২০০৬ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
১ প্ৰাচীন সময়ৰ যিহূদাৰ ৰজা হিষ্কিয়াই যিৰূচালেমত লোকসকলক একত্ৰিত হোৱাৰ বিষয়ে লিখা পত্ৰবোৰ বিতৰণ কৰিবলৈ বেগাই লৰ মাৰোতা দূতবিলাকক ব্যৱহাৰ কৰিছিল। (২ বং. ৩০:৬, ১৩) সত্য উপাসনাৰ প্ৰতি লোকসকলে কেনে মনোবৃত্তি দেখুৱাইছিল, সেইয়া তেওঁলোকে লোৱা পদক্ষেপৰ দ্বাৰা দেখা গৈছিল। (২ বং. ৩০:১০-১২) অতি সোনকালে যিহোৱাৰ সাক্ষীসকলে পুনৰাই একত্ৰিত হৈ ঈশ্বৰক উপাসনা কৰিবলৈ পোৱা বিশেষাধিকাৰৰ প্ৰতি মূল্যাঙ্কন কৰিবলৈ সুযোগ পাব। আপোনালোকে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী” নামৰ জিলা অধিৱেশনত উপস্থিত হʼবলৈ মণ্ডলীলৈ এখন আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। এই আমন্ত্ৰণৰ প্ৰতি আপুনি কেনে মনোবৃত্তি দেখুৱাব? আমি অতীতত নতুন ব্যক্তিসকলে উপস্থিত হোৱা আৰু লোকসকলৰ সা-সুবিধাৰ বিষয়ে মনত ৰাখি প্ৰত্যেকখন চহৰত সৰু অধিৱেশনসমূহ আয়োজিত কৰিছিলোঁ। কিন্তু এই বছৰ অন্য ঠাইবোৰৰ পৰা অহা ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰাৰ উদ্দেশ্যৰে বৃহৎ অধিৱেশনসমূহ আয়োজিত কৰা হৈছে।
২ এতিয়াৰে পৰা পৰিকল্পনা কৰক: আধ্যাত্মিকতাত সতেজ কৰি তুলা এই কাৰ্য্যক্ৰমৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ আমি সকলো কেইদিন উপস্থিত থকা উচিত। গতিকে এতিয়াৰে পৰা সুবিবেচক হৈ পৰিকল্পনা কৰক যাতে আপুনি পৰিয়ালৰ সৈতে অধিৱেশনৰ গোটেই কেইদিন উপস্থিত হʼব পাৰে। (হিতো. ২১:৫) ইয়াৰ বাবে হয়তো চাকৰিৰ পৰা ছুটি লোৱাৰ বিষয়ে কাৰ্য্যকৰ্তাক, আঁচনিৰ বিষয়ে সত্যত নথকা সঙ্গীজনক জনোৱা, থকা-মেলাৰ ব্যৱস্থা, আপোনাৰ বাইবেল বিদ্যাৰ্থীসকলক অধিৱেশনৰ সম্পূৰ্ণ তিনি দিন উপস্থিত হʼবলৈ কৰা সাহায্য জড়িত আছে। এইবোৰ বিষয়ক শেষ সময়লৈ এৰি নিদিব। ‘যিহোৱাই আপোনাৰ কাৰ্য্য সিদ্ধ কৰিব’ বুলি ভাৰসা ৰাখি সেই বিষয়ে তেওঁলৈ প্ৰাৰ্থনা কৰক। (গীত. ৩৭:৫) যদি আমি সুবিবেচক হৈ এতিয়াৰে পৰা অধিৱেশনৰ সময়ৰলৈকে কিছু পৰিমাণে টকা জমা কৰোঁ, তেন্তে অধিৱেশনলৈ যাত্ৰা কৰা খৰচ-পাতি আৰু পৰিয়ালৰ থকা-মেলাৰ সম্বন্ধে থকা আৰ্থিক হেঁচাৰ উপক্ৰম কৰিব পাৰিম।—১ কৰি. ১৬:২ পদটো তুলনা কৰক।
৩ আপোনালোকৰ সা-সুবিধাৰ বাবে প্ৰত্যেকখন চহৰত আগতীয়াকৈ অধিৱেশনত থকা-মেলাৰ ব্যৱস্থাক লৈ যিহোৱাৰ সংগঠনে অনেক পৰিশ্ৰম কৰিছে। ইয়াৰ বাবে আমি আত্মত্যাগ কৰা ভাইসকলৰ প্ৰতি কৃতজ্ঞ আৰু ঈশ্বৰীয় ব্যৱস্থাৰ প্ৰতি গভীৰ শ্ৰদ্ধা দেখুৱাওঁ যেন। তদুপৰি এই লেখটোত উল্লেখ কৰা নিৰ্দ্দেশনাবোৰৰ সামঞ্জস্যত চলোঁহঁক।—১ কৰি. ১৩:৫; ১ থিচ. ৫:১২, ১৩; ইব্ৰী ১৩:১৭.
৪ হোটেলত ৰুম সংৰক্ষিত কৰা: বাছনি কৰা হোটেল আৰু তাৰ ভাড়াসমূহৰ তালিকা যেনেকৈ উপলব্ধ হʼব, অনতিপলমে আপোনালোকৰ মণ্ডলীৰ জাননী বৰ্ডত লগোৱা হʼব। গতিকে এই ক্ষেত্ৰত আপুনি কৰা সহযোগে অধিৱেশনৰ ওচৰে-পাজৰে থকা ঠাইবোৰত সুলভ মূল্যত ভাল হোটেলবোৰত ৰুম সংৰক্ষিত কৰিবলৈ সক্ষম হʼব পাৰিব।—১ কৰি. ১৪:৪০.
৫ অধিৱেশনৰ সময়ছোৱাত আপুনি কেৱল আৱশ্যক হোৱা ৰুমহে সংৰক্ষিত কৰক। যদি আপোনাৰ সৈতে অন্য ভাই-ভনীসকলে ৰুম সংৰক্ষিত কৰিব বিচাৰিছে, তেন্তে তেওঁলোকে নাম নিদিয়ালৈকে আগতীয়াকৈ ৰুম সংৰক্ষিত নকৰে যেন। অন্যথা, আন ভাই-ভনীসকলৰ বাবে ৰুম সংৰক্ষিত কৰাটো কষ্টসাধক কাৰ্য্য হʼব। প্ৰত্যেকটো ৰুম পৰিয়ালৰ এজন ব্যক্তিৰ নামতহে সংৰক্ষিত কৰা উচিত।
৬ আপুনি সংৰক্ষিত কৰা হোটেলৰ ৰুমৰ বাবে নিশ্চিত হʼবলৈ আপোনাক আৱশ্যক হোৱা ৰুমৰ বাবে আগতীয়াকৈ টকা জমা দিয়া উচিত। অন্যথা, হোটেলে আপোনাৰ ৰুম আনকো দিব পাৰে। যদি তালিকাত দিয়া হোটেলবোৰত আপুনি ফোন কৰি কোনো ৰুম নাপায় বা হোটেলৰ সৈতে কোনো সমস্যা হয়, তেন্তে মণ্ডলীৰ চেক্ৰেটাৰীক জনোৱা আৱশ্যক। তেওঁ তালিকাৰ ওপৰ ভাগত দিয়া সংবাদবোৰ ব্যৱহাৰ কৰি অধিৱেশনৰ থকা-মেলাৰ আয়োজন কৰা বিভাগক সেই বিষয়ে অৱগত কৰিব। অনুগ্ৰহ কৰি সংশোধিত তালিকা নপঠোৱালৈকে আন কোনো হোটেলত ৰুম সংৰক্ষিত কৰিবলৈ ফোন নকৰে যেন।
৭ বিশেষ আৱশ্যকতাসমূহ: হিতো. ৩:২৭ পদত এইদৰে কৈছে: “তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।” অধিৱেশনৰ সম্বন্ধে আপুনি কেনেকৈ আনলৈ উপকাৰ কৰিব পাৰে? বৃদ্ধ, শাৰীৰিকভাৱে অক্ষম, পূৰ্ণ-সময়ৰ সেৱা আৰু আন ভাই-ভনীসকলক যাতায়ত বা থকা-মেলাৰ ব্যৱস্থাৰ বাবে ব্যৱহাৰিক সহায়ৰ আৱশ্যকতা হʼব পাৰে। সৰ্ব্বপ্ৰথমে তেনে লোকসকলক সহায় কৰাটো আত্মীয় লোকৰ কৰ্তব্য। (১ তীম. ৫:৪) কিন্তু যদি তেওঁলোকে সহায় কৰিব নোৱাৰে, তেন্তে মণ্ডলীৰ সঙ্গী ভাই-ভনীসকলে সহায় কৰিব পাৰে। (গালা. ৬:১০) পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা তেনে বিশেষ সহায়ৰ আৱশ্যক হোৱা কোনো ভাই-ভনী আছেনে নাই, সেই বিষয়ে নিশ্চিত কৰা প্ৰয়োজন যাতে অধিৱেশনত উপস্থিত হʼবলৈ আগতীয়াকৈ পৰিকল্পনা কৰিব পাৰে।
৮ থকা-মেলাৰ ব্যৱস্থাৰ বিশেষ আৱেদন ফৰ্ম কেৱল সেইসকল প্ৰকাশকৰ বাবে উপলব্ধ আছে, যিসকলৰ চোৱা-চিতা পৰিয়ালৰ সদস্য বা তেওঁলোকৰ মণ্ডলীয়ে কৰিব নোৱাৰে। সংস্থাই মণ্ডলীৰ প্ৰাচীন গোষ্ঠীক উদ্দেশ্য কৰি লিখা ডিচেম্বৰ ১৪, ২০০৫ চনৰ পত্ৰখনৰ সামঞ্জস্যত তেনে প্ৰকাশকসকল উপযুক্ত হয়নে নহয়, সেই বিষয়ে সেৱা কমিটিয়ে আলোচনা কৰা উচিত। এই সুবিধা কেৱল সেইসকল প্ৰকাশকৰ বাবে, যিসকল প্ৰকাশকে নিয়মীয়াকৈ সকলো আধ্যাত্মিক কাৰ্য্যত ভাগ লয় আৰু তেওঁলোকৰ উত্তম আচাৰ-ব্যৱহাৰ কৰা লʼৰা-ছোৱালী আছে।
৯ নিযুক্তি অধিৱেশনৰ বাহিৰে আন এখনত উপস্থিত হোৱা: যিহেতু কিমান আসন, সাহিত্য, থকা-মেলাৰ ব্যৱস্থা আৰু আন আন সুবিধাসমূহৰ আৱশ্যকতা, সেই বিষয়ে নিশ্চিত কৰি অধিৱেশনবোৰ আয়োজিত কৰা হৈছে। গতিকে আপুনি আপোনাৰ মণ্ডলীৰ সৈতে নিযুক্তি অধিৱেশনত উপস্থিত থাকে যেন। কিন্তু যদি পৰিস্থিতিৰ অনুসাৰে আপুনি অন্য এখন অধিৱেশনলৈ যাবলগীয়া হয়, তেন্তে অনুগ্ৰহ কৰি অধিক বিবৃতিৰ বিষয়ে মণ্ডলীৰ চেক্ৰেটাৰীক সোধক। আপুনি আৱেদন কৰি লিখা পত্ৰখনৰ সৈতে থকা-মেলাৰ ব্যৱস্থা বা আন অতিৰিক্ত সংবাদৰ বিষয়ে জানিবলৈ আন এখন লেফাফাত ঠিকনা আৰু ডাক টিকট লগাই পঠাওক। যদি চহৰখনত এখনতকৈ অধিক অধিৱেশন হʼবলগীয়া আছে, তেন্তে আপুনি উপস্থিত হʼবলৈ বিচৰা অধিৱেশনৰ তাৰিখ লিখি পঠাওক।
১০ স্বেচ্ছাকৰ্ম্মীৰ আৱশ্যক: ইয়াত কোনো সন্দেহ নাই যে অধিৱেশনত উপস্থিত, আধ্যাত্মিক আহাৰৰ দ্বাৰা লাভৱান আৰু সঙ্গতি কৰাৰ দ্বাৰা সকলোৱে উল্লাসিত হʼব। কিন্তু যদি আমি অধিৱেশনৰ সফলতাৰ বাবে স্বেচ্ছাকৰ্ম্মী হৈ বৰঙনি আগবঢ়াওঁ, তেন্তে অধিককৈ উল্লাসিত হোৱা অনুভৱ কৰিম। (পাঁচ. ২০:৩৫) অধিৱেশনৰ বিভিন্ন বিভাগৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ অতি সোনকালে স্থানীয় সমিটিয়ে তেওঁলোকৰ সৈতে কাৰ্য্য কৰিবলৈ আনক আমন্ত্ৰণ কৰিব। এই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ আপুনি নিজকে প্ৰস্তুত কৰিব পাৰেনে?—গীত. ১১০:৩.
১১ এবাৰ এটা পাঁচ বছৰীয়া লʼৰাই জিলা অধিৱেশনত উপস্থিত থকাৰ সময়ত এইদৰে কৈছিল: “মোৰ কাৰণে যিহোৱাক উপাসনা কৰা সকলোতকৈ উত্তম স্থান হৈছে জিলা অধিৱেশনত উপস্থিত হোৱা।” এই আন্তৰিক মন্তব্যটোৱে বছেৰেকীয়া জিলা অধিৱেশনত উপস্থিত হৈ আমি কিমান যে উল্লাসিত হʼব পাৰোঁ, সেই বিষয়ে বুজিবলৈ সহায় কৰে। এই কথাষাৰ গীতমালা ৰচোঁতাজনে কোৱাৰ সৈতে মিল খাই, যাৰ বিষয়ে এইদৰে কৈছে: “হাজাৰ দিনতকৈয়ো, তোমাৰ চোতাল কেইখনত এদিন থকাই উত্তম।” (গীত. ৮৪:১০) দায়ূদে এই গীতটিত ‘মন্দিৰত ধ্যান কৰি গোটেই জীৱনৰ কালত যিহোৱাৰ গৃহত যেন বাস কৰিবলৈ পাই,’ সেই বিষয়ে উল্লেখ কৰিছিল। (গীত. ২৭:৪) তেওঁ যিহোৱাৰ এজন উপাসক হʼবলৈ পাই অতি আনন্দিত হৈছিল। এতেকে আঁহক আমিও “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী” নামৰ জিলা অধিৱেশনৰ সম্পূৰ্ণ তিনি দিন উপস্থিত হৈ দায়ূদৰ দৰে কৃতজ্ঞতা জ্ঞাপন কৰোঁহঁক।
[Study Questions]
১. প্ৰাচীন সময়ত যিহোৱাৰ লোকসকলে সত্য উপাসনাৰ প্ৰতি কেনেকৈ মূল্যাঙ্কন দেখুৱাৰ প্ৰমাণ দিছিল আৰু আজি আমাৰ ওচৰতো কেনে সমন্বিত সুযোগ আছে?
২. আমি অধিৱেশনৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ এতিয়াৰে পৰা কি কৰা উচিত?
৩. আমি থকা-মেলাৰ ব্যৱস্থাৰ প্ৰতি কিয় সহযোগ কৰা উচিত?
৪-৬. আমি হোটেলত ৰুম সংৰক্ষিত কৰাৰ সময়ত কিহৰ বিষয়ে মনত ৰখা উচিত আৰু কিয়? (৪ পৃষ্ঠাত থকা বক্সটো সন্মিলিত কৰক।)
৭, ৮. বিশেষ আৱশ্যকতা থকা সকলক কেনেকৈ সহায় কৰিব পাৰি?
৯. (ক) আমি কিয় নিযুক্তি অধিৱেশনত উপস্থিত হোৱা উচিত? (খ) যদি পৰিস্থিতিৰ অনুসাৰে আপুনি আন এখন অধিৱেশনলৈ যাবলগীয়া হয়, তেন্তে কিহৰ বিষয়ে মনত ৰখা উচিত?
১০. আমি কি ধৰণে আহিবলগীয়া অধিৱেশনৰ দ্বাৰা উল্লাসিত হʼবলৈ বৰঙনি আগবঢ়াব পাৰোঁ?
১১. আপুনি কিহৰ বাবে বছেৰেকীয়া জিলা অধিৱেশনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব আৰু আমাৰ সকলোৰে কি সঙ্কল্প হোৱা উচিত?
[Box on page 3]
কাৰ্য্যক্ৰমৰ সময় তালিকা
শুকুৰবাৰ আৰু শনিবাৰ
পুৱা ৯:৩০ বজাৰ পৰা আৱেলি ৫:০৫ বজালৈ
দেওবাৰ
পুৱা ৯:৩০ বজাৰ পৰা আৱেলি ৪:১০ বজালৈ
[Box on page 4]
হোটেলত ৰুম সংৰক্ষিত কৰাৰ কিছুমান উত্তম পদ্ধতি
১. তালিকাত দিয়া ফোন নম্বৰ ব্যৱহাৰ কৰি নিয়মিত ব্যৱসায়ৰ সময়ছোৱাতহে টেলিফোন কৰা আৱশ্যক।
২. হোটেল কৰ্তৃপক্ষক জনাওক যে আপুনি যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত উপস্থিত হʼবলৈ আহিছে।
৩. আপুনি হোটেলত উপস্থিত হোৱা আৰু এৰাৰ নিৰ্দিষ্ট তাৰিখৰ বিষয়ে জনাওক।
৪. যদি হোটেলত কোনো ৰুম উপলব্ধ নাই, তেন্তে তালিকাত দিয়া আনখন হোটেলত ফোন কৰক।
৫. তালিকাত দিয়া ভাড়াতকৈ অধিক ভাড়া নিদিব।
৬. ৰুম সংৰক্ষিত কৰক আৰু নিশ্চয়তাৰ বিষয়ে সোধক।
৭. ৰুম সংৰক্ষিত কৰিবলৈ দহ দিনৰ ভিতৰত টকা চেক্, ক্ৰেডিট কাৰ্ড বা মনি অৰ্ডাৰৰ দ্বাৰা পঠাওক। কেতিয়াও নগদ টকা নপঠিয়াব। যদি চেক্ বা মনি অৰ্ডাৰৰ দ্বাৰা টকা জমা কৰা হৈছে, তেন্তে হোটেলত ৰুম সংৰক্ষণৰ নিশ্চিত হোৱা ৰছিদ পত্ৰ পঠাবলৈ অনুৰোধ কৰক।
অনুগ্ৰহ কৰি
◼ কেৱল আপোনাক আৱশ্যক হোৱা ৰুমহে সংৰক্ষিত কৰক।
◼ বিনা কোনো কাৰণ নোহোৱাকৈ ৰুম সংৰক্ষণ বাতিল নকৰিব।—মথি ৫:৩৭.
◼ হোটেলৰ ব্যৱস্থাৰ অনুসাৰে এটা ৰুমত যিমান ব্যক্তি থাকিব পাৰে, সিমানে থকা আৱশ্যক।