ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • নবেম্বৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

নবেম্বৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭৯

৮ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৭ মি: ৰিজনিং কিতাপখনৰ বৈশিষ্টসমূহ। শ্ৰোতাসকলৰ সৈতে আলোচনা। এই কিতপখনৰ বিভিন্ন বৈশিষ্টতাসমূহক বাইবেল শিক্ষাসমূহক বৰ্ণনা কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে তলত দিয়া উদাহৰণটোক বিবেচনা কৰক: ব্যাখ্যাসমূহ, যেনে, “ৰাজ্য” (২২৫-২২৬ পৃষ্ঠা) বা “আত্মা” (৩৮০ পৃষ্ঠা); বাইবেলখনৰ বিভিন্ন অনুবাদত যিহোৱাৰ নাম ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ (১৯১-১৯৩ পৃষ্ঠা) বা নৰকৰ বিষয়ে সত্যতা (১৬৯-১৭০); তালিকাসমূহ, বিশ্বাস যিবোৰে আমাক আন ধৰ্ম্মসমূহৰ পৰা পৃথকে ৰাখে (১৯৯-২০১ পৃষ্ঠা) বা কেনেকৈ এজন ব্যক্তিয়ে জানিব পাৰে যে কোনটো ধৰ্ম্ম সত্য (৩২৮-৩৩০ পৃষ্ঠা); খ্ৰীষ্টমাচৰ আৰম্ভণিৰ সম্পৰ্কে থকা ঐতিসাহিক পৃষ্ঠভূমি (১৭৬-১৭৮ পৃষ্ঠা) বা প্ৰাচীন খ্ৰীষ্টানসকলে বজাই ৰখা নিৰপেক্ষতা (২৭৩-২৭৫); সৃষ্টিৰ বৈজ্ঞানিক প্ৰমাণসমূহ (৮৫-৮৬ পৃষ্ঠা) বা কওঁক যে ধঁপাত আৰু ধুমপান ব্যৱহাৰ কৰাটো হানিকাৰক (১০৮-১১১ পৃষ্ঠা)। প্ৰচাৰ ক্ষেত্ৰত এই ব্যৱহাৰিক কিতাপখনক ব্যৱহাৰ কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।

২০ মি: “যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি​—⁠ভাগ ১.”a যেতিয়া ৩-৬ অনুচ্ছেদৰ পৰা আলোচনা কৰা হয়, তেতিয়া মণ্ডলীৰ সকলোকে ঘৰে-ঘৰে কৰা প্ৰচাৰ, ৰাস্তা-ঘাটত দিয়া সাক্ষী, পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নত হোৱা অভিজ্ঞতাৰ বিষয়ে কবলৈ আমন্ত্ৰণ কৰক।

গীত ২০০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭২

৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২২ মি: “আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰক।”b এজন প্ৰাচীনে, বিগত সেৱা বছৰত হৈ যোৱা এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয়সমূহক সক্ৰিয়ভাৱে পুনৰ আলোচনা কৰে।

গীত ১৯৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭৭

১৫ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে নবেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। প্ৰথম পৃষ্ঠাত দিয়া “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” নামৰ বিষয়টোত দিয়া পৰামৰ্শ অনুসৰি নবেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখনৰ ওপৰত আধাৰিত কৰি ভালদৰে তৈয়াৰী কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। তাৰ পাছত সৰ্বশ্ৰেষ্ঠ মানৱ বা ডিচেম্বৰ মাহত দিবলগীয়া বিকল্প আলোচনীৰ বিতৰণ কৰাৰ সময়ত কʼবলগীয়া বাক্যশাৰীৰ উপস্থাপন কেনেকৈ বিচাৰি পাব এই বিষয়ে বৰ্ণনা কৰক। ৱাচ্‌ টাৱাৰ প্লাবিকেশ্বন ইনডেক্সʼৰ অন্তৰ্গত দিয়া “প্ৰেজেনটেশ্বন” আৰু মাজৰ শিৰোনামত দিয়া “লিষ্ট বাই প্লাবিকেশ্বনʼত” অনুগ্ৰহ কৰি চাওঁক। এটা বা দুটা উদাহৰণ দাঙি ধৰক।

১৫ মি: “মই কিদৰে সময় উলিয়াব পাৰোঁ?” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। অক্টোবৰ ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ২০-২১ পৃষ্ঠাত দিয়া “কিছুমানে অধ্যয়ন কৰিবলৈ কেনেকৈ সময় উলিয়াইছে,” নামৰ শিৰোনামাটোৰ পৰা মুখ্য বিষয়সমূহক চামিল কৰক। শ্ৰোতাসকলক কʼবলৈ কওঁক যে তেওঁলোকে ব্যৱহাৰিকৰূপে কেনেকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাবে অনাৱশ্যকীয় বিষয়সমূহক ত্যাগ কৰি সময় উলিয়াইছিল। ব্যক্তিগত, পৰিয়াল অধ্যয়ন, মণ্ডলীৰ সভা, পৰিচৰ্য্যা কাৰ্য্য আৰু নিতৌ বাইবেল পঢ়িবলৈ তালিকা বনোৱাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰক।

১৫ মি: সৰু লʼৰা-ছোৱালীয়ে যিহোৱাক স্তুতি কৰে। শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰায়ভাগ মণ্ডলীত বহুতো কম বয়সীয়া ব্যক্তিয়ে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো দেখা যায়। যদিও কম বয়সীয়া লʼৰা-ছোৱালীয়ে বেছিভাগ সময়ত বয়সস্থ লোকহে শুভবাৰ্ত্তাৰ বিষয়ে কয়, তথাপিও তেওঁলোকে এই কাৰ্য্যত ভাগ লোৱাটো যুক্তিসঙ্গত। (গীত. ১৪৮:⁠১২, ১৩; মথি ২১:⁠১৫, ১৬) যেতিয়া পিতৃ-মাতৃ আৰু আন বয়সস্থ প্ৰচাৰকসকলে তেনে কম বয়সীয়া লোকক প্ৰশিক্ষণ দিয়াত ইচ্ছুক হয়, তেতিয়া এই সৰু সৰু লʼৰা-ছোৱালীয়ে প্ৰচাৰ ক্ষেত্ৰত অধিক আনন্দ লাভ কৰে। কম বয়সীয়া লʼৰা-ছোৱালীক ঘৰে-ঘৰে প্ৰচাৰ আৰু পুনৰ সাক্ষাৎ কাৰ্য্যত জড়িত কৰিবলৈ শ্ৰোতাসকলক ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াবলৈ আমন্ত্ৰণ কৰক। পিতৃ-মাতৃক কʼবলৈ কওঁক যে তেওঁলোকৰ কম বয়সীয়া লʼৰা-ছোৱালীয়ে কেনেকৈ আলোচনী বিতৰণ, প্ৰচাৰ কাৰ্য্যত বাইবেল ব্যৱহাৰ আৰু ঘৰে-ঘৰে দৃঢ় বিশ্বাসেৰে প্ৰচাৰ কৰিবলৈ শিকিলে। লʼৰা-ছোৱালীয়ে কৰা কাৰ্য্যৰ বাবে তেওঁলোকক প্ৰশংসা কৰাৰ দ্বাৰা হোৱা লাভবানৰ বিষয়ে জোৰ দি উল্লেখ কৰক। এজন বা দুজন কম বয়সীয়া প্ৰচাৰকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি কবলৈ কওঁক যে তেওঁলোকে কেনেকৈ আৰু কিয় প্ৰচাৰ কাৰ্য্যত আনন্দ লাভ কৰিছে।

গীত ১৯৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭০

১০ মি: স্থানীয় ঘোষণাসমূহ। প্ৰশ্ন বক্সত দিয়া বিষয়টো পুনৰ নিৰীক্ষণ কৰক।

১৫ মি: “শক্তিৰ বাবে যিহোৱাত ভাৰসা ৰাখক।”c অক্টোবৰ ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ১৮-১৯ পৃষ্ঠা, ৬-৮ অনুচ্ছেদত দিয়া মন্তব্যটোক চমুকৈ বৰ্ণনা কৰক।

২০ মি: “বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমাৰ ওচৰত এটা নতুন সঁজুলি আছে!” সেৱা অধ্যক্ষই শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। উপস্থিত থকা লোকসকলৰ আসন ব্যৱস্থা কৰা ভাইসকলে সকলোকে বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ নতুন ট্ৰেক্টখন বিতৰণ কৰিব। প্ৰথম পৃষ্ঠাৰ বক্সত দিয়া “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” বিষয়টো পৰামৰ্শ ব্যৱহাৰ কৰি নবেম্বৰ ১ প্ৰহৰীবুৰুজʼৰ ওপৰত আধাৰিত কৰি ভালদৰে তৈয়াৰী কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। দুয়োটা প্ৰদৰ্শনতে প্ৰচাৰকে বাইবেলখনৰ বিষয়ে নামৰ ট্ৰেক্টখন গৃহস্থক দিয়ে। প্ৰথমটো প্ৰদৰ্শনত গৃহস্থই আলোচনী স্বীকাৰ নকৰে আৰু দ্বিতীয়টোত গৃহস্থই আলোচনী গ্ৰহণ কৰে। প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা সকলোকে এই ট্ৰেক্টখন দিবলৈ উৎসাহিত কৰক।

গীত ১৯১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

c  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক