ইয়াক “গ্ৰাহ্য কৰক”
১ এটা উপলক্ষ্যত যেতিয়া যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে বিবাহৰ সম্পৰ্কে কথোপকথন হৈছিল তেতিয়া যীচুৱে অবিবাহিতৰূপে থকাটো ‘এটা উপহাৰ’ বুলি উল্লেখ কৰিছিল। তেওঁ এইদৰে কৈছিল: “যেয়ে গ্ৰাহ্য কৰিব পাৰে, সেয়ে গ্ৰাহ্য কৰক।” (মথি ১৯:১০-১২) কিছু বছৰৰ পিছত পাঁচনি পৌলে অবিবাহিত হোৱাৰ সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰিছিল আৰু তেওঁ আনকো তেওঁৰ আৰ্হিক অনুকৰণ কৰি অবিবাহিতৰূপে থাকিবলৈ উৎসাহিত কৰিছিল। (১ কৰি. ৭:৭, ৩৮) বৰ্তমান বহুতে অবিবাহিতৰূপে থাকিবলৈ ‘গ্ৰাহ্য কৰিছে’ আৰু ইয়াৰ সুবিধাবোৰত আনন্দিত হৈছে। সেই সুবিধাবোৰ কি কি?
২ “থিৰ মনেৰে” সেৱা কৰা: পৌলে বুজিব পাৰিছিল যে অবিবাহিত হোৱাৰ বাবে তেওঁৰ ওচৰত “থিৰ মনেৰে” যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ আছে। একেইদৰে বৰ্তমান সময়ত থকা অবিবাহিত ভাইসকলে মিনিচট্ৰীয়েল ট্ৰেনিং স্কুলৰ বাবে আৱেদন কৰিব পাৰে। সাধাৰণতে অবিবাহিত ব্যক্তিয়ে অগ্ৰগামী সেৱা কাৰ্য্য কৰা, আন ভাষা শিকা, অধিক আৱশ্যক হোৱা এলেকাবোৰত প্ৰচাৰ কৰিবলৈ যোৱা, বেথেলত সেৱা বা আন বিশেষ অধিকাৰৰ বাবে নিজকে সহজলভ্য কৰিব পাৰে। তেওঁ হয়তো অধিক সময় গভীৰভাৱে ব্যক্তিগত অধ্যয়ন কৰা, ধ্যান দিয়া আৰু যিহোৱাৰ সৈতে আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাত অতিবাহিত কৰিব পাৰে। প্ৰকৃততে অবিবাহিত ব্যক্তিয়ে আনক সহায় কৰিবলৈ অধিক সময় অতিবাহিত কৰিব পাৰে। এজনৰ “হিতৰ অৰ্থেহে” এই সকলো কাৰ্য্য কৰা হয়।—১ কৰি. ৭:৩২-৩৫; পাঁচ. ২০:৩৫.
৩ ঈশ্বৰক থিৰ মনেৰে সেৱা কৰাৰ দ্বাৰা অধিক আশীৰ্ব্বাদ কঢ়িয়াই আনে। কেনিয়াৰ এগৰাকী ২৭ বছৰীয়া ভনীয়ে এইদৰে লিখিছিল: “বহুতো বন্ধু-বান্ধৱ আৰু কৰিবলগীয়া বহুতো কাৰ্য্য আছে! আমি সকলোৱে একেলগে কাৰ্য্য আৰু এজনে আনজনক সাক্ষাৎ কৰোঁ। . . . মই অবিবাহিত হোৱাৰ বাবে যি কোনো ঠাইত যাবলৈ আৰু প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকিবলৈ মোৰ অতিৰিক্ত স্বাধীনতা আছে। ইয়ে মোক অধিক আনন্দিত কৰে। তদুপৰি বছৰৰ পিছত বছৰ ধৰি যিহোৱাৰ সৈতে মোৰ গভীৰ সম্পৰ্ক গঢ়ি উঠিছে।”
৪ ইয়াক “গ্ৰাহ্য কৰক”: যীচুৱে কৈছিল যে “স্বৰ্গৰাজ্যৰ নিমিত্তে” অবিবাহিত হোৱাৰ উপহাৰক গ্ৰহণ কৰিবলৈ প্ৰেৰিত হোৱা উচিত। (মথি ১৯:১২) যিকোনো উপহাৰৰ দৰে অবিবাহিত হোৱা সুযোগকো ব্যৱহাৰ কৰি আনন্দিত আৰু লাভবান হʼব পাৰি। বিবাহ নকৰাকৈ থকাৰ বাবে অনেক সুযোগ মুকলি হৈছে আৰু যিহোৱাৰ ওপৰত ভাৰসা কৰি জ্ঞান আৰু শক্তি লাভ কৰাৰ দ্বাৰা বহুতো অবিবাহিত ব্যক্তিয়ে তেনে উপহাৰৰ মূল্য বুজিব পাৰিছে।