পৰিচৰ্য্যা সভাৰ তালিকা
অক্টোবৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। অক্টোবৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সেৱা সভাত কৰিবলগীয়া আলোচনাৰ বাবে প্ৰস্তুত হʼবলৈ সকলোকে গণনা পুস্তক ২৫ অধ্যায় আৰু ইনচাইট্, ২ খণ্ড, ৪১৯ পৃষ্ঠা, ৩-৫ অনুচ্ছেদ পঢ়ি আৰু আমাৰ দিনৰ বাবে এক সাৱধানবাণীযুক্ত উদাহৰণ নামৰ ভিডিঅʼখন চাবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক।) আৰু অক্টোবৰ ২২ সচেতন! বিতৰণ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত “আপোনালোকে কৰা কামৰ বিষয়ে মই ভালদৰে জানো” বুলি কোৱা লোকসকলৰ কথোপকথনক প্ৰতিৰোধ কৰি প্ৰদৰ্শন কৰক।—ৰীজনিং কিতাপৰ ২০ পৃষ্ঠাত চাওক।
১৫ মি: একজনক পিতৃ আৰু মাতৃসকলে সম্মুখীন হোৱা সমস্যাসমূহ। এজন প্ৰাচীনে এজন বা দুজন একজনক পিতৃ বা মাতৃক (যিসকলৰ বৈবাহিক সঙ্গী সাক্ষী নহয়) সাক্ষাৎকাৰ গ্ৰহণ কৰি সোধে যে কেনেকৈ তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ, অনুশাসন আৰু আধ্যাত্মিক পথ-প্ৰদৰ্শন দিওঁতে উৎপন্ন হোৱা সমস্যাসমূহত সফলতাৰে সম্মুখীন হৈছে। তদুপৰি তেওঁলোকে কেনেকৈ পৰিয়ালৰ দায়িত্ববোৰ পালন কৰিছে, সভা আৰু প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লৈছে? পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখনৰ ১০৪-১০ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ উল্লেখ কৰক। ১১৩-১৫ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক ব্যৱহাৰিকৰূপে উল্লেখ কৰক যাতে আনসকলে তাৰ পৰা সহায় লাভ কৰিব পাৰে।
২০ মি: “মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষসকলে কেনেকৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰিব পাৰে।” এজন মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষই এই ভাগটোক প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰে। তেওঁ কেনেকৈ পুস্তক অধ্যয়ন ব্যৱস্থা আৰম্ভ হʼল তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰি এই ভাগটোৰ পৰিচয় দিয়ে। (jv ২৩৭ অনু. ৪) দুজন বা তিনিজন প্ৰকাশকে ব্যক্তিগতৰূপে মণ্ডলীৰ পুস্তক অধ্যয়নৰ জড়িয়তে কেনেকৈ লাভবান হʼল তাৰ বিষয়ে কʼবলৈ আগতীয়াকৈ প্ৰবন্ধ কৰক।
গীত ৬৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৬
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট।
৩৫ মি: “ভিন্ন ভাষা কোৱা এলেকাসমূহত শিষ্য বনোৱা।” এই ভাগটো সেৱা অধ্যক্ষই শ্ৰোতাসকলৰ সৈতে ভাষণ আৰু আলোচনাৰূপে পৰিচালনা কৰে। ৮ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত দুজন প্ৰকাশকে প্ৰদৰ্শন কৰি দেখুৱাই যে কেনেকৈ এটা অগ্ৰগতি কৰা বাইবেল অধ্যয়ন, মণ্ডলীত বিদ্যাৰ্থীজনে কোৱা একেই ভাষাৰ আন এজন প্ৰকাশকৰ হাতত গতাই দিয়ে। স্থানীয় পৰিস্থিতিৰ অনুসাৰে চমুকৈ বৰ্ণনা কৰি কওক যে মণ্ডলীত আৰু প্ৰচাৰ এলেকাত যিসকলে আন ভাষাত কথা পাতে তেওঁলোকক সহায় কৰিবলৈ কি প্ৰবন্ধ কৰা হৈছে।
গীত ১৯৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১০
৮ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে অহা সপ্তাহৰ সেৱা সভাত আলোচনা হʼবলগীয়া এদিনীয়া বিশেষ সন্মিলনৰ পৰা তেওঁলোকে টোকি ৰখা সন্মিলনৰ বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰি আহিবলৈ উৎসাহিত কৰক। অক্টোবৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলো প্ৰকাশকক সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি এগৰাকী ভনীয়ে প্ৰদৰ্শন কৰি দেখুৱাই যে তেওঁ কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন প্ৰস্তুত কৰক।) আৰু আনটোত এজন ভায়ে নবেম্বৰ ৮ সচেতন! আলোচনীখন প্ৰস্তুত কৰে। প্ৰত্যেকটো উপস্থাপনৰ পিছত চমুকৈ প্ৰদৰ্শনত দেখুৱা কাৰ্য্যকাৰী দিশটোৰ বিষয়ে উল্লেখ কৰক।
১২ মি: স্কুলত সত্য উপাসনাৰ সম্বন্ধে পদক্ষেপ লোৱা। স্কুলত পঢ়ি থকা এজন বা দুজন প্ৰকাশকক সাক্ষাৎকাৰ গ্ৰহণ কৰক যিসকলে সত্যত নথকা সঙ্গীসকলৰ সৈতে সীমিত সঙ্গতি কৰাৰ আৱশ্যকতাৰ বিষয়ে বুজি পায়। জাতিয় উৎসৱ, স্কুলত হোৱা নিত্য আৰু সভা, বেয়া অভ্যাসবোৰত ভাগ নলবলৈ তেওঁলোকে কেনেকৈ নিজকে প্ৰস্তুত কৰিলে? তেওঁলোকে স্কুলত সাক্ষী দিবলৈ পৰিকল্পনা কৰাৰ বিষয়ে দিয়া মন্তব্য সন্মিলিত কৰক।
২৫ মি: “আমাৰ দিনৰ বাবে এক সাৱধানবাণীযুক্ত উদাহৰণ প্ৰতি মনোযোগ দিবলৈ আগ্ৰহ কৰা হʼল।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত সীমিত পৰিচয় দি শ্ৰোতাসকলৰ সৈতে লেখটোত দিয়া প্ৰত্যেকটো প্ৰশ্নৰ আলোচনা কৰক। ডিচেম্বৰ মাহত তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ আন এখন ভিডিঅ চলচিত্ৰ প্ৰস্তুত কৰা হʼব।
গীত ৪১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবেম্বৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬৬
১০ মি: স্থানীয় ঘোষণাসমূহ। জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনত বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন গৃহস্থক দিয়াৰ সম্পৰ্কে প্ৰস্তুত কৰা উপস্থাপনটোৰ কিছুমান পৰামৰ্শ চমুকৈ উল্লেখ কৰক। তাৰে এটা উপস্থাপন শ্ৰোতাসকলৰ সম্মুখত প্ৰস্তুত কৰক।
১৩ মি: শুভবাৰ্ত্তাত মই লাজ নাপাওঁ। (ৰোমী. ১:১৬) এজন কিশোৰ বা কিশোৰীয়ে এটা সমস্যা লৈ নিজ পিতৃৰ কাষ চাপে। সেই কিশোৰ বা কিশোৰীয়ে নিজৰ সহপাঠীসকলে তেওঁ বা তাইক ঠাট্টা কৰিব বুলি ভয় কৰি নিজকে যিহোৱাৰ সাক্ষীৰূপে পৰিচয় দিবলৈ অনিচ্ছুক হয়। পিতৃজনে সেই বিষয়ত সন্তানৰ সাধুতা দেখি প্ৰশংসা কৰে। তাৰ পিছত তেওঁ বৰ্ণনা কৰি কয় যে এসময়ত পিতৰে সমকক্ষৰ হেঁচাত পৰি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। (মথি ২৬:৬৯-৭৪) দেউতাকে সন্তানক এইদৰে এটা পৰামৰ্শ দিয়ে: আমি প্ৰকৃত খ্ৰীষ্টানৰূপে নিজকে পৰিচয় দিবলৈ কেতিয়াও লাজ কৰা উচিত নহয়। (মাৰ্ক ৮:৩৮) গতিকে স্কুলত তুমি নিজকে এজন সাক্ষীৰূপে পৰিচয় দিলে বহুতো ক্ষেত্ৰত সুবিধাজনক হʼব। কিয়নো যেতিয়া তেনে পৰিচয় দিয়া হয় তেতিয়া বহুতো শিক্ষক-শিক্ষয়ত্ৰীয়ে তোমাৰ বিশ্বাসক সন্মান কৰি বাইবেল বিৰোধী কাৰ্য্যত সন্মিলিত কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিব। তদুপৰি সিদ্ধান্তত নচলা কিশোৰ-কিশোৰীয়েও দুষ্টকৰ্মত অন্তৰ্ভূক্ত কৰিবলৈ হেঁচা নিদিব পাৰে। ইয়াৰ উপৰিও আন সহপাঠীসকলে স্পষ্টকৈ বুজি পাব যে তুমি মিলনচুক্তি, পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নোহোৱা খেল-ধেমালী বা স্কুল শেষ হোৱাৰ পিছৰ কাৰ্য্যবোৰত কিয় ভাগ নোলোৱা। যদি সময়ে অনুমতি দিয়ে তেনেহʼলে পিতৃ আৰু কিশোৰ বা কিশোৰীয়ে যুৱক যুৱতীসকলে সোধে, কিতাপখনৰ ৩১৫-১৮ পৃষ্ঠাত দিয়া “ঈশ্বৰৰ সৈতে থকা বন্ধুতাৰ বিষয়ে ৰাজহুৱাকৈ জনোৱা” নামৰ শিৰোনামাটো আলোচনা কৰে। শেষত কিশোৰ বা কিশোৰীয়ে তেনে উত্তম পৰামৰ্শৰ বাবে দেউতাকক আন্তৰিক ধন্যবাদ দিয়ে।
২২ মি: তোমালোকে ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু চয়তানক প্ৰতিৰোধ কৰা। (যাকো. ৪:৭) ইয়াত উল্লেখ কৰা প্ৰশ্নবোৰ ব্যৱহাৰ কৰি এজন প্ৰাচীনে বিগত সেৱা বছৰত হৈ যোৱা এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয়বোৰক প্ৰাণৱন্তভাৱে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। শ্ৰোতাসকলে কেনেকৈ তেওঁলোকে শিকা বিষয়বোৰক ব্যৱহাৰ কৰিলে তাৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক। (এই ভাগটোৰ বাবে আগতীয়াকৈ কোনো ভাই বা ভনীক নিযুক্তি কৰিব পাৰে।) তলত দিয়া অনুসাৰে সন্মিলনৰ কাৰ্য্যক্ৰমবোৰৰ মুখ্য বিষয়বোৰ দাঙি ধৰক: (১) “জগতৰ দাসত্ব বন্ধনত থাকি ঈশ্বৰৰ বশীভূত হোৱা।” আমি জগতৰ ফান্দবোৰৰ পৰা আঁতৰি থাকিবলৈ কিয় সতৰ্ক হোৱা উচিত? (২) “পৰিয়ালৰ সদস্যৰূপে ঈশ্বৰৰ অধীনস্থ প্ৰকাশ কৰা।” যিহোৱাৰ সংগঠনৰ পৰিয়াল বন্ধনক দৃঢ় কৰাটো কিয় এটা অতি আৱশ্যকীয় বিষয়? ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? (৩) “নতুকৈ হোৱা শিষ্যসকলক যিহোৱাৰ পক্ষ লৈ শক্তিশালী হʼবলৈ সহায় কৰক।” তেনে ব্যক্তিসকলৰ বিশ্বাস পৰীক্ষিত হোৱাৰ সময়ত বাধাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ? (৪) “চয়তানক প্ৰতিৰোধ কৰাৰ অৰ্থ কি।” চয়তানক দৃঢ়ভাৱে প্ৰতিৰোধ কৰাৰ মুখ্য চাবি কি? আমাৰ ৰক্ষাৰ অৰ্থে ইফিচীয়া ৬:১১-১৮ পদত কেনেকৈ আধ্যাত্মিক কবচৰ বৰ্ণনা কৰা হৈছে? (w৯২ ৫/১৫ ২১-৩) (৫) “ডেকাসকলে সফলতাৰে দুষ্ট ব্যক্তিজনক বিৰোধ কৰে” আৰু “ডেকাসকলে ঈশ্বৰৰ বশীভূত হৈ লাভবান হয়।” ডেকাসকলে চয়তানৰ কেনেবোৰ কিটিপৰ পৰা নিজকে ৰক্ষা কৰা উচিত? যিহোৱাৰ বশীভূত হৈ ডেকাসকলে কেনে আশীৰ্ব্বাদ লাভ কৰিছে? (w৯০ ৮/১ ১৩-১৪, অনু. ১৫-১৭) (৬) “ঈশ্বৰৰ অধীনস্থ হৈ লাভবান হোৱা।” বৰ্ণনা কৰক যে প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ চৰকাৰৰ অধীন, চাকৰি, পৰিয়াল আৰু খ্ৰীষ্টান মণ্ডলীত অধীনস্থ হোৱাৰ প্ৰমাণ দিব পাৰে। অধীনস্থ হʼবলৈ কেনেবোৰ গুণে আমাক সহায় কৰিব পাৰে?
গীত ১৮৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।