পৰিচৰ্য্যা সভাৰ তালিকা
জুন ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৮
১০ মি: স্থানীয় ঘোষণা। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। জুন ২৫ তাৰিখে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ আলোচনাৰ বাবে প্ৰস্তুত হৈ আহিবলৈ সকলোকে যিহোৱাৰ সাক্ষীসকলে নাজিৰ অত্যাচাৰতো বিশ্বাসত দৃঢ় হৈ থাকিল, নামৰ ভিডিঅটো চাবলৈ উৎসাহিত কৰক।
১৫ মি: “‘সৎকৰ্ম্ম কৰি থাকক।’” এজন প্ৰাচীনে শাস্ত্ৰৰ ওপৰত আধাৰিত কৰি এটা ভাষণ প্ৰস্তুত কৰে।
২০ মি: “বিদ্যাৰ্থীসকলৰ হৃদয়স্পৰ্ষ কৰক।”a নতুন ব্যক্তিসকলক যিহোৱা আৰু যীচুৰ বাবে বিশ্বাস আৰু প্ৰেম বৃদ্ধি কৰাত কিদৰে সহায় কৰিব পাৰে এই সম্পৰ্কে কাৰ্য্যকাৰী পৰামৰ্শ আগবঢ়াওক। জুলাই ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ, ১৪ পৃষ্ঠাৰ ১৮-২০ অনুচ্ছেদত দিয়া মুখ্য বিষয়বোৰক ব্যৱহাৰ কৰক।
গীত ১৮৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৪
৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১০ মি: তৰ্ক-বিতৰ্কক প্ৰতিৰোধ কৰা বিষয়ৰ সম্পৰ্কে শ্ৰোতাসকলৰ সৈতে আলোচনা। আপোনাৰ প্ৰচাৰৰ এলেকাত সন্মূখীন হোৱা প্ৰতিবাদৰ বিষয়ৰ সম্পৰ্কে ৰিজনিং কিতাপৰ ১৫-১৬ পৃষ্ঠাৰ পৰা লৈ ১৬-২০ পৃষ্ঠাত দিয়া “মন্তব্য” নামৰ লেখ খনৰ পৰা কিছুমান নিৰ্ব্বাচিত যুক্তি দাঙি ধৰক। শ্ৰোতাসকলক প্ৰশ্ন কৰক যে তেওঁলোকে ইয়াৰ কোনটো বিষয়ক ব্যৱহাৰ কৰি লাভৱান হৈছে আৰু কিয়।
১৫ মি: যুৱক-যুৱতীসকল—বুদ্ধিমানৰূপে নিজৰ কৰ্ম্মজীৱনৰ বাছনি কৰক। এই অংশটো হৈছে সেৱা সভাত হʼবলগীয়া তিনিটা খণ্ডৰ প্ৰথম ভাগ। এই ভাগটোত অতিৰিক্ত শিক্ষা গ্ৰহণ কৰাৰ সম্বন্ধে শাস্ত্ৰীয় যুক্তি দাঙি ধৰা হৈছে। কিছুমান যুৱক-যুৱতীয়ে তেওঁলোকৰ কৰ্ম্মজীৱনৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰে, যিয়ে তেওঁলোকৰ আধ্যাত্মিকতাত বেয়া প্ৰভাৱ পেলাই। এই ভাগটোক পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে আলোচনা কৰা যোগেদি প্ৰস্তুত কৰে। ডেকাসকলে ভৱিষ্যতৰ লক্ষ্যবিলাকৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা আৱশ্যক। বৰ্তমান সময়ত যদিও কিছুমানে অধিক ধন, সন্মান বা জীৱনত অধিক সুখ-বিলাস অৰ্জন কৰিবৰ বাবে নিজৰ লক্ষ্য ৰাখে, কিন্তু সেই পৰিয়ালটোৱে সেইবোৰৰ বিষয়ে বাইবেলে কি কৈছে এই সম্পৰ্কে বিবেচনা কৰে। (যুৱক-যুৱতীসকলে সুধা প্ৰশ্ন, ১৭৪-৫ পৃষ্ঠা; ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গ, আগষ্ট ১৫, ২১ পৃষ্ঠা আৰু ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ, ছেপ্তেম্বৰ ১, ১৯-২১ পৃষ্ঠাৰ ১-৩ আৰু ৫-৬ অনুচ্ছেদ চাওঁক।) যুৱক-যুৱতীসকলে স্বীকাৰ কৰে যে বুদ্ধিমানেৰে কৰ্ম্মজীৱনৰ বাছনি কৰা যোগেদি তেওঁলোকে ৰাজ্যৰ কাৰ্য্যসমূহক বৃদ্ধি কৰিবলৈ উত্তমৰূপে আধ্যাত্মিক লক্ষ্যসমূহত উপনীত হʼব পাৰে।
১৫ মি: “আপুনি নিৰুৎসাহৰ সৈতে সফলতাৰ সন্মূখীন হʼব পাৰে।” এজন প্ৰাচীনে ফেব্ৰুৱাৰী ১, ২০০১ চনৰ প্ৰহৰীদুৰ্গ ২০-২৩ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি ভাষণ প্ৰস্তুত কৰে।
গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২
১৫ মি: স্থানীয় ঘোষণাসমূহ। জুলাই আৰু আগষ্ট মাহত বিতৰণ কৰিবলগীয়া আলোচনীসমূহৰ বিষয়ে পুনৰ আলোচনা কৰক। বৰ্তমান সময়ত আপোনাৰ মণ্ডলীৰ ষ্টকত উপলব্ধ থকা দুখন ব্ৰচাৰৰ বিষয়ে উল্লেখ কৰক। প্ৰচাৰ ক্ষেত্ৰত সেই ব্ৰচাৰ কেইখনক কেনেকৈ বিতৰণ কৰিব এই বিষয়ে আগতীয়াকৈ তৈয়াৰ কৰা উপস্থাপন প্ৰস্তুত কৰক। এই সংক্ৰান্তত ১৯৯৫ চনৰ পৰা লৈ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা কেইখনৰ শেষৰ পৃষ্ঠা চাওঁক।
৩০ মি: “‘মই বিশ্বাসত দৃঢ় হৈ থাকিলোঁ! মই বিশ্বাসত দৃঢ় হৈ থাকিলোঁ! মই বিশ্বাসত দৃঢ় হৈ থাকিলোঁ!’” বিশ্বাসত দৃঢ় হৈ থকা নামৰ ভিডিঅখনৰ ওপৰত ভিত্তি কৰি শ্ৰোতাসকল সৈতে ২ অনুচ্ছেদত দিয়া প্ৰশ্নসমূহক আলোচনা কৰক। তাৰ পাছত ৩-৪ অনুচ্ছেদ আলোচনা কৰক। নবেম্বৰ ২২, ১৯৯৯ চনৰ সচেতন! ৩১ পৃষ্ঠাত দিয়া অনুভৱক বৰ্ণনা কৰি সমাপ্তি কৰক। আগষ্ট মাহত আন এটা ভিডিঅ প্ৰদৰ্শন কৰাৰ বাবে আশা কৰিছোঁ। সেই ভিডিঅ খনৰ নাম হৈছে নতুন জগতৰ সমাজে কাৰ্য্য কৰিছে।
গীত ২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫
১৩ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুন মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। “আপোনাৰ ব্যক্তিগত লাইব্ৰেৰীত সকলো বছৰৰ বাৰ্ষিক পুস্তক উপলব্ধ আছেনে?” বক্সত দিয়া বিষয়টোক আলোচনা কৰক। ১৯৯৭ চনৰ পৰা ২০০০ চনৰলৈকে বাৰ্ষিক পুস্তকত দিয়া অনুভৱবোৰক চমুকৈ উল্লেখ কৰি বুজাই দিয়ক যে এইবোৰ কিমান মূল্যৱান। সকলোকে কওঁক যে যিসকলৰ ব্যক্তিগত লাইব্ৰেৰীত এই বাৰ্ষিক পুস্তকবোৰ নাই তেওঁলোকে ইয়াৰ উপলব্ধৰ বিষয়ে ঘোষণা কৰা পাছত আৱেদন কৰিব পাৰে।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৭ মি: “আপোনাৰ প্ৰচাৰ এলেকাত কাণেৰে শুনাত অক্ষম ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰক।” সংস্থাই সকলো মণ্ডলীলৈ পঠোৱা অক্টোবৰ ১৫, ১৯৯৮ চনৰ চিঠিখনত দিয়া “যিসকলে আন ভাষা কয় তেনে ব্যক্তিসকলক বিচাৰি উলিয়াওক,” নামৰ বিষয়টোৰ পৰা আলোচনা কৰক। এপ্ৰিল ২২, ২০০১ চনৰ সচেতন! আলোচনাৰ ১৯-২৩ পৃষ্ঠাত দিয়া অনুভৱবোৰক চমুকৈ বৰ্ণনা কৰক।
গীত ৩২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnote]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।