ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৪ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • নবেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৪ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

নবেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮০

১০ মি: স্থানীয় ঘোষণাসমূহ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ।

১৫ মি: “এক সন্তুষ্টিদায়ক জীৱন​—⁠কেনেকৈ লাভ কৰিব পাৰি ব্ৰচাৰখনৰ বিতৰণ।” এই ব্ৰচাৰখনৰ গভীৰ বিষয়সমূহৰ বিষয়ে কেনে অনুভৱ কৰে এই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। পৰামৰ্শ দিয়া উপস্থাপনবোৰ বিবেচনা কৰক। এই ব্ৰচাৰখন কেনেকৈ বিতৰণ কৰিব পাৰি সেই বিষয়ে চমুকৈ উপস্থাপন প্ৰস্তুত কৰক। যদি স্থানীয় এলেকাত আন উপস্থাপন ব্যৱহাৰিক হয়, তেনেহʼলে সেই বিষয়ে আলোচনা আৰু প্ৰদৰ্শন কৰিব পাৰে।

২০ মি: “সময়ৰ গুৰুত্বতাৰ প্ৰতি সতৰ্কতা বজাই ৰাখক!”a জানুৱাৰী ১৫, ২০০০, প্ৰহৰীবুৰুজ, ১২-১৩ পৃষ্ঠাত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক।

গীত ১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭০

১০ মি: স্থানীয় ঘোষণাসমূহ। যদি ৪ পৃষ্ঠাত দিয়া উপস্থাপনবোৰ আপোনাৰ এলেকাত ব্যৱহাৰিক হয়, তেনেহʼলে সেইবোৰ বা আন উপযুক্ত উপস্থাপন ব্যৱহাৰ কৰি কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন) আৰু নবেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰি সেই বিষয়ে প্ৰদৰ্শন কৰক।

১৫ মি: দান কৰি আনন্দিত হʼব পাৰে বুলি আপুনি জানেনে? ডিচেম্বৰ ১, ২০০৪, প্ৰহৰীবুৰুজ, (w04-AE ১২/১) ৩-৭ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এটা ভাষণৰূপে প্ৰস্তুত কৰক।

২০ মি: ব্যক্তিগত আৰু পৰিয়াল অধ্যয়নত ইনডেক্স ব্যৱহাৰ কৰক। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ আৰু শ্ৰোতাসকলক ভাগ লʼবলৈ আমন্ত্ৰণ কৰক। যিহোৱা ঈশ্বৰে তেওঁৰ বাক্য আৰু সংগঠনৰ দ্বাৰা বহুমূলীয়া নিৰ্দ্দেশনা আৰু উৎসাহ আগবঢ়াইছে। এনেবোৰ নিৰ্দ্দেশনা বিচাৰি পোৱাৰ আমাৰ প্ৰধান সঁজুলি হৈছে ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স। সৰু লʼৰা-ছোৱালীৰ পৰা লৈ ককা-আইতা, নতুনকৈ বাপ্তিষ্মা লোৱাজনৰ পৰা লৈ প্ৰাচীনসকল, সকলোৱে ইয়াৰ পৰা আৱশ্যক হোৱা উপদেশ বিচাৰি পাব পাৰে যিটো বাস্তৱতে লাভদায়ক। (১ তীম. ৩:⁠১৫) প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ এজন প্ৰাচীন আৰু সহায়ক সেৱকে আধ্যাত্মিক তত্ত্বাৱধানৰ বাবে কৰা সাক্ষাতকাৰ সাজু কৰাৰ সময়ত ইনডেক্স ব্যৱহাৰ কৰিব পাৰে। আলোচনা কৰক যে কেনেকৈ প্ৰকাশকসকলে তেওঁলোকে লʼবলগীয়া কোনো নিৰ্ণয় কৰিবলৈ আৱশ্যক হোৱা কোনো শাস্ত্ৰীয় সংবাদ বিচৰা, ভাষণ বা সপ্তাহিক বাইবেল পাঠৰ বাবে সাজু কৰিবলৈ কেনেকৈ ইনডেক্সʼৰ পৰা সহায় লʼব পাৰে। অলপতে মণ্ডলীয়ে লাভ কৰা অনুসন্ধানমূলক প্ৰকাশনসমূহক উত্তমৰূপে ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰক।

গীত ৬৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৯৯

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট।

১০ মি: স্থানীয় আৱশ্যকতাসমূহ।

২৫ মি: “এক প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা​—⁠ভাগ ৩.”b প্ৰবন্ধটোত উল্লেখ কৰা প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰক। প্ৰবন্ধটোৰ ৩ অনুচ্ছেদ আলোচনা কৰাৰ পিছত বিচাৰে ব্ৰচাৰখনৰ ৫ নং পাঠৰ ১ অনুচ্ছেদ ব্যৱহাৰ কৰি চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক। উপস্থাপনত বিদ্যাৰ্থীজনে ইতিমধ্যেই অনুচ্ছেদটো পঢ়িলে আৰু প্ৰশ্নৰ উত্তৰ দিলে। অধ্যয়ন পৰিচালক আৰু বিদ্যাৰ্থীজনে যিচয়া ৪৫:⁠১৮ আৰু উপদেশক ১:⁠৪ পদটো পঢ়ে আৰু আলোচনা কৰে। পৰিচালকজনে বিদ্যাৰ্থীজনক সহজ প্ৰশ্নবোৰ সুধি তেওঁক কʼবলৈ কয় যে শাস্ত্ৰ পদত কোৱা বাক্যশাৰী আলোচনা কৰা বিষয়টোৰ সৈতে কেনে সম্পৰ্ক আছে।

গীত ৫৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২৩

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক নবেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। কিদৰে নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন) আৰু ডিচেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে প্ৰদৰ্শন কৰক।

১৫ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।

২০ মি: সন্তুষ্টিদায়ক জীৱন নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিবলৈ আগ্ৰহকতা বিকশিত কৰা। এই ভাগটো সেৱা অধ্যক্ষই ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰাৰ দ্বাৰা পৰিচালনা কৰে। এই ব্ৰচাৰখন বিতৰণ কৰাৰ সম্পৰ্কে থকা উল্লেখনীয় অভিজ্ঞতাৰ বিষয়ে কʼবলৈ আগতীয়াকৈ এজন বা দুজন প্ৰকাশকৰ ব্যৱস্থা কৰক। ব্ৰচাৰখনৰ ২ পৃষ্ঠাত দিয়া সংবাদটোক ব্যৱহাৰ কৰক, সূচীপত্ৰৰ সাৰাংশ দিয়ক আৰু পুনৰ সাক্ষাতৰ সময়ত ব্যৱহাৰ কৰিব বিচৰা লেখটোৰ পৰা আলোকপাত কৰক। এটা পুনৰ সাক্ষাতৰ প্ৰদৰ্শন কৰক। এটা বা তাতকৈ অধিক শাস্ত্ৰীয় পদ পঢ়ি আলোচনা কৰক। কেইবা বাৰো পুনৰ সাক্ষাৎ কৰাৰ পিছত আগ্ৰহী ব্যক্তিজনক বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন দিব পাৰে।

গীত ১৭৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৬

১০ মি: স্থানীয় ঘোষণাসমূহ। ডিচেম্বৰ মাহত বিতৰণ কৰিবলগীয়া সাহিত্যবোৰৰ বিষয়ে উল্লেখ কৰক। সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ কিতাপখন ব্যৱহাৰ কৰি এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক।

২০ মি: “আপুনি সহায় আগবঢ়াব পাৰেনে?”c সহায় লাভ কৰি বা আনে আগবঢ়োৱা সহায়ৰ বাবে মূল্যাঙ্কন কৰা এজন বা দুজন প্ৰকাশকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক।

১৫ মি: সেৱা সভাৰ পৰা সম্পূৰ্ণকৈ লাভৱান হোৱা। আমাৰ পৰিচৰ্য্যা কিতাপৰ ৭১-৭২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। সেৱা সভাই কেনে পাঁচোটা ক্ষেত্ৰত আমাৰ খ্ৰীষ্টান পৰিচৰ্য্যাত উন্নতি কৰাত সহায় কৰে? যোৱা মাহৰ কাৰ্য্যক্ৰমৰ পৰা কেনে লাভসমূহ পোৱা গʼল, সেই বিষয়ে উদাহৰণবোৰ উল্লেখ কৰক। আগতীয়াকৈ তৈয়াৰী কৰা লাভসমূহ কি? সেৱা সভাত কিয় নিয়মীয়াকৈ উপস্থিত হোৱা আৱশ্যক? এই সভাৰ বাবে কেনে শাস্ত্ৰীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে?

গীত ১০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক