ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৪ পৃষ্ঠা ১
  • আপুনি সহায় আগবঢ়াব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সহায় আগবঢ়াব পাৰেনে?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আনক সহায় কৰিবলৈ “ইচ্ছা কৰেনে”?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিশ্বাসী বয়োবৃদ্ধ লোকসকলক স্মৰণ কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিশ্বাসত থিৰে থাকিবলৈ কিহে আমাক সহায় কৰিব?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৪ পৃষ্ঠা ১

আপুনি সহায় আগবঢ়াব পাৰেনে?

১ যিহোৱা ঈশ্বৰে সদায়ে নিজৰ উপাসকসকলক যি কোনো প্ৰকাৰে সহায় কৰিবলৈ সাজু থাকে। (২ বং. ১৬:⁠৯; যিচ. ৪১:⁠১০, ১৩) সেয়েহে তেওঁক এজন সজ মেৰৰখীয়াৰ সৈতে তুলনা কৰি যিচয়া ভৱিষ্যতবক্তাই এইদৰে লিখিছিল: “পোৱালিবোৰক নিজ বাহুৰে গোটাই বুকুত লৈ যাব, আৰু পোৱাঁতীবোৰক ধীৰে ধীৰে চলাব।” (যিচ. ৪০:⁠১১) এতেকে আঁহক আমি যিহোৱাক অনুকৰণ কৰিবলগীয়া তেওঁৰ কিছুমান প্ৰেমময় ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰোঁহঁক।

২ নতুন ব্যক্তিসকলক সহায় কৰক: আমি নতুন ব্যক্তিসকলক আমাৰ সৈতে উন্নতিসাধক সঙ্গতি কৰিবলৈ আমন্ত্ৰণ কৰি সহায় আগবঢ়াব পাৰোঁ। (হিতো. ১৩:⁠২০) মণ্ডলীৰ সৈতে সঙ্গতি কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁক কেনেকৈ সহায় কৰিছিল, সেই বিষয়ে সোঁৱৰি এজন ভায়ে এইদৰে কয়: “এটা পৰিয়ালে মোক বহুবাৰ তেওঁলোকৰ সৈতে পৰিয়াল অধ্যয়নত সন্মিলিত কৰিছিল। মই যেনেকৈ উন্নতি কৰিলোঁ, এহাল অগ্ৰগামী দম্পতীয়ে তেওঁলোকৰ সৈতে একে লগে সম্পূৰ্ণ দিন পৰিচৰ্য্যা কাৰ্য্যত নিয়মীয়াকৈ ভাগ লʼবলৈ আমন্ত্ৰিত কৰিছিল। আমি সদায়ে উত্তমৰূপে আধ্যাত্মিক বিষয়ে কথোপকথন কৰিছিলোঁ।” তদুপৰি আগলৈ তেওঁ এইদৰে কয়: “এজন খ্ৰীষ্টান হোৱাৰ আগতে, মই শুক্ৰবাৰ আৰু শনিবাৰ নিশা সঙ্গতি কৰিবলৈ ওলাই গৈছিলোঁ। কিন্তু ভাইসকলৰ সৈতে সঙ্গতি কৰি বাস্তৱতে মোৰ সঙ্গতি কৰাৰ আৱশ্যকতা পূৰণ হৈছে।” মণ্ডলীয়ে আগবঢ়োৱা প্ৰেমপূৰ্বক সহায়ে এই ভাইজনৰ বিশ্বাস দৃঢ় কৰি সত্যতাত শক্তিশালী হʼবলৈ সহায় কৰিলে। এতিয়া সেই ভাইজনে এজন বেথেল পৰিয়ালৰ সদস্য হৈ সেৱা কৰি আছে।​—⁠কল. ২:⁠৬, ৭.

৩ পৰস্পৰে এজনে আনজনক গঢ়ি তুলক: আমি হয়তো ভাই-ভনীসকলক বিপদজনক পৰিস্থিতিত সহায় কৰাৰ বিষয়ে ভাবিব পাৰোঁ। আপুনি শাৰীৰিকভাৱে অসুস্থ প্ৰকাশকৰ সৈতে টেলিফোনৰ যোগে সাক্ষী দিয়া কাৰ্য্য কৰা বা তেওঁক নিজৰ সৈতে বাইবেল অধ্যয়নলৈ আহিবলৈ আমন্ত্ৰণ নতুবা বিদ্যাৰ্থীজনক অসুস্থ প্ৰচাৰকজনৰ ঘৰত আহিবলৈ কʼব পাৰেনে? প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ সময়ত কণমাণি শিশু থকা এগৰাকী মাতৃক সহায় কৰিব পাৰেনে? আত্মপ্ৰত্যয়হীন এনে ব্যক্তি আছেনে যিসকলে পুনৰ সাক্ষাৎ বা পৰিচৰ্য্যাৰ আন ক্ষেত্ৰবোৰত আপোনাৰ সহায় বিচাৰিছে? আমাৰ ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমপূৰ্বক আগ্ৰহকতাই আনক সহায় কৰিবলৈ আমাক প্ৰেৰিত কৰিব।​—⁠ৰোমী. ১৪:⁠১৯.

৪ এতেক আঁহক আমি যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমপূৰ্বক আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা তেওঁৰ উপাসকসকলৰ প্ৰতি বিবেচক হৈ এজনে আনজনক বিশ্বাসত শক্তিশালী কৰি মণ্ডলীৰ সকলোকে প্ৰেমত একত্ৰিত কৰি স্বৰ্গীয় পিতৃৰ মহিমা কৰোঁহঁক।​—⁠ইফি. ৪:⁠১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক