ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • আগষ্ট ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

আগষ্ট ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩০

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। আগষ্ট ২৭ তাৰিখে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ আলোচনাৰ বাবে প্ৰস্তুত হৈ আহিবলৈ সকলোকে নতুন জগতৰ সমাজখন ক্ৰীয়াশীল, নামৰ ভিডিঅখন চাবলৈ উৎসাহিত কৰক।

১৭ মি: এপ্ৰিল মাহৰ সেৱা ৰিপৰ্ট। সেৱা ওভাৰচিয়াৰে ভাষণ আৰু সাক্ষাৎকাৰৰ দ্বাৰা এই ভাগটো প্ৰস্তুত কৰে। স্থানীয় মণ্ডলী আৰু আমাৰ দেশৰ প্ৰচাৰ কাৰ্য্যৰ এপ্ৰিল মাহত হোৱা গোটেই দেশ জুৰী আৰু স্থানীয় মণ্ডলীৰ ৰিপৰ্টৰ বিষয়ে মন্তব্য দিয়ক। যিসকল প্ৰচাৰকে সেই মাহত প্ৰচাৰ কাৰ্য্যত অতিৰিক্তভাৱে ভাগ লʼবলৈ প্ৰচেষ্টা কৰিলে তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। তেওঁলোকক কবলৈ কওঁক যে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে ভাগ লৈ কেনেকৈ আনন্দ লাভ কৰিলে আৰু লগতে সেই কাৰ্য্যত নিজকে ব্যস্ত ৰাখিবলৈ কি কৰিলে। ২০০১ চনৰ মাৰ্চ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰৰ ২৮-​৩০ অনুচ্ছেদ চাওঁক।

১৮ মি: “আপুনি ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিব বিচাৰে নে?”a আপোনাৰ এলেকাত লগ পোৱা ভিন্ন ভাষাৰ ব্যক্তিসকলক কেনেকৈ সাক্ষী দিব পাৰে এই বিষয়ে পৰামৰ্শ দাঙি ধৰক। জুন ১৫, ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গ ২৬-২৯ পৃষ্ঠাৰ পৰা চমুকৈ মন্তব্য দাঙি ধৰক।

গীত ৬৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৩

৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: “আপুনি এজন ‘কৌতুকৰ পাত্ৰ’!”b যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ সম্পৰ্কে স্থানীয় লোকসকলে দিয়া কিছুমান সঠিক মনোবৃত্তিৰ বিষয়ে মন্তব্য দাঙি ধৰক। প্ৰহৰীদুৰ্গ মাৰ্চ ১৫, ১৯৯৮ চনৰ ১০ পৃষ্ঠা আৰু জানুৱাৰী ১৫, ১৯৯৯ চনৰ ৩২ পৃষ্ঠা চাওঁক।

২২ মি: “সজ আচৰণ হৈছে ঈশ্বৰীয় লোকৰ এক উল্লেখনীয় গুণ।” এজন প্ৰাচীনে ১-৫ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি পাঁচ মিনিটৰ এটা ভাষণ দিয়ে। তাৰ পাছত তেওঁ মঞ্চত আন এজন প্ৰাচীন আৰু সহায়ক সেৱকৰ সৈতে আলোচনা কৰে। তেওঁলোকে আলোচনা কৰে যে, মণ্ডলীৰ সভাত লাভবান হোৱাৰ পৰা বঞ্চিত থকা কিছুমান বেয়া অভ্যাসক কেনেকৈ দূৰ কৰিব পাৰি। তদুপৰি তেওঁলোকে কিছুমান মুখ্য বিষয়ক দাঙি ধৰি কয় যে, আমি আনৰ প্ৰতি প্ৰেমময় বিবেচনা আৰু ইচ্ছুক হোৱাৰ দ্বাৰা কেনেকৈ এজনে আনজনৰ সৈতে সঙ্গতি কৰি উৎসাহিত হʼব পাৰোঁ।​—⁠ফিলি. ২:⁠৪.

গীত ৭২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪০

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুলাই মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ছেপ্টেম্বৰ মাহৰ প্ৰচাৰ কাৰ্য্যত সৃষ্টি কিতাপখন কেনেকৈ বিতৰণ কৰিব পাৰে, এই সম্পৰ্কে চমুকৈ এটা বা দুটা পৰামৰ্শ দিয়ক। জুন ১৯৯৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাত দিয়া উদাহৰণসমূহ চাওঁক।

১৫ মি: “আজৰি সময়ছোৱা অতিবাহিত কৰিবলৈ এক নিৰ্দ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰক।” এজন পুস্তক অধ্যয়নৰ পৰিচালকে পুস্তক অধ্যয়ন শেষ হোৱাৰ পাছত এহাল দম্পতীৰ সৈতে আলোচনা কৰে। তেওঁলোকে কিছুদিনৰ পৰা দেওবাৰে সভাত বা প্ৰচাৰ ক্ষেত্ৰত ভাগ নোলোৱাৰ বিষয়ে নম্ৰভাৱে প্ৰাচীনজনে উল্লেখ কৰে। সেই দম্পতী হালে কয় যে ছুটি নথকা আৰু আন আন কাৰ্য্যৰ বাবে তেওঁলোকে সভা বা প্ৰচাৰ কাৰ্য্যলৈ আহিব পৰা নাই। প্ৰাচীনজনে লেখখনৰ পৰা দম্পতী হালক বুজাই কয় যে তেওঁলোকে আধ্যাত্মিক বিষয়সমূহক প্ৰথম স্থান দিয়া আৱশ্যক। তেওঁলোকক তেনে উত্তম পৰামৰ্শ প্ৰদান কৰাৰ বাবে প্ৰাচীনজনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে ভৱিষ্যতে তেওঁলোকে আধ্যাত্মিক বিষয়সমূহক প্ৰথম স্থান দিব। অক্টোবৰ ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গ ১৯-২০ পৃষ্ঠা চাওঁক।

২০ মি: “নতুন জগতৰ সমাজখন ক্ৰীয়াশীল হৈ থকাৰ এক ঐতিহাসিক দৃষ্টিভঙ্গী।” শ্ৰোতাসকলৰ সৈতে প্ৰশ্ন আৰু উত্তৰৰ যোগেদি আলোচনা কৰক। তাৰ পাছত ১৯৫০ চনৰ অন্তৰাষ্ট্ৰীয় অধিবেশনত যিসকলে উপস্থিত হৈ সেই বোলছবিখন চাইছিল তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। তেওঁলোকক কʼবলৈ কওঁক যে সেই ঘটনাসমূহে ঈশ্বৰৰ সংগঠনৰ প্ৰতি দৃঢ় নিশ্চয়তা গঢ়ি তুলিবলৈ আধ্যাত্মিকৰূপে কেনেকৈ উৎসাহিত কৰিলে। অক্টোবৰ মাহত আমি আন এখন ভিডিঅৰ বিষয়ে আলোচনা কৰিম। সেই ভিডিঅখনৰ নাম হৈছে ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা সংগঠিত হোৱা।

গীত ৭৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮০

৮ মি: স্থানীয় ঘোষণাসমূহ।

১৭ মি: “খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰাটো কিমান গুৰুত্বপূৰ্ণ?”c জানুৱাৰী ১৫, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ ২২ পৃষ্ঠাত দিয়া “মণ্ডলীৰ যোগেদি” নামৰ উপশীৰ্ষটোৰ পৰা কিছুমান মন্তব্য দাঙি ধৰক।

২০ মি: যদি কোনোবাই কয়। আলোচনা আৰু প্ৰদৰ্শন। প্ৰচাৰ কাৰ্য্যত যদি কোনোবাই এনে কিছুমান বিষয়ৰ ওপৰত প্ৰশ্ন কৰে বা মন্তব্য দিয়ে যাৰ সৈতে আমি আগতীয়াকৈ অৱগত নহওঁ, তেনে অৱস্থাত আমি সেই বিষয়টোক সলনি নকৰাকৈ অথবা আলোচনা বন্ধ নকৰাকৈ তাৰ উত্তৰ দিবলৈ চেষ্টা কৰা আৱশ্যক। এই ক্ষেত্ৰত ৰিজনিং কিতাপখন প্ৰায়ে লাভজনক প্ৰমাণিত হৈছে। ৰিজনিং কিতাপখনৰ পৰা, সাধাৰণতে লোকসকলে কোৱা কিছুমান মন্তব্য দাঙি ধৰক আৰু ইয়াক ব্যৱহাৰ কৰি প্ৰচাৰকসকলে কেনেকৈ উত্তৰ দিব এই বিষয়ে প্ৰদৰ্শন কৰি দেখুৱাওক। উদাহৰণস্বৰূপে: ‘মই ঈশ্বৰক বিশ্বাস নকৰোঁ।’ (১৫০-১৫১ পৃষ্ঠা) ‘আপোনালোকে কিয় সমাজখনক উন্নতি কৰিবলৈ চেষ্টা নকৰে?’ (২০৭-২০৮ পৃষ্ঠা) ‘আপুনি যিয়ে গীৰ্জাৰে নহওঁক কিয়।’ (৩৩২ পৃষ্ঠা) প্ৰচাৰ ক্ষেত্ৰত হোৱা যি কোনো অপ্ৰত্যাশিত অৱস্থাৰ সৈতে সফলতাৰে সন্মূখীন হবলৈ সকলোকে ৰিজনিং কিতাপখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।

গীত ১২১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

c  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক