পৰিচৰ্য্যা সভাৰ তালিকা
এপ্ৰিল ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০
১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু এপ্ৰিল ২২ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰি। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বাবে প্ৰদৰ্শন কৰা হয় তথাপিও একেলগে দুয়োখন আলোচনী গৃহস্থক দিয়ক।
১০ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
২০ মি: “‘দীপ্তিস্বৰূপ প্ৰকাশ’ পোৱা।”a জুন ১, ১৯৯৭ চনৰ প্ৰহৰীবুৰুজ, ১৪-১৫ পৃষ্ঠাৰ ৮-১৩ অনুচ্ছেদত থকা বিষয়টোৰ ওপৰত আধাৰ কৰি এটা ৫ মিনিটৰ ভাষণৰূপে প্ৰস্তুত কৰক। আমি আনৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক কিয় গোপনে ৰখাটো উচিত নহয় এই বিষয়ে জোৰ দি কওক।
গীত ১৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৫
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: “মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে আপোনাৰ ঘৰখন উপলব্ধ কৰিব পাৰিবনে?” পুস্তক অধ্যয়নৰ অধ্যক্ষৰ দ্বাৰা এটা ভাষণ। মে’ ২০০১ চন আৰু মাৰ্চ ১৯৯০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা প্ৰশ্ন বক্সবোৰৰ পৰা মন্তব্য দাঙি ধৰক। মণ্ডলীত থকা পুস্তক অধ্যয়নৰ গ্ৰুপ আৰু তাত গড় হিচাবে কিমান উপস্থিতি হয়, এই বিষয়ে উল্লেখ কৰক। এজন বা দুজন প্ৰকাশক সোধক যে তেওঁলোকৰ ঘৰত হোৱা পুস্তক অধ্যয়নৰ পৰা তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালে কেনেকৈ লাভবান হৈছে। যিসকলে পুস্তক অধ্যয়নৰ বাবে নিজৰ ঘৰখন উপলব্ধ কৰিব বিচাৰিছে, তেওঁলোকে মণ্ডলীৰ পৰিচালক অধ্যক্ষক জনোৱা আৱশ্যক।
২০ মি: “ইয়াক ‘গ্ৰাহ্য কৰক।’”b এজন বা দুজন প্ৰকাশকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক যিসকলে অবিবাহিত হোৱাৰ সুযোগ লৈ অধিক সময় শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক কিহে প্ৰচাৰ কাৰ্য্যত সন্তুষ্টি হʼবলৈ সহায় কৰিছে সেই বিষয়ে মন্তব্য দিবলৈ কওক।
গীত ৩৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫১
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক এপ্ৰিল মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন ব্যৱহাৰ কৰক) আৰু মে’ ৮ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰি।
১৫ মি: একমাত্ৰ সত্য ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ পৰা পুনৰৰ্বিচাৰ কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। এই নতুন কিতাপখন কেনেকৈ গৃহ বাইবেল অধ্যয়নত দ্বিতীয় কিতাপ হিচাবে ব্যৱহাৰ কৰা হʼব তাৰ বিষয়ে বৰ্ণনা কৰক। (km ৬/০০ ৪ পৃ. ৫-৬ অনু.) এই কিতাখনৰ বৈশিষ্ট্যসমূহৰ ওপৰত মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰিত কৰক। কিতাপখনৰ কিছু ভাগত বিদ্যাৰ্থীজনে ঈশ্বৰৰ বাক্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ কেনেকৈ প্ৰশ্ন আৰু শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰিছে, তাৰ বিষয়ে সাৰাংশ দাঙি ধৰক। এই কিতাপখনৰ পৰা ৪৭-৯ পৃষ্ঠাৰ ১৩ অনুচ্ছেদত দিয়া উদাহৰণটোক দাঙি ধৰক।
২০ মি: “পুনৰ সাক্ষাতে বাইবেল অধ্যয়নলৈ পৰিচালিত কৰে।”c উল্লেখিত প্ৰশ্নবোৰৰ ব্যৱহাৰ কৰি এজন প্ৰাচীনে এই ভাগটো পৰিচালনা কৰে। ইয়াত উল্লেখ কৰা বিষয়বোৰক প্ৰতিপন্ন কৰিবলৈ শ্ৰোতাসকলক চমুকৈ প্ৰচাৰ কাৰ্য্যত হোৱা অভিজ্ঞতাবোৰ কʼবলৈ আমন্ত্ৰণ কৰক। যেতিয়া ৫ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া স্থানীয় প্ৰচাৰ এলেকাত হোৱা কোনো এটা অভিজ্ঞতাক প্ৰদৰ্শন কৰি দেখুৱাবলৈ আয়োজন কৰক।
গীত ৮৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২০
১০ মি: স্থানীয় ঘোষণাসমূহ। “ৰাজ্যগৃহৰ লাইব্ৰেৰীবোৰৰ বাবে এক নতুন ব্যৱস্থা,” এই বিষয়ে চমুকৈ আলোচনা কৰক। যিজন ভাইয়ে লাইব্ৰেৰীৰ চোৱা-চিতা কৰে তেওঁৰ নাম উল্লেখ কৰক।
২০ মি: “২০০৩ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়বস্তু হৈছে ‘ঈশ্বৰক মহিমা কৰা।’”d এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে ৪-১২ অনুচ্ছেদৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি পৰিচালনা কৰে। ৯-১০ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত তেওঁ জিলা কৰ্ডিনেটৰ হোৱা ভূমিকাৰ ওপৰত জোৰ দি কয়। এই অধিৱেশনত উপস্থিত হʼবলৈ সকলোকে কোনো পলম নকৰাকৈ ব্যৱস্থা কৰিবলৈ উৎসাহিত কৰক।
১৫ মি: এক উত্তম ৰিপৰ্ট—আনন্দিত হোৱাৰ এটা কাৰণ। (হিতো. ১৫:৩০) শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি কওক যে মাৰ্চ আৰু এপ্ৰিল মাহত মণ্ডলীয়ে কৰা প্ৰচেষ্টাৰ বাবে কেনে ফলাফল পোৱা গʼল। মণ্ডলীৰ সকলো সদস্যই তলত দিয়া ক্ষেত্ৰসমূহত কেনে উৎসাহিতজনক অভিজ্ঞতা লাভ কৰিলে এই বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক: (১) এজন আগ্ৰহী ব্যক্তিক স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ সহায়, (২) অগ্ৰগামীৰূপে সেৱা, (৩) এজন নিষ্ক্ৰিয় প্ৰচাৰকক পুনৰাই মণ্ডলীৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত, (৪) এজন নতুন ব্যক্তিক ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ সহায় কৰা, আৰু (৫) স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা ব্যক্তিসকলৰ আগ্ৰহকতাক জগাই তুলা। এই বিষয়বোৰত মন্তব্য দিবলৈ আগতীয়াকৈ আয়োজন কৰক। মণ্ডলীয়ে কৰা প্ৰচেষ্টাৰ প্ৰতি শলাগ লৈ ভৱিষ্যতেও তেনে কৰিবলৈ সকলোকে উৎসাহিত কৰক।
গীত ১২৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।