ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০০ পৃষ্ঠা ১
  • আপুনি উপস্থিত থাকিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি উপস্থিত থাকিবনে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ২০০৬ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০০ পৃষ্ঠা ১

আপুনি উপস্থিত থাকিবনে?

১ এজন সাক্ষী ব্যক্তিয়ে এইদৰে কয়: “যদি আপুনি অধিৱেশনৰ প্ৰথম দিনাখন উপস্থিত নাথাকে, আপুনি বহু কিছু মূল্যৱান বস্তু হেৰুৱালে!” তেওঁ কিয় সেইদৰে কৈছিল? কিয়নো সেই দিনটো হৈছে আমাৰ বাবে যিহোৱাৰ সংগঠনে প্ৰস্তুত কৰা আধ্যাত্মিক ভোজনৰ আৰম্ভণিৰ দিন। (যিচ. ২৫:৬) প্ৰথম দিনাৰ পৰাই অধিৱেশনত আমাৰ উপস্থিতিয়ে দেখুৱাই যে আমি গীতমালা ৰচোঁতাৰ মন্তব্যৰ সৈতে একমত, যিজনে কৈছিল: ‘যেতিয়া লোকবিলাকে মোক কলে, “বʼলা, যিহোৱাৰ গৃহলৈ যাওহঁক,” তেতিয়া মই আনন্দিত হলোঁ।’—গীত. ১২২:১.

২ যোৱা বছৰৰ “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিৱেশনৰ শুক্ৰবাৰ দিনৰ উপস্থিতি, শনিবাৰ আৰু দেওবাৰতকৈও বহু কম আছিল। ইয়াৰ অৰ্থ হৈছে বহু সংখ্যক ভায়ে শুক্ৰবাৰ দিনাৰ অধিৱেশনত প্ৰস্তুত কৰা ভৱিষ্যতসূচক বাক্যৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ শুনাৰ পৰা বিৰত থাকে। আনকি তেওঁলোকে সঙ্গী বিশ্বাসীসকলৰ সৈতে উপভোগ কৰা আনন্দজনক সঙ্গতিৰো সুযোগ হেৰুৱায়।

৩ নিজৰ চাকৰিক অধিৱেশত উপস্থিত হোৱাত বাধাৰ কাৰণ হʼবলৈ নিদিব: কিছুমান ভাই-ভনীয়ে শুক্ৰবাৰ দিনা এইবাবে উপস্থিত নহয় কিয়নো তেওঁলোকে ভয় কৰে যে যদি মেনেজাৰক ছুটিৰ বাবে আবেদন কৰে, হয়তো তেওঁলোকে চাকৰি হেৰুৱাব পাৰে। কিন্তু বহুতো ভাই-ভনীয়ে আগতীয়াকৈ ছুটিৰ বাবে আবেদন কৰি তেওঁলোকৰ মেনেজাৰৰ পৰা সহযোগ পাইছে আৰু যাৰ বাবে তেওঁলোকৰ শুক্ৰবাৰ দিনা অধিৱেশনত উপস্থিত হোৱাৰ সুবিধা প্ৰাপ্ত কৰিছে। উদাহৰণস্বৰূপে এগৰাকী অগ্ৰগামী ভনীয়ে মণ্ডলীৰ সভা, অধিৱেশনত উপস্থিত থাকিবলৈ কৰা তাইৰ নিশ্চয়তাক দেখি ভনীগৰাকীয়ে কাম কৰা কাৰ্য্যস্থলৰ মেনেজাৰজনে বহুত প্ৰভাৱিত হৈ তাইৰ সৈতে সম্পূৰ্ণ এটা দিন অধিৱেশনত উপস্থিত থাকে।

৪ প্ৰথমৰ পৰাই আপুনি এইটো সিধান্ত লোৱা উচিত নহয় যে মেনেজাৰে আপোনাৰ ছুটিৰ আৱেদন নামঞ্জুৰ কৰিব বা এইটো ভবা উচিত নহয় যে অধিৱেশনৰ শুক্ৰবাৰ দিনা নগʼলে একো হানি নহয়। আপুনি আপোনাৰ মেনেজাৰক বাইবেলৰ পৰা সম্পূৰ্ণ বিশ্বাসেৰে আৰু সাৱধানে বুজাই দিয়ক যে অধিৱেশনত উপস্থিত থকাটো আপোনাৰ বাবে আপোনাৰ উপাসনাৰ এক অতি গুৰুত্বপূৰ্ণ ভাগ। (ইব্ৰী ১০:২৪, ২৫) তাৰ পিছত যিহোৱাৰ প্ৰতিজ্ঞাত পূৰ্ণ ভৰসা ৰাখি যদি আপুনি আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়ে তেনেহʼলে আপোনাৰ বাবে যি যি আৱশ্যক তাক যিহোৱাই পূৰ্ণ কৰিব।—মথি ৬:৩৩; ইব্ৰী ১৩:৫, ৬.

৫ ইয়াৰ বাবে মূখ্য কাৰণ হৈছে “জ্ঞানত আৰু সকলো বিবেচনাৰ” প্ৰতি মূল্যাঙ্কন দেখুওৱা। (ফিলি. ১:১০, ১১; গীত. ২৭:৪) ইয়ে আমাক যিহোৱাৰ উত্তম প্ৰৱন্ধৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আচঁনি তৈয়াৰ কৰাত সহায় কৰিব। সেইবাবে অধিৱেশনৰ গোটেই কেইটা দিনত আপুনি উপস্থিত থাকিবলৈ এতিয়াৰে পৰাই এক নিশ্চিত আচঁনি তৈয়াৰ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক