যক। ইয়াৰ উপৰিও লোকসকলে সঘনাই নিজৰ ঘৰ সলনি কৰা ঠিকনাৰ শেহতীয়া কথা ৰেকৰ্ড পত্ৰখনত অন্তৰ্ভুক্ত কৰা আৱশ্যক।
৪ মণ্ডলীৰ ষ্টকত প্ৰকাশনসমূহ উপলব্ধ ৰখা: নিয়ম অনুসাৰে মণ্ডলীৰ ষ্টকত স্থানীয় ঠাইত কোৱা অন্য ভাষাৰ প্ৰকাশনসমূহ আৱশ্যকতকৈ অধিক ৰখা উচিত নহয়। কিয়নো সেই এলেকাত ইতিমধ্যেই স্থানীয় ভাষা কোৱা মণ্ডলীয়ে কাৰ্য্য কৰিছে। যদি সেই এলেকাত আন ভাষা কোৱা সীমিত সংখ্যাত লোক আছে আৰু তেওঁলোকৰ ভাষা কোৱা মণ্ডলী নাই তেনেহʼলে কি কৰিব পাৰি? তেনে পৰিস্থিতিত মণ্ডলীয়ে সীমিত সংখ্যাত সেই ভাষাৰ ট্ৰেক্ট, বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপ ৰাখিব পাৰে। প্ৰকাশকসকলে যেতিয়াই তেনে ভাষা কোৱা লোকসকলক লগ পাই তেওঁলোকক পঢ়িবলৈ সেই প্ৰকাশনসমূহ দিব পাৰে।
৫ যদি আগ্ৰহী লোকসকলে পঢ়িবলৈ মণ্ডলীৰ ওচৰত আলোচনী বা প্ৰকাশন নাই তেনেহʼলে তেওঁলোকে কেনেকৈ তাক লাভ কৰিব পাৰে? প্ৰকাশকসকলে সাহিত্য চোৱা-চিতা কৰা ভাইজনক সেই ভাষাত কোনবোৰ প্ৰকাশন উপলব্ধ আছে সেই বিষয়ে সুধিব পাৰে আৰু প্ৰকাশকজনে নিৰ্ণয় কৰি তেওঁক আৱশ্যক হোৱা অনুসাৰে আগন্তুক মণ্ডলীৰ সাহিত্য নিৱেদনৰ সৈতে তেওঁৰ আৱেদন পঠোৱা আৱশ্যক।
৬ এতেকে আঁহক আমি সকলোৱে লোকসকলক তেওঁলোকৰ ভাষা কোৱা ‘সকলো মানুহক’ আমাৰ খ্ৰীষ্টান প্ৰকাশনসমূহ উপযুক্তৰূপে দি “পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান” লাভ কৰাত সহায় কৰোঁহঁক।—১ তীম. ২:৩, ৪.
[Study Questions]
১. যিসকলে নিজৰ ভাষাৰ উপৰিও আন ভাষা বুজি পায় তেওঁলোকে স্থানীয় লোকসকলক কেনেকৈ সহায় কৰিব পাৰে?
২. যেতিয়া দুটা বা তাতকৈ অধিক ভিন্ন ভাষা কোৱা মণ্ডলীয়ে একেটা এলেকাত প্ৰচাৰ কাৰ্য্য কৰে তেতিয়া কেনে সহযোগিতাৰ আৱশ্যক?
৩. ভিন্ন ভাষা কোৱা এলেকাত প্ৰচাৰ কাৰ্য্য কৰোঁতে প্ৰত্যেকজন প্ৰকাশকে কেনে সহায় আগবঢ়াব পাৰে?
৪. এখন মণ্ডলীয়ে কেতিয়া তেওঁলোকৰ নিজৰ ভাষাতকৈ আন ভাষাৰ প্ৰকাশনসমূহ ৰাখিব পাৰে?
৫. মণ্ডলীৰ ওচৰত যদি আৱশ্যক হোৱা প্ৰকাশন নাই তেনেহʼলে তেওঁলোকে তাক কেনেকৈ লাভ কৰিব পাৰে?
৬. খ্ৰীষ্টান প্ৰকাশনসমূহ দিওঁতে আমাৰ লক্ষ্য কি হোৱা উচিত?