পৰিচৰ্য্যা সভাৰ তালিকা
এপ্ৰিল ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ আৰু এপ্ৰিল ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। প্ৰত্যেকটো উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে যেতিয়া লোকসকলে “মই ব্যস্ত আছোঁ” বুলি কৈ আমাৰ কথোপকথনত বাধা জন্মায় তেতিয়া কেনেকৈ তেনে প্ৰত্যাহ্বানক সমাধান কৰিব পাৰি।—বাইবেল পৰিচৰ্চ্চা নামৰ সৰু পুস্তিকাখনৰ ১১-১২ পৃষ্ঠা চাওক।
১৫ মি: “যিহোৱাক আমাৰ উত্তমতা প্ৰদান কৰা।”a ৪ অনুচ্ছেদটো আলোচনা কৰোতে আমাৰ পৰিচৰ্য্যাৰ সময়ত এক বিশেষ প্ৰকাৰে আমি কেনেকৈ লোকসকলক প্ৰেম দেখুৱাব পাৰোঁ এই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: “২০০৪ চনত হʼবলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়বস্তু হৈছে ‘ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা।’” এই ভাগটো মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰিচালনা কৰে। ৫ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত ৪ পৃষ্ঠাৰ বক্সত দিয়া বিষয়টো পঢ়িবলৈ শ্ৰোতাসকলৰ কোনোবা এজনক আমন্ত্ৰণ কৰক। ৫-৮ অনুচ্ছেদবোৰ আলোচনা কৰাৰ সময়ত অধিৱেশনৰ হৈ মণ্ডলীক নিৰ্দ্দেশনা দিয়াৰ বাবে চেক্ৰেটাৰীয়ে কেনে ভূমিকা বহন কৰে, সেই বিষয়ে উল্লেখ কৰে। সকলোকে অধিৱেশনৰ গোটেই কেইদিন উপস্থিত থাকিবলৈ সকলো ব্যৱস্থা কৰিবলৈ উৎসাহিত কৰক।
গীত ৯১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৫
৮ মি: স্থানীয় ঘোষণাসমূহ।
১৭ মি: “যীচুৰ মনোবৃত্তিক অনুকৰণ কৰক।”b লেখটোত দিয়া প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰক। ৪ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্য কৰা ভাই-ভনীসকলক তেওঁলোকে পোৱা আশীৰ্ব্বাদৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক।
২০ মি: “ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য আগবাঢ়িছে।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা।
গীত ৮০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৬
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰকাশকক এপ্ৰিল মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। মে’ মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনবোৰৰ বিষয়ে উল্লেখ কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ এপ্ৰিল ১ প্ৰহৰীবুৰুজ আৰু মে’ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত এজন সহকৰ্ম্মী বা এজন সহপাঠীক সাক্ষী দিয়াৰ বিষয়ে প্ৰদৰ্শন কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৮ মি: “সত্যত নথকা খ্ৰীষ্টান ভাই বা ভনীৰ জীৱন-সঙ্গীক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?”c বৈবাহিক সঙ্গীৰ উত্তম আচৰণ দেখি সত্যক আপোন কৰি যিহোৱাৰ সেৱক হৈ পৰা এজন বা দুজন ভাই অথবা ভনীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক।
গীত ৩৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৮
১০ মি: স্থানীয় ঘোষণাসমূহ। গ্ৰীষ্মকালত কৰিবলগীয়া কাৰ্য্যৰ আঁচনি: সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্যৰ, ঘৰখনৰ সকলোৱে কোনো আধ্যাত্মিক কাৰ্য্যত ভাগ লোৱাত কৰা উন্নতি আৰু সম্ভৱতঃ আনন্দিত হোৱা তেওঁলোকৰ কিছুমান প্ৰতিক্ৰিয়াৰ বিষয়ে মন্তব্য দিয়ক। যদি মণ্ডলীৰ ওচৰত কোনো কোনো সময়ত প্ৰচাৰ কৰা এলেকা আছে, তেন্তে সেই এলেকাক সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ কৰা ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰক। গৰমৰ বন্ধত কোনোবা ঠাইলৈ ফুৰিবলৈ যোৱাৰ সময়ত পৰিয়ালৰ অধ্যয়ন, মণ্ডলীৰ সভাসমূহত উপস্থিতি আৰু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অৱহেলা নকৰিবলৈ এক ব্যৱহাৰিক তালিকা বনোৱা উচিত। (হিতো. ২১:৫) সকলোকে নিশ্চিত কৰিবলৈ সোঁৱৰাই দিয়ক যে ভাই-ভনীসকলে ছুটিত কোনোবা ঠাইলৈ যোৱাৰ পূৰ্বেই বা ঘৰত থকাৰ সময়ত তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ যেন নাপাহৰে।
২০ মি: “যুৱক-যুৱতীসকল—আপোনালোকে নিতৌ ঈশ্বৰৰ বাক্য পঢ়ক!”d বাইবেল পাঠ কৰা আৰু তাৰ পৰা পোৱা লাভসমূহৰ বিষয়ে মন্তব্য দিবলৈ আগতীয়াকৈ দুজন যুৱা ভাই বা ভনীক কৈ থওক। বাইবেল পাঠ কৰাৰ বাবে লক্ষ্য ৰাখিবলৈ যুৱা ভাই-ভনীক উৎসাহিত কৰক। পৰিচৰ্য্যা স্কুল কিতাপৰ ১০ পৃষ্ঠাৰ, ৪ অনুচ্ছেদত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।
১৫ মি: স্থানীয় অভিজ্ঞতাসমূহ। মাৰ্চ আৰু এপ্ৰিল মাহত তলত দিয়া ক্ষেত্ৰবোৰত কাৰ্য্য কৰিবলৈ কৰা বিশেষ প্ৰচেষ্টাত সফল হোৱা অভিজ্ঞতাসমূহৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক উৎসাহিত কৰক। এই ক্ষেত্ৰবোৰ হৈছে: (১) আগ্ৰহী ব্যক্তিসকলক স্মৰণীয় পৰ্ব্বত উপস্থিত হʼবলৈ সহায় কৰা, (২) সহযোগী অগ্ৰগামী প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, (৩) নিষ্ক্ৰিয় হৈ পৰা প্ৰকাশকক মণ্ডলীত পুনৰাই সক্ৰিয় কৰি তুলিবলৈ উৎসাহিত কৰা, (৪) নতুন ব্যক্তিসকলক প্ৰকাশক হʼবলৈ সহায় কৰা, (৫) স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সকলৰ প্ৰতি আগ্ৰহকতা বিকশিত কৰা আৰু (৬) গ্ৰীষ্মকালত আন আধ্যাত্মিক কাৰ্য্যবোৰত ভাগ লোৱা। ইয়াৰে কিছুমান মন্তব্য দিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। সকলোৰে শলাগ লওক আৰু ভৱিষ্যতেও তেনে মনোবৃত্তি বজাই ৰাখিবলৈ উৎসাহিত কৰক।
গীত ১৬৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।