ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৩ পৃষ্ঠা ১
  • “দীপ্তিস্বৰূপ প্ৰকাশ” পোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “দীপ্তিস্বৰূপ প্ৰকাশ” পোৱা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘তোমালোকৰ পোহৰ প্ৰকাশিত হওঁক’
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৩ পৃষ্ঠা ১

“দীপ্তিস্বৰূপ প্ৰকাশ” পোৱা

১ বৰ্তমান নৈতিকৰূপে অন্ধকাৰৰ জগতখনত প্ৰায় ৬০ কোটিজন যিহোৱা ঈশ্বৰৰ উপাসকে গোটেই বিশ্বৰ ২৩৪ খন দেশত “দীপ্তিস্বৰূপ প্ৰকাশ” পাইছে। (ফিলি. ২:⁠১৪) ইয়াৰ বাবে আমি সহজে আনৰ চকুত পৰোঁ। যিহোৱাৰ পৰা নিৰ্গত হোৱা সত্যতাৰ এই মূল্যৱান দীপ্তিক আমি কেনেকৈ প্ৰতিফলিত কৰিব পাৰোঁ?​—⁠২ কৰি. ৩:⁠১৮.

২ আমাৰ আচাৰ-ব্যৱহাৰ: আমি কৰা আচাৰ-ব্যৱহাৰ সহজে লোকসকলৰ দৃষ্টিত পৰে। (১ পিত. ২:⁠১২) এগৰাকী মহিলাই লক্ষ্য কৰিব পাৰিছিল যে যিহোৱাৰ সাক্ষী হোৱা তাইৰ এজন সহকৰ্ম্মী দয়ালু আৰু সহায়কাৰী আৰু কোনো বেয়া কথা বা বেয়া কৌতুক নকয়। ইয়াৰ উপৰিও যেতিয়া আন লোকে সাক্ষী ভাইজনক উত্তেজিত কৰিবলৈ তেওঁৰ উপস্থিতিত বেয়া কথা কৈছিল তেতিয়াও তেওঁ শান্ত আৰু যি সঠিক তাত দৃঢ় হৈ আছিল। সেই মহিলা গৰাকীৰ ওপৰত কেনে প্ৰভাৱ পৰিলে? সেই মহিলা গৰাকীয়ে এইদৰে কৈছে: “মই তেওঁৰ আচাৰ-ব্যৱহাৰত ইমানেই প্ৰভাৱিত হলোঁ যে মই তেওঁক বাইবেলৰ বিষয়ে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলোঁ। মই ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু পিছত বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হৈ পৰিলোঁ।” আগলৈ সেই মহিলা অৰ্থাৎ ভনী গৰাকীয়ে এইদৰে কৈছে: “আচাৰ-ব্যৱহাৰেই মোক যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাসৰ বিষয়ে পৰীক্ষা কৰিবলৈ প্ৰত্যয় জন্মালে।”

৩ চৰকাৰী অধিকাৰীসকলৰ প্ৰতি থকা আমাৰ মনোবৃত্তি, জগতে অভ্যাস কৰা কাৰ্য্যবোৰৰ প্ৰতি আমাৰ দৃষ্টিকোণ আৰু যিহোৱাৰ সাক্ষীসকলে উচ্চ বাইবেল স্তৰৰ অনুসাৰে জীৱন-যাপন কৰা কাৰ্য্যৰ বাবে আমি সহজে লোকসকলৰ চকুত পৰোঁ। এনে উত্তম কাৰ্য্যই যিহোৱালৈ মহিমা কঢ়িয়াই আনে আৰু লোকসকলক তেওঁৰ উপাসনা কৰিবলৈ আকৰ্ষিত কৰে।

৪ আমাৰ কথা-বতৰা: যিসকলে আমাৰ আচাৰ-ব্যৱহাৰক লক্ষ্য কৰে তেওঁলোকে হয়তো আমাৰ বিশ্বাসৰ বিষয়ে আমি নোকোৱালৈকে নাজানিবও পাৰে। আপোনাৰ সহকৰ্ম্মী বা সহপাঠীসকলে জানেনে যে আপুনি এজন যিহোৱাৰ সাক্ষী? আপুনি তেওঁলোকৰ সৈতে হোৱা সাধাৰণ কথা-বতৰাৰ সুযোগ লৈ তেওঁলোকক শুভবাৰ্ত্তাৰ বিষয়ে সাক্ষী দিছেনে? প্ৰত্যেকটো সুযোগতে আপোনাৰ “পোহৰ মানুহৰ আগত প্ৰকাশিত” কৰিবলৈ ঠিৰাং কৰিলেনে?​—⁠মথি ৫:⁠১৪-​১৬.

৫ দীপ্তিস্বৰূপে প্ৰকাশিত হোৱাৰ আজ্ঞাক পালন কৰিবলৈ আত্মবলিদানৰ আৱশ্যক। সকলো মনে-প্ৰাণে ৰখা মনোবৃত্তিয়ে আমাক অনাৱশ্যকীয় কাৰ্য্যৰ পৰা আঁতৰাই ৰাখি জীৱন ৰক্ষক বাৰ্ত্তা প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যৰ বাবে উৎসাহিত কৰিব পাৰে।​—⁠২ কৰি. ১২:⁠১৫.

৬ এতেকে আঁহক আমি আমাৰ কাৰ্য্য আৰু কথোপকথনেৰে একেৰাহে দীপ্তি প্ৰতিফলিত কৰি যিহোৱাক মহিমা কৰিবলৈ প্ৰেৰিত হওঁহঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক