যুৱক-যুৱতীসকল আপোনালোকে নিতৌ ঈশ্বৰৰ বাক্য পঢ়ক!
১ যুৱা অৱস্থা হৈছে সমস্যাৰ সম্মুখীন আৰু গভীৰ দায়িত্ব বহন কৰিবলৈ নিৰ্ণয় লোৱাৰ সময়। আপোনালোকৰ বহুতো খ্ৰীষ্টান যুৱক-যুৱতীয়ে আচাৰ-ব্যৱহাৰৰ সম্বন্ধে ঈশ্বৰৰ স্তৰসমূহ ভঙ্গ কৰিবলৈ দৈনন্দিন হেঁচাৰ সম্মুখীন হয়। আপুনি শিক্ষা, চাকৰি আৰু বিবাহ আদিৰ দৰে ব্যক্তিগত নিৰ্ণয়বোৰ লোৱাৰ পূৰ্বেই আধ্যাত্মিক লক্ষ্যসমূহ ৰাখা আৱশ্যক। কেৱল আধ্যাত্মিকতাৰ ওপৰত আধাৰিত কৰি নিৰ্ণয় লʼলেহে আপোনাৰ জীৱনত মঙ্গল হʼব। কিয়নো বিশেষ কোনো আধ্যাত্মিক লক্ষ্যই আপোনাক বুদ্ধিমানেৰে কাৰ্য্য আৰু জীৱনত সফলতা লাভ কৰাত সহায় কৰিব। ঈশ্বৰৰ বাক্যক নিতৌ পাঠ আৰু ধ্যান কৰি আপুনি ঈশ্বৰৰ প্ৰেৰিত উপদেশৰ সামঞ্জস্যত চলিব আৰু যি সঠিক তাক কৰাত সফলতা লাভ কৰিব।—যিহো. ১:৮; গীত ১:২, ৩.
২ আপুনি কেনেকৈ লাভৱান হʼব পাৰে? চয়তানৰ এই জগতত ভুল কাৰ্য্য কৰাত পৰিচালিত কৰিবলৈ প্ৰলোভনেৰে পূৰ্ণ হৈ আছে। (১ যোহ. ২:১৫, ১৬) আপুনি হয়তো এনে কিছুমান সহপাঠীক জানে যিসকলে সমকক্ষৰ হেঁচাত পৰি তেওঁলোকৰ জীৱন ধ্বংস কৰিলে। বাইবেলৰ পৰামৰ্শই আপোনাক ভুল পথ ত্যাগ কৰিবলৈ নৈতিকভাৱে শক্তিশালী আৰু আধ্যাত্মিকৰূপে দৃঢ় কৰি তুলিব। ইয়াৰ উপৰিও ঈশ্বৰৰ বাক্যই আপোনাক চয়তানে পাতি ৰাখা সহজে চকুত নপৰা ফান্দবোৰকো চিনাক্ত কৰিবলৈ সহায় কৰিব পাৰে। (২ কৰি. ২:১১; ইব্ৰী ৫:১৪) ঈশ্বৰৰ অনুসাৰে চলি আপুনি জীৱনত প্ৰকৃত সুখ অৰ্থাৎ ব্যক্তিগত সন্তুষ্টি লাভ কৰিব।—গীত ১১৯:১, ৯, ১১.
৩ ঈশ্বৰৰ বাক্যত থকা অপৰিৱৰ্তিত সিদ্ধান্তসমূহে মানুহক অধিক জ্ঞানী কৰে। (গীত ১১৯:৯৮-১০০) বাইবেলৰ সিদ্ধান্তসমূহৰ সৈতে পৰিচিত আৰু আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাই প্ৰকাশ কৰা উদ্দেশ্যক ধ্যান কৰি বাইবেলৰ গ্ৰন্থকাৰ যিহোৱা ঈশ্বৰৰ সৈতে এক নিবিড় সম্বন্ধ গঢ়ি তুলাত সহায় কৰিব পাৰে। কিয়নো তেওঁ এইদৰে প্ৰতিজ্ঞা কৰিছে: “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”—গীত ৩২:৮.
৪ পাঠ কৰিবলৈ নিশ্চিত সময় বাছি লওক: এগৰাকী খ্ৰীষ্টান যুৱতীয়ে বাইবেলখন পাঠ কৰিবলৈ লক্ষ্য ৰাখিছিল আৰু তাই এবছৰৰ ভিতৰত পঢ়ি শেষ কৰিলে। তাই কেনেকৈ লাভৱান হʼল? এই বিষয়ে উত্তৰ দি তাই এইদৰে কয়: “মই যিহোৱাৰ বিষয়ে অধিক জানিবলৈ অৰ্থাৎ তেওঁৰ কাষ চাপিবলৈ আৰু কিহে তেওঁৰ প্ৰতি মোৰ গোটেই জীৱনত সম্ভ্ৰম ভয় বিকশিত কৰিবলৈ সহায় কৰিব পাৰে, সেই বিষয়ে শিকিব পাৰিলোঁ।” (যাকো. ৪:৮) আপুনি সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিলেনে? যদি কৰা নাই তেন্তে পঢ়ি শেষ কৰিবলৈ লক্ষ্য বনাব পাৰিবনে? যিহোৱাই অৱশ্যেই আপোনাৰ এই প্ৰচেষ্টাত আশীৰ্ব্বাদ দিব আৰু আপুনি নিশ্চয়ে লাভৱান হʼব পাৰিব।