যিহোৱাক আমাৰ উত্তমতা প্ৰদান কৰা
১ ইস্ৰায়েলসকলক দিয়া যিহোৱাৰ নিয়ম-ব্যৱস্থাত তেওঁলৈ বলিদান কৰা পশু “নিঘুণ” হোৱা উচিত বুলি স্পষ্টকৈ উল্লেখ কৰিছিল। কিয়নো ঘুণ থকা পশু ঈশ্বৰৰ গ্ৰহণযোগ্য নাছিল। (লেবী. ২২:১৮-২০; মলা. ১:৬-৯) ইয়াৰ উপৰিও বলিদান কৰা সময়ত সকলো তেল অৰ্থাৎ সকলোতকৈ উত্তম ভাগ আগবঢ়োৱা হৈছিল, কিয়নো সেইবোৰ যিহোৱাৰ আছিল। (লেবী. ৩:১৪-১৬) ইস্ৰায়েল জাতিৰ স্বৰ্গীয় পিতৃ আৰু মহান শিক্ষক হোৱাৰ বাবে যিহোৱাই সেই সকলোবোৰ উত্তমতা পোৱাৰ উপযুক্ত আছিল।
২ প্ৰাচীন সময়ৰ দৰে বৰ্তমান সময়তো যিহোৱা ঈশ্বৰে আমাৰ পৰা তেনে উত্তমতা উৎসৰ্গ কৰাটো অপেক্ষা কৰে। গতিকে যিহোৱালৈ আগবঢ়োৱা আমাৰ সেৱা উপযুক্তভাৱে শ্ৰদ্ধাযুক্ত হোৱা উচিত। এইটো সঁচা যে ব্যক্তি অনুযায়ী পৰিস্থিতি ভিন্ন হʼব পাৰে। তথাপিও আমি নিজকে সূক্ষ্মভাৱে অনুসন্ধান কৰি তেওঁলৈ আমাৰ উত্তমতা উৎসৰ্গ কৰিবলৈ নিশ্চিত কৰা উচিত।—ইফি. ৫:৯
৩ সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰা: আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰে যিহোৱাৰ সন্মান কৰিবলৈ আমি ইয়াক যান্ত্ৰিকভাৱে কৰাৰ পৰিৱৰ্তে আমাৰ বাৰ্ত্তাই শ্ৰোতাসকলৰ মন আৰু হৃদয় স্পৰ্শ কৰা উচিত। ঈশ্বৰ আৰু তেওঁৰ মহান উদ্দেশ্যৰ বিষয়ে আমি আমাৰ কৃতজ্ঞ হৃদয়েৰে লোকসকলক কোৱা উচিত। (গীত ১৪৫:৭) ইয়ে আমি যে আমাৰ ব্যক্তিগত বাইবেল পাঠ আৰু অধ্যয়ন উত্তমভাৱে কৰিছোঁ, তাক প্ৰকাশ্যভাৱে আলোকপাত কৰে।—হিতো. ১৫:২৮.
৪ তদুপৰি যিহোৱালৈ আমাৰ উত্তমতা উৎসৰ্গ কৰাত লোকসকলৰ প্ৰতি গভীৰ প্ৰেম থকাও জড়িত আছে। (ইফি. ৫:১, ২) লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক সকলো লোককে জীৱন-ৰক্ষক সত্যৰ বাৰ্ত্তাৰ বিষয়ে জনাবলৈ প্ৰচেষ্টা কৰাত প্ৰেৰিত কৰিব। (মাৰ্ক ৬:৩৪) এই প্ৰেমে আমাক আগ্ৰহী লোকসকলৰ প্ৰতি ব্যক্তিগতভাৱে ইচ্ছুক হʼবলৈও উৎসাহিত কৰিব। তদুপৰি ইয়ে আমাক প্ৰথমটো সাক্ষাতৰ পিছত তেওঁ লোকবিলাকৰ বিষয়ে বিবেচনা কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও এই প্ৰেমে তেওঁলোকক আধ্যাত্মিকভাৱে উন্নতি কৰাত সকলো সহায় আগবঢ়াবলৈ প্ৰণোদিত কৰিব।—পাঁচ. ২০:২৪; ২৬:২৮, ২৯.
৫ “স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ” কৰা: যিহোৱালৈ আমাৰ উত্তমতা উৎসৰ্গ কৰাৰ আন এক পদ্ধতি হৈছে পৰিচৰ্য্যা কাৰ্য্যত পৰিশ্ৰমী হোৱা। যেতিয়া আমাৰ হাতত থকা কাৰ্য্যক সুব্যৱস্থিত আৰু মনোযোগেৰে কৰিবলৈ প্ৰচেষ্টা কৰোঁ তেতিয়া উচিত সময়ত আমি অধিক উত্তমতা সম্পন্ন কৰিবলৈ পাৰিম। (১ তীম. ৪:১০) ইয়াৰ বাবে আমি ভালদৰে প্ৰস্তুতি কৰা আৱশ্যক, তেহে আমি স্পষ্ট, নিশ্চয়তাৰে লোকসকলৰ সৈতে কথোপকথন কৰিব পাৰিম আৰু ফলস্বৰূপে আমি সম্ভাৱনীয় অনুকূলজনক সঁহাৰি লাভ কৰিব পাৰিম। (হিতো. ১৬:২১) কেৱল তেতিয়াহে আনক শুভবাৰ্ত্তাৰ বিষয়ে শুনাবলৈ আমি কৰা আন্তৰিক প্ৰদৰ্শনক উপযুক্তভাৱে “স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ” কৰা বুলি কʼব পাৰিম।—ইব্ৰী ১৩:১৫.