ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০০ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুন ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুন ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুন ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০০ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

জুন ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৩৬

৮ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: “আপোনাৰ পৰিশ্ৰম ব্যৰ্থ নহয়।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। জুন ১৫, ১৯৯৬, প্ৰহৰীদুৰ্গ (ইংৰাজী) ৩২ পৃষ্ঠাত দিয়া অনুভৱৰ পৰা কিছুমান মন্তব্য কওঁক।

২২ মি: বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰক। অক্টোবৰ ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠাত আধাৰিত কৰি এক ভাষণ। ৬ অনুচ্ছেদত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি এটা উপস্থাপন প্ৰস্তুত কৰক। এজন বা দুজন প্ৰচাৰকক কবলৈ আমন্ত্ৰণ কৰক যে তেওঁলোকে কিদৰে বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ সফলতা লাভ কৰিছিল আৰু তেওঁলোকক কবলৈ কওঁক যে পাছলৈ কেনেকৈ অধ্যয়ন একেৰাহে চলাই যাব পাৰিছিল।

গীত ২০৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুন ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৪

১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট আৰু তিনিমহীয়া হিচাপ-লেখৰ অডিতৰ ঘোষণা। যদি মণ্ডলীসমূহৰ ষ্টকত যুৱক-যুৱতীসকলে কৰা প্ৰশ্ন বা আপোনাৰ ডেকা অৱস্থা নামৰ কিতাপখন আছে তেনেহʼলে এটা প্ৰদৰ্শনৰ দ্বাৰাই দেখুওঁৱাক যে কিশোৰ-কিশোৰীসকলে সেই কিতাপসমূহক আহিব লগীয়া মাহবোৰত প্ৰচাৰ কাৰ্য্যত আৰু নিজৰ ক্লাচত কেনেকৈ উচিতৰূপে ব্যৱহাৰ কৰিব পাৰি।

৮ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।

২৫ মি: “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?” সেৱা ওভাৰচিয়াৰৰ দ্বাৰা প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা। প্ৰত্যেক অনুচ্ছেদটো জোৰেৰে পঢ়ক আৰু ৩, ৪,আৰু ৭ অনুচ্ছেদত থকা শাস্ত্ৰপদবোৰো পঢ়ক। ৬ অনুচ্ছেদটো আলোচনা কৰা সময়ত, সেৱা ওভাৰচিয়াৰৰ এই ভূমিকাৰ বিষয়ে কওঁক যে যেতিয়া বাপ্তিষ্মা-প্ৰাপ্ত ভাই-ভনীসকলৰ সৈতে পুনৰ বাইবেল অধ্যয়ন কৰা বিষয়টো আহে সেই সময়ত তেওঁ কি কৰা আৱশ্যক বা কি নকৰা আৱশ্যক।—আমাৰ ৰাজ্য পৰিচৰ্য্যা নবেম্বৰ ১৯৯৮ চনৰ প্ৰশ্ন বক্সটো চাওঁক।

গীত ৮৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুন ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৯

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুন মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। জুলাই মাহত কি কি আলোচনী প্ৰচাৰ কাৰ্য্যত বিতৰণ কৰিব পাৰি তাৰ বিষয়ে পুনৰ আলোচনা কৰক। যদি স্থানীয় ভাষাত কোনো পুৰণি ব্ৰচাৰ উপলব্ধ আছে, তেনেহʼলে সেইবোৰৰ প্ৰত্যেকৰে উদ্দেশ্য আৰু বিষয়ৰ সম্পৰ্কে চমুকৈ আভাস দিয়ক। প্ৰচাৰ ক্ষেত্ৰত এই ব্ৰচাৰবোৰক কেনেকৈ দিব পাৰি তাৰ বাবে ভালদৰে তৈয়াৰ কৰি এটা উপস্থাপন প্ৰস্তুত কৰক।

১৮ মি: কেনেকৈ উত্তৰ দিব পাৰি তাৰ বিষয়ে জ্ঞান লওঁক। (কল. ৪: ৬) ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। যেতিয়া প্ৰচাৰ কাৰ্য্যত যদি কোনো ব্যক্তিয়ে অশাস্ত্ৰীয় বিষয়বোৰত প্ৰশ্ন কৰে, তেন্তে তেওঁক কেনেকৈ উত্তৰ দিব? এই বিষয়ে ৰিজনিং কিতাপত এনেধৰণৰ বহুতো ব্যৱহাৰিক পৰামৰ্শ দিয়া আছে যাৰ দ্বাৰাই এনে প্ৰশ্নবোৰৰ উত্তৰ সহজে আৰু বুদ্ধিমানেৰে দিব পাৰি। উদাহৰণস্বৰূপে, যিহেতু মৃত্যু হৈছে আমাৰ প্ৰধান শত্ৰু, আমি জানো যে যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰাই ইয়াক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হʼব। কিন্তু বহুতে এই কথা বিশ্বাস নকৰি কয় যে কোনেও মৃত্যুক আঁতৰাব নোৱাৰে। এনেধৰণৰ আলোচনাত আপুনি ৰিজনিং কিতাপৰ ১০৩-৪ পৃষ্ঠাত দিয়া “যদি কোনোৱে কয়—” আৰু ৩২১ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰক। সকলোকে প্ৰচাৰ ক্ষেত্ৰলৈ যাওঁতে ৰিজনিং কিতাপখন লগত ৰাখিবলৈ উৎসাহিত কৰক।

১৭ মি: “আপুনি উপস্থিত থাকিবনে?” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ আৰু অনুভৱৰ সৈতে শ্ৰোতাসকলৰ সৈতে আলোচনা। বৃহৎ সমাবেশে অতীত আৰু বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলক দৃঢ় বিশ্বাসী কৰি তুলিবলৈ এক মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। (প্ৰক্লেইমাৰ কিতাপৰ ২৫৪ পৃষ্ঠাৰ ১-৩ অনুচ্ছেদ আৰু ইনচাইট্‌, খণ্ড ১, ৮২১ পৃষ্ঠাৰ ৫ অনুচ্ছেদত চাওঁক।) সকলোকে তিনিদিনিয়া জিলা অধিৱেশনত উপস্থিত থাকিবলৈ এতিয়াৰ পৰাই সাজু হʼবলৈ উৎসাহিত কৰক। শ্ৰোতাসকলৰ কিছুমানক তেওঁলোকৰ অনুভৱ কবলৈ আমন্ত্ৰণ কৰক যে তেওঁলোকে হৈ যোৱা জিলা অধিৱেশনবোৰত উপস্থিত হʼবলৈ আগতীয়াকৈ তৈয়াৰী কৰি আধ্যাত্মিকৰূপে কেনেকৈ লাভৱান হৈছিল।

গীত ৪৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১৩

১০ মি: স্থানীয় ঘোষণাসমূহ। যিসকল ভাই-ভনীয়ে বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰি অধ্যয়ন আৰম্ভ কৰিলে তেওঁলোকক সোধক যে সেই ব্ৰচাৰখনেৰে কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিলে।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২০ মি: বাইবেলৰ সিধান্তক ব্যৱহাৰ কৰিলে পৰিবাৰিক জীৱনত আনন্দ কঢ়িয়াই আনে। ৰীজনিং কিতাপৰ ২৫৩-৪ পৃষ্ঠাত দিয়া আঁঠটা বিষয়ৰ ওপৰত আধাৰ কৰি দুজন ভাইৰ মাজত আলোচনা। তেওঁলোকে আলোচনা কৰে, বাইবেল বিদ্যাৰ্থীক এইটো বুজিবলৈ কেনেকৈ সহায় কৰিব পাৰি যে পৰিয়ালত আনন্দ উপভোগ কৰিবলৈ হʼলে বাইবেলৰ সিধান্তক পালন কৰাটো কিমান গুৰুত্বপূৰ্ণ। ইয়াক কেনেকৈ কৰিব পাৰি, তাৰ বিষয়ে বিচাৰে ব্ৰচাৰখনৰ ৮ নং পাঠটো ব্যৱহাৰ কৰি প্ৰদৰ্শন দেখুওঁৱাক। বাইবেলৰ সিধান্তক পালন কৰা পৰিয়ালবিলাকৰ মাজত সদায় প্ৰেম আৰু একতা থাকে আৰু তেওঁলোকে আনন্দ অনুভৱ কৰে। পৰিয়ালৰ সুখ কিতাপখনৰ ১৩ অধ্যায়, ১, ২১-২২ অনুচ্ছেদত দিয়া কিছুমান অনুভৱৰ বিষয়ে কওঁক।

গীত ৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক