পৰিচৰ্য্যা সভাৰ তালিকা
অক্টোবৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৯
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। অক্টোবৰ ২২ তাৰিখে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ আলোচনাৰ বাবে প্ৰস্তুত হৈ আহিবলৈ সকলোকে ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা সংগঠিত, নামৰ ভিডিঅখন চাবলৈ উৎসাহিত কৰক। প্ৰথম পৃষ্ঠাত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি ভালদৰে তৈয়াৰী কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। প্ৰদৰ্শনৰ বাবে অক্টোবৰ ১ প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰক।
৩৫ মি: “উৎসৱৰ সময়ছোৱাত যিহোৱাক সন্মান কৰক।”a ৪ অনুচ্ছেদৰ ওপৰত আধাৰিত আৰু ৫, ৬ অনুচ্ছেদত দিয়া মুখ্য বিষয়সমূহ ব্যৱহাৰ কৰি চমুকৈ এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।
গীত ১৫১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১৩
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: আপোনাৰ “আজ্ঞাকাৰী হৃদয়” আছেনে? (১ ৰাজা. ৩:৯, NW) জুলাই ১৫, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ, ২৯-৩১ পৃষ্ঠাত দিয়া বিষয়টোৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ দ্বাৰা এই বিষয়টোক প্ৰস্তুত কৰক। তেওঁ আলোচনা কৰি কয় যে মণ্ডলীৰ সৈতে কাৰ্য্য কৰি আমি কেনেকৈ আজ্ঞাকাৰী হৃদয় বিকাশিত কৰিব পাৰোঁ।
২০ মি: আমাৰ আলোচনীসমূহক সফলতাৰে ব্যৱহাৰ কৰক। স্থানীয় মণ্ডলীৰ প্ৰচাৰকসকলে বিতৰণ কৰা আলোচনীৰ কথা মনত ৰাখি সেৱা অধ্যক্ষ আৰু আলোচনী চোৱা-চিতা কৰা ভায়ে আলোচনা কৰে। তেওঁলোকে উল্লেখ কৰি কয় যে মাহটোত মণ্ডলীয়ে কিমান আলোচনী সংস্থাৰ পৰা প্ৰাপ্ত কৰে আৰু প্ৰচাৰ ক্ষেত্ৰত কিমান আলোচনী বিতৰণ কৰাৰ ৰিপৰ্ট কৰা হয়। বাস্তৱতে বেচি সংখ্যাত আলোচনীসমূহ জমা হয় বা পেলাই দিয়া হয়। প্ৰচাৰকসকলে এই আলোচনীসমূহক কেনেকৈ উত্তমৰূপে ব্যৱহাৰ কৰিব পাৰে? ভাইসকলে অক্টোবৰ ৪, ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ “আলোচনীৰ প্ৰতি জাগ্ৰত হওঁক!” নামৰ সেৱা সভা ভাগটোৰ পৰা সাতটা মুখ্য বিষয়ক আলোচনা কৰে। তেওঁলোকে ফেব্ৰুৱাৰী ১৫, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ ২৮-২৯ পৃষ্ঠাত দিয়া অভিজ্ঞতাটোক বিবেচনা কৰি তাত দিয়া পৰামৰ্শসমূহ কেনেকৈ স্থানীয়ভাৱে ব্যৱাহৰ কৰিব পাৰে এই বিষয়ে কিছুমান পদ্ধতি দাঙি ধৰে। সকলোকে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া বিবৰণীক ব্যৱহাৰ কৰি সৰলভাৱে উপস্থাপন প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰা হৈছে।
গীত ১৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২০
১০ মি: স্থানীয় ঘোষণাসমূহ। প্ৰথম পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে অক্টোবৰ ১ প্ৰহৰীবুৰুজ ব্যৱহাৰ কৰি চমুকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক।
১০ মি: আপুনি কিদৰে উত্তৰ দিব? শাস্ত্ৰপদৰ পৰা যুক্তি প্ৰদৰ্শন কৰা (ইংৰাজী) ২০৪-২০৫ পৃষ্ঠাত দিয়া “যিহোৱাৰ সাক্ষীসকলে বাইবেলখনৰ বিষয়সমূহক কেনেকৈ বৰ্ণনা কৰে?” নামৰ বিষয়টোক উল্লেখ কৰি কওঁক যে সেই উল্লেখত এই প্ৰশ্নসমূহৰ স্পষ্টৰূপে উত্তৰ দিয়া হৈছে। সেই প্ৰশ্নসমূহক পুনৰ সাক্ষ্যাতত ব্যৱহাৰ কৰি ভালদৰে তৈয়াৰী কৰা এটা উপস্থাপন প্ৰস্তুত কৰক আৰু শেষত সেই ব্যক্তিজনক মণ্ডলীৰ সভালৈ আহিবলৈ আমন্ত্ৰণ জনাওঁক।
২৫ মি: “এক প্ৰকৃত ভাতৃত্ব ঐক্যতাৰ অৰ্থে—ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা সংগঠিত।” শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰথম আৰু শেষৰ অনুচ্ছেদক পৰিচয়ৰ বাবে ব্যৱহাৰ কৰি ভাগটোক সমাপ্ত কৰক। সেই ভিডিঅখনৰ সম্পৰ্কে দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি এনেদৰে আলোচনা কৰক যিয়ে, শ্ৰোতাসকলৰ হৃদয় স্পৰ্ষ কৰিব। যদি মণ্ডলীৰ কোনোবাই আন দেশৰ অধিবেশনত উপস্থিত হৈছে, তেনেহʼলে অন্তৰাষ্ট্ৰীয় ভাতৃতৰ ঐক্যতা আৰু আমাৰ সংগঠনৰ সম্পৰ্কে কেনে অভিজ্ঞতা হʼল এই বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক। অন্যথা ১৯৯৪ চনৰ বাৰ্ষিক পুস্তকʼৰ ৭-৯ পৃষ্ঠা আৰু ১৯৯৫ চনৰ বাৰ্ষিক পুস্তকʼৰ ৮-১১ পৃষ্ঠাত দিয়া হৃদয়স্পৰ্ষী অভিজ্ঞতাসমূহক দাঙি ধৰক। ডিচেম্বৰ মাহত আমি এই পৃথিৱীখনৰ শেষ অৱস্থা নামৰ আন এখন ভিডিঅৰ বিষয়ে আলোচনা কৰিম।
গীত ৪৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৪
১২ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক অক্টোবৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। নবেম্বৰ মাহত সাহিত্য বিতৰণৰ বাবে বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন ব্যৱহাৰ কৰা হʼব। চমুকৈ দুটা প্ৰদৰ্শন কৰি এইদৰে কওঁক: “আজি আৰ্থিক অৱস্থা বেয়ালৈ ঢ়াল খোৱাৰ কাৰণে বহুতৰে বাবে জীৱন নিৰ্বাহ কৰাটো কঠিন হৈ পৰিছে। আপুনি ভাবেনে যে মানৱ চৰকাৰে এই সমস্যা সমাধান কৰিব, যিটো সকলোৰে বাবে লাভজন প্ৰমাণিত হʼব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] এই বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে তাক মই কʼব বিচাৰিছোঁ, যিটো অতি উৎসাহজনক।” গীতমালা ৭২:১২-১৪ পদটো পঢ়ক। তাৰ পাছত বিচাৰে ব্ৰচাৰখন বা জ্ঞান কিতাপখন গৃহস্থক দি আলোচনীখনৰ পৰা এটা উপযুক্ত মন্তব্য দাঙি ধৰক।
১৫ মি: স্থানীয় আৱশ্যকসমূহ
১৮ মি: “আপুনি কিমান ভালকৈ আধ্যাত্মিক আহাৰ গ্ৰহণ কৰে?”b এপ্ৰিল ১৫, ১৯৯৭ চনৰ প্ৰহৰীবুৰুজʼৰ পৰা অতিৰিক্ত মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। বৰ্ণনা কৰি কওঁক যে কিয় আৰু কেনেকৈ আমি আমাৰ আধ্যাত্মিক আহাৰ নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত।
গীত ১৮১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৭
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৮ মি: এটা পৰিয়ালে সভাৰ বাবে তৈয়াৰী কৰে। ঘৰখনৰ মুখীয়ালজনে নিজৰ পৰিয়ালটোৰ সৈতে আলোচনা কৰে যে তেওঁলোকে তৈয়াৰী কৰি সভাত কেনেকৈ উত্তমৰূপে অংশ গ্ৰহণ কৰিব পাৰে। জুলাই ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ ১৯-২০ পৃষ্ঠাৰ ৯ অনুচ্ছেদত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি সপ্তাহটোত হʼবলগীয়া প্ৰহৰীবুৰুজ অধ্যয়নত কেনেকৈ মন্তব্য দিব পাৰে এই বিষয়ে তৈয়াৰী কৰে। (১) পৰিয়ালৰ সদস্যই মন্তব্য দিব বিচৰা এটা বা দুটা প্ৰশ্নৰ বাছনি কৰে। (২) বিশেষ অনুচ্ছেদবোৰ আলোচনা কৰাৰ পাছত, তেওঁলোকে নিজৰ ভাষাত মন্তব্য দিবলৈ তৈয়াৰী কৰে। (৩) তেওঁলোকে মুখ্য শাস্ত্ৰৰ পদ বাছি লৈ আলোচনা কৰে যে কেনেকৈ সেই পদটো বিষয়টোৰ সৈতে সম্পৰ্ক আছে আৰু কেনেকৈ ব্যৱহাৰিকৰূপে প্ৰয়োগ কৰিব পাৰে তাৰ পৰিকল্পনা কৰে। সকলোৱে সভাত ভাগ লʼবলৈ ইচ্ছুক।
১৭ মি: “বাইবেল অধ্যয়ন পৰিচলনা কৰাৰ কি লক্ষ্য হোৱা উচিত?”c বিদ্যাৰ্থীসকলক মণ্ডলীৰ সভাত উপস্থিত হৈ লাভবান হোৱাৰ গুৰুত্বতাক বুজিবলৈ তেওঁলোকক সহায় কৰক। জ্ঞান কিতাপৰ ১৭ অধ্যায়ৰ ৬-৮ অনুচ্ছেদত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি ভালকৈ তৈয়াৰী কৰা উপস্থাপন প্ৰস্তুত কৰক।
গীত ১৮৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।