২০০৪ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়বস্তু হৈছে “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা”
১ আমাৰ বছেৰেকীয়া জিলা অধিৱেশন আপোনাৰ বাবে এক বিশেষ কাৰ্য্যক্ৰমনে? ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰস্তুত কৰা উৎসাহজনক নাটক আৰু ভাষণসমূহে আপোনাৰ হৃদয় স্পৰ্ষ নকৰেনে? (মথি ২৪:৪৫-৪৭) নতুন প্ৰকাশনৰ যোগেদি প্ৰদান কৰা বিষয়সমূহে আপোনাৰ আধ্যাত্মিকতাত পুষ্টিসাধন নকৰেনে? বাইবেলে কেনেকৈ ভাই-ভনীসকলৰ জীৱনধাৰা সলনি কৰিলে, এই বিষয়ে বৰ্ণনা কৰা অভিজ্ঞতাসমূহ আপোনাৰ বাবে বিশেষ নহয়নে? আন দেশবোৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য বৃদ্ধি হোৱা ৰিপোৰ্ট শুনি আপুনি অধিক উৎসাহিত নহয়নে? সকলো বয়সৰ সঙ্গী বিশ্বাসী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিবলৈ পাই আনন্দিত হোৱা নাইনে? বাস্তৱতে আমি আমাৰ আগন্তুক জিলা অধিৱেশনত উপস্থিত হৈ আনন্দিত আৰু আন বহুতো কাৰণৰ বাবে আগ্ৰহেৰে বাট চাই থকা নাইনে বাৰু!
২ গোটেই তিনিদিন উপস্থিত থকা: প্ৰাচীন সময়ত যিহোৱা ঈশ্বৰে মোচিৰ দ্বাৰা ইস্ৰায়েলসকলক এইদৰে আজ্ঞা দিছিল: “লোকবিলাকে . . . শুনি শিক্ষা পাই . . . শিকিবৰ নিমিত্তে, . . . সেই সকলোবিলাকক গোট খুৱাবা।” (দ্বিতী. ৩১:১২-১৩) বৰ্তমান সময়ত অধিৱেশনত প্ৰত্যেকদিনা আমাক শিক্ষাদান কৰিবলৈ যিহোৱাই বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ জড়িয়তে এক বিশেষ কাৰ্য্যক্ৰমৰ আয়োজন কৰিছে। যিহেতু তেওঁ আমাৰ ‘লাভৰ অৰ্থে’ শিক্ষাদান কৰিবলৈ ব্যৱস্থা কৰিছে, গতিকে আমি সকলোৱে তেওঁৰ সকলো নিৰ্দ্দেশনা গ্ৰহণ কৰিবলৈ তাত উপস্থিত থকা আৱশ্যক। (যিচ. ৪৮:১৭) বিগত বছৰত “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশনত শুক্ৰবাৰৰ উপস্থিতিৰ সংখ্যা শনিবাৰ আৰু দেওবাৰৰ উপস্থিতিৰ সংখ্যাতকৈ কম আছিল। ইয়াৰ অৰ্থ হৈছে আমাৰ বেছি সংখ্যক ভাই-ভনীয়ে অধিৱেশনত প্ৰস্তুত কৰা অত্যাৱশ্যকীয় নিৰ্দ্দেশনাসমূহ শুনাৰ সুবিধা হেৰুৱালে। তদুপৰি তেওঁলোকে সঙ্গী বিশ্বাসী ভাই-ভনীৰ সৈতে আনন্দপূৰ্ণ সঙ্গতি কৰাৰ পৰাও বিৰত থাকিল।
৩ আন কাৰণসমূহক আপোনাৰ উপস্থিতিত বাধা হʼবলৈ নিদিব: বহুতে হয়তো নিজৰ চাকৰি বিপদপন্ন হʼব বুলি বিবেচনা কৰি শুক্ৰবাৰ দিনা অধিৱেশনত উপস্থিত থাকিব নোৱাৰিলে। আন কিছুমানে হয়তো তেওঁলোকৰ ছুটি ৰাহি কৰি আন কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। আপুনি কেতিয়াও এনেদৰে ভবাটো উচিত নহয় যে আপোনাৰ মেনেজাৰে আপোনাক ছুটি দিবলৈ মান্তি নহʼব পাৰে অথবা অধিৱেশনৰ এদিন বা দুদিন উপস্থিত নহʼলেও একো হানি নহয়। আপুনি নহিমিয়াই ৰাখা সাহসপূৰ্ণ আৰ্হিক অনুকৰণ কৰি আৱশ্যক সময়ত নিজৰ মেনেজাৰ বা মালিকক ছুটিৰ বাবে আৱেদন কৰাৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰি নিৱেদন কৰক। (নহি. ১:১১; ২:৪) তাৰ পিছত আপোনাৰ জীৱনত আধ্যাত্মিক বিষয়সমূহক যদি প্ৰথম স্থান দিয়ে তেনেহʼলে যিহোৱাই অৱশ্যেই আপোনাৰ ভৌতিক আৱশ্যকতাসমূহ পূৰণ কৰিব বুলি কৰা তেওঁৰ প্ৰতিজ্ঞাসমূহক সম্পূৰ্ণকৈ ভাৰসা ৰাখক। (মথি ৬:৩৩; ইব্ৰী ১৩:৫, ৬) তদুপৰি আপুনি অধিৱেশনত উপস্থিত থাকিবলৈ কৰা পৰিকল্পনাৰ বিষয়ে শীঘ্ৰেই সত্যত নথকা পৰিয়ালৰ সদস্যসকলক জনোৱাটো এটা প্ৰেমপূৰ্ণ বিষয় হʼব।
৪ “যি যি শ্ৰেষ্ঠ . . . পৰীক্ষা কৰি তাৰ নিৰ্ণয়” কৰাৰ প্ৰতি থকা মূল্যাঙ্কনেই হৈছে মুখ্য কাৰণ। (ফিলি ১:৯-১১; গীত ২৭:৩-৪) এই মূল্যাঙ্কনেই আমাক যিহোৱাই কৰা এনে প্ৰবন্ধৰ পৰা লাভৱান হʼবলৈ পৰিকল্পনা বনাবলৈ উৎসাহিত কৰিব। গতিকে এতিয়াৰে পৰা এক নিশ্চিত আঁচনি বনাওক যাতে আপুনি সম্পূৰ্ণ তিনিদিন অধিৱেশনত উপস্থিত থাকিব পাৰে।
৫ থকা-মেলাৰ ব্যৱস্থা: যিদৰে বিগত বছৰত কৰা হʼল, এই বছৰো থকা-মেলাৰ ব্যৱস্থাত সৰলিকৰণ কৰা হৈছে। গতিকে থকা-মেলাৰ ব্যৱস্থা কৰা বিভাগে কোনো হোটেল আগতিয়াকৈ বুকিং নকৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে মণ্ডলীসমূহলৈ তেওঁলোকে বাছনি কৰা হোটেলবোৰৰ ভাৰাৰ সৈতে তালিকা পঠিয়াব। যিসকলে হোটেলত থাকিবলৈ ইচ্ছা কৰে তেওঁলোকে পোনপটীয়াকৈ যোগা-যোগ কৰি প্ৰয়োজনীয় ৰুম সংৰক্ষিত কৰিব পাৰে। অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগে কেৱল সমূহীয়াকৈ থাকিব পৰা বাস ভৱনৰ প্ৰবন্ধ কৰিব। মণ্ডলীসমূহক এনে ব্যৱস্থাৰ অতিৰিক্ত খবৰৰ সম্পৰ্কে অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগে জনাব। গতিকে সমূহীয়াকৈ থাকিবলৈ সুবিধা থকা ব্যৱস্থাৰ বিষয়ে আগতীয়াকৈ নিজৰ নিজৰ আৱেদন পঠিয়াওক। অনুগ্ৰহ কৰি ৪ পৃষ্ঠাত “আপুনি কেনেকৈ থকা-মেলা ব্যৱস্থা কৰা বিভাগক সহায় কৰিব পাৰে,” নামৰ বক্সত দিয়া বিষয়বোৰ আলোচনা কৰক।
৬ বিশেষ আৱশ্যক থকা: পাঁচনি পৌলে গালাতীয়া মণ্ডলীত থকাসকলক সোঁৱৰাই দি এইদৰে কৈছিল যে “সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালা. ৬:১০) বয়সীয়া ভাই আৰু ভনী, শাৰীৰিকভাৱে অসুস্থ, একজনক মাতৃ বা পিতৃ আৰু পূৰ্ণসময়ে প্ৰচাৰ কাৰ্য্যত জড়িত থকাসকলে হয়তো আপোনাৰ পৰা কোনো সহায় নিবিচাৰিব পাৰে। কিন্তু অধিৱেশনত উপস্থিত হʼবলৈ সম্ভৱতঃ তেওঁলোকে বহুতো কঠিনতাৰ সম্মুখীন হʼব পাৰে। আপুনি তেনে ভাই-ভনীক সহায় কৰি “হিতজনক কৰ্ম্ম” কৰিবলৈ সাজু থাকেনে? সত্যত থকা সম্বন্ধীয়া ভাই-ভনী আৰু প্ৰাচীনসকলে বিশেষকৈ তেনে ভাই-ভনীৰ অৱস্থাৰ প্ৰতি সতৰ্ক হোৱা উচিত।
৭ যদি তেনে ভাই-ভনীয়ে কোনো বিশেষ আৱশ্যক থকাৰ বিষয়ে আৱেদন কৰে তেনেহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে তেওঁলোকক সংস্থাই দিয়া নিৰ্দ্দেশনা ব্যৱহাৰ কৰি সেই বিষয়ে বিবেচনা কৰা উচিত। তেওঁলোকে আলোচনা কৰা আৱশ্যক যে তেনে বিষয়ক স্থানীয়ভাৱে চোৱা-চিতা কৰিব পৰা যাব নে নাযায়। এই ব্যৱস্থা কেৱল আধ্যাত্মিকভাৱে সক্ৰিয় আৰু উত্তম আচৰণ কৰা লʼৰা-ছোৱালী থকা প্ৰকাশকসকলৰ বাবে প্ৰযোজ্য। যদি অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগে এই বিষয়ে সুধিবলগীয়া কোনো প্ৰশ্ন থাকে তেন্তে মণ্ডলীৰ চেক্ৰেটাৰীক যোগা-যোগ কৰিব।
৮ নিযুক্ত নকৰা অধিৱেশনত উপস্থিত হোৱা: আপুনি হয়তো এনে এখন অধিৱেশনত উপস্থিত হʼবলৈ বিচাৰিছে যʼত আপোনাৰ মণ্ডলীক নিযুক্ত কৰা নাই। যদি আপুনি তেনে এখন অধিৱেশনত উপস্থিত হʼবলৈ বিচাৰিছে তেনেহʼলে অনুগ্ৰহ কৰি মণ্ডলীৰ চেক্ৰেটাৰীৰ সৈতে যোগা-যোগ কৰক। তদুপৰি ভাৰতত হʼবলগীয়া এই বছৰৰ প্ৰত্যেকখন অধিৱেশনৰ তাৰিখ আৰু মুখ্য কাৰ্য্যালয়ৰ ঠিকনাসমূহ ভৱিষ্যতে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত প্ৰকাশ কৰা হʼব। গতিকে আপুনি নিজৰ ঠিকনা আৰু ডাক টিকট লগোৱা এখন এনভেলপৰ সৈতে আপোনাৰ আৱেদন অধিৱেশন কাৰ্য্যালয়ৰ সঠিক ঠিকনাত প্ৰেৰণ কৰা আৱশ্যক। যদি একেইখন চহৰত দুখনকৈ অধিৱেশন আয়োজন কৰা হৈছে তেন্তে নিশ্চিত কৰক যে যিখন অধিৱেশনত আপুনি উপস্থিত হʼব বিচাৰিছে তাৰ তাৰিখ যেন স্পষ্টকৈ উল্লেখ কৰে। সেই অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগে তেওঁলোকে বাছনি কৰা হোটেলৰ ঠিকনা আৰু তাৰ ভাৰাসমূহৰ সৈতে শেহতীয়া সংবাদ আপোনালৈ পঠিয়াব।
৯ প্ৰায় ২৫০০ বছৰৰ আগতে যিহোৱাৰ লোকসকলে এখন অধিৱেশনৰ আয়োজন কৰিছিল। ইজ্ৰা আৰু তেওঁৰ সঙ্গী লেবী পুৰোহিতসকলে একত্ৰিত হোৱা ইস্ৰায়েলৰ লোকসকলক ঈশ্বৰৰ বাক্যৰ পৰা শিকাইছিল আৰু বৰ্ণনা কৰিছিল। তাৰ কেনে ফলাফল পোৱা গৈছিল? নহিমিয়া ৮:১২ পদত আমাক এইদৰে কৈছে যে, “সকলো লোকবিলাকে তেওঁলোকলৈ প্ৰকাশ কৰা বাক্য বুজি, . . . অতিশয় আনন্দ কৰিবলৈ নিজ নিজ বাটে গল।” অভিষিক্ত দাসবৰ্গই ইজ্ৰা আৰু লেবী পুৰোহিতসকলৰ দৰে ঈশ্বৰৰ বাক্যৰ নিগূঢ় বিষয়বোৰক বুজাই দি সেইবোৰক কেনেকৈ আমি নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ এই বিষয়ে বৰ্ণনা কৰাৰ বাবে আমি কৃতজ্ঞ নহওঁনে? এইদৰে কৰাৰ দ্বাৰা সেই দাসবৰ্গই আমাৰ প্ৰতি থকা যিহোৱাৰ প্ৰকৃত প্ৰেম আৰু তেওঁৰ লোকসকলৰ বাবে থকা চিন্তাধাৰাক প্ৰকাশ কৰিছে। এতেকে “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা” জিলা অধিৱেশনত উপস্থিত হʼবলৈ আপুনি এতিয়াই নিশ্চিত কৰক!
[Box on page 3]
কাৰ্য্যক্ৰমৰ সময়
শুক্ৰবাৰ আৰু শনিবাৰ
পুৱা ৯:৩০ বজাৰ পৰা আবেলি প্ৰায় ৫:১০ বজালৈ
দেওবাৰ
পুৱা ৯:৩০ বজাৰ পৰা আবেলি প্ৰায় ৪:০৫ বজালৈ
[Box on page 4]
থকা-মেলা কৰা ব্যৱস্থাক আপুনি কেনেদৰে সহযোগ কৰিব পাৰে
▪ যদি তালিকাত উল্লেখ কৰা কোনো এখন হোটেলতো ৰুম উপলব্ধ নাই বা কোনো এখন হোটেলে আলোচনা কৰি নিৰ্দ্ধাৰিত কৰা ভাৰাতকৈ অধিক ভাৰা বিচাৰে তেন্তে আপুনি মণ্ডলীৰ চেক্ৰেটাৰীৰ সৈতে যোগা-যোগ কৰা আৱশ্যক। মণ্ডলীৰ চেক্ৰেটাৰীয়ে সেই বিষয়ে অধিৱেশনৰ থকা-মেলাৰ ব্যৱস্থা কৰা বিভাগক জনোৱা উচিত।
▪ কেৱল প্ৰয়োজন হোৱা ৰুম সংৰক্ষিত কৰক।
▪ কেৱল প্ৰথমে সংৰক্ষিত কৰা হোটেল বা ৰুম ব্যৱহাৰ কৰক।
▪ সমূহীয়াকৈ থকা স্থানৰ ব্যৱস্থা কেৱল অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগে চোৱা-চিতা কৰিব। গতিকে আপুনি কোনো হোটেল বুকিং কৰিবলৈ নিজৰ ভাৰা তেওঁলোকলৈ নপঠিয়াই যেন।
▪ সমূহীয়াকৈ থকা স্থানৰ বুকিং কেৱল আপোনাৰ আৱেদনৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা হʼব। গতিকে আপোনাক নিযুক্ত কৰা নিৰ্দ্দিষ্ট সমূহীয়াকৈ থকা স্থানতে যেন থাকে। আপুনি দিয়া আৱেদন পত্ৰত উল্লেখ কৰা ব্যক্তিসকলৰ নিৰ্দ্দিষ্ট সংখ্যাতকৈ অধিক ব্যক্তি থাকিবলৈ দিয়া নহʼব।
▪ আপুনি অধিৱেশনৰ পৰা নিজৰ ঘৰলৈ উভতি যোৱাৰ পূৰ্বেই নিশ্চিত কৰক যে সমূহীয়াকৈ থকা স্থানৰ ভাৰা অধিৱেশনৰ থকা-মেলা ব্যৱস্থা কৰা বিভাগক যেন দিয়ে।