“ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” ২০০১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশন
১ যিচয়া ভৱিষ্যতবক্তাই বৰ্ণনা কৰিছে যে যিহোৱা হৈছে এজন মহান সৃষ্টিকৰ্ত্তা। সেইবাবে তেওঁ এজন পিতৃৰ দৰে এইদৰে কৈছে: “এয়ে পথ, এয়েদি চলা।” (যিচ. ৩০:২০, ২১) কিন্তু যিহোৱাই আমাৰ লাভৰ বাবে কোৱা বাক্য আমি কেনেকৈ শুনিব পাৰোঁ? যিহোৱাই তেওঁৰ লোকসকলৰ বাবে বাইবেলৰ প্ৰবন্ধ কৰিছে। তদুপৰি তেওঁ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গৰ দ্বাৰা প্ৰবন্ধ কৰা বাইবেল আধাৰিত আলোচনীসমূহ, সভা, চাৰ্কিট সন্মিলন, আৰু জিলা অধিৱেশনৰ যোগেদি তেওঁৰ লোকসকলৰ সৈতে কথা কয়। (মথি ২৪:৪৫) এতেকে যিহোৱাই আমাক চলিবলগীয়া পথৰ নিৰ্দ্দেশনা দিয়াৰ বাবে আমি আন্তৰিকতাৰে ধন্যবাদ দিয়া উচিত।
২ প্ৰত্যেক বছৰে হোৱা জিলা অধিৱেশনত যিহোৱাই তেওঁৰ সেৱকসকলক একেৰাহে তেওঁৰ পৰামৰ্শ প্ৰদান কৰি আহিছে। ইয়াৰ ওপৰিও এই অধিৱেশনসমূহে তেওঁৰ লোকসকলক একত্ৰিত হোৱা সুযোগ প্ৰদান কৰে। যোৱা বছৰত হোৱা “ঈশ্বৰৰ বাক্য পালন কৰোঁতা হোৱা” জিলা অধিৱেশনত ৩২,৩৪৯ জন উপস্থিত আছিল। ২০০১ চন অৰ্থাৎ এই বছৰতো তিনিদিনীয়া জিলা অধিৱেশন গোটেই দেশত অৱস্থিত হʼব। এই জিলা অধিৱেশনৰ বিষয় হৈছে, “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা।” আমি জানোঁ যে আপোনালোকে তাত উপস্থিত হʼবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। এতেকে আমি কিছুমান পৰামৰ্শ আগবঢ়াইছোঁ, যিয়ে আপোনালোকক সহায় কৰিব। সেই পৰামৰ্শসমূহ তলত দিয়া হʼল।
৩ থকা-মেলাৰ বাবে ব্যৱস্থা: যি স্থানত অধিৱেশনৰ আয়োজন কৰা হয় সেই ঠাইত থকা-মেলাৰ বাবে ব্যৱস্থা কৰিবলৈও প্ৰত্যেক অধিৱেশনত এটা ৰূমিং বিভাগ থাকে। আপুনি থকা-মেলাৰ ব্যৱস্থাৰ বাবে আগতীয়াকৈ আচঁনি তৈয়াৰ কৰক। ইয়াৰ বাবে, মণ্ডলীৰ চেক্ৰেটাৰীৰ পৰা ৰূম আৱেদন পত্ৰ লৈ তাত উল্লেখ কৰা আৱশ্যকতাসমূহক সঠিকৈ ভৰ্ত্তি কৰক। তাৰ পাছত সেইখন আপোনাৰ মণ্ডলীৰ চেক্ৰেটাৰীক দিয়ক যাতে তেওঁ আপুনি উপস্থিত হʼব লগা অধিৱেশনৰ মুখ্য কাৰ্য্যালয়লৈ পঠিয়াব পাৰে। ইয়াতে এটা কথা মনত ৰাখিলে ভাল হʼব যে আপুনি আপোনাৰ আৱেদন পত্ৰখনৰ সৈতে নিজৰ ঠিকনা লিখি ডাক-টিকট লগোৱা এটা এনভেলপ পঠিয়াই যেন। আপুনি উপস্থিত হʼবলগীয়া নগৰখনত যদি এখনতকৈ অধিক অধিৱেশন আয়োজন কৰা হৈছে তেনেহʼলে আপুনি উল্লেখ কৰক যে বিষেশকৈ কোনখন অধিৱেশনত উপস্থিত হʼব।
৪ হোটেলৰ কৰ্ম্মীসকলে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কেনে অনুভৱ কৰে? আমেৰিকাত থকা এখন হোটেলৰ মেনেজাৰে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে এইদৰে মন্তব্য দিয়ে: “বৃহস্পতিবাৰে যেতিয়া যিহোৱাৰ সাক্ষীসকলে হোটেলত উপস্থিত হয়। মই মনতে ভাবোঁ যে তেওঁলোকে হোটেল এৰি যোৱা অৰ্থাৎ সোমবাৰৰ লৈকে তেনে কোনো গুৰুত্ব সমস্যা নহʼব। মই প্ৰায়ে তেওঁলোকক নিজৰ হোটেলত দেখি আনন্দিত হৈছোঁ।” আন এখন হোটেলৰ কৰ্ম্মচাৰীয়ে এইদৰে কয়: “কিযে ভদ্ৰলোক! তেওঁলোকৰ প্ৰত্যেকৰে মুখত ‘ধন্যবাদ’ বুলি শুনিবলৈ পাওঁ।” যেতিয়া আপুনি ভাই-ভনীসকলৰ এনেধৰণৰ ভাল উদাহৰণ শুনিবলৈ পাই, তেতিয়া আপুনি গৌৰৱ অনুভৱ নকৰেনে? কল্পনা কৰক যে এই কাৰ্য্যত যিহোৱাৰ নাম মহিম্বানিত দেখি যিহোৱাই কিমান যে সুখী হয়!
৫ বৃদ্ধ লোক আৰু বিশেষ আৱশ্যকতা থকা লোকৰ তত্ত্বাৱধান লওঁক: বৃদ্ধ ব্যক্তিসকল বা আন বিশেষ আৱশ্যকতা থকা লোকৰ আপাত কালীন অৱস্থাৰ বিষয়ে যিসকল সমন্ধীয় ব্যক্তি, প্ৰাচীন আৰু মণ্ডলীৰ অন্য ভাইসকলে জানে তেওঁলোকে সেই বৃদ্ধ লোকসকলক আৰু বিশেষ আৱশ্যকতা থকা লোকসকলক অধিৱেশনত উপস্থিত হʼবলৈ নিজৰ সহায় আৰু তত্ত্বাৱধান আগবঢ়াব পাৰে। (১ তীমথিয় ৫:৪ পদৰ সৈতে তুলনা কৰক।) তেওঁলোকক এনে সুবিধাজনক স্থানত বহিবলৈ ব্যৱস্থা কৰাওঁক যি স্থানত বহি সম্পূৰ্ণৰূপে কাৰ্য্যক্ৰমৰ আনন্দ লাভ কৰিব পাৰে। যদি কোনো ভাই বা ভনীয়ে স্বইচ্ছাৰে তেওঁলোকক সহায় কৰে তেনেহʼলে কিযে উত্তম হʼব। তেওঁলোকে বৃদ্ধসকলক আহাৰ খোৱা বা পানী পান কৰোৱা বা প্ৰস্ৰাৱগাৰলৈ লৈ যোৱাত সহায় কৰিব পাৰে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ সহায় আগবঢ়োৱাৰ দ্বাৰা এই বৃদ্ধ লোকসকলক বা বিশেষ আৱশ্যকতা থকা লোকসকলক চোৱা-চিতা কৰা সমন্ধীয় ব্যক্তি বা মণ্ডলীৰ প্ৰচাৰকক সহায় কৰিব পাৰে, যাতে তেওঁলোকে কাৰ্য্যক্ৰমৰ পৰা আনন্দ লাভ কৰিবলৈ সুযোগ পায়। এনে প্ৰেমময় নিৰ্দ্দেশনাই আমাক এই জগতৰ ‘মই প্ৰথম’ মনোবৃত্তিৰ পৰিৱৰ্ত্তে তেনে খ্ৰীষ্টান অসুস্থ ভাই-ভনীসকলক সহায় আগবঢ়াই তেওঁলোকৰ প্ৰতি থকা আমাৰ প্ৰেম প্ৰতিফলতি কৰিব পাৰোঁ।—১ কৰি. ১০:২৪.
৬ সামৰণি: যেনেকৈ জিলা অধিৱেশনৰ সময় কাষ চাপি আহিছে, যিহোৱালৈ সকলোৱে প্ৰাৰ্থনা কৰক যাতে সেই তিনিদিনীয়া অধিৱেশনৰ সকলো কেইদিন উপস্থিত থাকি যেন অধিক লাভৱান হয়। জিলা অধিৱেশনৰ তাৰিখৰ সম্পৰ্কে ঘোষণা কৰাৰ পাছত কোনো পলম নকৰাকৈ আগতীয়াকৈ ছুটিৰ বাবে আৱেদন কৰা আৱশ্যক। কিয়নো শেষ মুহূৰ্তত ছুটিৰ বাবে অফিচত নিৱেদন কৰিলে ছুটি নাপাবও পাৰে। বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গই আধ্যাত্মিকতাত সকলোকে দৃঢ় কৰিবলৈ এই বছৰতো জিলা অধিৱেশনৰ আয়োজন কৰিছে আৰু সেই জিলা অধিৱেশনৰ বিষয় হৈছে “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা।” সেয়েহে তাত উপস্থিত থাকিবলৈ আগতীয়াকৈ পৰিকল্পনা কৰক। এই বিষয়ে গীতমালা লিখকে এইদৰে কৈছে: “সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা।”—গীত. ৬৮:২৬.
[Box on page 3]
কাৰ্য্যক্ৰমৰ আৰম্ভ আৰু শেষ হোৱাৰ সময়
শুক্ৰবাৰ আৰু শনিবাৰ
ৰাতিপুৱা ৯:৩০ পৰা বিয়লি ৫:০০ বজালৈ।
দেওবাৰ
ৰাতিপুৱা ৯:৩০ পৰা বিয়লি ৪:০০ বজালৈ।